সাৰদা মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৰদা মেহতা

সাৰদা মেহতা
জন্ম ২৬ জুন, ১৮৮২
আহমেদাবাদ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৩ নৱেম্বৰ, ১৯৭০ (৮৮ বছৰ)
বল্লৱ বিদ্যানগৰ, গুজৰাট, ভাৰত
শিক্ষা কলা শাখাৰ স্নাতক
শিক্ষানুষ্ঠান গুজৰাট মহাবিদ্যালয়
পেচা সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু লেখক
দাম্পত্যসঙ্গী সুমন্ত মেহতা (১৮৯৮-১৯৬৮)
সন্তান ৰমেশ সুমন্ত মেহতা
আত্মীয়-স্বজন বিদ্যাগৌৰী নীলকণ্ঠ (ভগ্নী)

সাৰদা মেহতা (ইংৰাজী: Sharda Mehta, ২৬ জুন ১৮৮২-১৩ নৱেম্বৰ ১৯৭০) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, নাৰী শিক্ষাৰ অগ্ৰদূত আৰু গুজৰাটী ভাষাৰ এগৰাকী লেখিকা। তেখেতৰ জন্ম হৈছিল সমাজ-সংস্কাৰকৰ এটা পৰিয়ালত। আধুনিক ভাৰতৰ গুজৰাটত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেখেত অন্যতম।[1] নাৰী শিক্ষা আৰু নাৰী কল্যাণৰ হেতু সাৰদা মেহতাই একাধিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উপৰি তেখেতে আত্মজীৱনীকে ধৰি একাংশ গ্ৰন্থৰ অনুবাদ কৰ্মৰ লগতো জড়িত হৈছে।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল[সম্পাদনা কৰক]

১৯২০ চনত মহাত্মা গান্ধী(বাওঁকাষে) আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ (মাজত) সৈতে সাৰদা মেহতা (সোঁফালে) আহমেদাবাদত, মহিলা বিদ্যালয়ত

১৮৮২ চনৰ ২৬ জুন তাৰিখে গুজৰাটৰ আহমেদাবাদত সাৰদা মেহতাৰ জন্ম হৈছিল।[2] তেখেতৰ পিতৃ গোপীলাল মণিলাল ধ্ৰুৱ আছিল এগৰাকী আইনী বিষয়া আৰু মাতৃৰ নাম বালাবেন। তেওঁলোক এটা ব্ৰাহ্মীণ পৰিয়ালৰ সদস্য আছিল।[2][3][4] সাৰদা মেহতাৰ আজোককাই ভোলানাথ দিবেটিয়া আছিল এগৰাকী সমাজ-সংস্কাৰক আৰু কবি।[1][2]

ৰায়বাহাদুৰ মগনভাই ছোৱালী হাইস্কুলৰ পৰা সাৰদা মেহতাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেখেতে মহালক্ষ্মী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এংলো-মাতৃভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ১৮৯৭ চনত সাৰদা মেহতাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯০১ চনত গুজৰাট মহাবিদ্যালয়ৰ পৰা যুক্তি আৰু নৈতিক দৰ্শনক মুখ্য বিষয় হিচাপে লৈ কলা শাখাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে। সাৰদা মেহতা আৰু তেখেতৰ জ্যেষ্ঠা ভগ্নী বিদ্যাগৌৰী নীলকণ্ঠ গুজৰাটৰ প্ৰথম দুগৰাকী স্নাতক-উত্তীৰ্ণ মহিলা।[1][2][5]

১৮৯৮ চনত সাৰদা মেহতাই সুমন্ত মেহতাৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। সুমন্ত মেহতা আছিল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু সাৰদা মেহতাতকৈ তেখেত চাৰি বছৰে জ্যেষ্ঠ আছিল।[1][5] পৰৱৰ্তী সময়ত তেখেতে বৰোদা ৰাজ্যৰ গায়কোয়াড ৰাজবংশৰ ব্যক্তিগত চিকিৎসক হিচাপে কৰ্মনিৰ্বাহ কৰে। ইয়াৰোপৰি তেখেতে সমাজ-কৰ্মীৰো ভূমিকা পালন কৰে।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত সাৰদা মেহতাই সমাজ-সংস্কাৰ, নাৰী শিক্ষাৰ প্ৰসাৰ, নাৰী সৱলীকৰণ, জাতিগত বৈষম্য, অস্পৃশ্যতাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনতো তেখেতৰ ভূমিকা আছিল সক্ৰিয়। ১৯০৬ চনৰ পৰা তেখেতে স্বদেশী আন্দোলনৰ প্ৰসাৰৰ বাবে খাদী আৰু থলুৱা বস্ত্ৰ-সামগ্ৰীৰ ব্যৱহাৰত জোৰ দিছিল।[2]

বৰোদা, আহমেদাবাদ, বোম্বাইত প্ৰতিষ্ঠিত হোৱা একাধিক শৈক্ষিক আৰু নাৰীকল্যাণজনিত শিক্ষানুষ্ঠানৰ লগত সাৰদা মেহতা জড়িত হৈ পৰিছিল। আহমেদাবাদ পৌৰ নিগমত তেখেতে ১৯৩১ চনৰ পৰা ১৯৩৫ চনলৈকে সদস্যৰ পদ অলংকৃত কৰিছিল। ১৯৩৪ চনত সাৰদা মেহতাই নাৰীৰ কল্যাণৰ হকে জ্যোতি সংঘ প্ৰতিষ্ঠা কৰিছিল।[2]

নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সাৰদা মেহতাই[1] 'বনিতা বিশ্ৰম মহিলা বিদ্যালয়' আহমেদাবাদত স্থাপন কৰিছিল।[3] এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদন প্ৰাপ্ত এখন মহাবিদ্যালয়ো তেখেতে প্ৰতিষ্ঠা কৰে।[1]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

সাৰদা মেহতা আছিল এগৰাকী প্ৰবন্ধকাৰ, আত্মজীৱনীকাৰ, আৰু অনুবাদক।[5][7] দৈনিক কাকত আৰু আলোচনীত তেখেতে সামাজিক বিষয়ক মুখ্য কৰি কেতবোৰ প্ৰবন্ধ ৰচনা কৰিছিল।[2] পুৰাণনি বালবোধক ভাৰতাও (১৯০৬) হৈছে তেখেতৰ দ্বাৰা লিখিত এখনি শিশুকেন্দ্ৰিক গল্পৰ সংকলন।[2][7] তেখেতে ইংৰাজ সমাজকৰ্মী ফ্লোৰেন্স নাইটিংগেলৰ আত্মজীৱনী ফ্লোৰেন্স নাইটিংগেল নু জীৱনচৰিত (১৯০৬) নামেৰে লিখি উলিয়াইছে।[5][7]

১৯৩৮ চনত সাৰদা মেহতাৰ আত্মজীৱনী "জীৱনসম্বৰ্ণ" প্ৰকাশিত হৈছিল। আত্মজীৱনীত তেখেতৰ জীৱন-যাত্ৰা আৰু কৰ্মৰাজিৰ বিষয়ে উল্লেখ আছে।[5][7][8]

মৃত্যু[সম্পাদনা কৰক]

১৯৭০ চনৰ ১৩ নৱেম্বৰ তাৰিখে বল্লৱ বিদ্যানগৰত সাৰদা মেহতাৰ দেহাৱসান ঘটে।[1][2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Sujata, Menon (2013). Sarkar, Siddhartha. ed. "An Historical Analysis of the Economic Impact on the Political Empowerment of Women In British India". International Journal of Afro-Asian Studies (Universal-Publishers) খণ্ড 4 (1): 17–18. ISBN 978-1-61233-709-8. ISSN 0974-3537. https://books.google.com/books?id=DeaVBAAAQBAJ&pg=PA17. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 Rajgor, Shivprasad (January 2002). Thaker, Dhirubhai. ed (gu ভাষাত). ગુજરાતી વિશ્વકોશ. XV (1st সম্পাদনা). প্ৰকাশক Ahmedabad: Gujarat Vishvakosh Trust. পৃষ্ঠা. 535–536. OCLC 248968453. 
  3. 3.0 3.1 Geraldine Hancock Forbes (2005). Women in Colonial India: Essays on Politics, Medicine, and Historiography. Orient Blackswan. পৃষ্ঠা. 124–142, 173. ISBN 978-81-8028-017-7. https://books.google.com/books?id=ClNEJwXLNQIC&pg=PA173. 
  4. Rameshwari Devi; Romila Pruthi (1998). Women and the Indian Freedom Struggle: Sarojini Naidu. Pointer Publishers. পৃষ্ঠা. 249. ISBN 978-81-7132-164-3. https://books.google.com/books?id=t11uAAAAMAAJ. 
  5. 5.0 5.1 5.2 5.3 5.4 Chaudhari, Raghuveer, ed (2005). "લેખિકા-પરિચય" (gu ভাষাত). વીસમી સદીનું ગુજરાતી નારીલેખન (1st সম্পাদনা). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 349. ISBN 8126020350. OCLC 70200087. 
  6. William T. Pink; George W. Noblit (6 January 2017). Second International Handbook of Urban Education. Springer. পৃষ্ঠা. 390–391. ISBN 978-3-319-40317-5. https://books.google.com/books?id=gXLbDQAAQBAJ&pg=PA390. 
  7. 7.0 7.1 7.2 7.3 Jani, Balvant (1988). Datta, Amaresh. ed. Encyclopaedia of Indian Literature: K to Navalram. VIII. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 2658–2659. ISBN 978-0-8364-2423-2. https://books.google.com/books?id=29f0ugEACAAJ. 
  8. Gouri Srivastava (2000). Women's Higher Education in the 19th Century. Concept Publishing Company. পৃষ্ঠা. 157. ISBN 978-81-7022-823-3. https://books.google.com/books?id=AgHEF9QhJo8C&pg=PA157.