সমললৈ যাওক

সিদ্ধাৰ্থ মালহোত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিদ্ধাৰ্থ মালহোত্ৰা

২০২৪ চনত মালহোত্ৰা
জন্ম ১৬ জানুৱাৰী, ১৯৮৫ (৩৯ বছৰ)
দিল্লী, ভাৰত
শিক্ষানুষ্ঠান শ্বহীদ ভগত সিং মহাবিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১২ – বৰ্তমান
দাম্পত্যসঙ্গী কিয়াৰা আদৱানী (বি. ২০২৩)
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকাখন চাওঁক

সিদ্ধাৰ্থ মালহোত্ৰা ([sɪˈd̪ʱːaːrt̪ʰ məlˈɦoːt̪raː]; জন্ম: ১৬ জানুৱাৰী ১৯৮৫)[1][2] এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল। কৰণ জোহৰ পৰিচালিত ২০১২ চনৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত তেওঁ পোনপ্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

তাৰ পিছত মালহোত্ৰাই ব্যৱসায়িকভাৱে সফল হোৱা ছবি যেনে ৰোমান্টিক কমেডী ছবি হাছি তোহ ফচি (২০১৪), থ্ৰিলাৰ ছবি এক ভিলেইন (২০১৪) আৰু পাৰিবাৰিক ছবি কাপুৰ এণ্ড সন্স (২০১৬) আদিত অভিনয় কৰে। ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত স্থান লাভ কৰিছিল।[3] এ জেন্টলমেন (২০১৭), আইয়াৰী (২০১৮) আৰু জবৰিয়া জোড়ী (২০১৯)ৰ দৰে তেওঁৰ বহুকেইখন ছবি বক্স অফিছত বিফল হয়। কেৰিয়াৰৰ অৱনতিৰ পাছত, তেওঁ যুদ্ধমূলক ছবি শ্বেৰশ্বাহ (২০২১)ত বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনে দৰ্শক তথা সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু তেওঁ "শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনয়ন লাভ কৰে।[4] ২০২৪ চনত তেওঁ একচন থ্ৰিলাৰধৰ্মী ৱেব ধাৰাবাহিক ইণ্ডিয়ান পুলিচ ফৰ্চত মুখ্য চৰিত্ৰত অভিনয় কৰে।

অভিনয়ৰ উপৰিও তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপে কাম কৰে। ২০২৩ চনত অভিনেত্ৰী কিয়াৰা আদৱানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

ভাৰতৰ দিল্লীৰ এটি পাঞ্জাবী হিন্দু পৰিয়ালত মালহোত্ৰাই জন্মগ্ৰহণ কৰিছিল।[5] তেওঁৰ পিতৃ মাৰ্চেণ্ট নেভিৰ প্ৰাক্তন অধিনায়ক সুনীল মালহোত্ৰা আৰু মাতৃ ৰিম্মা মালহোত্ৰা।[6]

মালহোত্ৰাই ডন বস্কো স্কুল (অলকানন্দা, নতুন দিল্লী), আৰু দিল্লীৰ নেভাল পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[7] ইয়াৰ পিছত তেওঁ দিল্লীৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[8] [9][10] ১৮ বছৰ বয়সত তেওঁ মডেলিং আৰম্ভ কৰে। সফলতা লাভ কৰে যদিও তেওঁ এই বৃত্তিটোত অসন্তুষ্ট হয় আৰু চাৰি বছৰৰ পাছত বৃত্তিটো এৰি দিয়াৰ সিদ্ধান্ত লয়।[5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Sidharth Malhotra turns 30, ready for 'action'". The Times of India. 16 January 2015. Archived from the original on 17 March 2017. https://web.archive.org/web/20170317065615/http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Sidharth-Malhotra-turns-30-ready-for-action/articleshow/45910369.cms। আহৰণ কৰা হৈছে: 10 September 2015. 
  2. "Happy Birthday Sidharth Malhotra: 'Ek Villain' actor gets ready for 'action' at 30". The Indian Express. Indo-Asian News Service. 16 January 2015. Archived from the original on 5 July 2018. https://web.archive.org/web/20180705003038/https://indianexpress.com/article/entertainment/bollywood/happy-birthday-sidharth-malhotra-ek-villain-actor-gets-ready-for-action-at-30/। আহৰণ কৰা হৈছে: 10 September 2015. 
  3. "2017 Celebrity 100". Forbes India. https://www.forbesindia.com/lists/2017-celebrity-100/1665/1। আহৰণ কৰা হৈছে: 22 December 2017. 
  4. "Sidharth Malhotra on Shershaah's success: 'It is satisfying, emotional and I feel extremely blessed'". Indian Express. 14 September 2021. Archived from the original on 23 April 2022. https://web.archive.org/web/20220423142439/https://indianexpress.com/article/entertainment/bollywood/sidharth-malhotra-on-shershaah-success-it-is-satisfying-emotional-and-i-feel-extremely-blessed-7508202/lite/। আহৰণ কৰা হৈছে: 23 April 2022. 
  5. 5.0 5.1 Lakhe, Amruta (7 February 2014). "Sidharth Malhotra talks about his journey from being the junior most to a lead actor". The Indian Express. http://indianexpress.com/article/entertainment/play/sidharth-malhotra-talks-about-his-journey-from-being-the-junior-most-to-a-lead-actor/. 
  6. Iyer, Meena (30 June 2012). "Siddharth Malhotra's short journey to stardom". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Siddharth-Malhotras-short-journey-to-stardom/articleshow/15253724.cms. 
  7. "Turning 30: Sidharth Malhotra, From Student to Villain to Superhero". NDTV.com. https://www.ndtv.com/photos/entertainment/turning-30-sidharth-malhotra-from-student-to-villain-to-superhero-19133. 
  8. "Famous actors who studied at Delhi University". The Economic Times. 4 August 2022. https://economictimes.indiatimes.com/news/india/famous-actors-who-studied-at-delhi-university/articleshow/93353373.cms?from=mdr. 
  9. "Sidharth Malhotra On Growing Up With An Army Background". YouTube. 12 August 2021. https://www.youtube.com/watch?v=fbYJoW-XUro&t=77s। আহৰণ কৰা হৈছে: 14 September 2021. 
  10. Gupta, Priya (11 December 2013). "I was dating a South African girl, but I'm now single: Sidharth Malhotra". The Times of India. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/I-was-dating-a-South-African-girl-but-im-now-single-Sidharth-Malhotra/articleshow/27183209.cms. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]