শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা


শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া
Shankardev Shishu Niketan,Rangia.
shishu siksha samiti,assam
অৱস্থান
ব্ৰিকফিল্ড কʼলʼনি
ৰঙিয়া, অসম  ভাৰত, ৭৮১৩৫৪,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ব্যক্তিগত
প্ৰতিষ্ঠাকাল ১৯৮৭ন
বিদ্যালয়ৰ বিভাগ কামৰূপ জিলা
দিলীপ কুমাৰ লহকৰ
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ Urban
অন্তৰ্ভূক্তিসমূহ SEBA

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰৰ মাজমজিয়াৰ ব্ৰিকফিল্ড কʼলʼনীত শিশুৰ সৰ্বাংগীণ শিক্ষাৰ মহৎ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত। প্ৰধান শিক্ষক শ্ৰী দিলীপ কুমাৰ লহকৰেৰে সৈতে প্ৰায় অৰ্ধশতাধিক শিক্ষক আৰু সহস্ৰাধিক ছাত্ৰছাত্ৰীৰে সৈতে এই বিদ্যালয়খন ৰঙিয়া চহৰৰ ভিতৰতে এখন বৃহৎ বিদ্যালয়। প্ৰতিবছৰে এই বিদ্যালয়খনৰ পৰা যথেষ্টসংখ্যক ছাত্ৰছাত্ৰীয়ে প্ৰাথমিক বৃত্তি পৰীক্ষা,মজলীয়া বৃত্তি পৰীক্ষা,হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনাম কঢ়িয়াই আহিছে। বিদ্যালয়খনত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কম্পিউটাৰ শিক্ষা, সংগীত,শাৰীৰিক শিক্ষা,নীতিশিক্ষা,ইংৰাজী কথন শিক্ষা আদি পাঠ্যক্ৰমৰো বিশেষ সুবিধা আছে।