সমললৈ যাওক

সিংহ-নেজীয়া বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিংহ-নেজীয়া বান্দৰ
মতা
মাইকী
সংৰক্ষণ স্থিতি
CITES Appendix I (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Primate
উপবৰ্গ: Haplorhini
পৰিয়াল: Old World monkey
গণ: Macaque
প্ৰজাতি: M. silenus[1]
দ্বৈৰাশিক নামকৰণ
Macaca silenus[1]
(Linnaeus, 1758)[3]
Lion-tailed macaque range
সমাৰ্থক
  • Macaca albibarbatus (Kerr, 1792)
  • Macaca ferox (Shaw, 1792)
  • Macaca veter (Audebert, 1798)
  • Macaca vetulus (Erxleben, 1777)
  • Macaca silanus (F. Cuvier, 1822)
  • Simia silenus Linnaeus, 1758

সিংহ-নেজীয়া বান্দৰ (ইংৰাজী: Lion-tailed macaque বা Macaca silenus), হৈছে দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ এবিধ পুৰণি বান্দৰ প্ৰজাতিৰ জীৱ।

বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]

নেদাৰলেণ্ডৰ লেইডেনৰ নেচাৰেলিছ বায়’ডাইভাৰচিটি চেণ্টাৰত এই প্ৰজাতিৰ বান্দৰৰ এটা মূৰ সংৰক্ষিত হৈ আছে। এইটো ক'লা নোমেৰে আবৃত, আৰু মুখখন ধূসৰ বা ৰূপালী ৰঙৰ আকৰ্ষণীয় চুলিৰে আগুৰি আছে। এই বৈশিষ্ট্য সাধাৰণতে দুয়োটা লিংগতে পোৱা যায়। ইহঁতৰ মুখখন চুলিবিহীন আৰু ক’লা। এবছৰৰো কম বয়সৰ কেঁচুৱা অৱস্থাত অৱশ্যে গোলাপী ৰঙৰ হয়। এই বান্দৰৰ প্ৰজাতিটোক ইহঁতৰ চুলিৰ ধৰণৰ বাবে নহয়; দীঘল, পাতল আৰু উলংগ, দেখাত সিংহৰ দৰে ক’লা নেগুৰৰ গুৰিত একোঁ‌চা চুলি থকাৰ বাবেহে এইবুলি নামাকৰণ কৰা হৈছে। ইহঁতৰ নেগুৰৰ দৈৰ্ঘ্য প্ৰায় ২৫ চে.মি.(৯.৮ ইঞ্চি)। চকু দুটা হেজেলনাটৰ ছাঁৰ দৰে আৰু চকুৰ পতা ক’লাকৈ জিলিকা। আন বান্দৰৰৰ দৰে সিংহৰ নেগুৰযুক্ত বান্দৰৰো খাদ্য সংৰক্ষণৰ বাবে উপযোগীকৈ গালৰ দুয়োফালে গভীৰকৈ থোপা থাকে। মুখখনক আগুৰি থকা চুলিৰ বাবে এই বান্দৰবিধে জাৰ্মান নাম – "বিয়েৰ্ড এপে" পাইছে। মূৰৰ সৈতে শৰীৰৰ দৈৰ্ঘ্য ৪২–৬১ চে.মি. (১৭–২৪ ইঞ্চি) আৰু ওজন ২–১০ কিলোগ্ৰাম (৪.৪–২২.০ পাউণ্ড) ই সৰু আকাৰৰ মেকাক প্ৰজাতিৰ ভিতৰত স্থান লাভ কৰিছে। নৱজাতকৰ মুখখন পাতল আৰু চুলি নাথাকে, জন্মৰ দুমাহৰ পিছত প্ৰাপ্তবয়স্ক চুলিবোৰ বাঢ়িবলৈ ধৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 164. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100561. 
  2. 2.0 2.1 Singh, M.; Kumar, A.; Kumara, H.N. (2020). Macaca silenus. p. e.T12559A17951402. 
  3. Linne, C. (1758). "Simia silenius". Systema naturæ. Regnum animale. I (Tenth সম্পাদনা). প্ৰকাশক Lipsiæ: Sumptibus Guilielmi Engelmann. পৃষ্ঠা. 26. https://archive.org/details/carolilinnisys00linn/page/26/mode/1up. 
  4. "Lion-Tailed Macaque | New England Primate Conservancy" (en-US ভাষাত). 2021-12-11. https://neprimateconservancy.org/lion-tailed-macaque/। আহৰণ কৰা হৈছে: 2022-04-12.