সাঁচ:আজিৰ আপুনি জানেনে-৯
অৱয়ব
- ...যে অ'লিংগুইট' হৈছে প্ৰাণীকুলৰ নৱতম সদস্য, ২০১৩ চনৰ ১৫ আগষ্টত এই স্তন্যপায়ী প্ৰাণীবিধ আৱিষ্কাৰ কৰা হয়?
- ...যে শোণিতপুৰ জিলাৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২১৩ বছৰ আগৰ পৰা (১৭৯৭-৯৮ চনৰ পৰা) অনুষ্ঠিত হৈ আহিছে?
- ...যে বৰদৈবাম বিলমুখ পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান?
- ...যে উত্তৰ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা অসমৰ প্ৰথম মহাবিদ্যালয়?
- ...যে ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান জ্ঞানপীঠ বঁটা, দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টে প্ৰদান কৰে?
- ...যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়?