সদস্য:IKHazarika/sandbox/ৱিকিপ্ৰকল্প একাডেমিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপ্ৰকল্প একাডেমিয়া অসমীয়া ৱিকিপিডিয়াত এনে বিষয়ৰ সমল উপলব্ধ কৰোৱা আৰু উন্নত কৰাৰ বাবে সৃষ্টি কৰা হৈছে যি সমল প্ৰাথমিকৰ পৰা উচ্চ আনুষ্ঠানিক শিক্ষালৈকে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। ই এটি ছত্ৰ প্ৰকল্প যাৰ অধীনত বিভিন্ন উপ-প্ৰকল্প আছে। এই উপ-প্ৰকল্প বিভিন্ন বিষয়ৰ প্ৰকল্পসমূহক প্ৰাথমিক, মাধ্যমিক আদি স্তৰত বিভক্ত কৰি তৈয়াৰ কৰা হৈছে।

একাডেমিয়া প্ৰকল্পৰ পৃষ্ঠা তেনে উপ-প্ৰকল্পসমূহক একেলগে সুসংগঠিত কৰাৰ বাবে সৃষ্টি কৰা হৈছে, যাতে ভিন ভিন বিষয়ৰ প্ৰকল্পসমূহৰ কাৰ্যপন্থাত সামঞ্জস্য থাকক আৰু এই প্ৰকল্পসমূহৰ মাজত সহযোগিতা স্থাপনত সহায় হওক।

কাৰ্যপন্থা[সম্পাদনা কৰক]

ৱিকিপ্ৰকল্প একাডেমিয়া এটি দীৰ্ঘম্যাদী প্ৰকল্প যি কেইবাটাও পৰ্যায়ত বাস্তৱায়িত কৰাৰ পৰিকল্পনা কৰা হৈছে। তলত দিয়া কাৰ্যপন্থা ঘাইকৈ মানি চলা হ'ব, যদিও ব্যক্তিগতভাৱে সদস্যসমূহ বাধিত নহয়:

  • উপপ্ৰকল্পসমূহৰ সংখ্যা, নাম আৰু পৰিসৰ সংজ্ঞায়িত কৰা।
  • প্ৰত্যেক উপ-প্ৰকল্পত অগ্ৰাধিকাৰ দিবলগীয়া বিষয়োসমূহ চিহ্নিত কৰি এখন তালিকা প্ৰস্তুত কৰা।
  • তালিকাত অন্তৰ্ভুক্ত বিষয়সমূহ প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আদি ভাগত বিভক্ত কৰা।
  • বিষয়সমূহক, উপৰ্যুক্ত ভাগৰ ভিতৰতে, গুৰুত্বৰ ভিত্তিত বিভক্ত কৰা।
  • তালিকাত অন্তৰ্ভুক্ত যি বিষয় অসমীয়া ৱিকিপিডিয়াত উপলব্ধ নহয় সেই বিষয়ে প্ৰবন্ধ যোগ কৰা আৰু উপলব্ধ প্ৰবন্ধৰ মান উন্নত কৰা।

একাডেমিয়া প্ৰকল্পৰ অন্তৰ্গত প্ৰত্যেক প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত সাঁচ যোগেৰে এই কথা দৰ্শোৱা হ'ব:

  • এই প্ৰবন্ধ ৱিকিপ্ৰকল্প একাডেমিকাৰ অমুক উপ-প্ৰকল্পৰ, তমুক ভাগৰ ইমান স্তৰত অন্তৰ্গত।
  • যি যি উপ-প্ৰকল্পৰ অন্তৰ্গত প্ৰবন্ধটো হয়, সেই উপ-প্ৰকল্পসমূহত প্ৰবন্ধটোৰ গুৰুত্ব (স্কে'ল ভিত্তিক)।
  • সেই প্ৰবন্ধৰ গুণগত মান।
  • গুণগত মান নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত মাপদণ্ড। যিহেতু প্ৰত্যেক বিষয়ৰ বাবে এই মাপদণ্ড ভিন্ন হ'ব, সেয়ে প্ৰকল্পৰ মূল পৃষ্ঠাত লিখাৰ সলনি সেই বিষয়ৰ আলোচনা পৃষ্ঠাতে এই কথা সকলোৰে বাবে জ্ঞাত হোৱাকৈ লিখা উচিত।

গুৰুত্ব নিৰ্ধাৰণৰ মাপকাঠি[সম্পাদনা কৰক]

এই প্ৰকল্পৰ উদ্দেশ্য আগত ৰাখি, আৰু সকলো উপ-প্ৰকল্পৰ পৰস্পৰৰ পৰস্পৰৰ সৈতে নীতিগত সামঞ্জস্যৰ উদ্দেশ্যেৰে এক স্পষ্ট মাপকাঠি তলত দিয়া হৈছে, যদিও একাধিক বিষয়ত যে সম্পাদকসকলে নিজৰ স্বাধীন মতৰ ব্যৱহাৰ কৰিব লাগিব সেই কথা নস্যাৎ কৰিব নোৱাৰি।

ইয়াত কি মাপদণ্ড মানি চলিব লাগে, সেই বিষয়ে সকলোৱে পৰামৰ্শ দিয়াটো বিচাৰোঁ। মোৰ মনলৈ এই নিয়ম আহিছে, কিন্তু ভাল হয় নে নহয় নাজানোঁ: যিহেতু আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমৰ ভিত্তিতে এই প্ৰকল্প তৈয়াৰ কৰা হৈছে, সেয়েহে সেই পাঠ্যক্ৰমৰ ভিত্তিতে গুৰুত্ব নিৰ্ণয় কৰাটো ভাল হ'ব যেন পাওঁ। উদাহৰণ স্বৰূপে, যদি কোনো টপিকৰ ওপৰত এন চি ই আৰ টিত চেপ্টাৰ আছে, সেই বিষয়ক "উচ্চ", যদি চেপ্টাৰৰ চেক্সন আছে, তেন্তে "মধ্য" আৰু যদি এক পেৰেগ্ৰাফমানহে আছে, তেন্তে "নিম্ন"। যি বিষয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহয়, সেই বিষয়ৰ গুৰুত্ব আলোচনাৰ মাজেৰে নিৰ্ধাৰন কৰিব পৰা যায়।

গুণগত মানৰ মাপকাঠি[সম্পাদনা কৰক]

বিষয়ভেদে গুণগত মানৰ মাপকাঠি ভিন্ন হোৱাটো বাঞ্চনীয়। সেই মাপকাঠি বিষয়টোৰ সৈতে ভালকৈ পৰিচিত সদস্যইহে নিৰ্ধাৰণ কৰিব পাৰিব। সেইবাবে, প্ৰত্যেক প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত বিজ্ঞসকলে আলোচনা কৰি প্ৰবন্ধটোৰ গুণগত মান চিহ্নিত কৰা উচিত। যাতে সকলো বিষয়ৰেই ৱিকিপ্ৰকল্পসমূহৰ মাজত সামঞ্জস্য থাকক, সেয়ে সকলোৱে ০ৰ পৰা ৫লৈকে মান চিহ্নিত কৰিব পাৰে। যদি অসমীয়া ৱিকিপিডিয়াত কোনো বিষয়ত প্ৰবন্ধ নাই, তেন্তে তাৰ মান ০। অন্যথা আলোচনাৰ মাজেৰে মান ১ বা ততোধিক নিৰ্ধাৰণ কৰিব পৰা যায়। কোনো পৃষ্ঠাৰ মান ৫ নিৰ্ধাৰণ হ'লে সেই পৃষ্ঠাৰ মান ফিচাৰ্ড প্ৰবন্ধৰ সমান হ'ব বুলি আশা ৰখা হ'ল।

বিষয়ৰ স্তৰ[সম্পাদনা কৰক]

যিহেতু অসমীয়া ৱিকিপিডিয়াৰ গড়িষ্ঠসংখ্যক পাঠকেই ভাৰত দেশৰ, সেয়েহে তেনে পাঠকৰ সুবিধাৰ্থে এই প্ৰকল্পটোত স্তৰৰ বিভাগ ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিৰ মতে কৰা হৈছে। এই নিয়মত, স্কুলীয়া পাঠ্যক্ৰমত ৫+৩+৩+৪ আৰ্হি মানি চলা হৈছে, যাৰ নাম ৰখা হৈছে ক্ৰমে নিৰ্মাণ, প্ৰাথমিক, মধ্য আৰু মাধ্যমিক। তাৰ পাছত ৩ বা ৪ বছৰৰ স্নাতক আৰু ১ বা ২ বছৰৰ স্নাতকোত্তৰ স্তৰ নিৰ্ধাৰিত কৰা হৈছে।

বিষয় সূচী[সম্পাদনা কৰক]

বিষয় গণিত কম্পিউটাৰ বিজ্ঞান অৰ্থনীতি ৰাজনীতি বিজ্ঞান বুৰঞ্জী ভূগোল মনোবিজ্ঞান সমাজ শাস্ত্ৰ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান ব্যৱসায় লেখাশাস্ত্ৰ দৰ্শন অসমীয়া ইংৰাজী
বিভাগ Formal Sciences Social and Behavioural Sciences Natural Sciences Commerce Arts and Humanities
নিৰ্মাণ
প্ৰাথমিক
মধ্য
মাধ্যমিক লিংক
স্নাতক লিংক
স্নাতকোত্তৰ লিংক