লিথিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিথিয়াম

লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে। লিথিয়াম পৰমাণুৰ বৰ্হি কক্ষত ১টা ইলেক্ট্ৰন আছে। ই s গোষ্ঠীৰ মৌল।.

ধৰ্ম আৰু গঠন[সম্পাদনা কৰক]

লিথিয়ামৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ এনেধৰণৰ:[1]

  • লিথিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যা ৩।
  • ইলেকট্ৰনীয় বিন্যাস 1s1.
  • পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৩
  • পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৬.৯৪১
  • ঘনত্ব: ০.৫৩৪ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
  • কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
  • গলনাংক: ৩৫৬.৯ ডিগ্ৰী ফৰেনহেইট (১৮০.৫ ডিগ্ৰী চেলচিয়াছ)
  • উতলাংক: ২৪৪৮ ডিগ্ৰী ফৰেনহেইট (১৩৪২ ডিগ্ৰী চেলচিয়াছ)
  • আইছ'ট'প'টৰ সংখ্যা (বিভিন্ন সংখ্যক নিউট্ৰনৰ সৈতে একে পদাৰ্থৰ পৰমাণু): ১০; ২টা সুস্থিৰ
  • আটাইতকৈ সচৰাচৰ আইছ'টোপ: Li-7 (৯২.৪১ শতাংশ প্ৰাকৃতিক অৱস্থিতি), Li-6 (৭.৫৯শতাংশ প্ৰাকৃতিক অৱস্থিতি)

ব্যৱহাৰ[সম্পাদনা কৰক]

  • লিথিয়াম বেটেৰিত ব্যৱহাৰ কৰা হয়।
  • লুব্ৰিকেটিং গ্ৰীজ হিচাপে ব্যৱহাৰ কৰা হয়।
  • মানসিক ৰোগত ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pappas, Stephanie. "What Is Lithium?". Live ScienceLive Science. https://www.livescience.com/28579-lithium.html#:~:text=Lithium%2C%20atomic%20number%203%2C%20is,swings%20caused%20by%20the%20illness.। আহৰণ কৰা হৈছে: 19 October 2020.