শব্দ (অভিধান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শব্দ
Logo of XOBDO
ইউ আৰ এল xobdo.net
বিজ্ঞাপন নাই
প্ৰকাৰ সতাঁৰ অভিধান
পঞ্জীয়ন ঐচ্ছিক
ভাষা ২৩
স্বত্বাধিকাৰী এটি অনলাইন গোষ্ঠী
সৃষ্টিকৰ্তা বিক্ৰম এম. বৰুৱা
মুকলি ১০ মাৰ্চ, ২০০৬
এলেক্সা স্থান decrease 6,586,394[1]

শব্দ হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান[2]। শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান৷ এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়৷ অভিধানখনৰ মূল প্ৰকল্পটো আৰম্ভ কৰিছিল আবু ধাবিত থকা জেষ্ঠ্য পেট্ৰ'লিয়াম অভিযন্তা বিক্ৰম এম. বৰুৱাই৷ পিছলৈ বিভিন্ন ঠাইৰ ব্যক্তিয়ে এই প্ৰকল্পত অংশ গ্ৰহণ কৰে আৰু স্বেচ্ছামূলকভাৱে কাম কৰি আছে৷[3][2][4] বৰ্তমান শব্দক মুনাফাহীন অনুস্থান ৰূপে ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/35 নম্বৰত পঞ্জীয়ন কৰা হৈছে আৰু গুৱাহাটী বেলতলাৰ অশোক পথৰ ২০ নম্বৰ ঘৰত ইয়াৰ স্থায়ী কাৰ্যালয় নিৰ্মান কৰা হৈছে৷[5]

ভাষা আৰু শব্দৰ সংখ্যা[সম্পাদনা কৰক]

বৰ্তমানলৈকে অভিধানখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৩ টা ভাষাক স্থান দিয়া হৈছে আৰু মূল ইংৰাজী-অসমীয়া শব্দৰ সমাৰ্থক হিচাপে আন ভাষাৰ শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছে৷ শব্দত বৰ্তমান ৩৮৪৮২ টা অসমীয়া ভষাৰ শব্দ আছে৷ আন ভাষাৰ ভিতৰত ডিমাছা ভাষাৰ ২৯২৩ টা, কাৰ্বি ভাষাৰ ২১৬৯ টা, মিতেইলন ভাষাৰ ১৬৩৭ টা, টাই ভাষাৰ ১০৬৭ টা, বড়ো ভাষাৰ ৮৩৯ টা, মিচিং ভাষাৰ ৬৫৫ টা, মাৰ ভাষাৰ ৬৩৩ টা, কক-বৰক ভাষাৰ ৩০৬ টা, বাংলা ভাষাৰ ৩০৯ টা শব্দ অন্তৰ্ভুক্ত কৰা হৈছে[6]৷ ইয়াৰ বাহিৰেও খাছী, দেউৰী, বিষ্ণুপুৰী, গাৰো, নাগামিছ, মিজু, ছাকমা, আপাটানি, আও, ৰাভা, তিৱা, মনপা, আৰু নেপালী ভাষাৰ শব্দও বৰ্তমান অভিধানখনত কম-বেছি পৰিমাণে অন্তৰ্ভুক্ত কৰি থকা হৈছে৷

কৰ্ত্তৃত্ব আৰু পৰিচালনা[সম্পাদনা কৰক]

অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত কোনো পণ্ডিতৰ প্ৰত্যক্ষ সহায়-সহযোগৰ অবিহনেই ১৬০০-ৰো অধিক সাধাৰণ অসমীয়াভাষীৰ বিশ্বজোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখন গঢ় লৈ উঠিছে৷ বৰ্তমান ৱেবচাইটটোত দুই ধৰণৰ স্বেচ্ছাসেৱক আছে: "অৱদানকাৰী" আৰু "সম্পাদক"৷ এজন অৱদানকাৰীয়ে বিভিন্ন ভাষাৰ শব্দসমূহ পদ্ধতি অনুসৰি এখন অস্থায়ী পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে৷ তাৰপিছত এজন সম্পাদকে সেই শব্দসমূহ (যদি প্ৰয়োজন হয় সম্পাদনা কৰি) মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে৷ অৱদানকাৰী এজনে নিজেই নিজৰ শব্দটো মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰাৰ অনুমতি নাই৷ অভিধানখনত অন্তৰ্ভুক্ত কৰা প্ৰতিটো শব্দৰ কৰ্ত্তৃত্ব অৱদানকাৰীজনৰ নিজৰ৷ প্ৰতিটো শব্দৰ বিপৰীতে অৱদানকাৰীজনৰ নাম, ঠিকনা উল্লেখ কৰা হয়৷ [7]

উদ্দেশ্য আৰু লক্ষ্য[সম্পাদনা কৰক]

শব্দ.org ৰ প্ৰথম পৃষ্ঠা

শব্দ অভিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য অতি সুস্পষ্ট৷ বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়াভাষী ব্যক্তিসকলৰ বাবে শকত (আকাৰত) অভিধান এখন কঢ়িয়াই লৈ ফুৰা সহজ কথা নহয়৷ আনহাতে অসমৰ পৰা বহু হাজাৰ মাইল দূৰত থকা বহুতো অসমীয়া ব্যক্তিয়ে ব্যস্ততাৰ মাজে মাজে প্ৰায়ে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চ্চা কৰাও দেখা যায়৷ কিন্তু সেইসকল ব্যক্তিয়ে প্ৰয়োজনৰ তাড়নাত এটা অসমীয়া শব্দ বিচাৰি হাবাথুৰি খাব লগা হয়৷ এনে এক তাড়নাই এদিন জন্ম দিলে শব্দ অভিধানখনৰ৷ উদ্দেশ্য, বিশ্বৰ যিকোনো প্ৰান্ততে থাকি কেই ছেকেণ্ডমানৰ ভিতৰতে অসমীয়া শব্দৰ অৰ্থ তাৰ সমাৰ্থক বা বিপৰীত শব্দৰ সন্ধান কৰা৷ সেয়ে শব্দৰ লক্ষ্য হ’ল সেইসকল অসমীযা ব্যক্তিৰ ওচৰলৈ অসমীয়া ভাষাক লৈ যোৱা যি মাতৃভূমিৰ পৰা আঁতৰত থাকিও নিজৰ ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকে৷ এনে কাৰণতে শব্দই কোনো নতুন শব্দ, পৰিভাষা সৃষ্টি নকৰি ভাষাটোৰ বৰ্তমান ৰূপত থকা প্ৰতিবিম্ব দাঙি ধৰিব বিচাৰে৷ বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত অভিধানসমূহৰ ভিতৰত ‘হেমকোষ’, ‘চন্দ্ৰকান্ত অভিধান’, সুমন্ত চলিহাৰ ‘আধুনিক অসমীয়া শব্দকোষ’, প্ৰকাশন পৰিষদৰ ‘আধুনিক অসমীয়া অভিধান’ আদি সকলো অভিধানৰ লগতে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰবন্ধ আদিত ব্যৱহৃত শব্দবোৰক পদ্ধতি অনুসৰি ‘শব্দ’ৰ মাজত সংযোজন কৰে৷ বৰ্তমান অসমীয়া ভাষাত ব্যৱহৃত অভিধানসমূহৰ মাজত শব্দৰ অৰ্থ আৰু বানানৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য দেখা পোৱাৰ কাৰণে ‘শব্দ’ই প্ৰতিখন অভিধানৰ পৰা শব্দবোৰ গ্ৰহণ কৰোঁতে একে অৰ্থবাচক ভিন্ন বানানৰ শব্দবোৰক বিকল্প বানান হিচাপে অন্তৰ্ভুক্ত কৰে৷ যাতে ব্যৱহাৰকৰ্তাই শুদ্ধ যেন লগা বানানটো গ্ৰহণ কৰিব পাৰে৷ অৱশ্যে কোনো শব্দ সম্পৰ্কে কোনো ব্যৱহাৰকৰ্তাৰ মনত প্ৰশ্নৰ উদ্বেগ হ’লে আলোচনা কৰিবলৈ আলোচনা পৃষ্ঠাৰো ব্যৱস্থা আছে৷ য’ত প্ৰতিজন সদস্যই শব্দটোৰ উৎস, ব্যৱহাৰৰ স্থান আদিৰ বিষয়ে নিজৰ মত দাঙি ধৰিব পাৰে৷

অভিধানখনৰ বিভিন্ন সুবিধা[সম্পাদনা কৰক]

অভিধানখনত শব্দ অন্তৰ্ভুক্তিৰ বিভিন্ন প্ৰক্ৰিয়া

‘শব্দ’ৰ মাজতো এখন আদৰ্শ অভিধানত থাকিব লগা প্ৰায়কেইটা দিশেই দেখা পোৱা যায়৷ ‘শব্দ’ই অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত এখন লিখিত অভিধানত থকা সকলো দিশ ধৰি ৰাখিছে৷ অতিৰিক্তভাৱে শব্দৰ লগত আলোকচিত্ৰ সংযোগ কৰিব পৰা ব্যৱস্থা, ৰোমান লিপিত শব্দৰ উচ্চাৰণৰ ব্যৱস্থা, সবিশেষ অন্য তথ্য থকা ৱেবচাইট সংযোগ কৰিব পৰা ব্যৱস্থা, একে বৰ্গৰ শব্দসমূহ একেলগে চাব পৰাৰ ব্যৱস্থা আদি উল্লেখযোগ্য৷ ‘শব্দ’ অভিধানখনত অতিৰিক্তভাৱে ৪৪৮ টা ফকৰা-যোঁজনা[8] আৰু বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি, স্থান, পুথি, চলচ্চিত্ৰ, জীৱ-জন্তু আদিৰ বিষয়েও সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে৷[9] ‘শব্দ’ৰ মাজত শব্দ এটা গ্ৰহণ-বৰ্জন আৰু সঠিক ব্যৱহাৰৰ বাবে আলোচনা পৃষ্ঠাত অতি জনপ্ৰিয় ‘De Bono's Six Thinking Hats’ পদ্ধতি[10] অৱলম্বন কৰা হৈছে৷ ইয়াৰ দ্বাৰা শব্দ এটাৰ প্ৰতি সন্দেহ জাগ্ৰত হোৱা সদস্যজনে শব্দটো আলোচনাৰ বাবে পঠিয়াব পাৰে৷ তাৰপিছত ক্ৰমে-ক্ৰমে পদ্ধতি অনুসৰি প্ৰতিজন সদস্যই শব্দটোৰ উৎস, প্ৰাপ্তিৰ স্থান আদি উল্লেখ কৰাৰ পিছত ইয়াৰ সমাধান আগবঢ়োৱাৰ লগতে নিজৰ মত আগবঢ়াব পাৰে৷ সম্প্ৰতি অভিধানখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে প্ৰকাশ কৰা হৈছে৷

শব্দৰ লগত জড়িত অন্যান্য আঁচনি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "xobdo.org Site Info". http://www.alexa.com/siteinfo/xobdo.org#। আহৰণ কৰা হৈছে: September 27, 2012. 
  2. 2.0 2.1 The Assam Tribune, June 14, 2008
  3. প্ৰান্তিক ১ আগষ্ট ২০০৭
  4. The Assam Tribune, March 12, 2011
  5. About Xobdo.Org Society
  6. xobdo.net আহৰণ: ১৮ অক্টোবৰ, ২০১১
  7. XOBDO's Policy আহৰণ: ১৯ অক্টোবৰ, ২০১১
  8. XOBDO's Idioms / Phrase
  9. xobdo.net আহৰণ: ১৮ অক্টোবৰ, ২০১১
  10. XOBDO's Discussion Rules