সাঁচ:প্ৰতিযোগিতা আলোচনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উদ্দেশ্য: অসমীয়া ৱিকিপিডিয়াৰ বাবে উন্নত মানৰ অসম বিষয়ক আলোক-ছবিৰ সংগ্ৰহ আৰু তাৰে উন্নত মানৰ ছবি সমূহক পুৰস্কৃত কৰা।

অসমীয়া ৱিকিপিডিয়াৰ উদ্যোগত আয়োজন কৰিবলৈ ওলোৱা আলোকচিত্ৰ আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ নিয়মাৱলী

আলোকচিত্ৰ প্ৰতিযোগিতা (প্ৰতিযোগীৰ বাবে নিয়মাৱলীৰ খচৰা)[সম্পাদনা কৰক]

ভাগ লোৱাৰ নিয়ম: ছবিসমূহ ৱিকিপিডিয়াত নিজৰ নামত এটা একাউণ্ট খুলি যোগ দিব পাৰিব। অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম পৃষ্ঠাতে (http://as.wikipedia.org) বাওঁফালে 'আপলোড' বুলি অংশ এটা পাব। 'ফাইল আপলোড' পৃষ্ঠালৈ যোৱাৰ পাছত এখন উক ফৰ্ম পাব। তাতে থকা সাৰাংশ অংশত ছবিখনৰ সৰু বিৱৰণ এটা দিব। তাৰ ঠিক তলৰ ফালে অনুজ্ঞাপত্ৰ: বাচনি এটা দেখা পাব| তাত আপুনি "অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা" নামৰ বাচনিটোত ক্লিক কৰিব| ৱিকিপিডিয়াত আপলোড কৰাত অসুবিধা পালে, সহায়িকা চাওক বা নাইবা প্ৰকল্প নিৰ্মানকাৰী সকলৰ সৈতে দূৰভাষযোগে যোগাযোগ নতুবা (assamesewikipedia@yahoo.com) এই ই-মেইল ঠিকনাটোলৈ পঠিয়াব পাৰে।

  1. আলোকছবি সমূহ অসম সংক্ৰান্তীয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়িত যিকোনো বিষয়ৰ ছবি হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি নয়ন-নীলিমলৈ, দীপ বাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰালৈ, বাহক তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ - মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি)
  2. ছবিত সম্বলিত বিষয়টোৰ ওপৰত চমু টোকা বা সাৰাংশ দিলে কিছুমান ক্ষেত্ৰত তথ্যৰ গুৰুত্ব বুজাত সহায়ক হয়। কিন্তু এইটো বাধ্যতামূলক নহয়।
  3. মূল উদ্দেশ্য (তথ্য প্ৰকাশ) অক্ষুণ্ণ ৰাখি শিল্পীয়ে নিজৰ সৃজনীশীলতা আৰোপ কৰাত কোনো বাধা নাই। প্ৰতিযোগিতাৰ বিচাৰত ঘাইকৈ কলাত্মক দিশটোৰহে বিচাৰ কৰা হ'ব।
  4. একোজন প্ৰতিযোগীয়ে ইচ্ছানুসাৰে ছবি আপলোড কৰিব পাৰিব। লগতে ছবিসমূহক একোটা শ্ৰেণীত ভাগ কৰা, এটা বিষয়ক পূৰ্ণ ভাৱে ছবিৰে প্ৰকাশ কৰা বা আন যিকোনো নিজস্ব উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি প্ৰতিযোগীয়ে ভাগ ল'ব পাৰে।
  5. ছবিসমূহত শিৰোনাম (Caption) নিদিলেও অসুবিধা নাই। থাকিলেও সেইটো বিমূৰ্ত নাম হোৱাতকৈ ছবিখনে দাঙি ধৰা তথ্যৰ ওপৰত হোৱা উচিত। ছবিসমূহৰ নাম ইংৰাজী লিপিত দিলে গোলকীয় ব্যৱহাৰ কৰিবৰ বাবে সুবিধা হয়|
  6. ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব।
  7. ছবি ৰঙীন অথবা ক'লা-বগা হ'ব লাগিব। (কাৰণ অপ্ৰয়োজনীয় ৰঙৰ ব্যৱহাৰে মূল তথ্যক বিকৃত কৰিব পাৰে। যেনে, জাহাজী কলৰ ছবি এখন ছেপিয়া ৰঙেৰে তুলিলে যিমানে কলাত্মক নহ'লেও ৰঙৰ ফালৰপৰা তথ্য বিকৃত কৰা বুজাব।) লগতে চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব।
  8. ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও গুচাই দিব লাগিব।
  9. ছবিসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল। ছবি কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।
  10. প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবিসমূহ (creative commons share alike) অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। ছবিসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব। (Creative Commons Share alike অনুজ্ঞাৰ অন্তৰ্গত কৰ্ম অইন ব্যক্তিয়ে বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু মূল সৃষ্টাৰ (অৰ্থাৎ আপোনাৰ) নাম উল্লেখ কৰাটো বাধ্যতামূলক। লগতে আপোনাৰ কৰ্মক অইন কাৰ্যত ব্যৱহাৰ কৰিলেও তাক একে অনুজ্ঞাৰ (Creative Commons Share Alike) আধাৰত বিতৰণ কৰিব লাগিব। অৰ্থাৎ অইন ব্যক্তিয়ে আপোনাৰ কৰ্মক নিজৰ বুলি বা অৰ্থ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। অৱশ্যে স্ৰষ্টাই (আপুনি) নিজৰ ইচ্ছা মতে তৃত্বীয় ব্যৱহাৰকাৰীক অইন স্বত্ব দিব পাৰে।)
  11. ছবিসমূহ ডিজিটেল কেমেৰাৰে তুলি আপলোড কৰিব পাৰে বা তোলা ফটোৰ স্কেন কৰিও দিব পাৰে। স্কেন কৰি দিলে প্ৰতিযোগীয়ে উল্লেখ কৰিলে ভাল হয়। স্কেনিঙৰ সময়ত হোৱা কিছুমান অসুবিধা তেতিয়া বিচাৰৰ সময়ত গ্ৰাহ্য কৰিব পৰা যায়।
  12. সৰ্বশেষত, ছবিসমূহ নিজে তোলা হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব।

বিচাৰ ব্যৱস্থাপনা[সম্পাদনা কৰক]

ছবিৰ মান বিচাৰৰ সম্পূৰ্ণ দায়িত্ব বিচাৰকৰ হাতত থাকিব। তেওঁলোকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব। বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰাৰ উপৰিও সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে বিশেষ বঁটা থাকিব। এই বিষয়ে বিচাৰকৰ মন্তব্যও ৰাজহুৱা কৰা হ'ব, (বিচাৰকৰ সন্মতি সাপেক্ষে) যাতে সকলো প্ৰতিযোগীয়ে বিচাৰকৰ মন্তব্যৰপৰা লাভবান হয়। সৰ্ব্বোচ্চ সংখ্যক তথ্যসমৃদ্ধ আৰু মান বিশিষ্ট ছবি জমা দিওঁতাৰ প্ৰতিও বিশেষ উপহাৰ থাকিব। দুষ্প্ৰাপ্য বিষয়ৰ ছবি, দুৰ্গম স্থানৰ ছবি আদিৰ বাবে প্ৰতিযোগীক বেলেগে সন্মানিত কৰা হ'ব।

প্ৰবন্ধ প্ৰতিযোগিতাৰ নিয়মাৱালী (খচৰা)[সম্পাদনা কৰক]

(মই অকল ৱিকিপিডিয়াৰ ভিতৰতে প্ৰবন্ধ লিখিব লাগিব বুলি উল্লেখ কৰিছোঁ। ৰাইজে যদি বিচাৰে, কাগজত লিখা প্ৰবন্ধও ল'ব পাৰি। মাত্ৰ তেতিয়া infox, reference আদি দিবলৈ অলপ বেলেগ নিয়ম ধাৰ্য কৰি দিব লাগিব। মন্তব্য দিবচোন। যদি কলেজ-স্কুললৈ নিব বিচৰা হয়, তেন্তে কাগজত লিখি দিয়াটো মানি ল'ব লাগিব। .... গীতাৰ্থৰ সমৰ্থন অনুযায়ী কাগজত লিখা প্ৰবন্ধও যোগ দিলোঁ।)

উদ্দেশ্য: অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্তত: কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।

ভাগ লোৱাৰ নিয়ম: প্ৰবন্ধসমূহ ৱিকিপিডিয়াতে লিখিবলৈ আৰম্ভ কৰি বিস্তাৰ কৰি যাব পাৰে। অৱশ্যে বিস্তাৰ কৰাৰ সময়-সীমা ৩১ মে' তাৰিখলৈ। ইয়াৰ পাছত প্ৰবন্ধসমূহ আৰু সম্পাদনা কৰিব নোৱাৰা কৰি দিয়া হ'ব। ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো লিখি কম্পিউটাৰত টাইপ কৰি বা হাতে লিখা প্ৰবন্ধটো স্কেন কৰি তলৰ ই-মেইল ঠিকনালৈ পঠিয়াব পাৰিব। (ইউনিকোডত টাইপ কৰিলে doc বা odt বা txt ফাইল হিচাপে পঠিয়াব। ছবিসমূহ বেলেগে দিব পাৰিব। ইউনিকোডত নহ'লে pdf ফাইল হিচাপে পঠিয়াব পাৰিব। মূল প্ৰবন্ধত সন্নিবিষ্ট থকাৰ বাহিৰেও প্ৰবন্ধত সংলগ্ন ছবি বেলেগে পঠিয়াব লাগিব।) ৱিকিপিডিয়াত লিখাৰ আগতে আপুনি লগ-ইন কৰি ল'ব। যদি ইতিমধ্যে ৱিকিপিডিয়াৰ সদস্যভুক্ত হোৱা নাই, তেন্তে http://as.wikipedia.org-লৈ গৈ প্ৰথমে সদস্যভুক্ত হৈ লওক। প্ৰবন্ধৰ শিৰোনামাত প্ৰবন্ধৰ নামটোৰ লগতে বন্ধনীৰ ভিতৰত (প্ৰতিযোগিতাৰ প্ৰবন্ধ) বুলি উল্লেখ কৰক, উদাহৰণ: "প্ৰবন্ধৰ নাম (প্ৰতিযোগিতাৰ বাবে)"। মেইলত পঠিয়ালে subject হিচাপে, 'article for Assamese wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা জনাবলৈ নাপাহৰিব। হাতে-লিখা প্ৰবন্ধ ডাকযোগেও পঠিয়াব পাৰিব। ডাকযোগে প্ৰবন্ধ তলৰ ঠিকনালৈ পঠিয়াওক:

ঠিকনা:

  1. প্ৰবন্ধ প্ৰতিযোগিতা ৱিকিপিডিয়া লিখিত প্ৰবন্ধ বা প্ৰতিযোগিতাৰ বাবে বেলেগে পঠিওৱা প্ৰবন্ধক একেলগ কৰি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ৱিকিপিডিয়াৰ অভিজ্ঞ সদস্যসকলে (এবছৰতকৈ পুৰণি!!!) যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ ভাষা অকল অসমীয়া হ'ব লাগিব। প্ৰয়োজন বোধে ইংৰাজী সংজ্ঞাবাচক শব্দ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তেনে শব্দবোৰ অসমীয়া আখেৰেৰে লিখিব লাগিব আৰু বন্ধনীৰ ভিতৰত ইংৰাজী বানানটো যোগ কৰি দিব লাগিব। সচৰাচৰ ব্যৱহাৰ নোহোৱা অসমীয়া সংজ্ঞাবাচক শব্দৰ বাবে মূল ইংৰাজী শব্দটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিলে ভাল।
  2. প্ৰতিযোগিতাৰ বাবে জমা দিয়া যিকোনো হাতে-লিখা প্ৰবন্ধও ৱিকিপিডিয়াৰ অংশ বুলি বিবেচিত হ'ব আৰু তাক সম্পাদনা কৰি ৱিকিপিডিয়াত যোগ দিয়া হ'ব।
  3. শ্ৰেষ্ঠ প্ৰবন্ধৰ উপৰিও শিতান বিশেষে অইন পুৰস্কাৰ থাকিব।
  4. প্ৰবন্ধৰ বিষয়বস্তু নিৰ্দিষ্ট নহয়। মাত্ৰ লিখাৰ আগতে সেই বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত ইতিমধ্যে আছে নেকি নিশ্চিত কৰি ল'ব, অসুবিধা পালে কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি নিশ্চিত হওঁক। আগতে থকা দীঘল প্ৰবন্ধ আকৌ লিখিব নোৱাৰিব। কিন্তু 'পোখালি' বুলি উল্লেখ কৰি থোৱা প্ৰবন্ধ হাতত ল'ব পাৰে। একোটা প্ৰবন্ধ লিখাত এজনতকৈ বেছি প্ৰতিযোগী মিলি এটা গোট হিচাপেও লিখিব পাৰিব। (ৱিকিপিডিয়াৰ মূল নীতিয়েই এইটো বাবে মই গুচাব খোজা নাই।) কিন্তু আটাইকেইজন প্ৰতিযোগীৰ নাম প্ৰবন্ধ আৰম্ভ কৰাৰ আগেয়েই উল্লেখ কৰিব লাগিব। এবাৰ প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰাৰ পাছত নতুন সদস্য প্ৰতিযোগী গোটত যোগ দিব নোৱাৰিব।
  5. প্ৰবন্ধবোৰ সম্পূৰ্ণৰূপে বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। অৰ্থাৎ নিৰপেক্ষ, সম্যক ধাৰণা দিব পৰা, আৰু তথ্য-উৎসৰ উল্লেখ (reference) থাকিব লাগিব। ৱিকিপিডিয়াৰ সম্পাদনাৰ কাৰিকৰী খুঁতিনাটি ঠিক কৰিবলৈ প্ৰতিযোগীয়ে অভিজ্ঞ সদস্যৰ সহায় ল'ব পাৰিব। কিন্তু তেনে সদস্যই মাত্ৰ টেবুল সজাই দিয়া, ৰেফাৰেন্স সঠিক স্থানত বহুওৱা, তথ্য-পেৰা কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া, ছবি কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া আদিৰ দৰে কাৰিকৰী কামত সহায়হে কৰিব পাৰিব। অভিজ্ঞ সদস্যই মূল লিখিত অংশত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব।
  6. হাতে-লিখা প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ সদস্যই ৱিকিপিডিয়াত সংযোগ কৰি দিব। হাতে লিখা/কাগজত লিখা প্ৰবন্ধত ৰেফাৰেন্স দিয়া অংশত নম্বৰ দি ৰেফাৰেন্সটো তলত উল্লেখ কৰিব লাগিব। উদাহৰণৰ বাবে সংযোগী 'আৰ্হি' (sample) চাওক। (sample খন বেলেগে সন্নিবিষ্ট কৰিব লাগিব।)
  7. প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব।
  8. কৰ্মকৰ্তাই ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট এটা দিনৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱাৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব।
  9. সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব।
  10. প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব।
  11. সকলো সিদ্ধান্তৰ ক্ষেত্ৰত বিচাৰকৰ মন্তব্যই চূড়ান্ত বুলি গ্ৰাহ্য হ'ব।

উদ্দীপতালুকদাৰ (talk) 16:55, 21 এপ্ৰিল 2012 (UTC)


আলোচনা (ছবি প্ৰতিযোগিতা)[সম্পাদনা কৰক]

হয়, ছবিখন তোলা তাৰিখ আৰু সময় ওলাই থাকিব নালাগিব। — গীতাৰ্থ বৰদলৈ (talk)
সমৰ্থন| আৰু লগতে আৰু অলপ নিয়ম যোগ কৰাৰ প্ৰয়োজন হ’ব যেন লাগিছে| পাছত দেখা যাব বাৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:57, 21 এপ্ৰিল 2012 (UTC)
এইখিনি প্ৰতিযোগীৰ বাবে নিয়মহে। এইখিনিৰ বাবে বেছি সময় ৰ'ব নালাগে। কি নিয়ম আছে সোনকালে দিয়া। দুই-তিনিদিনৰ ভিতৰতে প্ৰচাৰ আৰম্ভ কৰিব পাৰিলে ভাল। কাৰণ প্ৰবন্ধ লিখা, ছবি জমা দিয়াত সময় লাগিব, আৰু প্ৰতিযোগীৰ হাতত অকল মে-মাহটোহে ৰ'বগৈ। ছবি ক'ত জমা দিব সেইটো প্ৰথমে ঠিক কৰিব লাগিব। প্ৰবন্ধ বাৰু হাতে লিখিব বা ৱিকিপিডিয়াত জমা দিব সেইটোত অসুবিধা নাই। কেৱেল শ্ৰেণী এটা সৃষ্টি কৰি প্ৰতিযোগিতাৰ প্ৰবন্ধ বুলি তাতে প্ৰতিযোগিতাৰ প্ৰবন্ধকেইটা যোগ দি গ'লে হ'ল। মোৰ মতে প্ৰবন্ধটোৰ নামটোতে "প্ৰবন্ধ অমুক (প্ৰতিযোগিতাৰ বাবে)" বুলি থাকিলেই সহজ হ'ব। পাছত ফাইনেল কৰি নতুন নামলৈ ৰি-ডাইৰেক্ট কৰি দিলেই হ'ল। আৰু প্ৰতিযোগিতা শ্ৰেষ্ঠতা বিচাৰ আদিৰ বাবে নীতি-নিয়ম অলপ দেৰীকৈ ঠিৰাং হ'লেও একো অসুবিধা নাই। প্ৰথমে প্ৰচাৰৰ বাবে বস্তুটো ওলাই যাব লাগে। তেতিয়াহে বেছিকৈ বস্তু আহিব।উদ্দীপতালুকদাৰ (talk) 19:03, 21 এপ্ৰিল 2012 (UTC)
হ’ব, তেন্তে, এইখিনি সমল লৈ আমি সুন্দৰভাৱে আগুৱাই যাব পাৰিম| বাকীবোৰ পাছলৈ থলো| এতিয়া প্ৰচাৰ কৰাত নামিলেই হ’ল| বাতৰি কাকতত আৰি ই-আলোচনীবোৰত দিব পাৰি নেকি?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:10, 21 এপ্ৰিল 2012 (UTC)
বাতৰি-কাকতলৈ চিঠি লিখিলেই হ'ব নে? নে আৰু কিবা লাগিব? সেইটো কৰা যাওঁক। ই-আলোচনী কেইখনলৈও পঠিওৱা যাওঁক। চবেই সহায় কৰিব যেনেই লাগে দেখোন। আৰু কিছু প্ৰিণ্ট-আউট উলিয়াই বিশ্ববিদ্যালয় কেইখন, কলেজ যিমান পৰা যায় আৰু স্কুলৰ জাননী বোৰ্ডলৈও পঠিয়াব লাগে। মোৰ মতে নিজাকৈ একোখন প্ৰিণ্ট কৰি তাৰে ফটোষ্টেট উলিয়াই কলেজ আদিত বিতৰণ কৰিলে কম খৰচত হ'ব। বাহিৰলৈ যোৱাসকলক যোগাযোগৰ বাবে কি ঠিকনা দিয়া যাব?উদ্দীপতালুকদাৰ (talk) 19:17, 21 এপ্ৰিল 2012 (UTC)
চিঠি লিখিলেই হ’ব| অঞ্জলদা আৰু জ্যোতিৰ লগতে আৰু ৩ জনক প্ৰচাৰ দায়িত্ব দিয়া ভাল হ’ব নেকি? যোগাযোগৰ ঠিকনাটো কি দিবনো? অনলাইন হলেতে আমাৰ ইয়াতে প্ৰকল্প পৃষ্ঠা এটা খুলি তাতেই কাম আৰম্ভ কৰিলোহেতেন| কিন্তু বাকীবোৰ কি কৰা যায় জানো?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:24, 21 এপ্ৰিল 2012 (UTC)
অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা নামে এটা শ্ৰেণী এই উদ্দেশ্যৰে খোলা হ’ল| ফটোবোৰ ইয়াতেই আপলোড কৰিলে ভাল হ’ব| এই শ্ৰেণীত চিত্ৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চিত্ৰৰ তলত [[শ্ৰেণী:অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা]] বুলি লিখি ৰাখিলেই হ’ব| কাম শেষ হোৱাৰ পাছত পাছত ভাল ছবিবোৰ কমন্সলৈ কপি কৰিবও পৰা যাব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:23, 22 এপ্ৰিল 2012 (UTC)
ফটোবোৰ ইয়ালৈক wikipedia-as@lists.wikimedia.org মেইল কৰিলে ভাল হ’বনে বাৰু?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:46, 22 এপ্ৰিল 2012 (UTC)
হয় ফটোবোৰ আপলোড কৰিব অসুবিধা পালে মেইলিং লিষ্টলৈকে পথাবলৈ দিয়া হওক তেতিয়া সকলোৱে চাব পাৰিব, মই ইতিমধ্যে ফেচবুকত প্ৰচাৰ আৰম্ভ কৰিলো। Jyoti Prakash Nath (talk) 05:51, 23 এপ্ৰিল 2012 (UTC)
মেইলিং লিষ্টত কালি ম‍ই পৰীক্ষামূলক ভাৱে এখন ফটো পঠিয়াইছিলো| কিন্তু অসফল হ’লো| সম্ভৱত কোনোবা এডমিনে বাধা দিলে| এই সম্পৰ্কে আৰু আলোচনাৰ দৰকাৰ হ’ব চাগে| প্ৰচাৰ কৰি থাকা| বাতৰি কাকততো দিয়াৰ যোজা কৰিব লাগে| চেষ্টা কৰিবা  বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:53, 23 এপ্ৰিল 2012 (UTC)


অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম পৃষ্ঠাতে (http://as.wikipedia.org) বাওঁফালে 'ফাইল আপলোড' বুলি অংশ এটা পাব। কথা হ'ল ইয়াত থকা "ফাইল আপলোড" প্ৰথম পৃষ্ঠাত ক'ত আছে? মোৰ চকুত পৰা নাই৷ এজন সদস্যই মোলে মেচেজ কৰি সুধিছে৷ ৰাইজ স্ক্ৰিনশ্ব'ট লৈ দেখুৱাই দিয়ক৷ Anjal Borah (talk) 06:50, 24 এপ্ৰিল 2012 (UTC)

অঞ্জল দা আপোনালৈ এখন মেইল পথাইছো চাওক চোন Jyoti Prakash Nath (talk) 07:26, 24 এপ্ৰিল 2012 (UTC)
এইটো অসুবিধা মই আগতেও পাইছোঁ। আগতে এজন অনা-সদস্যই ফটো আপলোড কৰিবলৈ 'ফাইল আপলোড'-টো বিচাৰি পোৱা নাছিল। এদিন পাছলৈ নাপাই তেখেতে বাদেই দিলে কিজানি। কাৰণ পাছলৈ আৰু যোগাযোগ নহ'ল। প্ৰতিযোগিতাখনৰ আগতে এইটো অসুবিধা ভালকৈ বুজিব লাগিব কিন্তু।উদ্দীপতালুকদাৰ (talk) 13:17, 24 এপ্ৰিল 2012 (UTC)
এইটো লিংঅক লগতে দি থলেই সমস্যাটো সমাধান হ’ব লাগে| আপলোড কৰক  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:19, 24 এপ্ৰিল 2012 (UTC)

ছবি আপলোড[সম্পাদনা কৰক]

ছবিবোৰ চিধাই ৱিকিপিডিয়াত আপলোড কৰাত কিবা অসুবিধা আছে নেকি? যদি নাই, সেইটো প্ৰথম নিয়ম হওঁক। ইয়াৰ পাছত মেইলিং লিষ্ট, তাৰ পাছত এটা সমূহীয়া ই-মেইল একাউণ্ট। আৰু এটা সহজ উপায় আছে, বেলেগ এটা ৱেবছাইটলৈ আপলোড কৰাব পাৰি। লগতে আপলোড ফৰ্মখনতে প্ৰতিযোগীৰ নাম, ই-মেইল ঠিকনা আদি দিয়াৰ ব্যৱস্থা কৰিব পাৰি। যদি ৱিকিপিডিয়াৰ নিয়মমতে সেইটো গ্ৰহনযোগ্য, তেন্তে সেইটোও এটা ভাল উপায়। এনেকৈ কৰিলে আমি এটা ভোটিং ছিষ্টেম কৰি ৰাইজৰ ভাল লগা ছবিও উলিয়াব পাৰোঁ। মোৰ ৱেবছাইট এটা ৰেজিষ্টাৰ কৰা আছে। তাতে এইখিনি কৰিব পৰা যাব। কিন্তু অসুবিধাটো আহিব নীতি-গতহে, যে ৱিকিপিডিয়াৰ কামত বেলেগ এটা ৱেবচাইট ব্যৱহাৰ কৰা উচিত হ'ব জানো?উদ্দীপতালুকদাৰ (talk) 15:01, 23 এপ্ৰিল 2012 (UTC)

ৱিকিপিডিয়াত আপলোড কৰাই সৰ্বশ্ৰেষ্ঠ উপায়| কিন্তু ইয়াত একাউণ্ট খুলিলেহে আপলোড কৰিব সক্ষম হ’ব| অন্য উপায়টো সম্পৰ্কে ম‍ই বিশেষ নাজানো| অলপ চাব লাগিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা
মোৰ বোধেৰে এফালৰপৰা উল্লেখ কৰি যোৱা ভাল।
  1. ৱিকিপিডিয়াত আপলোড কৰক। (যদি আগতে সদস্যভুক্ত নহয়, তেন্তে প্ৰথমে ৱিকিপিডিয়াৰ সদস্য হ'ব লাগিব।)
  2. মেইলিং-লিষ্ট ঠিকনা। (যদি কাম কৰা নাই বাদ দিব লাগিব।)
  3. সমূহীয়া ই-মেইল (মানে অসমীয়া ৱিকিপিডিয়াৰ নামত ই-মেইল এটা খুলি ল'লে হ'ল।)
  4. বেলেগ ৱেবছাইট এটাৰ ঠিকনা দিয়া যাওঁক। (এইটো আটাইতকৈ সহজ উপায়। কাৰণ মাত্ৰ লিংকটো খোলক। 'choose image'-ত ক্লিক কৰি, সংযুক্ত ফৰ্মত বাকী কথাখিনি উল্লেখ কৰি 'submit' টিপি দিয়ক।)
  5. প্ৰতিযোগীৰ সুবিধা অনুযায়ী ওপৰৰ যিকোনো এটা উপায়েৰে ফটো আপলোড কৰিব পাৰিব।

উদ্দীপতালুকদাৰ (talk) 15:21, 23 এপ্ৰিল 2012 (UTC)

সমৰ্থন জনালো| সেইদৰেই ভাল হ’ব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:29, 23 এপ্ৰিল 2012 (UTC)
এখন এখনকৈ আপল'ড কৰি থকা বৰ আমনিদায়ক।একেলগে এটা ফল্ডাৰ কৰি আপল'ডৰ কিবা ব্যৱস্থা আছেনেকি ??

দ্বিজেন মহন্ত (talk) 16:35, 23 এপ্ৰিল 2012 (UTC)

নাই দাদা, তেনে ব্যৱস্থা ৱিকিপিডিয়াত সম্ভৱ নহব| অৱশ্যে মেইলত পথিয়াব পাৰি তেনেকৈ| এখনকৈয়ে আপলোড কৰিব আৰু|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:39, 23 এপ্ৰিল 2012 (UTC)
ৱিকিপিডিয়াত নহয়, ৱিকিমিডিয়াত আপল'ড কৰাটোহে শ্ৰেষ্ঠ উপায়। মেইলিং লিষ্টলৈ পঠিয়ালে আমি নিজৰ নিজৰ মেইলত ছবিখন পাম, কিন্তু মূল মেইলিং লিষ্ট পৃষ্ঠাত নুখুলে। সমূহীয়া ই-মেইলো পৰা যায়। কিন্তু বেলেগ ৱেবছাইট? — গীতাৰ্থ বৰদলৈ (talk) 16:41, 23 এপ্ৰিল 2012 (UTC)
মোৰ মতে অসমীয়া ৱিকিপিডিয়াতেই আপোলোড কৰা ভাল হ’ব| চকু ৰখাৰে পৰা আদি কৰি গোটেই কামবোৰ কৰিবলৈ সুবিধা পাম| পাছত ভালবোৰ বাছি ৱিকিকমন্সলৈ স্থানান্তৰ কৰিলে ভাল হ’ব| উপায় আছে যেতিয়া একো অসুবিধা নাই|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:54, 23 এপ্ৰিল 2012 (UTC)
ৱিকিমিডিয়া আটাইতকৈ ভাল, সেইটো একেবাৰে ঠিক। কিন্তু, 'লগ ইন' কৰাটো দেখি বেছিভাগ মানুহেই বাদ দিয়ে নেকি? লগতে ৱিকিমিডিয়াৰ ছবিবোৰত কপিৰাইট লৈ যিমান কঠোৰ তেনে ক্ষেত্ৰত তৰেপৰা কোনোবাৰ ছবিত কপি বুলি টেগ মাৰিলে সেইটো বেয়া কথা হ'ব। কাৰণ ৱিকিপিডিয়াৰ নতুন প্ৰতিযোগীয়ে সেইটো মেছেজ পালে, এই লৈ ৱিকিমিডিয়াৰ নিয়মত গৈ খণ্ডন কৰিবলৈ দ্বিধাবোধ কৰিব পাৰে, কৰিলেও নিয়মৰ বাহিৰলৈ গৈ ব্যক্তিগত আক্ৰমণ আদি কৰি পেলাৱোটোও অসম্ভৱ নহয়। আৰু সেই সকলোখিনিৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ ওচৰতে আপত্তি কৰিব, যিটোত আমিও একো কৰিব নোৱাৰিম। সেয়ে মোৰ মতেৰে অসমীয়া ৱিকিপিডিয়ালৈ আপলোড কৰাই ভাল। আন এটা ৱেবছাইটৰ কথাটোত মই অকল এইটো কামৰ কাৰণেই ব্যৱহাৰ কৰিব পৰা ৱেবছাইট এটাৰ কথা কৈছিলো। তাত অইন একো নাথাকে। মাত্ৰ ৱিকিপিডিয়া ছবি প্ৰতিযোগিতাৰ বাবে আপলোড কৰা কাৰবাৰটোহে থাকিব। পিচে মই আগতেই আন এটা ৱেবছাইট কৰাত অহা নীতিগত অসুবিধাৰ কথা উল্লেখ কৰিছিলোঁ। গতিকে সেইটোত যদি অসুবিধা আছে কৰিব নালাগে।উদ্দীপতালুকদাৰ (talk) 13:30, 24 এপ্ৰিল 2012 (UTC)
ছবিৰ সংখ্যা বহুত বেছি হ'ব আৰু অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিসকলে নিজে আপলোড কৰিলে পিছত আকৌ এখন এখন কৈ বিছাৰি ফুৰিব লাগিব। সেইটো এটা টান কাম। সেয়েহে মেইলিং লিষ্ট বা উদ্দীপ দাই কোৱা নিচিনা আন এটা ৱেবচাইটত আপলোড কৰিলে ভাল হয়। এই ক্ষেত্ৰত ৱিকিৰ নিতী নিয়ম ভঙ্গ কৰা নহ'ব কাৰণ আমি প্ৰতিযোগিতাৰ পিছত হে নিৰ্বাচিত ফটো সমূহ ৱিকিলৈ আপলোড কৰিম। Jyoti Prakash Nath (talk) 13:41, 24 এপ্ৰিল 2012 (UTC)
উদ্দীপদাই কোৱা ৱেবছাইটত আপলোড কৰাত মোৰ একো আপত্তি নাই| কিন্তু জ্যোতি, ইয়াতো প্ৰতিযোগিতাৰ ছবিসমূহ বিচাৰিবলৈ একো অসুবিধা নাথাকে| সকলোবোৰ এই শ্ৰেণী:অসমীয়া ৱিকিপিডিয়াৰ আলোকছবি প্ৰতিযোগিতা টোতেই সোমাই থাকিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 14:18, 24 এপ্ৰিল 2012 (UTC)

২৪ তাৰিখে বিষ্ণু দা, জ্যোতি আৰু মোৰ মাজত হোৱা আলোচনাত এই সিদ্ধান্ত লোৱা হয় যে আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে ছবি আপল'ডৰ

  • প্ৰথম বিকল্প হ'ব ৱিকিপিডিয়া (আপল'ড কৰোঁতে ছবিখনৰ বিৱৰণত "ৱিকিপিডিয়া আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে" বুলি লিখি দিব লাগিব) আৰু
  • দ্বিতীয় বিকল্প হ'ব এটা সমূহীয়া ই-মেইল ঠিকনা (assamesewikipedia@yahoo.com)। ৱিকিপিডিয়াৰ সম্পাদকসকলে ছবিবোৰ চালি-জাৰি চাই নিয়ম উলঙ্ঘা নকৰা ছবিবোৰ বিচাৰকৰ হাতত অৰ্পণ কৰিব। — গীতাৰ্থ বৰদলৈ (talk) 18:35, 25 এপ্ৰিল 2012 (UTC)
ছবি আপলোডৰ মুটামুটি কাম শেষ হল| প্ৰ্তিযোগীসকলৰ সুবিধাৰ বাবে এতিয়া অনুজ্ঞাপত্ৰৰ বাচনিবোৰৰ প্ৰথম নিৰ্বাচনটোৱেই "অসমীয়া বিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা" হিচাপে দি ৰাখিছো| কাম শেষ হোৱাৰ পাছত সেইখন আতৰাই বা অলপ সালসলনি কৰি দিম| সেই বাচনিটো নিৰ্বাচন কৰিলে নিজে নিজে শ্ৰেণী:অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা ৰ অন্তৰ্ভুক্ত হ’ব| যদি কোনোবাই নিদিয়ে তেন্তে আমাৰ ভিতৰেৰে কোনোবাই {{আলোকচিত্ৰ প্ৰতিযোগিতা‎}}বা {{Photography Competion‎}} বুলি চিত্ৰখনত সম্পাদনা কৰি সুমিয়াই দিলেই একেই কাম হ’ব| এতিয়া ইংৰাজীখনৰহে অলপমান কাম বাকী আছে| সেইখন কৰা হ’লেই আমি প্ৰতিযোগিতাত চিত্ৰ সংগ্ৰহৰ বাবে আৰু জোৰদাৰ কাম কৰিব পাৰিম|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 21:38, 25 এপ্ৰিল 2012 (UTC)

আলোচনা (প্ৰবন্ধ প্ৰতিযোগিতা)[সম্পাদনা কৰক]

শুদ্ধ শব্দটো "প্ৰবন্ধ"! নিয়মখিনি বঢ়িয়া হৈছে। অভিজ্ঞ সদস্যৰ সময়সীমাটো এবছৰৰ ঠাইত ছমাহ কৰা ভাল! কাগজত লিখা প্ৰবন্ধ হ'লেও তথ্যসূত্ৰ বাবে মোটামুটি একে নিয়ম ল'ব পাৰি। প্ৰবন্ধটোৰ তলত ১,২,৩ আদিকৈ সম্পূৰ্ণ তথ্যসূত্ৰৰ তালিকা দিব লাগিব আৰু প্ৰবন্ধটোৰ যথাস্থানত শাৰীটোৰ পিছে পিছে বন্ধনীৰ ভিতৰত ১,২,৩ আদিবোৰ লিখি দিলেই হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 18:28, 21 এপ্ৰিল 2012 (UTC)
ঠিক আছে তেন্তে। কিন্তু কাগজত দিয়াৰ নিয়মটো কৰি দিলে, আমি একোটা সৰু sample প্ৰবন্ধ দিয়াটো ভাল হ'ব নেকি? বা অকল তথ্য-সূত্ৰখিনি কেনেকৈ দিব লাগে, অন্তত: কিতাপ আৰু বাতৰি-কাকতৰ কাৰণে সেইটো উল্লেখ কৰি দিব লাগিব। ছমাহ হ'লে কিছুমান নতুনকৈ আৰম্ভ কৰা কিন্তু সঘনাই লিখি নথকা মানুহ বাদ যাব নেকি!উদ্দীপতালুকদাৰ (talk) 18:51, 21 এপ্ৰিল 2012 (UTC)
এবছৰ বুলি দিলে বাবুল বৈশ্যৰ দাৰ নিচিনা সদস্য জিকিব! Sample প্ৰবন্ধ দিয়াটো ভাল হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 16:41, 23 এপ্ৰিল 2012 (UTC)
এবছৰটো গুচাই কেইজনমান সদস্যক আমি অভিজ্ঞ বুলি ধৰিব পাৰোঁ। কাৰণ কিমান দিনৰ সদস্য তাতকৈ বেছি গুৰত্বৰ প্ৰশ্ন হৈছে কিমান সঘনাই কাম কৰি আছে। মোৰ মতে এইটো আমি সমিলমিলেৰে সমাধা কৰাই ভাল আৰু মই অভিজ্ঞ সদস্য আটাইকেইজনকে বিচাৰক মণ্ডলীৰ সদস্য হিচাপে থকাটো বিচাৰিছোঁ। লগতে, প্ৰবন্ধৰ বিচাৰৰ বাবে এটা সাধাৰণ খচৰা প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ: প্ৰথমে বিচাৰক মণ্ডলীৰ আটাইকেইজন সদস্যই এটা নিৰ্দিষ্ট নিয়মৰ ভিতৰত (কেইটামান শিতান, যেনে- কনটেণ্ট, ডিটেইলছ, লিখাৰ শৈলী, উপযুক্ত ৰেফাৰেন্সৰ প্ৰয়োগ ইত্যাদি) নিজা বিবেচনা মতে মূল্যাংকন কৰিব। আটাইকেইজন সদস্যৰ মূল্যাংকন যোগ কৰি প্ৰবন্ধৰ এখন মূল্যাংকন তালিকা উলিওৱা যাব। তাৰে এটা নিৰ্দিষ্ট সংখ্যক (প্ৰবন্ধৰ সংখ্যাৰ ওপৰত নিৰ্ণীত হ'ব) প্ৰবন্ধ মুখ্য বিচাৰকৰ মূল্যাংকনৰ বাবে আগবঢ়োৱা যাব। আৰু তেখেতে নিজৰ বিবেচনা অনুযায়ী প্ৰথম, দ্বিতীয়, তৃত্বীয় নিৰ্বাচন কৰিব। তালিকাৰপৰা শ্ৰেণী হিচাপে অন্য মানবিশিষ্ট প্ৰবন্ধক সন্মান জনাব পৰা যাব।উদ্দীপতালুকদাৰ (talk) 16:51, 23 এপ্ৰিল 2012 (UTC)
ছবি প্ৰতিযোগিতাৰ বিচাৰকৰ বাবে বিক্ৰমজিত কাকতীৰ বাহিৰে আৰু কোনোবাক যোগযোগ কৰা হৈছেনে?উদ্দীপতালুকদাৰ (talk) 16:51, 23 এপ্ৰিল 2012 (UTC)
নাই বৰ্তমানলৈ আৰু কাৰো সৈতে যোগাযোগ কৰা নাই| আমি স্কাইপট মিটিং এখন পাতি এইবোৰ সিধান্ত ল’ব লাগিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:54, 23 এপ্ৰিল 2012 (UTC)
কাইলৈ ৰাতি দহটাত স্কাইপ মিটিং এখন কৰিব পাৰি নে? মোক gitartha.bordoloi নামত পাব। — গীতাৰ্থ বৰদলৈ (talk)
পাৰি| ময়ো থাকিম চাগে| জ্যোতি থাকে নে নাই বা? উদ্দীপদাকো পাম চাগে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:12, 23 এপ্ৰিল 2012 (UTC)
মই থাকিব নোৱাৰিম তথাপিও চেষ্টা এটা চলাম। আপোনালোকে আলোচনা কৰি সিদ্ধান্ত ল'ব মই কোনোবা এজনক ফ'ন কৰি হ'লেও অলপ কথাবতৰা শুনিবলৈ চেষ্টা কৰিম। তথাপিও jpnath008 ৰ নামত স্কাইপত এটা নিমন্ত্ৰন দি ৰাখিব চোন। ইন্টাৰনেটৰ কিবা ব্যবস্থা কৰিব পাৰিলে ৰাতিলৈ অনলাইন হ'ম। Jyoti Prakash Nath (talk) 05:22, 24 এপ্ৰিল 2012 (UTC)


কামৰ বাবে সময়ে পোৱা নাছিল৷ যি হওক, নিয়মবিলাক ভালেই লাগিছে৷ আমি এটা কাম কৰিব পাৰোঁ নেকি? কাগজত লিখি জমা দিয়াসকলৰ বাবে প্ৰবন্ধৰ এটা সজ্জা তৈয়াৰ কৰি দিয়াটো ভাল হ'ব৷ কাৰণ আমি যিমানেই প্ৰবন্ধসমূহ "বিশ্বকোষীয় ধাৰণা"ৰ হ'ব লাগিব বুলি নকও কিয় আগতে ৱিকিপিডিয়া নেদেখা মানুহে ইয়াৰ ধাৰণা ল'ব নোৱাৰিব৷ ফলত আন প্ৰবন্ধৰ দৰে হৈ পৰিব৷ মানে ধৰক এটা প্ৰবন্ধত কি কি থাকিব লাগিব, আৰম্ভণি/মাজত/শেষত আদি কিছুমান সজ্জা উদাহৰণ হিচাপে তৈয়াৰ কৰি দিয়াটো ভাল হ'ব৷ যেনে- ব্যক্তিৰ ক্ষেত্ৰত এনে সজ্জা হ'ব লাগিব৷ একেদৰে আন বিষয় অনুসৰি বেলেগ বেলেগ সজ্জা কিছুমান তৈয়াৰ কৰিব পাৰি৷ কথাটো ভাবি চাবচোন৷

লগতে নিম্নতম শব্দৰ সংখ্যা ঠিৰ কৰি দিয়া উচিত হ'ব৷ মানে এটা হিচাপ কৰি ঠিক কৰিলেই হ'ল৷ লগতে প্ৰসঙ্গ পুথিৰ ক্ষেত্ৰত কি কি উল্লেখ থাকিব লাগিব লিখি দিয়া উচিত৷ তাৰ বাবে প্ৰবন্ধৰ পৃষ্ঠাৰ তলতে ফুটনোট ব্যৱহাৰ কৰিব লাগিব৷ আদি কথাবোৰ ভাবিব পাৰি৷ Anjal Borah (talk) 05:45, 24 এপ্ৰিল 2012 (UTC)

ঠিকেই কৈছে। ৱিকিপিডিয়াৰ প্ৰবন্ধ আৰ্হি এটা দিয়াৰ কথা ভবাই হৈছিল। প্ৰসংগ পুথি উল্লেখৰ বিষয়েও বিতংকৈ দিয়া হ'ব। নিম্নতম শব্দৰ উল্লেখ দিয়াই ভাল হ'ব। কিমান দিয়া ভাল হয়? উচ্চতম শব্দৰ সীমাও লাগিব নেকি? নহ'লে কোনোবাই যদি কিতাপ এখনকে পঠিয়াই দিয়ে! কেৱল প্ৰবন্ধৰ সজ্জাৰ ক্ষেত্ৰত ক্ষেত্ৰত ব্যক্তি, অনুষ্ঠান আদি এনেকৈ ভগাই গৈ থাকিলে কিমান ধৰণৰ দিয়া যাব সেইটোহে বিচাৰ কৰিব লাগিব।উদ্দীপতালুকদাৰ (talk) 13:14, 24 এপ্ৰিল 2012 (UTC)

প্ৰবন্ধ লিখন[সম্পাদনা কৰক]

ডাকযোগে লোৱা প্ৰবন্ধবোৰ অসমীয়া ৱিকিপিডিয়াত যোগ দিব পৰা যাবনে, কাৰণ অসমীয়া ৱিকিপিডিয়াত লিখা মানুহৰ সংখ্যা ক’ম, টাইপ কৰি থাকিবলৈ মানুহ পাম জানো? সেয়ে পৰাপক্ষত সেয়ে ইয়াত লিখিব ক’লেই ভাল হয়| দ্বিতীয় বাচনি ইমেইলত পঠোৱা (ইউনোকোড লিপিত)| আৰু এটা সৰু সমস্যা, ধৰক ম‍ই প্ৰবন্ধটো টাইপ কৰি ইয়াত দিলো, প্ৰবন্ধৰ্ৰ ইতিহাসত মোৰহে নামটো থাকিব| অৱদানকাৰীৰ নামটো নুঠিব দেখোন| অৱশ্যে এনে ক্ষেত্ৰত বাৰ্তা পৃষ্ঠাত এটা টোকা লিখি থলেও চলিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:25, 24 এপ্ৰিল 2012 (UTC)

সঁচা কথা ক'বলৈ হ'লে বহুত প্ৰবন্ধ আহিব যেন মোৰ লগা নাই। মই অতি বেছি ত্ৰিছটা প্ৰবন্ধ (সকলো মিলাই) আশা কৰিছোঁ মাত্ৰ। গতিকে ডাক যোগে কম প্ৰবন্ধ আহিব। সেইকেইটা আমি টাইপ কৰি সুমুৱাই দিব লাগিব বুলিয়েই মই ভাবি থৈছিলোঁ। পিছে যদি বহুত হৈ যায়, তেতিয়া উপায় নাই। কিবা এটা কৰিব লাগিব আৰু। পিছে চিধাই ইয়াত লিখাটোৱেই আমি বিচাৰোঁ বুলি উল্লেখ কৰিবই লাগিব। প্ৰবন্ধৰ নামটোতে (প্ৰতিযোগিতাৰ বাবে) বুলি লিখি বাৰ্তা পৃষ্ঠাত লেখকৰ নাম উল্লেখ কৰি থ'লেই হ'ল।উদ্দীপতালুকদাৰ (talk) 13:35, 24 এপ্ৰিল 2012 (UTC)
হয়, বেছি প্ৰবন্ধ নোলাব চাগে| আৰু যদি বেছি হয়ো, তেন্তে, স্কেন কৰি সদস্যসকলে কামটো পাছত ভগাই ললেই হ’ব| পিছৰ শাৰী সমাধান হ’ল তেন্তে| তেনেদৰেই হ’ব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:39, 24 এপ্ৰিল 2012 (UTC)
প্ৰবন্ধ টাইপ কৰি ভাগৰিব লগা অৱস্থা এটা হ'লে প্ৰথম বাৰৰ বাবে কষ্ট কৰি ভাল লাগিব।উদ্দীপতালুকদাৰ (talk) 14:26, 24 এপ্ৰিল 2012 (UTC)

২৪ তাৰিখে বিষ্ণু দা, জ্যোতি আৰু মোৰ মাজত হোৱা আলোচনাত সিদ্ধান্ত লোৱা হয় যে বিচাৰকসকলৰ সুবিধাৰ বাবে তেওঁলোকক ৱিকিপিডিয়াৰ এটা নমুনা প্ৰবন্ধ (ভাল এটা বাছি লৈ) দিয়া হ'ব। সেইদৰে প্ৰতিযোগীসকলক অনুচ্ছেদসমূহৰ সম্ভাব্য শিৰোনামা আৰু তথ্যসূত্ৰসহ এটা চুটি নমুনা প্ৰবন্ধ দিয়া হ'ব (এইটো অফলাইন প্ৰতিযোগীসকলৰ বাবেও প্ৰযোজ্য)। অফলাইন প্ৰবন্ধত তথ্যসূত্ৰৰ বাবে আগতে কোৱাৰ দৰে পাদটীকাৰ নিয়ম মানি চলা হ'ব। অফলাইন প্ৰবন্ধখিনি ৱিকিপিডিয়াৰ সম্পাদকা এজনৰ ঠিকনালৈ পঠিয়ালে তেওঁ বিচাৰকসকলৰ বাবে সেইবোৰ স্কেন কৰি আপল'ড কৰিব পাৰিব। (এইখিনি কথা মূল নিয়মাৱলীত ভৰাম ৰ'ব)। — গীতাৰ্থ বৰদলৈ (talk) 19:02, 25 এপ্ৰিল 2012 (UTC)

ভাল| এতিয়া তলত আমি নিয়মবোৰৰ ক্ষেত্ৰত লোৱা শেষ সিধান্তবোৰ লিখিলে ভাল হ’ব| পাছত তলৰ কথাখিনি মূল প্ৰকল্পত যোগ দিম|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:06, 25 এপ্ৰিল 2012 (UTC)
প্ৰচাৰৰ বাবে কিবা ব্যৱস্থা লোৱা হৈছে নেকি? মানে অফলাইনসকলৰ বাবে৷ কেনে ব্যৱস্থা লোৱা হৈছে? লগতে বিচাৰক ঠিক কৰা হ'লনে? Anjal Borah (talk) 06:24, 26 এপ্ৰিল 2012 (UTC)

আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ[সম্পাদনা কৰক]

উদ্দেশ্য:

অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। আলোকছবি সমূহ অসম সংক্ৰান্তীয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়িত যিকোনো বিষয়ৰ ছবি হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি নয়ন-নীলিমলৈ, দীপ বাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰালৈ, বাহ্‌কা তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ - মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি।)

আলোকচিত্ৰ সমূহৰ ডিজিটেল ভাৰ্ছন নিম্নোক্ত যিকোনো এটা ধৰণে দাখিল কৰিব লাগিব:

১. অসমীয়া ৱিকিপিডিয়াৰ ৱেবছাইটত http://as.wikipedia.org (বাঞ্ছনীয়)

২. তলৰ ই-মেইল ঠিকনালৈ ই-মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ subject অংশত 'Assamese Wikipedia Photo Contest' বুলি উল্লেখ কৰিব। আলোকচিত্ৰ দাখিলৰ বাবে ই-মেইল ঠিকনা: (e-mail id needs to be added.)

আলোকচিত্ৰ দাখিল কৰাৰ বাবে ওপৰঞ্চি সহায়:

ৱিকিপিডিয়াত চিত্ৰ আপলোড কৰিবলৈ:

লগ-ইন কৰা অৱস্থাত অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত পৃষ্ঠাত (http://as.wikipedia.org) বাওঁফালে 'ফাইল আপলোড' বুলি এটা ক্লিক কৰিব পৰা লিংক পাব। সেইটোত ক্লিক কৰিলে ছবি আপলোড কৰা পৃষ্ঠাটো দেখুৱাব। তাৰে 'choose file' বুটামত ক্লিক কৰি ওলোৱা ফাইল-বক্সত আপুনি নিজৰ কম্পিউটাৰৰপৰা ছবিখন বাচি লওঁক, লক্ষ্য ফাইলৰ নামটো ছবিখনৰ বিষয়ৰ লগত মিলি যোৱা কিন্তু চুটি নাম এটা দিয়ক (ইংৰাজীত দিব, তেতিয়াহ'লে আন ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধা হ'ব), সাৰাংশ অংশত ছবিখনৰ বিষয়, আৰু কি তথ্য বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰক। সাৰাংশ অংশৰ একেবাৰে আৰম্ভণিতে বন্ধনীৰ মাজত 'প্ৰতিযোগিতাৰ বাবে' বুলি লিখি দিব। অন্যথা আপোনাৰ ছবিখন প্ৰতিযোগিতাৰ বাবে অন্তৰ্ভুক্ত কৰা নহ'বও পাৰে। মনত ৰাখিব ছবি আপলোড কৰিবলৈ আপুনি লগ-ইন হৈ থকাটো আৱশ্যক, সেয়ে প্ৰথমেই অসমীয়া ৱিকিপিডিয়াৰ সদস্যভুক্ত হৈ ল'ব। সদস্যভুক্ত হোৱাৰ লিংক বেটুপাত পৃষ্ঠাতে পাব।

ই-মেইলত সংযুক্ত কৰি পঠিয়াবলৈ:

ৱিকিপিডিয়াত আপলোড কৰাটোৱেই প্ৰথম পছন্দ যদিও অসুবিধা পালে আপুনি (ই-মেইল ঠিকনাটো) এই মেইলৰ ঠিকনালৈ ছবিসমূহ সংযুক্ত কৰি পঠিয়াব পাৰে। ছবি পঠিয়ালে মেইলৰ subject অংশত photo for competition বুলি উল্লেখ কৰি দিব। মেইলৰ ভিতৰত ছবিখনৰ বিষয় আৰু আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ কৰিব। কেবাখনে ছবি পঠিয়ালে প্ৰতিখনৰ ফাইল নামৰ বিপৰীতে বিষয় বেলেগে বেলেগে উল্লেখ কৰিবলৈ নাপাহৰিব।

'অন্যান্য নিয়ম:' 1. আলোকচিত্ৰসমূহ নিজে তোলা হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব।

2. ছবিত সম্বলিত বিষয়টোৰ ওপৰত চুটিকৈ অকণমান লিখি দিলে কিছুমান ক্ষেত্ৰত তথ্যৰ গুৰুত্ব বুজাত সহায়ক হয়। কিন্তু এইটো বাধ্যতামূলক নহয়।

3. মূল উদ্দেশ্য (তথ্য প্ৰকাশ) অক্ষুণ্ণ ৰাখি শিল্পীয়ে নিজৰ সৃজনীশীলতা আৰোপ কৰাত কোনো বাধা নাই। প্ৰতিযোগিতাৰ বিচাৰত ঘাইকৈ কলাত্মক দিশটোৰহে বিচাৰ কৰা হ'ব।

4. একোজন প্ৰতিযোগীয়ে ইচ্ছানুসাৰে যিমান ইচ্ছা ছবি দিব পাৰিব। লগতে ছবিসমূহক একোটা ছিৰিজত ভাগ কৰা, এটা বিষয়ক পূৰ্ণ ভাৱে ছবিৰে প্ৰকাশ কৰা বা আন যিকোনো নিজস্ব উদ্ভাৱনী কৌশল প্ৰয়োগ কৰি প্ৰতিযোগীয়ে ভাগ ল'ব পাৰে।

5. ছবিসমূহত কেপছন নিদিলেও অসুবিধা নাই। থাকিলেও সেইটো বিমূৰ্ত নাম হোৱাতকৈ ছবিখনে দাঙি ধৰা তথ্যৰ ওপৰত হোৱা উচিত।

6. ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহন কৰা হ'ব।

7. ছবিসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল।

8. চিত্ৰৰ আপলোডৰ বাবে png, gif, jpg, jpeg, xcf, pdf, svg, djvu, tiff, tif এইকেইটাৰ ভিতৰত যিকোনো এটা এক্সটেনছনৰ ফাইল ব্যৱহাৰ কৰিব পাৰিব।

9. ছবি ৰঙীন/ ক'লা-বগা হ'ব লাগিব।

10. চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব।

11. ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও গুচাই দিব লাগিব।

12. ছবি কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।

13. ছবিসমূহ ডিজিটেল কেমেৰাৰে তুলি আপলোড কৰিব পাৰে বা তোলা ফটোৰ স্কেন কৰিও দিব পাৰে। স্কেন কৰি দিলে প্ৰতিযোগীয়ে উল্লেখ কৰিলে ভাল হয়। স্কেনিঙৰ সময়ত হোৱা কিছুমান অসুবিধা তেতিয়া বিচাৰৰ সময়ত গ্ৰাহ্য কৰিব পৰা যায়।

14. প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি (creative commons attribution share alike) অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। ছবিসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব। (Creative Commons Share alike অনুজ্ঞাৰ অন্তৰ্গত কৰ্ম অইন ব্যক্তিয়ে বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰে। কিন্তু মূল স্ৰষ্টাৰ (অৰ্থাৎ আপোনাৰ) কথা বা কোন উৎসৰপৰা লোৱা হৈছে সেইটো উল্লেখ কৰাটো বাধ্যতামূলক। লগতে আপোনাৰ কৰ্মক অইন কাৰ্যত ব্যৱহাৰ কৰিলেও তাক একে অনুজ্ঞাৰ (Creative Commons Attribution Share Alike) আধাৰত বিতৰণ কৰিব লাগিব। অৰ্থাৎ অইন ব্যক্তিয়ে আপোনাৰ কৰ্মক নিজৰ বুলি বা অৰ্থ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। অৱশ্যে স্ৰষ্টাই (আপুনি) নিজৰ ইচ্ছা মতে তৃত্বীয় ব্যৱহাৰকাৰীক অইন স্বত্ব দিব পাৰে।)

15. শ্ৰেষ্ঠ ছবিৰ প্ৰথম, দ্বিতীয় আৰু তৃত্বীয় বঁটা আগবঢ়োৱা হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন শিতান সাপেক্ষে শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰা হ'ব। সৰ্ব্বোচ্চ সংখ্যক তথ্যসমৃদ্ধ আৰু মান বিশিষ্ট ছবি জমা দিওঁতাৰ প্ৰতিও বিশেষ উপহাৰ থাকিব। দুষ্প্ৰাপ্য বিষয়ৰ ছবি, দুৰ্গম স্থানৰ ছবি আদিৰ বাবে প্ৰতিযোগীক বেলেগে সন্মানিত কৰা হ'ব।

16. আলোকচিত্ৰ প্ৰতিযোগিতা সম্বন্ধীয় সকলো ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।

প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ[সম্পাদনা কৰক]

প্ৰবন্ধ প্ৰতিযোগিতাৰ নিয়মাৱলী

উদ্দেশ্য:
"অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্ততঃ কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।"

ভাগ লোৱাৰ নিয়ম:

অসমীয়া ৱিকিপিডিয়াৰ সাধাৰণ নিয়মমতেই নতুন প্ৰবন্ধ এটা আৰম্ভ কৰি প্ৰবন্ধ প্ৰতিযোগিতাত যোগ দিব পাৰে। ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ বাবে প্ৰথমে http://as.wikipedia.org ৱেবছাইটলৈ গৈ সদস্যভুক্ত হওক আৰু আপুনি লিখিব বিচৰা প্ৰবন্ধটো লিখিবলৈ আৰম্ভ কৰক। এইবিষয়ে সবিশেষ সহায় ৱিকিপিডিয়াৰ ভিতৰতে পাব। কিবা অসুবিধা পালে ৱিকিৰ ভিতৰতে সহায় বিচাৰিব পাৰে, বা এইটো (assamesewikipedia@yahoo.com) ই-মেইল ঠিকনালৈ মেইল কৰিও সহায় বিচাৰিব পাৰে। ৱিকিপিডিয়াৰ ভিতৰতে লিখা প্ৰবন্ধ মাজে মাজে সম্পাদনা কৰি যাব পাৰি। সেয়ে এবাৰতে প্ৰবন্ধ এটা শেষ নকৰিলেও কোনো কথা নাই। কিন্তু ৩১ মে' তাৰিখৰ পাছত আৰু সম্পাদনা কৰিব নোৱাৰিব। প্ৰবন্ধৰ শিৰোনামাত প্ৰবন্ধৰ নামটোৰ লগতে বন্ধনীৰ ভিতৰত "প্ৰ্ৰতিযোগিতাৰ প্ৰবন্ধ" বুলি উল্লেখ কৰক, উদাহৰণ: "প্ৰবন্ধৰ নাম (প্ৰতিযোগিতাৰ বাবে)"। ৱিকিপিডিয়াৰ ভিতৰতে লিখাটো প্ৰথম পছন্দ। কিন্তু ৱিকিপিডিয়াত লিখিবলৈ অসুবিধা পালে, প্ৰবন্ধটো অসমীয়া ইউনিকোডত লিখি doc, odt, rtf বা txt যিকোনো এটা ফৰ্মেটত তলৰ ই-মেইল ঠিকনালৈ পঠিয়াই দিব পাৰে। মেইল পঠিওৱাৰ অন্তিম তাৰিখ: ৩১-মে', ২০১২. মেইলত পঠিয়ালে subject হিচাপে, 'Article for Assamese wikipedia competition' বুলি উল্লেখ কৰিব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ই-মেইল ঠিকনা: (assamesewikipedia@yahoo.com)

অসমীয়া ইউনিকোডত লিখিবলৈ অসুবিধা পালে টাইপ কৰা বা হাতে লিখা প্ৰবন্ধ তলৰ ঠিকনালৈ ডাক-যোগে পঠিয়াব পাৰিব। ডাকযোগে পঠিওৱা প্ৰবন্ধ ২৫-মে', ২০১২-ৰ আগতেই আহি পোৱাকৈ পঠিয়াব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ডাক-যোগে প্ৰবন্ধ পঠিওৱাৰ ঠিকনা: (mail address here)

প্ৰতিযোগিতাৰ নিয়মাৱলী:

1. প্ৰবন্ধসমূহ বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। বিশ্বকোষীয় ধাৰণাৰ প্ৰতিটো আলোচিত বিষয়ৰ সম্যক আৰু সম্পূৰ্ণ ধাৰণা দিয়াৰ প্ৰয়াস কৰা হয়। লিখিব খোজা বিষয়টোৰ ওপৰত বস্তনিষ্ঠ তথ্যৰ উল্লেখেৰে নিৰপেক্ষ ভাৱে দিশসমূহ আলোচনা কৰা হয়। এনে প্ৰবন্ধত লিখকে ভাল বা বেয়া কোনো ধৰণে নিজৰ মন্তব্য নিদিয়ে। লগতে নিজা মতবাদ আদিও আগনবঢ়ায়। অইন তথ্যৰ আধাৰতো লেখকে নিজৰ ফালৰপৰা এইটোৱেই শুদ্ধ জাতীয় মন্তব্যও আগবঢ়াব নালাগে। প্ৰবন্ধত উল্লেখিত তথ্যসমূহ মূল কোন উৎসৰপৰা লোৱা হৈছে তাৰ উল্লেখ থকাটো বাধ্যতামূলক। কোনো ক্ষেত্ৰত নিজে জনা কিন্তু অইন উৎসত নোপোৱা কথা (উদ্ধৃতি লাগিব) বুলি উল্লেখ কৰি থ'ব পাৰে। কিন্তু এই উৎসবিহীন তথ্য যিমান পাৰি সিমান কম হোৱা উচিত। এই বিষয়ে লগত সন্নিবিষ্ট 'আৰ্হি প্ৰবন্ধ' চাওক।

3. ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰৰ এটা নিজস্ব চানেকী আছে। সেইটো 'প্ৰবন্ধ আৰ্হি'ত দেখুওৱা হৈছে। অৱশ্যে বিষয়ভেদে প্ৰবন্ধ আৰ্হি সলনি হ'ব পাৰে। এই বিষয়ে বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ এবাৰ চাই ল'ব পাৰে।

4. প্ৰবন্ধ প্ৰতিযোগিতা ৱিকিপিডিয়া লিখিত প্ৰবন্ধ বা প্ৰতিযোগিতাৰ বাবে বেলেগে পঠিওৱা প্ৰবন্ধক একেলগ কৰি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ৱিকিপিডিয়াৰ অভিজ্ঞ সদস্যসকলে (এবছৰতকৈ পুৰণি!!!) যোগ দিব নোৱাৰিব। প্ৰবন্ধৰ ভাষা অসমীয়া হ'ব লাগিব। প্ৰয়োজন বোধে ইংৰাজী সংজ্ঞাবাচক শব্দ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তেনে শব্দবোৰ অসমীয়া আখেৰেৰে লিখিব লাগিব আৰু বন্ধনীৰ ভিতৰত ইংৰাজী বানানটো যোগ কৰি দিব লাগিব। সচৰাচৰ ব্যৱহাৰ নোহোৱা অসমীয়া সংজ্ঞাবাচক শব্দৰ বাবে মূল ইংৰাজী শব্দটো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিলে ভাল।

5. প্ৰতিযোগিতাৰ বাবে জমা দিয়া যিকোনো হাতে-লিখা প্ৰবন্ধও ৱিকিপিডিয়াৰ অংশ বুলি বিবেচিত হ'ব আৰু তাক সম্পাদনা কৰি ৱিকিপিডিয়াত যোগ দিয়া হ'ব।

6. একোটা প্ৰবন্ধ লিখাত এজনতকৈ বেছি প্ৰতিযোগী মিলি এটা গোট হিচাপে যোগদান কৰিব পাৰিব। ৱিকিপিডিয়াত লিখা প্ৰবন্ধৰ বাবে আটাইকেইজন প্ৰতিযোগীৰ নাম প্ৰবন্ধটো আৰম্ভ কৰাৰ সময়তে উল্লেখ কৰিব লাগিব। এবাৰ প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰাৰ পাছত নতুন সদস্য প্ৰতিযোগী গোটত যোগ দিব নোৱাৰিব।

7. প্ৰবন্ধৰ বিষয়বস্তু নিৰ্দিষ্ট নহয়। মাত্ৰ লিখাৰ আগতে সেই বিষয়ক প্ৰবন্ধ ৱিকিপিডিয়াত ইতিমধ্যে আছে নেকি নিশ্চিত কৰি ল'ব, অসুবিধা পালে কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি নিশ্চিত হওঁক। আগতে থকা দীঘল প্ৰবন্ধ আকৌ লিখিব নোৱাৰিব। কিন্তু 'পোখালি' বুলি উল্লেখ কৰি থোৱা প্ৰবন্ধ হাতত ল'ব পাৰে। প্ৰবন্ধবোৰ সম্পূৰ্ণৰূপে বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। অৰ্থাৎ নিৰপেক্ষ, সম্যক ধাৰণা দিব পৰা, আৰু তথ্য-উৎসৰ উল্লেখ (reference) থাকিব লাগিব। ৱিকিপিডিয়াৰ সম্পাদনাৰ কাৰিকৰী খুঁতিনাটি ঠিক কৰিবলৈ প্ৰতিযোগীয়ে অভিজ্ঞ সদস্যৰ সহায় ল'ব পাৰিব। কিন্তু তেনে সদস্যই মাত্ৰ টেবুল সজাই দিয়া, ৰেফাৰেন্স সঠিক স্থানত বহুওৱা, তথ্য-পেৰা কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া, ছবি কেনেকৈ যোগ দিব লাগে দেখুৱাই দিয়া আদিৰ দৰে কাৰিকৰী কামত সহায়হে কৰিব পাৰিব। অভিজ্ঞ সদস্যই মূল লিখিত অংশত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব।

8. হাতে-লিখা প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ সদস্যই ৱিকিপিডিয়াত সংযোগ কৰি দিব। হাতে লিখা/কাগজত লিখা প্ৰবন্ধত ৰেফাৰেন্স দিয়া অংশত নম্বৰ দি ৰেফাৰেন্সটো তলত উল্লেখ কৰিব লাগিব। উদাহৰণৰ বাবে সংযোগী 'আৰ্হি' (sample) চাওক। (sample খন বেলেগে সন্নিবিষ্ট কৰিব লাগিব।)

9. প্ৰবন্ধ লিখোঁতাসকলে ইতিপূৰ্বে থকা যিকোনো ছবি ব্যৱহাৰ কৰিব পাৰিব। প্ৰয়োজন বোধে নিজে তোলা ছবি বা অঁকা ৰেখা-চিত্ৰ আদি আপলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। নিজে তুলি দিয়া তেনে ছবি ছবি প্ৰতিযোগিতাৰ বাবেও মান্য হ'ব। অইন উৎসৰপৰা অনা ছবি যেনে বাতৰি-কাকত, আলোচনী আদিৰপৰা কটা ছবি ব্যৱহাৰ কৰিব নোৱাৰিব।

10. ৩১-মে' ২০১২ তাৰিখৰ পাছত আৰু বিচাৰকে চাই নিজৰ মন্তব্য নিদিয়া পৰ্যন্ত প্ৰবন্ধটো সম্পাদনা কৰিব নোৱাৰিব। অৱশ্যে তাৰ পাছত প্ৰবন্ধটো ৱিকিপিডিয়াৰ অইন প্ৰবন্ধৰ দৰে একেই বুলি বিবেচিত হ'ব আৰু সম্পাদনা আদি আন প্ৰবন্ধৰ দৰেই চলি থাকিব।

11. সকলো প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি Creative Commons Attribution-Share Alike অনুজ্ঞাপত্ৰৰ অধীন হ'ব আৰু প্ৰতিযোগিতাৰ পাছতো ৱিকিপিডিয়াত জমা কৰি ৰখা হ'ব।

12. প্ৰবন্ধ এটা সম্পূৰ্ণ ৰূপে বা একোটা অংশ অইন উৎসৰপৰা নকল কৰা বা মুকলি অনুবাদ কৰা বুলি প্ৰমাণিত হ'লে প্ৰবন্ধটো প্ৰতিযোগিতাৰপৰা বাহিৰ কৰাৰ উপৰিও ৱিকিপিডিয়াৰপৰা গুচাই দিয়া হ'ব।

13. প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ প্ৰবন্ধৰ উপৰিও শিতান বিশেষে অইন পুৰস্কাৰ থাকিব।

14. সকলো সিদ্ধান্তৰ ক্ষেত্ৰত বিচাৰকৰ সিদ্ধানতই চূড়ান্ত বুলি গ্ৰাহ্য হ'ব।