সমললৈ যাওক

সুঁৱৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুঁৱৰি বা স'ৰি
পালন কৰে দক্ষিণ কামৰূপ
প্ৰকাৰ বসন্তোৎসৱ

সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ। এই উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য আকৰ্ষণ হ'ল দধি মথন ভাওনাৰ অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে জনসাধাৰণে স্মৰণ কৰাৰ সুযোগ পায় বাবে ইয়াৰ নাম সুঁৱৰি (সংস্কৃতত স্মৰণিকা)।[1]

আদিতে এই উৎসৱ গুইমাৰা,পলাশবাৰী ,ৰামপুৰ, খতিয়ামাৰী, পাৰ্ল্লী, নহিৰা, ছয়গাঁও, বৰদুৱাৰ,আজাৰা, বৰ হেৰামদ, শ্যামৰায়, শিকাৰহাটী আদিকৈ মাত্ৰ কেইখনমান ঠাইতে পালন কৰা হৈছিল যদিও বৰ্তমানে তাৰ ব্যাপকতা দেখা যায়। সাধাৰণতে গাঁৱৰ নামঘৰত এই উৎসৱ অনুষ্ঠিত হয় যদিও সুবিধা নথকা ঠাইবোৰত মুকলি পথাৰতেই সাময়িকভাৱে বাহঁৰ খুটা পুতি ৰভা দি ইয়াৰ আয়োজন কৰে। ওচৰৰ নামঘৰসমূহৰ বিগ্ৰহসমূহ আসনেৰে সৈতে আনি সুঁৱৰি-থলীৰ পূৰ্ব দিশত এটা শাৰীত স্থাপন কৰা হয়।উপস্থিত লোকসকলে ফুলৰ মালা আৰু পইচা বিগ্ৰহলৈ আগবঢ়াই সেৱা জনায়। সুঁৱৰি-থলিত চাৰিটা কলৰ পুলিৰ সোঁমাজত কলৰ দোনাৰে সুদৃশ্যকৈ সজা বেদীৰে দধিমথন মণ্ডপ সজা হয়।বেদীত সংস্হাপিত হয় পাঁচডাল জাকজমকপূৰ্ণ মথনিমাৰি । মাৰিকেইডাল ভালদৰে ঘূৰিবলৈ তাৰ তলত থাকে মাটিৰ টেকেলী একোটা। দধি মঠন মণ্ডপত পকা কলৰ থোকা ,মাখনৰ প্ৰভৃতি আঁৰি থোৱা হয়। আবেলি পৰত আৰম্ভ হয় দধিমথন ভাওনা।খুলীয়া দলৰ সহায়ত অনুষ্ঠিত এই ভাওনাৰ নাট মেলনৰ পদ্ধতি চকুত লগা।নাটৰ চৰিত্ৰসমূহৰ ভিতৰত আছে- শিশু কৃষ্ণ, বলোৰাম, নন্দ, যশোদা আৰু গোৱালিনীসকল। কিছুদিনৰ আগলৈকে দধিমথন ভাওনাৰ আটাইবোৰ ভাও মতা মানুহেই দিছিল। আজিকালি অৱশ্যে গোপী আৰু যশোদাৰ ভাও ছোৱালীয়ে দিয়ে। দধিমথনৰ লগে পালন কৰা আনটো অনুষ্ঠান হ'ল- ডলা দিয়া বা ঠগী দিয়া অনুষ্ঠান। ইয়াত কৃষ্ণ- বলোৰামৰ উপৰি বাৰগোপাল, নাৰদ, গৰ্গ মুনি আৰু বান্দৰৰ ভাও দিয়া ল'ৰা কেইজনমান থাকে। এওঁলোক ৰভাৰ তলত বিশেষভাৱে সংৰক্ষিত আসনত বহে। ধৰ্মপ্ৰাণ লোকে বাৰগোপাললৈ বিভিন্ন সামগ্ৰী আগবঢ়ায়। তেওঁলোকে ওঁঠ বজাই আশীৰ্বাদ দিয়ে। সুঁৱৰি-থলী দুপৰীয়াৰপৰা গধূলিলৈ মেলামুখী হয়।গধূলিৰ লগে লগে পথাৰলৈ অনা বিগ্ৰহবোৰ লৈ গাওঁ ফুৰোৱা হয়। কোনো কোনো ঠাইত সুঁৱৰিৰ দিনা গধূলি পাউৰা ঘূৰাই বিহুৰ সৰি ভাঙে। কিছুদিন আগলৈকে কোনো কোনো সুঁৱৰিৰ থলীত অগণন লোকৰ সমুখত ডেকা-গাভৰুৱে মালা দি বিবাহ-পাশত আবদ্ধ হৈছিল। এনে বিয়া মালা দিয়া বিয়া ৰূপে পৰিচিত। সুঁৱৰি উৎসৱৰ গইনা লৈ ভালেখিনি লোকবিশ্বাসে গা কৰি উঠাটো উল্লেখযোগ্য।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 দাস,ড° নাৰায়ণ; ৰাজবংশী , ড° পৰমানন্দ (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ৩০৬.