সদস্য:Arup Sonowal

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মণিপুৰ

    উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য মণিপুৰ । ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ  যাবলৈ হলে ৰেল পথেৰেই হওক বা স্থল পথেৰেই হওক আমি ডিমাপুৰ পাবগৈ লাগিব । আকাশীযানেৰে যাবলৈ হলে গুৱাহাটীৰ পৰা ইম্ফললৈ সুন্দৰ ব্যৱস্থা আছে। আহক আজি আমি স্থল পথেৰেই মণিপুৰলৈ যাওঁ। -

       ডিমাপুৰৰ পৰা চুমুকে ডিমা হৈ খুজুমা হৈ জক’ভেলীৰ কাষেৰে টাডুবি নামৰ ঠাইখণ্ডৰ মাজেৰে চেনাপতি জিলা হৈ চেকমাই পাৰ হৈ আমি উপস্থিত হলোঁহি এইয়া বিখ্যাত লোকটাক হ্ৰদৰ পাৰৰ অপূৰ্ব ইম্ফল।

    মণিপুৰৰ উত্তৰে আছে নাগালেণ্ড,দক্ষিণে মিজোৰাম ,পশ্চিমে অসম আৰু পূৱ দিশত ম্যানমাৰ।

ইতিহাস : সাগৰ পৃষ্ঠৰ পৰা ৭৯০ মিটাৰ উচ্চতাত অৱস্থিত মণিপুৰ ৰাজ্য। আৰু আমি উপস্থিত হৈছোহি এই মণিপুৰৰে ৰাজধানী ইম্ফলত। প্রিয় শ্ৰোতা থোৰতে মণিপুৰৰ বিষয়ে আপোনাক জনাই লওঁ।

মণিপুৰৰ মাটি কালি ২২৩২৭ বৰ্গ কিলোমিটাৰ ,জনসংখ্যা ২৭,২১,৭৫৬ জন ,ৰাজ্য ভাষা মণিপুৰী বা মেইটেই। প্ৰতীক চিহ্ন Kangla Shaa ,ৰাজ্যিক পক্ষী Nongyeen ,ৰাজ্যিক পশু Sangai । শিক্ষিতৰ হাৰ ৪৬.৫(পুৰুষ) আৰু ৭৩.২(মহিলা)। বিধানসভাৰ মুঠ আসন ৬০ খন আৰু লোকসভাৰ ২ খন আৰু ৰাজ্যসভাৰ ১ খন। স্থানীয় শাসনকৰ্তাৰ অধিনত থকা মণিপুৰ ১৯৪৯ চনৰ ১৫ অক্টোবৰ তাৰিখে ভাৰতী চৰকাৰৰ সৈতে চামিলকৰণ কৰা হয় আৰু ১৯৭২ চনৰ ২১ জানুৱাৰীত ভাৰতবৰ্ষৰ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।

            বুৰঞ্জী অনুসৰি অৰ্থাৎ মণিপুৰৰ পুইয়া বা পুৱাৰী যাৰ অৰ্থ হল পূৰ্ব পুৰুষৰ সাধু অনুসৰি বৰ্তমানৰ মণিপুৰক পূৰ্বতে Tilli-Koktong ,Poireilam,Sanna-Lipak,Mitei-Leipak,Meitrabak আদি নামেৰে জনা গৈছিল। ৰাজধানী ইম্ফলৰ নাম আছিল কাংলা বা yumphal । ১৮৯১ চনত Khongjomত হোৱা ব্ৰিটিছ-মণিপুৰৰ যুঁজত মণিপুৰে সাৰ্বভৌমত্ব হেৰুৱাই আৰু ১৯২৬ চনত Pakokku পৰ্বতৰ জিলাসমূহৰ অংশ হিচাপে ব্ৰিটিছ-বাৰ্মাৰ অন্তৰ্গত হৈ থাকে ১৯৪৭ চনৰ ৪ জানুৱাৰী পৰ্যন্ত।১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে ব্ৰিটিছৰ কবলৰ পৰা মুক্তি লাভ কৰে  আৰু পূৰ্বতেই উল্লেখ কৰাৰ দৰে ১৯৪৯ চনৰ ১৫ অক্টোবৰ তাৰিখে ভাৰত গণৰাজ্যৰ সৈতে চামিল হয়।

ভূগোল : মণিপুৰত মুখ্যত চাৰিখন নদীৰ মোহনা আমি পাওঁ। সেইকেইখন হৈছে বৰাক নদী, মণিপুৰ নদীৰ মোহনা ,পূবত য়ু নদীৰ মোহনা আৰু উত্তৰ দিশে Lanye নদীৰ মোহনা । পাহাৰীয়া নদী সমূহ হৈছে Maku,Jori,Irang,Leimatak ইত্যাদি । ওখোৰা-মুখুৰা পাহাৰ আৰু ঠেক উপত্যকা লগতে সমতলভূমি মণিপুৰৰ ভূখণ্ডৰ প্ৰধান পৰিচয়। উনিঙঠও,লেইহও, বাঁহ, কুঁহিয়াৰ, পাইন গছ, টিক ইত্যাদি বনজ সম্পদ তথা ৰবৰ ,চাহ, কফি,কমলা, ইলাচী ইত্যাদি প্ৰধানকৈ উৎপাদিত হয় মণিপুৰত। ভাত মণিপুৰী সকলৰ প্ৰধান খাদ্য। মণিপুৰৰ জলবায়ু বৰ সুন্দৰ। চৌদিশে এই ভূখণ্ড পাহাৰ আৱৰি ৰখাৰ বাবে অত্যাধিক গৰম অথবা অত্যধিক ঠাণ্ডা নহয়। গৰমৰ দিনত সৰ্বোচ্চ তাপমাত্ৰা ৩২ ডিগ্ৰীলৈকে হয়।

    মণিপুৰৰ পাহাৰ সমূহত মূলত নাগা, কুকি আৰু খুব কম সংখ্যক অন্যান্য জনজাতীয় লোক বসবাস কৰে আৰু সমতল ভূমিত মেইটেই সকল, মণিপুৰী ব্ৰাহ্মণ সকল, পঙ্গল অৰ্থাৎ মণিপুৰৰ ইছলাম ধৰ্মীয় লোকসকল বসবাস কৰে। বিষ্ণুপ্ৰিয়া মণিপুৰী ,নগা আৰু কুকি সকল উপত্যকা অঞ্চলত বসবাস কৰে।   হিন্দু, খ্ৰীষ্টিয়ান, সন্মাহি,ইছলাম ধর্মী লোক মণিপুৰত বসবাস কৰি আহিছে।

অৰ্থনীতি : মণিপুৰৰ অৰ্থনীতি মূলত কৃষি, বনজ,কুটিৰ শিল্প আৰু বেপাৰ বাণিজ্যৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰত-বাৰ্মা,দক্ষিণ পূব এছিয়া, পূৱ এছিয়া, চাইব্ৰেৰীয়া, মাইক্ৰনেছিয়া আৰু পলিনেছিয়াৰ মাজত বেপাৰ-বাণিজ্যৰ বাবে এক স্থল পথ আছে মণিপুৰৰ মোৰেহ আৰু তমু চহৰৰ মাজেৰে।সেয়েহে মণিপুৰক “পূৱ গেটৱে” বা “Gateway to the East” বোলা হয়।  মণিপুৰৰ হস্তশিল্প ভাৰততে উল্লেখযোগ্য । ভাৰতৰ সৰ্বাধিক হস্তশিল্পী মণিপুৰৰে।

কৃষি : মণিপুৰৰ জলবায়ু আৰু মাটি শস্য উৎপাদনৰ উপযুক্ত। মণিপুৰত  বিভিন্ন বিৰল , ঔষধি তথা সুগন্ধি গছ পোৱা যায়। প্ৰধান কৃষিৰ ভিতৰত লিচু, কাজু,কমলা, নেমু, আনাৰস, অমিতা,পিছ, নাস্পতি আৰু বগৰী আদিৰ খেতি ইয়াত বেছিকৈ কৰা হয় অৱশ্যে বাঁহৰ খেতি ইয়াত আটাইতকৈ বেছি।

হ্ৰদ আৰু দ্বীপ : উত্তৰ পূৱ ভাৰতৰ বৃহত্তম বিশুদ্ধ পানীৰ হ্ৰদ লোকটক হ্ৰদ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৪৮ কিলোমিটাৰ দূৰৈত অৱস্থিত । চেন্দ্ৰা দ্বীপৰ ওপৰত পৰ্যটকৰ বাবে এটা অট্টালিকা আছে।

খেল : খেল ধেমালিৰ ক্ষেত্ৰত মণিপুৰী সকল যথেষ্ট আগবঢ়া ।পৃথিৱীৰ অন্যতম প্ৰাচীন পল ground ইম্ফলত আছে আৰু কাজেই মণিপুৰৰ ৰাজ্যিক খেল হৈছে পল আৰু ইয়াৰ স্থানীয় নাম হৈছে ছাগল কাংজেই। মণিপুৰী মল্লযুদ্ধক কোৱা হয় mukna। জনপ্ৰিয় খেল ৰাগবিৰ দৰে মণিপুৰী সকলে খেলে yubi lakpi।Thangta আৰু Sarit Sarik মণিপুৰী সকলৰ সমৰ কলা। ২০১৮ বৰ্ষত মণিপুৰত National Sport University স্থাপন কৰা হয়। অৱশ্যে মণিপুৰৰ খেল বুলিলেই পোন প্ৰথমেই আমাৰ মনলৈ অহা মুখখনি হৈছে অদমনীয় বক্সাৰ মেৰী কমৰ। তাৰোপৰি এন কুঞ্জৰাণী দেৱী, মিৰাবাই চানু, চৰিতা দেৱী, সঞ্জীতা চানু, দেৱেন্দ্ৰ সিং, দিঙ্ক সিং, কল্পনা দেৱী, বৈঠাং হাউকিপ ইত্যাদি মণিপুৰে সৃষ্টি কৰা খেলুৱৈৰ বিশ্ব খেল জগতত উজ্বলি আছে।

উৎসৱ-পাৰ্বন :মণিপুৰৰ মূল উৎসৱ বোৰৰ ভিতৰত Ningol Chakouba ,Shirui lily Festival,Yaoshang,Gan-ngai,Chumps,Cheiraoba,Lang আৰু Heikru Hidongba প্ৰধান। তদুপৰি সৰ্বভাৰতীয় প্ৰায় সকলোবোৰ উৎসৱেই মণিপুৰত পালন কৰা হয়। ningol Chakouba ত বিয়া দিয়া জীয়ৰী আৰু তেওঁৰ সন্তানসকলক মাতৃগৃহলৈ নিমন্ত্ৰণ জনোৱা হয় আৰু তেওঁলোকক ভালকৈ খুওৱা বুওৱাৰ উপৰিও বিভিন্ন উপহাৰ দিয়া হয়। এই উৎসৱ প্ৰতি বছৰৰ  নৱেম্বৰ মাহত উদযাপন কৰা হয়। মণিপুৰত বসবাস কৰা কুকি চীন আৰু মিজো জনজাতিৰ লোকসকলে প্ৰধানত ১ নৱেম্বৰ তাৰিখে কূট উৎসৱ পালন কৰে ।ই প্ৰধানতঃ কৃষি ভিত্তিক উৎসৱ। Yaosang উৎসৱ মণিপুৰত বহুলভাৱে পালন কৰা এটি উৎসৱ। Yaosang হল ৰঙৰ উৎসৱ ফাকুৱাৰ স্থানীয় ৰূপ। Khuado Pawi এটি অন্যতম কৃষি ভিত্তিক উৎসৱ। Cheiraoba মাৰ্চ-এপ্ৰিল মাহত পালন কৰা নৱবৰ্ষৰ এটি উৎসৱ।মেইটেই মাহ ৱাকচিংৰ ১৩ দিনৰ দিনা পালন কৰা হয় Gaan-ngai উৎসৱ।

সাহিত্য : মণিপুৰী সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে প্ৰায় ১২শ শতিকাৰ পৰা।মেইটেই লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভুত। ১৮ আৰু ১৯ শতিকাত তেওঁলোকে লিখিবৰ বাবে বাংলা বৰ্ণমালাৰ ব্যৱহাৰ কৰিছিল।মণিপুৰী সাহিত্যৰ ক্ষেত্ৰখনলৈ মন কৰিলে prof. Budhichandra Heisnamba, Rajen Toijamba, Moirangthem Taken,N. Vidyasagar Singh ,Khwairakpam Chaoba,N. Kunjomohan Singh,M.K. Binodini Devi ,Rajkumar Mani Singh,Raghu Leisangthem আদি কৰি কয় শেষ কৰিব নোৱাৰা নাম আছে। Ratan Thiyam,Aribam Shyam Sharma, H. Kanhaiyalal ,Sabitri Heisman আদি শিল্পী অভিনয় আৰু থিয়েটাৰ তথা বোলছবি নিৰ্মানৰ ক্ষেত্ৰখনৰ উল্লেখযোগ্য নাম।

নৃত্য : নৃত্যৰ দিশত মণিপুৰ অত্যন্ত ধৰ্ণাঢ্য । ৰাধা কৃষ্ণৰ প্ৰেম কথাক ৰূপ দিয়া মণিপুৰী সকলৰ নৃত্যটি ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি। পৰম্পৰাগত ৰূপ কথা অনুসৰি মণিপুৰ গন্ধৰ্ব সকলৰ নিবাস স্থান। Lai Haroba উৎসৱত ৰাধা কৃষ্ণৰ প্ৰেম কথাৰ উপৰিও শৈৱ আৰু শাক্ত কাহিনীও এই নৃত্যৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় । পৰম্পৰাগত ঢোল সদৃশ বাদ্য পুং আৰু কৰতাল ,চেমবং, ততবাদ্য পেনা ,বাঁহী ইত্যাদি নৃত্য আৰু গীতৰ সৈতে সংগত কৰা হয়। পুং লৈ জঁপিয়াই জঁপিয়াই ঘূৰি ঘূৰি  নৃত্য কৰা মণিপুৰী ডেকাৰ নৃত্য এবাৰ দেখিলে পাহৰিব নোৱাৰি। বিপিন সিং, Darshsna Jhaveri,ৰাজকুমাৰ সিংহজিত সিং আদি মণিপুৰী নৃত্যৰ ক্ষেত্ৰখনৰ প্ৰাতঃ স্মৰণীয় নাম। মণিপুৰী সংকীৰ্তন বৈষ্ণৱ পন্থাৰ এক উল্লেখযোগ্য পৰিৱেশ্য কলা।

খাদ্য-ভাস : মাছ আৰু পাচলিৰ মিশ্ৰণ Eromba,সুস্বাদু Morok metpa চাটনি,শাক পাচলিৰে প্ৰস্তুত কৰা Chamthong , Singju নামৰ চালাড,Paknam নামৰ পকোৰা, মাছৰ তৰকাৰী Nga Thongba, আৰু সুস্বাদ Chak-Hao-kheer আদি মণিপুৰী খাদ্য যিকোনো অতিথিৰে মন মুহি নিবলৈ যথেষ্ট।

পোছাক :- সাজ পোছাকৰ ক্ষেত্ৰত বর্তমান সময়ত মণিপুৰী সকলে বিভিন্ন আধুনিক সাজ সজ্জা পৰিধান কৰে যদিও পৰম্পৰাগত ভাৱে মণিপুৰী মহিলাসকলে Innaphi  নামৰ স্বল জাতীয় এখনি আলোৱান phanek আৰু শৰীৰৰ নিম্নাংশত মেখেলা জাতীয় sarong পৰিধান কৰে। মণিপুৰী পুৰুষসকলে ধুতি  ,কুৰতা জেকেট পৰিধান কৰে আৰু মূৰত পৰম্পৰাগত পাগুৰি মাৰে। বৰ্তমান সময়ত পৰম্পৰাগত পোছাক সমূহ তেওঁলোকে বিভিন্ন ধৰণেৰে আধুনিকীকৰণ কৰি পৰিধান কৰে। কেৱল কটনৰে নহয় ছিল্ক আৰু অন্যান্য মূল্যবান সামগ্ৰীৰে বস্ত্ৰ সমূহ প্ৰস্তুত কৰা হয়।ৰাস লীলা উৎসৱত Potlois আৰু Kumins নামৰ পৰম্পৰাগত সাজ-পাৰ বিধ পৰিধান কৰে।  উৎসৱ পাৰ্বন আৰু নৃত্যৰ সময়ত Koks আৰু  Phurits আদি পৰিধান কৰে। মণিপুৰৰ আন আন জনগোষ্ঠীয় লোকসকলে Lmaphie, Saijounba, Ningthoupee আৰু Phiranji পৰিধান কৰে।