লালমোহন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লালমোহন হৈছে ভাৰতীয় উপমহাদেশৰ এক গাখীৰৰ পৰা তৈয়াৰী মিঠাই। ইয়াক গুলাব জামুন নামৰেও জনা যায়। ভাৰত, নেপাল, পাকিস্তানত এই মিঠাই জনপ্ৰিয়, লগতে মালদ্বীপ, বাংলাদেশ আৰু ম্যানমাৰতো ইয়াৰ প্ৰচলন আছে। দক্ষিণ এছিয়া মূলৰ যথেষ্ট জনসংখ্যা লোক থকা দেশ বা অঞ্চলসমূহতো, যেনে মৰিছাছ, ফিজি, মালয় উপদ্বীপ, গ্ৰেট ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা আদিতো ইয়াৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ গাখীৰৰ পৰা, পাৰম্পৰিকভাৱে খোৱা (Khoa)-ৰ পৰা তৈয়াৰ কৰা হয়। সমসাময়িক কালত খোৱাৰ সলনি শুকান বা পাউডাৰ কৰা গাখীৰো ব্যৱহাৰ কৰা হয়। সোৱাদ বৃদ্ধি কৰিবলৈ ইয়াক প্ৰায়ে শুকান বাদাম বা কাজুৰে সজোৱা হয়।