সদস্য:Psneog/মেৰী কম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম চি মেৰী কম
পৰিসংখ্যা
ওজন পৰ্যায় ৫১ কিলোগ্রাম
উচ্চতা ১.৫৮ মিটাৰ
জাতীয়তা  ভাৰত
জন্ম ১ মাৰ্চ, ১৯৮৩ (৪১ বছৰ)
জন্মস্থান কান্গাথাই, মণিপুৰ, ভাৰত

মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কম (ইংৰাজী: Mangte Chungneijang Mary Kom), চমুকৈ মেৰী কম (ইংৰাজী: Mary Kom) (জন্ম ১ মাৰ্চ ১৯৮৩) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্ঠিযোদ্ধা[1]। তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত (World Amateur Boxing Championship) শ্রেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্ঠিযোদ্ধা প্রতিযোগীতাৰ প্রত্যেকখনতে পদকজয়ী একমাত্র মহিলা মুষ্ঠিযোদ্ধা [2]। তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্রাম পৰ্যায়ত প্রতিদ্বন্দিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্র ভাৰতীয় মহিলা ইয়াতে AIBA-ৰ দ্বাৰা সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ [3]

জীৱনৰ প্রথমচোৱা আৰু পৰিয়াল[সম্পাদনা কৰক]

মণিপুৰকাংথেইত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে ঝুম খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। [4] তেওঁ প্রায়মাৰী শিক্ষা আৰু ষষ্ঠ শ্রেণীলৈকে মৈৰাঙৰ লোকটাক খ্রীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্রেণীলৈকে মৈৰাঙৰে ছেইন্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্রেণী অদিমজাতি হাই স্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্রিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰিক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে চুৰাচন্দপুৰ কলেজৰ পৰা স্নাতকতা লাভ কৰে।[1] Although she had a keen interest in athletics from childhood, it was the success of Dingko Singh that inspired her to become a boxer in 2000.[5]

তেওঁৰ পতি কে. অনকাৰ কম, আৰু ৰেচুংভাৰ আৰু খাম্‌পেনিভাৰ নামৰদুজন যমজ পুত্র আছে। [6][7]

তথ্যসূত্র[সম্পাদনা কৰক]

  1. 1.0 1.1 Chitra Garg (2010). Indian Champions: Profiles Of Famous Indian Sportspersons. Rajpal & Sons. পৃষ্ঠা. 93–. ISBN 978-81-7028-852-7. http://books.google.com/books?id=Fq1wdzqhu6kC&pg=PA93। আহৰণ কৰা হৈছে: 29 June 2012. 
  2. I see India. "Magnificent Mary". On Mary Kom. I see India. http://iseeindia.com/2011/08/13/magnificent-mary/। আহৰণ কৰা হৈছে: 7 June 2012. 
  3. "AIBA World Women's Ranking". AIBA. http://www.aiba.org/en-US/Rankings/Womens_51.aspx। আহৰণ কৰা হৈছে: 5 June 2012. 
  4. "NE India:Indigenous Women dream to win World Boxing Champion 2012". http://www.indigenousportal.com/Sport/NE-India-Indigenous-Woman-dream-to-win-World-Boxing-Champion-2012.html. 
  5. Williams, Dee (6 February 2008). "Mary Kom". (WBAN) Women Boxing Archive Network. http://www.wban.org/biog/marykom.htm। আহৰণ কৰা হৈছে: 8 May 2010. 
  6. Kumar, Priyanka (8 March 2012). "MC Mary Kom: Boxer, mother, icon". IBN Live. http://ibnlive.in.com/news/mc-mary-kom-boxer-mother-icon/237176-5-23.html। আহৰণ কৰা হৈছে: 2 June 2012. 
  7. "For Mary Kom, life comes second to Olympic dream". First Post. 23 May 2012. http://www.firstpost.com/blogs/for-mary-kom-life-comes-second-to-olympic-dream-318356.html। আহৰণ কৰা হৈছে: 2 June 2012.