লুচাই অভিযান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১৮৮৯ চনত ইলাষ্ট্ৰেটেড লণ্ডন নিউজত প্ৰকাশিত লেফটেনেণ্ট BWG Cole-এ অঁকা লুচাই অভিযানৰ ছবি
লুচাইৰ নেতা মমপুংগাআৰু ৰাজনৈতিক দূত মি: মাৰেই বন্ধুত্বৰ শপত লোৱা দৃশ্য

লুচাই অভিযান (Lushai Expedition) ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্‌ল' আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্‌চেষ্টাৰ নামৰ এক ছয়বছৰীয়া ছোৱালীও আছিল। পাহাৰীয়া জাতিসমূহে ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে অস্ত্ৰ ধৰাটো বৃথা বুলি বুজোৱাও এই অভিযানৰ উদ্দেশ্য আছিল।

ব্ৰিটিছসকলৰ বাবে এই অভিযান সফল আছিল। অপহৃত লোকসকলৰ উদ্ধাৰ কৰাৰ লগতে পাহাৰীয়া জাতিসমূহ শান্তিৰ বাবে সৈমান হৈছিল। ১৮৮৮ চনত আকৌ পাহাৰীয়া লোকৰ আক্ৰমণ আৰম্ভ নোহোৱালৈকে সীমান্ত অঞ্চল শান্ত হৈ থাকে।

পাৰ্শ্ব ঘটনাৱলী[সম্পাদনা কৰক]

১৮২৪ চনত ইষ্ট ইণ্ডিয়া কোম্পানীবংগ চৰকাৰে অসমৰ সীমান্ত অঞ্চলসমূহ পুৰন্দৰ সিংহৰ জৰিয়তে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিলে। এই ব্যৱস্থা ব্যৰ্থ হ'ল আৰু ১৮৩৮ চনত অসম এক অনা-বিনিয়মন প্ৰদেশ (non-regulation province) হৈ পৰিল। ইয়াৰ দক্ষিণ সীমান্তত লুচাইসকলে বাস কৰিছিল। ব্ৰিটিছৰ আগমণৰ বহু বছৰ আগৰে পৰা দক্ষিণৰ ভৈয়ামৰ লোকসকলে কুকিসকলৰ ভয়ত দিন কটাইছিল, কাৰণ প্ৰায়েই কুকিসকল আহি গাঁৱত আক্ৰমণ কৰি ঘৰবোৰ জ্বলাই দিছিল আৰু মানুহবোৰ কাৰি-কাটি খাস্তাং কৰিছিল।[1]

১৮২৬ চনত প্ৰথম ব্ৰিটিছ শাসিত অসমত কুকি বা লুচাইৰ আক্ৰমণৰ ঘটনা হৈছিল। ১৮৫০ চনলৈকে স্থানীয় বিষয়াসকলে এই পাহাৰীয়া লোকসকলৰ আক্ৰমণ ৰোধ কৰিব পৰা নাছিল। বছৰি আক্ৰমণৰ ঘটনা হৈয়েই আছিল,[2] আৰু এবাৰ চিলেটৰ মেজিষ্ট্ৰেটে "কুকি"সকলে কৰা এক ধাৰাবাহিক আক্ৰমণৰ প্ৰতিবেদন দিছিল য'ত ১৫০ জন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ আছে।[1]

১৮৪৯ চনত কুকিৰ আক্ৰমণৰ ঘটনা ইমানেই বেছি আৰু ভয়াবহ হ'ল যে চিলেট লাইট ইন্‌ফেণ্ট্ৰীৰ কামাণ্ডেণ্ট আৰু খাচী পাহাৰৰ এজেণ্ট কৰ্ণেল লিষ্টাৰক জনজাতিবোৰক শাস্তি দিবলৈ পঠিওৱা হ'ল। ১৮৪৯-৫০ চনৰ এই অভিযান আংশিকভাৱেহে সফল হ'ল। দুৰ্গম বাটৰ বাবে কৰ্ণেল লিষ্টাৰে সীমান্তৰ পৰা ১০০ মাইল[3] দূৰত থকা মুল্লা গাঁৱৰ সিফালে নোযোৱাটো ঠিক কৰিলে। মুল্লা গাঁৱৰ প্ৰায় ৮০০ টা ঘৰ তেওঁ প্ৰত্যাহ্বান অবিহনে ধ্বংস কৰিলে। খবৰ পাই গাঁৱৰ পুৰুষসকল ইতিমধ্যেই অনুপস্থিত আছিল।[1] এই অভিযানত প্ৰায় ৪০০ জন বন্দীয়েও মুক্তি পালে। কিন্তু লিষ্টাৰে জনালে যে "কঠোৰ শাস্তি নিদিয়ালৈকে এই ডকাইত জাতিটোৱে সীমান্তত অশান্তি কৰিবলৈ নেৰিব।"[3] এই অভিযানে ১৮৬২ চনৰ আৰম্ভণিলৈকে ব্ৰিটিছ শাসিত অসমৰ সীমান্ত অঞ্চল মোটামুটি শান্ত কৰিবলৈ সক্ষম হ'ল।[1]

১৮৬৮-৬৯ চনৰ জাৰকালি লুচাইসকলে কাছাৰৰ এখন চাহ বাগিছা জ্বলাই দিলে আৰু মনিয়েৰখাল গাঁও আক্ৰমণ কৰিলে। আক্ৰমণকাৰীসকল শাস্তি দিবলৈ আৰু বন্দীক মোকোলাবলৈ এক অভিযানৰ আয়োজন কৰা হ'ল। কৰ্ণেল জেইমছ নাথেলৰ নেতৃত্বৰ এই অভিযানত তিনিটা দল আছিল,[4] [5] কিন্তু সোনকালেই বৰষুণ আৰম্ভ হ'ল আৰু ৰচদ-পাতিৰো ভাৱ ঘটিল। কোনো জনগোষ্ঠীক শাস্তি দিয়া নহ'ল আৰু বন্দীও উদ্ধাৰ নহ'ল।[4]

পাছৰ বছৰ কাছাৰৰ উপায়ুক্ত মি: এলগাৰে জৰীপ বিভাগৰ মেজৰ মেক্‌ডনাল্ড আৰু আৰক্ষীক লৈ লুচাইসকলৰ লগত সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিলে। তেওঁলোকে সীমান্তৰ সিপাৰে গৈ লুচাইসকলৰ বন্ধুত্বপূৰ্ণ সৌদাৰ্যৰে লগ কৰিলে। কিন্তু ইয়াৰ বিশেষ ফল নধৰিল। ১৮৭০-৭১ চনত লুচাইৰ আক্ৰমণ আহতকৈও বেছি আৰু সংহতভাৱে হ'বলৈ ধৰিলে।[4][3]

চিমা চকীৰ পৰা এদিনৰ অলপ বেছি দূৰত্বত চিট্টাগং পাহাৰৰ পথত প্ৰথমটো আক্ৰমণ চলিল। আক্ৰমণকাৰীৰ সংখ্যা আছিল প্ৰায় ২০০। ১৮৭১ চনৰ ২৩ জানুৱাৰীত কাছাৰ জিলাৰ একেবাৰে পশ্চিম সীমান্তৰ আইনেৰখাল গাওঁখন লুচাইয়ে জ্বলাই দিলে। ২৫ জন মানুহৰ মৃত্যু হ'ল আৰু ৩৭ জনক বন্দী কৰি নিয়া হ'ল। একেদিনাই "হাওলং" জনজাতিৰ লোকে আলেজেন্দ্ৰাপুৰৰ চাহ বাগিছা আক্ৰমণ কৰিলে। চাহ ব্যৱসায়ী মি: ৱিন্‌চেষ্টাৰক হত্যা কৰ হ'ল আৰু তেওঁৰ ছবছৰীয়া ছোৱালী মেৰী অপহৃত হ'ল।[4] এই সৰু ব্ৰিটিছ ছোৱালীজনীক উদ্ধাৰ কৰাই পাছত হোৱা অভিযানৰ মূল উদ্দেশ্য আছিল।[3]

ৱিন্‌চেষ্টাৰ চাহ বাগিছা আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে কাট্‌লিচৰাৰ বাগিছাত আক্ৰমণ চলিল, কিন্তু দুজন চাহ খেতিয়কে লুচাইসকলক খেদাই পঠিয়ালে। তাৰ পাছদিনাও কাট্‌লিচৰাত আক্ৰমণ চলিল আৰু এইবাৰ দুজন লুচাই আহত হ'ল।[4]

২৬ জানুৱাৰীত লুচাইসকলে মনিয়েৰখাল বাগিছাত অতৰ্কিতে আক্ৰমণ চলাই এজন চিপাহীক হত্যা কৰে, এজন চিপাহী আৰু এজন আৰক্ষীক আহত কৰে। তেওঁলোকে কাষৰ গুদাম আৰু কুলী লাইনতো আক্ৰমণ কৰে। ব্ৰিটিছ দল আহি পোৱাৰ পাছত হোৱা যুঁজত ৫৭ জন লুচাই নিহত আৰু আহত হ'ল। ব্ৰিটিছৰ ছজন মৃত্যু, ছজন আহত আৰু এজন বনুৱাৰ সন্ধান নোলাল। মনিয়েৰখাল বাগিছাত আক্ৰমণৰ সময়তে আন এটা দলে ধুৰ্মিখালৰ বাগিছাত আক্ৰমণ কৰে।[4]

সাহ বাঢ়ি আক্ৰমণকাৰীসকলে নন্দীগ্ৰামলৈকে সোমাই আহিল আৰু ২৭ জানুৱাৰীত ১১ জন লোকক হত্যা কৰা লগতে তিনিজনক অপহৰণ কৰে। নদীগ্ৰাম এৰিয়েই পাছদিনা পুৱা তেওঁলোকে ৪ৰ্থ নে'টিভ ইন্‌ফেণ্ট্ৰীৰ আঠজনীয়া দলত আক্ৰমণ চলায়। প্ৰত্যাক্ৰমণত লুচাইৰ ২৫ জন লোকৰ মৃত্যু হয়। ২৩ জানুৱাৰীত জালনচৰাৰ চাহ বাগিছাত আক্ৰমণ কৰি লুচাইয়ে সাতজন বনুৱা হত্যা বা আহত কৰে।[4]

অভিযান[সম্পাদনা কৰক]

ভাৰতৰ ব্ৰিটিছ চৰকাৰে এতিয়া সিদ্ধান্ত ল'লে যে লুচাই অঞ্চলত অহা জাৰকালি অভিযান চলোৱা হ'ব। এইটোও ঠিক হ'ল যে অভিযান দুটা ভাগত হ'ব- সোঁ দলটো চিট্টাগঙৰ পৰাআৰু বাওঁ দলটো কাচাৰৰ পৰা আগবাঢ়িব। প্ৰথম দলটোক জেনেৰেল ব্ৰন্‌ল'ই চিট্টাগং পাৰ্বত্য অঞ্চলৰ পৰিদৰ্শক কেপ্টেইন লিৱিনৰ লগ লাগি নেতৃত্ব দিব আৰু দ্বিতীয় দলটোক জেনেৰেল বুৰ্চিয়াৰে কাচাৰৰ উপায়ুক্ত মি: এড্‌গাৰক অসামৰিক বিষয়া হিচাপে ৰাখি নেতৃত্ব দিব।[4]

এই দুটা দলৰ লগতে মণিপুৰৰ ৰাজনৈতিক দূত কৰ্ণেল জেইম্‌ছ নাটেলে মেইটেই লোকৰ এটা দল লৈ দক্ষিণ সীমান্তইদি জেনেৰেল বুৰ্চিয়াৰৰ দলৰ লগত সহযোগ কৰিলে।[4]

এই অভিযানৰ সমূহ ৰাজনৈতিক আৰু সামৰিক দায়িত্ব সামৰিক কমাণ্ডাৰসকলৰ হাতত অৰ্পণ কৰা হৈছিল। তেওঁলোকক নিৰ্দেশ দিয়া হৈছিল যে এই অভিযান কেৱল প্ৰতিশোধমূলক নহয়, বন্দী হৈ থকা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰত গুৰুত্ব দিব লাগে। জনগোষ্ঠীটোৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ দিব লাগে আৰু তেওঁলোকক বুজাব লাগে যে ব্ৰিটিছ চৰকাৰৰ বিপক্ষে শত্ৰুভাৱাপন্ন মনোভাৱ ৰাখি তেওঁলোকৰ মুঠেই লাভ নহয়, কেৱল লোকচানেই হ'ব।[6]

কাচাৰৰ দলটো কেইবাটাও বৰটোপ, সামৰিক অভিযন্তা আৰু পাঁচশ ৰাইফলেৰে সজ্জিত হৈ ১৮৭১ চনৰ ১৫ ডিচেম্বৰত যাত্ৰা আৰম্ভ কৰিলে। কঠিন অঞ্চলত অশেষ কষ্ট কৰি জেনেৰেল বুৰ্চিয়াৰে দোষী জনগোষ্ঠীটোৰ মূল গাঁওখন ধ্বংস কৰিলে আৰু শান্তিৰ চৰ্ত ৰাখিলে। বন্দীসকলক উদ্ধাৰ কৰি ব্ৰিটিছে অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিলে। ১৮৭২ চনৰ ১০ মাৰ্চত এই দলটো ঘূৰি আহি কাচাৰত উপস্থিত হ'ল।[6]

প্ৰায় একে শক্তিৰে সজ্জিত চিট্টাগঙৰ দলটোৱে দেমাগিৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি লাইলু আৰু হাওলং জনজাতিৰ লগত যুঁজ দিয়ে। জনজাতি দুটাক উচিত শাস্তি বিহি তেওঁলোকৰ পৰা আত্মসমৰ্পণৰ চৰ্ত আদায় কৰা হয়। সকলো বন্দীক মুক্তি দিয়া আৰু ভৱিষ্যতে শান্তিৰ বাতাবৰণ বজাই ৰখা এই চৰ্তৰ ভিতৰত প্ৰধান আছিল। অভিযানৰ শেষত সীমান্তত চকী নিৰ্মাণ কৰা হয় আৰু লুচাইসকলক ব্যৱসায়ত উৎসাহ দিবলৈ বজাৰবোৰ তেওঁলোকৰ বাবে মুকলি কৰা হয়।[6]

পাছৰ ঘটনাৱলী[সম্পাদনা কৰক]

লুচাই অভিযানৰ পাছত ১৮৮৮-৮৯ চনলৈকে অসমৰ পৰিস্থিত শান্ত হৈ থাকে। সেই বছৰত পাহাৰীয়া লোকে পুনৰ চিট্টাগং আক্ৰমণ কৰে। তেতিয়া মি: ডেলিৰ লগত ৪০০ জন আৰক্ষী গৈ জেনেৰেল ট্ৰেগিৰৰ দলক সহযোগ কৰে। কাচাৰৰ দিশৰ পৰা লুচাই অঞ্চলত প্ৰৱেশ কৰি দলটোৱে কেইবাখনো গাঁও ধ্বংস কৰে। অভিযান শেষ হোৱাৰ পাছত দলটোৱে উত্তৰ লুচাইৰ আইজল আৰু চাংশিলত দুটা চকী এৰি যায় আৰু আইজলক ৰাজধানী হিচাপে ৰাখি উত্তৰ লুচাইৰ চোৱা-চিতা কৰিবলৈ এজন ৰাজনৈতিক বিষয়া নিয়োগ কৰে।[6]

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Sausmarez & Tuck 1896, পৃষ্ঠা. 14.
  2. Sausmarez & Tuck 1896, পৃষ্ঠা 14 cites Mackenzie's North-Eastern Frontier of Bengal, Chapter XXI.
  3. 3.0 3.1 3.2 3.3 Low 1883, পৃষ্ঠা. 110.
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 Sausmarez & Tuck 1896, পৃষ্ঠা. 15.
  5. Charles Low states two columns with 20 days of provisions; one column was under the command of Brigadier-General Nutthal and the other under consisting of the 7th Native Infantry under the command of Major Stephenson (Low 1883, পৃষ্ঠা 110)
  6. 6.0 6.1 6.2 6.3 Sausmarez & Tuck 1896, পৃষ্ঠা. 16.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

Attribution

অতিৰিক্ত পঠন[সম্পাদনা কৰক]