সমললৈ যাওক

সদস্য বাৰ্তা:কুমুদ ঘোষ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 09:18, 14 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰতিভাবান নবাগত লেখক পদক

[সম্পাদনা কৰক]
প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

-Nayan j Nath (বাৰ্তা) 16:10, 28 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনালোঁ। অনুপ্ৰাণিত হ্'লোঁ। কুমুদ ঘোষ (বাৰ্তা) 12:02, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ফটোগ্ৰাফাৰৰ পদক

[সম্পাদনা কৰক]
ফটোগ্ৰাফাৰৰ পদক
অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলোঁ৷ আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ৷

- দিব্য দত্ত  (বাৰ্তা) 19:30, 30 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 19:49, 30 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সুলেখিত প্ৰবন্ধকাৰ পদক

[সম্পাদনা কৰক]
সুলেখিত প্ৰবন্ধকাৰ পদক
প্ৰিয় ৱিকিসতীৰ্থ, নিত্য-নতুন নিটোল গাঁ‌থনি আৰু নিখুঁ‌ত ভাষাশৈলীৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ।  –

Nayan j Nath (বাৰ্তা) 13:23, 1 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুপ্ৰাণিত হ'লোঁ। সকলোকে ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 17:17, 1 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ - প্ৰথম স্থান

[সম্পাদনা কৰক]
শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ,

অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি সৰ্বাধিক প্ৰবন্ধ সৃষ্টিৰে আপুনি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দুৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 14:12, 15 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুপ্ৰাণিত হ'লোঁ। এয়া মোৰ সামন্য প্ৰয়াস। আপোনাসৱৰ দিশা-পৰামৰ্শ ভৱিষ্যৎ দিনত আমাৰ দৰে নতুন সকলৰ বাবে সদায়েই কাম্য।
অসমীয়া ৱিকিমিডিয়া সমাজ-ৰ সকলোকে ধন্যবাদ জনালোঁ। কুমুদ ঘোষ (বাৰ্তা) 16:10, 15 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪ৰ ফলাফল

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ 'পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪'-ত অংশ লৈ ভালেসংখ্যক গুৰুত্বপূৰ্ণ প্ৰবন্ধ সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। এই সম্পাদনা মেলাত অৱদানৰ ভিত্তিত প্ৰথম স্থান দখল কৰাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন জনাইছোঁ! -Joli Rumi (বাৰ্তা) 14:41, 10 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনালোঁ। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আমি যৎসামান্য প্ৰচেষ্টা কৰিছিলোঁ। আমাৰ অনুভৱ এনে বহু প্ৰবন্ধ এতিয়াও পোখালিতে ৰৈ গ'ল যিবোৰ বিস্তৃত হোৱাৰ অৱকাশ আছে; আনহাতে পোখালিৰ পৰা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি মুক্তি লাভ কৰা বহু প্ৰবন্ধ আৰু অধিক বিস্তাৰিত হোৱাৰ সুযোগ আছে। আমি প্ৰতিযোগিতাক প্ৰতিযোগিতা হিচাপে জ্ঞান কৰি আগবঢ়াৰ ফলত প্ৰবন্ধবোৰত অধিক সময় আৰু শক্তি ব্যয় কৰিব নোৱাৰিলোঁ। তথাপি আমাক উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ। কুমুদ ঘোষ (বাৰ্তা) 17:12, 10 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি শতক পদক

[সম্পাদনা কৰক]
ৱিকি শতক পদক
হে ৱিকিসতীৰ্থ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক-অসমীয়া ৱিকিমিডিয়া সমাজ

-দিব্য দত্ত (বাৰ্তা) 12:31, 31 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুপ্ৰাণিত কৰাৰ বাবে অসমীয়া ৱিকিপিডিয়া সমাজৰ সকলোৰে ওচৰত কৃতজ্ঞ৷ কুমুদ ঘোষ (বাৰ্তা) 10:41, 21 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikipedia Asian Month 2024 Golden Barnstar

[সম্পাদনা কৰক]
Golden Award
Wikipedia Asian Month 2024

Dear কুমুদ ঘোষ,

Thank you for joining us in celebrating the 10th year of Wikipedia Asian Month! We truly appreciate your contributions, and we look forward to seeing more articles about Asia written in different languages. We also hope you continue to participate in Asian Month each year, helping to promote and share knowledge about Asia.

Sincerely,

Wikipedia Asian Month User Group
2024 Wikipedia Asian Month Special Barnstar

Betty2407 (বাৰ্তা) 13:05, 13 March 2025 (ইউ.টি.চি.) on behalf of Wikipedia Asian Month 2024 Team[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা ২০২৫ত অংশগ্ৰহণৰ বাবে ধন্যবাদ!

[সম্পাদনা কৰক]

প্ৰিয় অৱদানকাৰী,

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ অংশ হোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ! আপোনাৰ অবিশ্বাস্য অৱদানসমূহে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু বিশ্বৰ চহকী সাংস্কৃতিক ঐতিহ্যসম্পৰ্কীয় তথ্য উপলভ্য হোৱাত সহায় কৰিছে।

📅 ইয়াৰ পিছত কি?

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জুৰী প্ৰক্ৰিয়া ২০২৫ চনৰ এপ্ৰিল-মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত অনুগ্ৰহ কৰি আপোনাৰ ৱিকিমিডিয়াৰ আলোচনা পৃষ্ঠাত নজৰ ৰাখক লগতে আপোনাৰ ইমেইল জাননীসমূহ সক্ৰিয় কৰি ৰখা হৈছেনে নাই, সেই সম্পৰ্কে নজৰ ৰাখক যাতে আপুনি ফলাফল সম্পৰ্কীয় কোনো আপডেটৰ পৰা অজ্ঞাতে থাকিব লগীয়া নহয়।

📝 এতিয়া আমি আপোনাৰ পৰা কি বিচাৰিছোঁ, বা আপোনাৰ কৰণীয় কি!

আপোনাৰ অংশগ্ৰহণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এইকথা অনুভৱ কৰোঁ, যিহেতু প্ৰতিযোগিতাৰ মানসিকতাৰে পৃষ্ঠাসমূহ সৃষ্টি কৰা হৈছে, গতিকে জ্ঞাতে-অজ্ঞাতে প্ৰবন্ধসমূহত যথেষ্ট সংখ্যক আসোঁৱাহ ৰৈ যোৱা চকুত পৰিছে। ইয়াৰোপৰি বহু প্ৰবন্ধ পোখালি হিচাপে ৰৈ গৈছে। এনে সমস্যাসমূহ সমাধান নকৰিলে প্ৰকল্পটোৰ মান নিম্নগামী হোৱাৰ দৰে হয়। গতিকে নতুনকৈ অন্য কোনো প্ৰবন্ধ সৃষ্টিৰ পূৰ্বে পাৰিলে প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰাত মনোযোগ দিয়ে যেন। আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি এপ্ৰিলৰ মাজভাগৰ ভিতৰত আপোনাৰ চিন্তা, পৰামৰ্শ আৰু প্ৰতিযোগিতাৰ সময়ত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সম্পৰ্কত মতামত সংগ্ৰহ কৰিবলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম৷ আপোনাৰ মূল্যবান মতামতে আমাক পৰৱৰ্তী সংস্কৰণটোক আৰু অধিক উন্নত আৰু ৱিকিসুলভ কৰিবলৈ সহায় কৰিব!

আকৌ এবাৰ নাৰীবাদ আৰু লোকগাথা আৰু পৰম্পৰাৰ এই বিশ্বব্যাপী উদযাপনৰ অংশ হোৱাৰ বাবে ধন্যবাদ।

ধন্যবাদেৰে, Nayan j Nath (বাৰ্তা) 12:13, 1 April 2025 (ইউ.টি.চি.) সমন্বয়ক নাৰীবাদ আৰু লোকগাথা ২০২৫[উত্তৰ দিয়ক]