উদজান

উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল৷ আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়৷ হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H ৷ ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১.০০৮ ৷ হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম৷ হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'৷ [1]
সূচী
ইতিহাস[সম্পাদনা কৰক]
হাইড্ৰ'জেন গেছ পোণপ্ৰথমে হেনৰি কেভেণ্ডিছ নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৭৮১ চনত আৱিষ্কাৰ কৰিছিল৷ তেওঁ এই গেছ আৱিষ্কাৰ কৰাৰ সময়ত নাম ৰাখিছিল 'দাহ্য বায়ু'৷ পাছত ফৰাচী ৰসায়নবিদ এণ্টোয়ান লৰেণ্ট লেভয়ছিয়াৰে এই দাহ্য বায়ুক 'জল উৎপাদক' বুলি নামকৰণ কৰে৷ বায়ুৰ সংস্পৰ্শত জ্বলিলে পানী উৎপন্ন হোৱাৰ ধৰ্মটোৰ বাবে ইয়াক এই নামেৰে নামকৰণ কৰা হয়৷ পানীৰ ৰাসায়নিক সংকেত H2O ৷ পানী দুটা H ৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থাকে৷[1]
বিশেষত্ব[সম্পাদনা কৰক]
H2 গেছ বৰ্ণহীন,গন্ধহীন আৰু স্বাদহীন৷ পানীৰ লগত ইয়াৰ দ্ৰৱণতাৰ মাত্ৰা কম৷ হাইড্ৰ'জেনৰ এটা অণুত দুটা পৰমাণু থাকে৷ এই গেছ দাহ্য,কিন্তু দহনত সহায় নকৰে৷ অক্সিজেন গেছ জ্বলালে হাইড্ৰ'জেন গেছৰ নীলা শিখা আৰু পানী উৎপন্ন হয়৷ সেই কাৰণে ইয়াক 'জল উৎপাদক' বুলি কোৱা হয়৷[1]
অৱস্থিতি[সম্পাদনা কৰক]
হাইড্ৰ'জেন গেছ মুক্ত অৱস্থাত নিচেই কম পৰিমাণে পোৱা যায় যদিও যৌগ হিচাপে প্ৰচুৰ পৰিমাণে পোৱা যায়৷ হাইড্ৰ'জেনৰ মূল উৎস হ'ল পানী৷ অম্ল, ক্ষাৰ আৰু অন্যান্য বহুতো জৈৱ যৌগত হাইড্ৰ'জেন থাকে ৷
পৰীক্ষাগাৰত প্ৰস্তুতি[সম্পাদনা কৰক]

সাধাৰণতে, এচিড,খাৰ আৰু পানীৰ পৰা এই গেছ প্ৰস্তুত কৰা হয়৷ পৰীক্ষাগাৰত জিংক ছালফেট আৰু পনীয়া ছালফিউৰিক এচিডৰ লগত সাধাৰণ উষ্ণতাত বিক্ৰিয়া ঘটাই হাইড্ৰ'জেন গেছ প্ৰস্তুত কৰা হয়৷ অলপ পৰিমাণৰ H2 উৎপন্ন কৰিবৰ বাবে পৰীক্ষাগাৰত উলফ বটল ব্যৱহাৰ কৰা হয়৷ পানী অপসাৰণৰ দ্বাৰা ইয়াক সংগ্ৰহ কৰা হয়৷ প্ৰয়োজনমতে বা নিয়মিতভাৱে হাইড্ৰ'জেন পাবৰ বাবে 'কিপৰ যন্ত্ৰ' ব্যৱহাৰ কৰা দৰকাৰ৷ বিশুদ্ধ হাইড্ৰ'জেন গেছৰ পাবৰ বাবে 'u' আকৃতিৰ টিউবত বেৰিয়াৰ হাইড্ৰ'জেনৰ পালত আৰু গৰম জলীয় দ্ৰৱণ নিকেল তড়িৎ বিশ্লেষণ কৰিলে কেথডদ্বাৰত H2 গেছ উৎপন্ন হয়৷ পনীয়া ছালফিউৰিক এচিড বা পনীয়া হাইড্ৰ'ক্লৰিক এচিডৰ লগত লো,এলুমিনিয়াম,মেগনেছিয়াম আদি ধাতুৰ বিক্ৰিয়া ঘটালে H2 উৎপন্ন হয়৷ উত্তপ্ত আৰু গাঢ় কষ্টিক বা কষ্টিক পটাছৰ দ্ৰৱনৰ লগত জিংক,এলুমিনিয়াম ধাতুৰ বিক্ৰিয়া ঘটাইও H2 উৎপন্ন কৰিব পৰা যায়৷[1]

ৰাসায়নিক ধৰ্ম[সম্পাদনা কৰক]
হাইড্ৰ'জেন এবিধ উৎকৃষ্ট বিজাৰক৷ পেলাডিয়াম প্লাটিয়াম,নিকেল,কোবাল্ট আদি ধাতুৱে উত্তপ্ত অৱস্থাত হাইড্ৰ'জেন গেছ শোষণ কৰিব পাৰে৷ ধাতুৱে এনেদৰে গেছ শোষণ কৰা প্ৰক্ৰিয়াক অন্তৰ্ধৃতি বুলি কোৱা হয়৷ এই প্ৰক্ৰিয়াৰে শোষিত হাইড্ৰ'জেনক 'অন্তৰ্ধৃত হাইড্ৰ'জেন' নামেৰে জনা যায়৷ কোনো যৌগৰ পৰা উৎপন্ন হোৱা মূহূৰ্ততে হাইড্ৰ'জেনক 'জাইমান হাইড্ৰ'জেন' নামেৰে জনা যায় ৷ সাধাৰণ হাইড্ৰ'জেনতকৈ জায়মান হাইড্ৰ'জেন অধিক শক্তিশালী বিজাৰক পদাৰ্থ৷ সাধাৰণ উষ্ণাতাত হাইড্ৰ'জেন 'অৰ্থ' আৰু 'পেৰা' হাইড্ৰ'জেন হিচাপে ৩.১ অনুপাত সাম্যৱস্থাত মিশ্ৰণ হৈ থাকে৷ [1]
ব্যৱহাৰ[সম্পাদনা কৰক]
- হাইড্ৰ'জেন গেছ পাতল বাবে ইয়াক বেলুনত ব্যৱহাৰ কৰা হয়৷
- অক্সিজেন আৰু হাইড্ৰ'জেন গেছ মিশ্ৰণ কৰি 'অক্সি-হাইড্ৰ'জেন' শিখা উৎপন্ন কৰা হয়৷ এই শিখাৰ উষ্ণতা ২৫০০° C পৰ্য্যন্ত হয়৷ জ্বালাই কামত এই শিখা ব্যৱহাৰ কৰা হয়৷
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
লগতে চাওক[সম্পাদনা কৰক]
- Chart of the Nuclides (17th সম্পাদনা). Knolls Atomic Power Laboratory. 2010. ISBN 978-0-9843653-0-2. http://www.nuclidechart.com/.
- Ferreira-Aparicio, P; M. J. Benito, J. L. Sanz (2005). "New Trends in Reforming Technologies: from Hydrogen Industrial Plants to Multifuel Microreformers". Catalysis Reviews খণ্ড 47 (4): 491–588. doi:10.1080/01614940500364958.
- Newton, David E. (1994). The Chemical Elements. প্ৰকাশক New York: Franklin Watts. ISBN 0-531-12501-7.
- Rigden, John S. (2002). Hydrogen: The Essential Element. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 0-531-12501-7.
- Romm, Joseph, J. (2004). The Hype about Hydrogen, Fact and Fiction in the Race to Save the Climate. Island Press. ISBN 1-55963-703-X. Author interview[সংযোগবিহীন উৎস] at Global Public Media.
- Scerri, Eric (2007). The Periodic System, Its Story and Its Significance,. প্ৰকাশক New York: Oxford University Press. ISBN 0-19-530573-6.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Basic Hydrogen Calculations of Quantum Mechanics
- Hydrogen at The Periodic Table of Videos (University of Nottingham)
- High temperature hydrogen phase diagram
- Wavefunction of hydrogen
- Low Energy Linear Accelerator - Monatomic Hydrogen diagram
|