কিয়াৰা আদৱানী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কিয়াৰা আদৱানী | |
---|---|
২০২১ চনত আদৱানী | |
জন্ম | আলিয়া আদৱানী ৩১ জুলাই, ১৯৯১ (৩৩ বছৰ) বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
শিক্ষানুষ্ঠান | জয় হিন্দ মহাবিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান |
দাম্পত্যসঙ্গী | সিদ্ধাৰ্থ মালহোত্ৰা (বি. ২০২৩) |
আত্মীয়-স্বজন | অশোক কুমাৰ ছৈয়দ জাফ্ৰী |
আলিয়া আদৱানী (জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী ([kɪˈjaːra əɽˈʋaːɳi]), মূলতঃ হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৪ চনৰ হাস্যৰসাত্মক ছবি ফুগলীত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে। তেওঁ ২০১৬ চনৰ ক্ৰীড়া বায়'পিক ছবি এম.এছ. ধোনি: দ্য আনটল্ড ষ্ট'ৰীত এমএছ ধোনিৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৮ চনত মুক্তিপ্ৰাপ্ত নেটফ্লিক্সৰ ছবি লাষ্ট ষ্ট’ৰীজ আৰু তেলেগু ভাষাৰ ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ছবি ভাৰত আনে নেনুত মুখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।[1]
২০১৯ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী দুখন হিন্দী ছবি, ৰোমান্টিক ছবি কবীৰ সিং আৰু কমেডী ছবি গুড নিউজত কৰা অভিনয়ৰ বাবে আদৱানীয়ে ভূয়সী প্ৰশংসা লাভ কৰে। গুড নিউজ ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ আইফা বঁটা" লাভ কৰে। ২০২২ চনত মুক্তিপ্ৰাপ্ত ছবি ভূল ভুলাইয়া ২ আৰু জুগজুগ জীয়ো, দুয়োখনে ছবিয়েই ব্যৱসায়িকভাৱে সফল হয়। যুদ্ধমূলক ছবি শ্বেৰশ্বাহ (২০২১)ত বিক্ৰম বাত্ৰাৰ প্ৰেমিকা আৰু ৰোমান্টিক ছবি সত্যপ্ৰেম কী কথা (২০২৩)ত এগৰাকী অশান্ত বিবাহিত মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ "শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনীত হয়।[2]
অভিনয়ৰ উপৰিও তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপেও কাম কৰে। ২০২৩ চনত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়৷[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "কিয়াৰা আদৱানী". News18 Assam. https://assam.news18.com/tag/kiara-advani/। আহৰণ কৰা হৈছে: ৩১ জুলাই ২০২৪.
- ↑ "গুগলত এই বছৰত সৰ্বাধিক চাৰ্চ কৰা তালিকাৰ শীৰ্ষত আছে কিয়াৰা আদৱানীৰ নাম". ETV Bharat. https://www.etvbharat.com/amp/assamese/assam/entertainment/movie/google-year-in-search-2023-kiara-advani-most-searched-person-in-india/assam20231212171311652652397। আহৰণ কৰা হৈছে: ৩১ জুলাই ২০২৪.
- ↑ "২০২৩ৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰী কিয়াৰা আদৱানী". Asomiya Pratidin. https://www.asomiyapratidin.in/lifestyle/kiara-advani-becomes-the-most-searched-actress-in-google-this-year। আহৰণ কৰা হৈছে: ৩১ জুলাই ২০২৪.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত কিয়াৰা আদৱানী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কিয়াৰা আদৱানী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- কিয়াৰা আদৱানী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য