সুনেত্ৰা গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনেত্ৰা গুপ্তা

২০২০ চনত সুনেত্ৰা গুপ্তা
জন্ম ১৫ মাৰ্চ, ১৯৬৫ (৫৯ বছৰ)
কলিকতা, পশ্চিমবঙ্গ, ভাৰত
নাগৰিকত্ব ব্ৰিটিছ
ক্ষেত্ৰ মহামাৰীবিজ্ঞান, বিৱৰ্তনীয় জীৱ-বিজ্ঞান
কৰ্মস্থান অক্সফৰ্ড বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান প্ৰিন্সট'ন বিশ্ববিদ্যালয়
লণ্ডন ইম্পেৰিয়েল কলেজ
উল্লেখনীয় বঁটা লণ্ডন প্ৰাণীতত্ত্ব বিভাগ (লণ্ডন জুল'জিকেল চ'ছাইটি) বিজ্ঞানীৰ পদক
ৰ'জালিণ্ড ফ্ৰেঙ্কলিন বঁটা
সাহিত্য অকাডেমি বঁটা
দাম্পত্যসঙ্গী আদ্ৰিয়ান বি এছ হিল (বি. ১৯৯৪; বিবি. ২০২০)
সতি-সন্ততি দুজন

সুনেত্ৰা গুপ্তা (ইংৰাজী: Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫)[1] এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক। তেওঁ মেলেৰিয়া, ইনফ্লুৱেঞ্জা আৰু কোভিড-১৯ কে ধৰি বিবিধ সংক্ৰমিত বেমাৰৰ সংক্ৰমণ গতিবিদ্যা সংক্ৰান্তীয় গৱেষণা কৰিছে আৰু লণ্ডন প্ৰাণীতত্ত্ব বিভাগ (লণ্ডন জুল’জিকেল চ’ছাইটি)ৰ বিজ্ঞানীৰ পদক আৰু ‘ৰয়েল চছাইটি’ৰ ৰ’জালিণ্ড ফ্ৰেংকলিন বঁটা লাভ কৰিছে।

গুপ্তা এগৰাকী সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিকো।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

ধ্ৰুৱ আৰু মৃণালিনী গুপ্তাৰ সন্তান ৰূপে ভাৰতৰ কলিকতাত সুনেত্ৰাৰ জন্ম হয়। [2]তেওঁ জীৱবিজ্ঞান বিষয়ত শিক্ষা লৈছিল আৰু প্ৰিন্সট'ন বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ‘সংক্ৰামক ৰোগৰ সংক্ৰমণ গতিশীলতা’ বিষয়ক গৱেষণাপত্ৰ লিখি সুনেত্ৰাই ১৯৯২ চনত লণ্ডন ইম্পেৰিয়েল কলেজৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। [3]

কৰ্মজীৱন আৰু গৱেষণা[সম্পাদনা কৰক]

পদবী[সম্পাদনা কৰক]

গুপ্তা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক, য'ত তেওঁ সংক্ৰামক ৰোগ এপিডেমিঅ'লজিষ্টৰ এটা দলৰ নেতৃত্ব দিয়ে। তেওঁ মেলেৰিয়া, এইচ আই ভি, ইনফ্লুৱেঞ্জা, বেক্টেৰিয়াজনিত মেনিনজাইটিছ আৰু কোভিড-19 কে ধৰি বিভিন্ন সংক্ৰামক ৰোগৰ ওপৰত গৱেষণা কৰিছে। তেওঁ অক্সফৰ্ডৰ মেৰটন কলেজৰ এগৰাকী অতিসংখ্যাৰ সহযোগী।[4]সুনেত্ৰা প্ৰিন্সট'ন বিশ্ববিদ্যালয় প্ৰেছৰ ইউৰোপীয় উপদেষ্টা মণ্ডলীতো বহে।[5]

স্বীকৃতি[সম্পাদনা কৰক]

গুপ্তাক ২০০৭ চনৰ লণ্ডন প্ৰাণীতত্ত্ব বিভাগ (লণ্ডন জুল’জিকেল চ’ছাইটি)ৰ বিজ্ঞানীৰ পদক[6] আৰু ২০০৯ চনৰ ৰয়েল চছাইটিৰ ৰ’জালিণ্ড ফ্ৰেংকলিন বঁটা[7] প্ৰদান কৰা হৈছে। ২০১৩ চনৰ জুলাই মাহত মেডাম কুৰিৰ দৰে আগশাৰীৰ মহিলা বিজ্ঞানীৰ সৈতে সন্মানীয় ৰয়েল চ’ছাইটিৰ গ্ৰীষ্মকালীন বিজ্ঞান প্ৰদৰ্শনীত গুপ্তাৰ প্ৰতিকৃতি প্ৰদৰ্শিত হৈছিল।[8]

কোভিদ-১৯[সম্পাদনা কৰক]

গুপ্তা ক'ভিড-১৯ মহামাৰীৰ লকডাউন পদ্ধতিৰ সমালোচক আৰু গ্ৰেট বেৰিংটন ঘোষণাপত্ৰৰ প্ৰাথমিক লেখকসকলৰ ভিতৰত এজন আছিল, যি ব্যক্তিগত বিপদাশংকাৰ স্তৰৰ ওপৰত আধাৰ কৰি ক'ভিড-১৯ মহামাৰীৰ প্ৰতি এক গুৰুত্বপূৰ্ণ সঁহাৰি ৰখাৰ পোষকতা কৰিছিল।[9][10]

কল্প-সাহিত্য[সম্পাদনা কৰক]

গুপ্তাই বঙালী ভাষাত তেওঁৰ প্ৰথমখন কল্প-সাহিত্যৰ কিতাপ লিখিছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাসমূহৰ অনুবাদক। ইংৰাজীত তেওঁৰ কেইবাখনো উপন্যাস প্ৰকাশ হৈছে। ২০১২ চনৰ অক্টোবৰ মাহত তেওঁৰ পঞ্চমখন উপন্যাস চ' গুড ইন ব্লেক (২০০৯) দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ‘ডি এছ চি পুৰস্কাৰ’ৰ তালিকাভুক্ত হয়। [11] তেওঁৰ উপন্যাসে সাহিত্য অকাডেমি বঁটা, ‘চাউথাৰ্ণ আৰ্ট ফেডাৰেচন লিটাৰেচাৰ প্ৰাইজ’ আদি পোৱাৰ উপৰিও ‘ভ’ডাফোন ক্ৰছবৰ্ড বুক এৱাৰ্ড’, ‘অৰেঞ্জ প্ৰাইজ’ আদিৰ বাবে মনোনয়ন লাভ কৰিছে। [12]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সুনেত্ৰাই ১৯৯৪ চনৰপৰা ২০২০ চনলৈ আইৰিছ ভেকচিনোলজিষ্ট আদ্ৰিয়ান ভি এচ হিলৰ সৈতে বৈবাহিক জীৱন যাপন কৰিছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে।[1][13][14]

উপন্যাসসমূহ[সম্পাদনা কৰক]

  • মেম'ৰিজ অৱ ৰেইন (১৯৯২)
  • দ্য গ্লাচ্ব্ল'ৱাৰচ্‌ ব্ৰেথ (১৯৯৩)
  • মুনলাইট ইনটু মাৰ্জিপণ্ট (১৯৯৫)
  • আ চিন অৱ কালাৰ (১৯৯৯)
  • চ' গুড ইন ব্লেক (২০০৯)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Gupta, Prof. Sunetra. Who's Who. A & C Black, an imprint of Bloomsbury Publishing plc. http://www.ukwhoswho.com/view/article/oupww/whoswho/U246715.  closed access publication – behind paywall
  2. "Weekend Birthdays", The Guardian: 51, 15 March 2014 
  3. Gupta, Sunetra (1992). Heterogeneity and the transmission dynamics of infectious diseases (PhD thesis). Imperial College London. EThOS uk.bl.ethos.309107. Archived from the original on 2016-01-29. https://web.archive.org/web/20160129195054/http://ethos.bl.uk/OrderDetails.do?uin=uk.bl.ethos.309107। আহৰণ কৰা হৈছে: 2021-09-02. 
  4. "Professor Sunetra Gupta: Supernumerary Fellow". Merton College, OxfordCollege Life & People. Archived from the original on 24 March 2022. https://web.archive.org/web/20220324123829/https://www.merton.ox.ac.uk/people/professor-sunetra-gupta। আহৰণ কৰা হৈছে: 7 October 2020. 
  5. Princeton University Press, European Advisory Board Archived 2011-06-08 at the Wayback Machine
  6. "ZSL Scientific Medal Winners". Zoological Society of London. Archived from the original on 4 July 2020. https://web.archive.org/web/20200704093755/https://www.zsl.org/sites/default/files/media/2019-12/ZSL%20Scientific%20Medal%20Winners.pdf। আহৰণ কৰা হৈছে: 11 October 2020. 
  7. "Surviving pandemics: a pathogen's perspective". Royal Society. https://royalsociety.org/science-events-and-lectures/2009/surviving-pandemics/। আহৰণ কৰা হৈছে: 11 October 2020. 
  8. "Indian woman scientist's portrait to be exhibited in Britain". The Times of India. Archived from the original on 2013-07-25. https://web.archive.org/web/20130725040146/http://articles.timesofindia.indiatimes.com/2013-07-21/nri-achievers/40708277_1_indian-woman-scientist-image-problem-calcutta. 
  9. Swinford, Steven (7 October 2020). "Lift coronavirus curbs and go for herd immunity, urges coalition of scientists". The Times. https://www.thetimes.co.uk/edition/news/lift-coronavirus-curbs-and-go-for-herd-immunity-urges-coalition-of-scientists-3599v25n3. 
  10. Sample, Ian (6 October 2020). "Scientists call for Covid herd immunity strategy for young". The Guardian. https://www.theguardian.com/world/2020/oct/06/scientists-call-for-herd-immunity-covid-strategy-for-young. 
  11. "biography". Sunetra Gupta. http://www.sunetragupta.com/biography.asp। আহৰণ কৰা হৈছে: 1 September 2013. 
  12. "Orange Prize longlist announced". The Guardian. 20 March 2000. https://www.theguardian.com/books/2000/mar/20/news. 
  13. Loder, Natasha (2000-06-22). "Oxford scientist wins the battle for her reputation". Telegraph. https://www.telegraph.co.uk/news/uknews/1344293/Oxford-scientist-wins-the-battle-for-her-reputation.html. 
  14. "Corrections and clarifications" (en ভাষাত). The Guardian. 2020-06-08. http://www.theguardian.com/news/2020/jun/08/corrections-and-clarifications। আহৰণ কৰা হৈছে: 2020-10-21. ""An interview with Prof Sunetra Gupta said she was married to Adrian Hill, the director of Oxford’s Jenner Institute. This is no longer the case""