সংগীত নাটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সংগীত নাটক (ইংৰাজী: Sangeet Natak) হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। সংগীত-নাটক নটৰাজ বন্দনা, বিশেষকৈ 'সংগীত শকুন্তল' নাটকৰ 'পঞ্চতুণ্ড নৰৰুন্দমলধৰ'ৰে আৰম্ভ হয়। নটৰাজ বন্দনাক নন্দী বা মঙ্গলাচৰণ বা সূচকপদ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ব্যৱহাৰৰ বাবে সংগীত নাটকবোৰ জনপ্ৰিয়। মহাৰাষ্ট্ৰ আৰু কাষৰীয়া অঞ্চলবোৰত নাট্য সংগীতৰ জনপ্ৰিয়তা দেখা যায়।[1]

ইতিহাস[সম্পাদনা কৰক]

সংগীত-নাটকৰ কলাকাৰ দীননাথ মংগেশকাৰ

আৰম্ভণি[সম্পাদনা কৰক]

বিষ্ণুদাস ভাবেক মাৰাঠী থিয়েটাৰৰ প্ৰৱৰ্তক বুলি গণ্য কৰা হয়। ১৮৪৩ চনত তেওঁৰ দলে প্ৰথমবাৰৰ বাবে মাৰাঠী নাটক 'সীতা সয়ম্বৰ'ৰ প্ৰথম ৰাজহুৱাকৈ প্ৰদৰ্শন কৰে। নাটকৰ সৈতে সংগীতৰ একত্ৰীকৰণ বহু পলমকৈ ১৮৭৯ চনতহে সংঘটিত হয়; যেতিয়া লেখক, প্ৰযোজক ত্ৰিলোকেকৰে তেওঁৰ সংগীতপ্ৰধান 'নল দময়ন্তী' নাটৰ মঞ্চায়ন হয়। এইখনে আছিল মাৰাঠী নাট্যমঞ্চত মঞ্চায়িত প্ৰথম সংগীতপ্ৰধান নাটক। কিন্তু বলৱণ্ত পাণ্ডুৰং কিৰ্লোস্কাৰে,যাৰ জনপ্ৰিয় নাম আন্নাচাহেব কিৰ্লোস্কাৰ, ৩১ অক্টোৱৰ ১৮৪৩ তাৰিখে যেতিয়া পুণেকালিদাসঅভিজ্ঞানম শকুন্তলমৰ আধাৰত ৰচনা কৰা সংগীতপ্ৰধান নাট 'শকুন্তল' মঞ্চস্থ কৰিলে দৰাচলতে তেতিয়াৰ পৰাই সংগীত-নাটকৰ ধাৰা আৰম্ভ হ’ল। 'শকুন্তল'ৰ পাঁচটা খণ্ডত মুঠতে ২০৯টা সংগীতৰ টুকুৰা আছিল। ইয়াৰ সংগীতত আছিল হিন্দুঃস্থানী, কৰ্ণাটকী আৰু সুগম সংগীতৰ উপাদান। প্ৰাৰম্ভিক কালচোৱাত সংগীত-নাটকৰ নাটসমূহৰ বিষয়বস্তু ধৰ্মীয় আছিল। এখন জনপ্ৰিয় নাট 'সংগীত সুভদ্ৰা'ৰ কাহিনী মহাভাৰতৰ পৰা আহৰণ কৰা। কিন্তু এই প্ৰৱণতা সলনি হ’ল- ক্ৰুষ্ণজী প্ৰভাকৰ খাদিলকৰ ৰচিত 'সংগীত মনপমন'ৰ পৰা, য’ত নায়ক ধেৰ্যধৰ আৰু নায়িকা ভামিনীৰ সাহসিকতাক চিত্ৰিত কৰা হৈছে।[2]

সোণালী যুগ[সম্পাদনা কৰক]

সংগীত-নাটকৰ ধাৰাই কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিলে। ব্ৰিটিছ ৰাজৰ সময়ত সংগীত-নাটকক 'অপেৰা'ৰ সৈতে তুলনা কৰা হৈছিল আৰু ইয়াৰ পৰা স্থানীয় মাৰাঠীসকলে একে ধৰণৰে মনোৰঞ্জন পাইছিল। প্ৰাৰম্ভিক যুগত নাটৰ কাহিনী পৌৰাণিক গ্ৰন্থ ৰামায়ণ, মহাভাৰতভিত্তিক আছিল এই কাহিনীবোৰে সাধাৰণ জনতাক সহজে আকৰ্ষণ কৰিছিল। নাট্যকাৰসকলে সমগ্ৰ গ্ৰন্থখনকে সামৰি লোৱাৰ সলনি ইয়াৰ একো একোটা সৰু কাহিনীহে লৈছিল। জনপ্ৰিয়তা আৰু সফলতাই পৌৰাণিক কাহিনীৰ সলনি পৰীক্ষামূলকভাবে সামাজিক বিষয়ক লৈ নাট ৰচনা কৰাৰ প্ৰৱণতাৰ জন্ম দিলে। উদাহৰণ স্বৰূপে 'সংগীত সাৰদা'ত এজন সত্তৰ বছৰীয়া বিপত্নীক পুৰুষলৈ বিয়া দিয়া এজনী কিশোৰী ছোৱালীৰ অনুভৱক চিত্ৰিত কৰা হৈছে, যিয়ে এক সামাজিক বাৰ্তা কঢ়িয়াই নিছে। ব্ৰিটিছৰ বিৰুদ্ধে বিষোদ্গাৰ কৰা বাবে 'কিচক বধ' নাটখনত নিষেধাজ্ঞা লগোৱা হৈছিল। নাটখনত মহাভাৰতৰ এটা খলনায়কৰ চৰিত্ৰ কীচকক ব্ৰিটিছ শাসকৰ সৈতে তুলনা কৰা হৈছিল। কীচকে শ্লীলতা হানি কৰিব বিচৰা দ্ৰৌপদী আছিল সাধাৰণ ভাৰতীয় ৰাইজৰ সমাৰ্থক।[3]

১৯৬০ৰ দশকত জীতেন্দ্ৰ অভিষেকীৰ আগমণৰ লগেলগে সংগীত-নাটকত আৰু এটা পৰিবৰ্তন আহিছিল। সংগীত-নাটকৰ জটিল গাঁথনিত সৰলতা অনাৰ ক্ষেত্ৰত অভিষেকীক কৃতিত্ব দিয়া হয়।[4]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]