সমললৈ যাওক

শংকৰদেৱ শিশু নিকেতন, নকছাৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংকৰদেৱ শিশু নিকেতন, নকছাৰি
Shankardev Shishu Niketan,Nakachari
অৱস্থান
নকছাৰি
যোৰহাট, অসম  ভাৰত, ৭৮৫৬৩৫,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ব্যক্তিগত
প্ৰতিষ্ঠাকাল ১৯৯৪ চন
বিদ্যালয়ৰ বিভাগ যোৰহাট জিলা
কুসুম কুমাৰী গগৈ
মাধ্যম অসমীয়া
ভাষা অসমীয়া
অন্তৰ্ভূক্তিসমূহ SEBA

শংকৰদেৱ শিশু নিকেতন, নকছাৰি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমাৰ নকছাৰি অঞ্চলত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৯৪ চনত অঞ্চলটিৰ সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত। প্ৰধান শিক্ষক শ্ৰীযুতা কুসুম কুমাৰী গগৈ সৈতে প্ৰায় অৰ্ধশতাধিক শিক্ষক আৰু অৰ্ধসহস্ৰাধিক ছাত্ৰছাত্ৰী আছে। বিদ্যালয়খনত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কম্পিউটাৰ শিক্ষা, সংগীত, শাৰীৰিক শিক্ষা, নীতিশিক্ষা, ইংৰাজী কথন শিক্ষা আদি পাঠ্যক্ৰমৰো সুবিধা আছে।