সমললৈ যাওক

স্মৃতি মান্ধানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্মৃতি মান্ধানা
{{{imagealt}}}
২০১৯ চনত স্মৃতি মান্ধানা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম স্মৃতি শ্ৰীনিৱাস মান্ধানা
জন্ম ১৮ জুলাই, ১৯৯৬ (২৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
বেটিং শৈলী বাওঁহতীয়
বলিং শৈলী সোঁহতীয়া মিডিয়াম ফাষ্ট বলিং
ভূমিকা অপেনিং বেটাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (কেপ ৭৬) ১৩ আগষ্ট ২০১৪ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ২৯ জুন ২০২৪ বনাম দক্ষিণ আফ্ৰিকা
অ'ডিআই অভিষেক (কেপ ১০৬) ১০ এপ্ৰিল ২০১৩ বনাম বাংলাদেশ
অন্তিম অ'ডিআই ২৩ জুন ২০২৪ v দক্ষিণ আফ্ৰিকা
অ'ডিআই চোলা নং. ১৮
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৪০) ৫ এপ্ৰিল ২০১৩ v বাংলাদেশ
অন্তিম আন্তৰ্জাতিক টি২০ ৯ জানুৱাৰী ২০২৪ বনাম অষ্ট্ৰেলিয়া
টি২০ চোলা নং. ১৮
ঘৰুৱা দলৰ তথ্য
বছৰ দল
2010/11–present মহাৰাষ্ট্ৰ মহিলা ক্ৰিকেট দল
২০১৬/১৭ ব্ৰিছবেন হিট
২০১৮/১৯ হোবাৰ্ট হাৰিকেন
২০১৮–২০১৯ ৱেষ্টাৰ্ণ ষ্টৰ্ম
২০১৮–২০২২ আইপিএল ট্ৰেইলব্ৰেজাৰছ
২০২১–বৰ্তমানলৈকে চাউথাৰ্ণ ব্ৰেভ
2021/22 ছিদনি থাণ্ডাৰ
২০২৩–বৰ্তমানলৈকে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা মহিলা টেষ্ট ক্ৰিকেট দল মহিলা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় মহিলা টি২০ আন্ত:ৰাষ্ট্ৰীয় মহিলা বিগ বেশ্ব লীগ
মুঠ খেল ৮২ ১২৮ ৩৮
ৰাণ ৪৮০ ৩২৪২ ৩১০৪ ৭৮৪
বেটিং গড় ৪৮ ৪২.৬ ২৭.৫ ২৪.৫০
শতক/অৰ্ধশতক ২/৪ ৭/২৬ ০/২৩ ১/৪
সৰ্বোচ্চ ৰাণ ১৪৯ ১৩৬ ৮৭ ১২৪*
বল ১২ ২৮
উইকেট 1
বলিং গড় ১৩.০০ ৬.০০
এক ইনিংছত ৫টা উইকেট 0
এখন খেলত ১০টা উইকেট 0
শ্ৰেষ্ঠ বলিং ১/১৩ ২/৬
কেচ্চ/ষ্টাম্পিং ১/– ২১/– ২৬/– ১২/–
উৎস: ESPNCricinfo, ৯ জানুৱাৰী ২০২৪ {{{year}}}

স্মৃতি শ্ৰীনিবাস মান্ধনা (ইংৰাজী: Smriti Mandhana, জন্ম: ১৮ জুলাই ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা দলৰ প্ৰতিনিধি৷ স্মৃতি মান্ধানাই মহিলা প্ৰিমিয়াৰ লীগ (WPL)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে।[1][2][3] ঘৰুৱা ক্ৰিকেটত তেওঁ মহাৰাষ্ট্ৰ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰে।[3]

২০১৮ চনৰ জুন মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) তেওঁক 'শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ' বঁটা প্ৰদান কৰে৷[4]২০১৮ চনৰ ডিচেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে ৰেচেল হেইহ'-ফ্লিণ্ট বঁটা প্ৰদান কৰে।[5]২০২১ চনৰ ৩০ ডিচেম্বৰত তেওঁ আইচিচিৰ মহিলা টি-২০ৰ বাবে বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ হিচাপে মনোনীত হয়।[6]২০২১ চনৰ ডিচেম্বৰ মাহত টেমি বিউমণ্ট, লিজেল লি আৰু গেবী লুইছৰ লগতে স্মৃতি মান্ধানা আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হৈছিল।[7]২০২২ চনৰ জানুৱাৰী মাহত আইচিচিয়ে তেওঁক পুনৰবাৰ আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ হিচাপে ৰেচেল হেইহ'-ফ্লিণ্ট বঁটা প্ৰদান কৰে।[8]

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৬ চনৰ ১৮ জুলাইত মহাৰাষ্ট্ৰৰ মুম্বাইত এটি মাৰোৱাৰী হিন্দু পৰিয়ালত স্মৃতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰীনিবাস মান্ধানাই ৰাসায়নিক বিতৰক হিচাপে কাম কৰিছিল৷ আনহাতে মাক স্মিতা মান্ধনা গৃহিণী আছিল।[9][10][11] স্মৃতিৰ দুবছৰ বয়সত পৰিয়ালটো মহাৰাষ্ট্ৰৰ ছাংগলীৰ উপকণ্ঠ অঞ্চল মাধৱনগৰলৈ গুচি যায় আৰু তাতেই তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ ছাংগলীৰ চিন্তামন ৰাও বাণিজ্য মহাবিদ্যালয়ত পঢ়িছিল।[12][13] মান্ধানাৰ পিতৃয়ে ছাংগলীৰ হৈ জিলা পৰ্যায়ত ক্ৰিকেট খেলিছিল। তেওঁৰ লগতে তেওঁৰ ভাতৃ শ্ৰৱণেও ক্ৰিকেট খেলিছিল। শ্ৰৱণ বৰ্তমান বেংকৰ মেনেজাৰ। মহাৰাষ্ট্ৰ ৰাজ্যিক ১৬ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ভাতৃয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখি মান্ধানাই এই খেলবিধ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। ন বছৰ বয়সত মহাৰাষ্ট্ৰৰ ১৫ বছৰ অনুৰ্ধ দলৰ বাবে মান্ধানা নিৰ্বাচিত হয় আৰু এঘাৰ বছৰ বয়সত মহাৰাষ্ট্ৰৰ ১৯ বছৰ অনুৰ্ধ দলত স্থান লাভ কৰে।[12]

ঘৰুৱা কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৩ চনৰ অক্টোবৰ মাহত তেওঁৰ প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰে, যেতিয়া তেওঁ এদিনীয়া খেলত দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। গুজৰাটৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ খেলি তেওঁ বৰোদাৰ আলেম্বিক ক্ৰিকেট খেলপথাৰত পশ্চিম মণ্ডলৰ ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ১৫০ বলত অপৰাজিত ২২৪ ৰান সংগ্ৰহ কৰে।[14]

২০১৬ চনৰ মহিলা চেলেঞ্জাৰ ট্ৰফীত মান্ধানাই ইণ্ডিয়া ৰেডৰ খেলি তিনিটাকৈ অৰ্ধশতক অৰ্জন কৰিছিল, আৰু ইণ্ডিয়া ব্লুৰ বিৰুদ্ধে ফাইনেলত ৮২টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক ট্ৰফী জয় কৰাত সহায় কৰিছিল৷ ইয়াৰ উপৰি ১৯২ ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক স্ক'ৰাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷ [15]

২০১৬ চনৰ ছেপ্টেম্বৰ মাহত মান্ধানাই ব্ৰিজবেন হিটৰ সৈতে মহিলা বিগ বেছ লীগ (WBBL)ৰ বাবে এবছৰৰ বাবে চুক্তিবদ্ধ হয় আৰু হৰমনপ্ৰীত কৌৰৰ সৈতে লীগৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথম দুগৰাকী ভাৰতীয়ৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হয়।[16] ২০১৭ চনৰ জানুৱাৰী মাহত মেলবৰ্ণ ৰেনেগেডছৰ বিৰুদ্ধে খেলি থাকোঁতে স্মৃতি আঁঠুৰ আঘাতৰ বাবে খেলপথাৰতে পৰি যায়। মান্ধানাই ১২টা ইনিংছত ৮৯ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ বাকী অংশৰ পৰা বাহিৰ হয়।[17][18]

২০১৮ চনৰ জুন মাহত মান্ধানাই কিয়া ছুপাৰ লীগৰ ডিফেণ্ডিং চেম্পিয়ন ৱেষ্টাৰ্ণ ষ্টৰ্মৰ সৈতে চুক্তিবদ্ধ হয় আৰু লীগত খেলা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।[19]২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁক ২০১৮–১৯ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে হোবাৰ্ট হাৰিকনেছৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[20][21]২০২১ চনত তেওঁক চাউদাৰ্ণ ব্ৰেভে দ্য হাণ্ড্ৰেডৰ উদ্বোধনী ছিজনৰ বাবে অন্তৰ্ভুক্ত কৰে।[22]তেওঁলোকৰ হৈ মান্ধানাই ৭খন খেলত ১৬৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৰ লগত চামিল হয়।[23]

২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক ২০২১-২২ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে ছিডনী থাণ্ডাৰৰ দলত অন্তৰ্ভুক্ত কৰা হয়।[24][25] এই ছিজনত তেওঁ এশৰাণৰ স্ক'ৰ কৰি প্ৰতিযোগিতাখনৰ এতিয়ালৈকে সৰ্বাধিক স্ক'ৰৰ অভিলেখ স্পৰ্শ কৰে।[26]

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক চাউদাৰ্ণ ব্ৰেভে 2022 edition of the Hundredৰ বাবে পুনৰ অন্তৰ্ভুক্ত কৰে।[27]

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা উদ্বোধনী ডব্লিউ পি এল নিলামত তেওঁক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ৩.৪ কোটি টকাত ক্ৰয় কৰিছিল, যাৰ ফলত তেওঁ নিলামত সৰ্বাধিক দৰদাম কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল আৰু দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছিল।[28][1]তেওঁৰ অধিনায়কত্বত ২০২৪ চনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে ডব্লিউ পি এল খিতাপ দখল কৰে। দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে প্ৰতিযোগিতাখন সমাপ্ত কৰি মান্ধানাই আৰচিবিৰ সফল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[29]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

[সম্পাদনা কৰক]

স্মৃতি মান্ধানাই ২০১৪ চনৰ আগষ্ট মাহত ৱৰ্মছলি পাৰ্কত ইংলেণ্ডৰ বিৰুদ্ধে খেলি টেষ্টত অভিষেক ঘটায়। প্ৰথম আৰু দ্বিতীয় ইনিংছত তেওঁ যথাক্ৰমে ২২ আৰু ৫১ ৰান কৰি নিজৰ দলটোক মেচখন জয় কৰাত সহায় কৰিছিল৷ তাৰ পিছৰ ইনিংছত তেওঁ থিৰুছ কামিনিৰ সৈতে ৭৬ ৰানৰ উদ্বোধনী উইকেটৰ অংশীদাৰিত্বত অংশগ্ৰহণ কৰিছিল আৰু ১৮২ ৰান কৰিছিল।[30][31]

২০১৬ চনত হোবাৰ্টৰ বেলেৰিভ অভালত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বিতীয়খন এদিনীয়া খেলত মান্ধানাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শতক (১০৯টা বলত ১০২টা) অৰ্জন কৰে।[32]মান্ধানা আছিল একমাত্ৰ ভাৰতীয় খেলুৱৈ যি ২০১৬ চনৰ আইচিচিৰ মহিলা দলৰ ভিতৰত স্থান লাভ কৰিছিল।[33]

মান্ধানাই ২০১৭ চনৰ বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত হয়৷ পাঁচ মাহৰ আৰোগ্য লাভৰ সময়ছোৱাত তেওঁ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপ কোৱালিফায়াৰ আৰু কোৱাড্ৰেংগুলাৰ ছিৰিজত অংশ ল'ব নোৱাৰিলে৷[34]ডাৰ্বিত ইংলেণ্ডৰ বিৰুদ্ধে ৯০ ৰান সংগ্ৰহ কৰি তেওঁ বিশ্বকাপ আৰম্ভ কৰিছিল। তেওঁ নিজৰ দলটোক ৩৫ ৰাণেৰে জয়লাভ কৰাত সহায় কৰে, আৰু মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।[35]তাৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দ্বিতীয় শতক(১০৬*) অৰ্জন কৰে৷

২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৰ মান্ধানা অংশ আছিল৷ ফাইনেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈছিল।[36][37][38]

২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিপক্ষে স্মৃতি মান্ধানা, মহিলা বিশ্বকাপ ক্ৰিকেটত

মান্ধানাই ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে মহিলা টি-২০ত মাত্ৰ ২৪টা বলত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম পঞ্চাশ অৰ্জন কৰিছিল। ২০১৮ চনৰ মাৰ্চ মাহত মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় (WT20I) খেলতো ভাৰতৰ হৈ তেওঁ পঞ্চাশটা অৰ্জন কৰিছিল৷ ইয়াৰ পিছত তেওঁ ২০১৭–১৮ চনৰ ভাৰত মহিলাৰ ত্ৰিদেশীত শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে৷ [39] পিছৰ মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখন এদিনীয়া মেচৰ বাবে তেওঁক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।[40]২০১৮ চনৰ ৩ আগষ্টত ২০১৮ চনৰ মহিলা ক্ৰিকেট ছুপাৰ লীগত প্ৰথম শতক অৰ্জন কৰে।[41][42]

২০১৮ চনৰ অক্টোবৰ মাহত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা মহিলা বিশ্ব টি-২০ প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলত তেওঁ স্থান লাভ কৰে।[43][44]প্ৰতিযোগিতাখনৰ পূৰ্বে তেওঁক দলৰ তাৰকা হিচাপে নিৰ্বাচিত কৰা হয়।[45]প্ৰতিযোগিতাখনৰ সময়ত তেওঁ ভাৰতৰ বাবে WT20I মেচত ১০০০ ৰান সংগ্ৰহ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[46]সেই বছৰতে তেওঁ ৬৬.৯০ গড়ে ৬৬৯ ৰান সংগ্ৰহ কৰি মহিলা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলৰ আগশাৰীৰ ৰাণ স্ক’ৰাৰ হিচাপে বিবেচিত হৈছিল। আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ আৰু আইচিচিৰ বছৰৰ মহিলা এদিনীয়া খেলুৱৈ হিচাপে মান্ধানা নিৰ্বাচিত হয়।[47]

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ বাবে ভাৰতৰ মহিলা টি-২০ আই দলৰ অধিনায়ক হিচাপে মান্ধানা নিৰ্বাচিত হৈছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ খেলত ইংলেণ্ডৰ বিৰুদ্ধে মহিলা দলৰ নেতৃত্ব দি ভাৰতৰ হৈ কনিষ্ঠতম টি-২০ অধিনায়ক হিচাপে পৰিগণিত হয়। ২২ বছৰ আৰু ২২৯ দিন বয়সত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অ’পেনাৰগৰাকীয়ে গোৰোহাৰ আঘাতৰ বাবে তিনিখন মেচৰ শৃংখলাৰ পৰা বাদ পৰা হৰমনপ্ৰীত কৌৰৰ ঠাইত দায়িত্ব লয়।[48]

২০১৯ চনৰ মে' মাহত তেওঁ চিইএটি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বঁটা ২০১৯ত বছৰৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰে।[49] ২০১৯ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজৰ সময়ত তেওঁ ইনিংছৰ ক্ষেত্ৰত তৃতীয় দ্ৰুততম ক্ৰিকেটাৰ হিচাপে মহিলা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় মেচত ২০০০ ৰান সংগ্ৰহ কৰে৷ তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ ৫১টা ইনিংছৰ সহায় লয়।[50]

মান্ধানাই ২০২০ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া ২০২০ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[51]

২০২১ চনৰ মে' মাহত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ একক খেলৰ বাবে স্মৃতিক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়।[52] ২০২১ চনৰ আগষ্ট মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ একক খেলৰ বাবেও তেওঁক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়।[53]মেচখনৰ প্ৰথম ইনিংছত তেওঁ টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে।[54] অষ্ট্ৰেলিয়াত এদিনীয়া আৰু টেষ্ট দুয়োটা খেলতে শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে মান্ধানা পৰিগণিত হয়।[55][56] ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ ২০২২ চনৰ নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।[57]২০২২ চনৰ জুলাই মাহত ইংলেণ্ডৰ বাৰ্মিংহামত ২০২২ চনৰ কমনৱেলথ গেমছত ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হয়।[58]

২০২২ চনত হাংঝোত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেওঁ সোণৰ পদক লাভ কৰে।[59]

১৬ জুলাই ২০১৯ তাৰিখে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰি থকা অৱস্থাত স্মৃতি

ৰাষ্ট্ৰীয় সন্মান

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "WPL Auction 2023: Royal Challengers Bangalore Buys Smriti Mandhana For Whopping Rs 3.40 Cr" (en ভাষাত). English Jagran. 13 February 2023. https://english.jagran.com/cricket/wpl-auction-2023-royal-challengers-bangalore-buys-smriti-mandhana-for-whopping-rs-340-cr-10064937. 
  2. "Smriti Mandhana". ESPNcricinfo. http://www.espncricinfo.com/india/content/player/597806.html। আহৰণ কৰা হৈছে: 6 April 2014. 
  3. 3.0 3.1 "Smriti Mandhana's journey from following her brother to practice to becoming a pivotal India batsman". ESPNcricinfo. http://www.espncricinfo.com/women/content/story/984993.html। আহৰণ কৰা হৈছে: 4 May 2016. 
  4. "Kohli, Harmanpreet, Mandhana win top BCCI awards". ESPNcricinfo. http://www.espncricinfo.com/india/content/story/1148763.html। আহৰণ কৰা হৈছে: 7 June 2018. 
  5. "Smriti Mandhana wins Rachael Heyhoe-Flint Award". International Cricket Council. https://www.icc-cricket.com/media-releases/961535। আহৰণ কৰা হৈছে: 31 December 2018. 
  6. PTI (31 December 2021). "Smriti Mandhana among four nominees for ICC Women's Cricketer of the Year Award | Cricket News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/cricket/news/smriti-mandhana-among-four-nominees-for-icc-womens-cricketer-of-year-award/articleshow/88616919.cms. 
  7. ANI | , Dubai (31 December 2021). "Smriti Mandhana among nominees for ICC Women's Cricketer of the Year" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/cricket/smriti-mandhana-among-nominees-for-icc-women-s-cricketer-of-the-year-101640954924912.html. 
  8. "Winner of the Rachael Heyhoe Flint Trophy for the ICC Women's Cricketer of the Year revealed". International Cricket Council. https://www.icc-cricket.com/news/2455823। আহৰণ কৰা হৈছে: 22 January 2022. 
  9. Patnaik, Sidhanta (7 September 2014). "Mandhana's journey from Sangli to England". Wisden India. http://www.wisdenindia.com/cricket-article/mandhanas-journey-sangli-england/125622. 
  10. Swamy, Kumar (17 August 2014). "Smriti Mandhana logs Test win on debut in UK". The Times of India. http://timesofindia.indiatimes.com/news/Smriti-Mandhana-logs-Test-win-on-debut-in-UK/articleshow/40326248.cms. 
  11. "Some people would say that I will become dark in the sun, and who will marry me if I played: Smriti Mandhana". www.dnaindia.com. https://www.dnaindia.com/cricket/interview-some-people-would-say-that-i-will-become-dark-in-the-sun-and-who-will-marry-me-if-i-played-smriti-mandhana-2607385. 
  12. 12.0 12.1 Kishore, Shashank (18 March 2016). "The prodigious journey of Smriti Mandhana". ESPNcricinfo. http://www.espncricinfo.com/women/content/story/984993.html. 
  13. Nag, Utathya (18 March 2024). "Smriti Mandhana: A pillar of Indian women’s cricket team" (en ভাষাত). Olympics. https://olympics.com/en/news/who-is-smriti-mandhana-india-women-cricket-team। আহৰণ কৰা হৈছে: 30 May 2024. 
  14. "Smriti makes good use of Dravid's bat, scores double ton". The Times of India. 31 October 2013. http://timesofindia.indiatimes.com/news/Smriti-makes-good-use-of-Dravids-bat-scores-double-ton/articleshow/24953642.cms. 
  15. "Mandhana powers India Red to title". Wisden India. 25 October 2016. http://www.wisdenindia.com/cricket-news/mandhana-powers-india-red-to-title/226886. 
  16. "India Women stars relishing Big Bash opportunity". International Cricket Council. 17 October 2016. http://www.icc-cricket.com/news/2016/features-and-specials/96541/india-women-stars-relishing-big-bash-opportunity. 
  17. "Knee injury ends Mandhana's WBBL campaign". Wisden India. 15 January 2017. http://www.wisdenindia.com/cricket-news/knee-injury-ends-mandhanas-wbbl-campaign/236692। আহৰণ কৰা হৈছে: 3 February 2017. 
  18. "Records / Women's Big Bash League, 2016/17 / Most runs". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?id=11243;type=tournament। আহৰণ কৰা হৈছে: 3 February 2017. 
  19. "Mandhana set to become first Indian to play in Super League". ESPNcricinfo. http://www.espncricinfo.com/story/_/id/23789547/smriti-mandhana-set-become-first-indian-play-super-league। আহৰণ কৰা হৈছে: 15 June 2018. 
  20. "WBBL04: All you need to know guide". Cricket Australia. https://www.cricket.com.au/news/wbbl-04-all-you-need-to-know-guide-tv-schedule-squads-when-fantasy-best-players/2018-11-30। আহৰণ কৰা হৈছে: 30 November 2018. 
  21. "The full squads for the WBBL". ESPNcricinfo. http://www.espncricinfo.com/story/_/id/25412608/the-full-squads-wbbl। আহৰণ কৰা হৈছে: 30 November 2018. 
  22. "The Hundred 2021 - full squad lists" (en-GB ভাষাত). BBC Sport. https://www.bbc.com/sport/cricket/54646061. 
  23. "The Hundred: Southern Brave lose Smriti Mandhana and Harmanpreet Kaur for the rest of The Hundred" (en ভাষাত). Sky Sports. https://www.skysports.com/cricket/news/12123/12379594/the-hundred-southern-brave-lose-smriti-mandhana-and-harmanpreet-kaur-for-the-rest-of-the-hundred। আহৰণ কৰা হৈছে: 2022-03-09. 
  24. "Indian stars join the Thunder Nation" (en ভাষাত). Sydney Thunder. Archived from the original on 2021-10-14. https://web.archive.org/web/20211014020637/https://www.sydneythunder.com.au/news/indian-stars-sign-smriti-mandhana-deepti-sharma/2021-09-26। আহৰণ কৰা হৈছে: 14 October 2021. 
  25. "Ultimate Guide: All you need to know for WBBL|07" (en ভাষাত). cricket.com.au. https://www.cricket.com.au/news/wbbl07-womens-big-bash-league-how-to-watch-channel-seven-fox-kayo-live-stream-scores-tickets/2021-10-13। আহৰণ কৰা হৈছে: 14 October 2021. 
  26. "Smriti Mandhana hits WBBL record-equalling 114 not out" (en-IN ভাষাত). The Hindu. PTI. 2021-11-17. ISSN 0971-751X. https://www.thehindu.com/sport/cricket/smriti-mandhana-hits-wbbl-record-equalling-114-not-out/article37542794.ece. 
  27. "Mandhana, Rodrigues, Perry commit to Hundred as England players eye moves" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/the-hundred-2022-mandhana-rodrigues-perry-commit-to-hundred-as-england-players-eye-moves-1302240। আহৰণ কৰা হৈছে: 2022-03-09. 
  28. "WPL Auction: Smriti Mandhana sold to Royal Challengers Bangalore for Rs 3.4 crore". Sportstar. 13 February 2023. https://sportstar.thehindu.com/cricket/womens-cricket/wpl-auction-2023-smriti-mandhana-sold-rs-34-crore-royal-challengers-bangalore/article66503088.ece. 
  29. "The rise of captain Smriti Mandhana" (en ভাষাত). ESPNcricinfo. 2024-03-16. https://www.espncricinfo.com/story/wpl-2024-final-the-rise-of-captain-smriti-mandhana-1425114। আহৰণ কৰা হৈছে: 2024-03-18. 
  30. "Raj key in India's test of nerve". ESPNcricinfo. http://www.espncricinfo.com/women/content/story/770641.html। আহৰণ কৰা হৈছে: 4 May 2016. 
  31. "Nagraj Gollapudi speaks to members of India's winning women's team". ESPNcricinfo. 18 August 2014. http://www.espncricinfo.com/magazine/content/story/771391.html। আহৰণ কৰা হৈছে: 4 May 2016. 
  32. "Australia Women ace 253 chase to seal series". ESPNcricinfo. http://www.espncricinfo.com/women/content/story/969331.html। আহৰণ কৰা হৈছে: 4 May 2016. 
  33. "Smriti lone Indian in ICC women's team". The Hindu. 15 December 2016. http://www.thehindu.com/todays-paper/tp-sports/Smriti-lone-Indian-in-ICC-women%E2%80%99s-team/article16809492.ece। আহৰণ কৰা হৈছে: 7 April 2017. 
  34. Ghosh, Annesha (25 June 2017). "No more glasses, but same tunnel vision for Mandhana". ESPNcricinfo. http://www.espncricinfo.com/ci/content/story/1105812.html. 
  35. Kimber, Jarrod (24 June 2017). "India provide the fireworks for Derby's big day". ESPNcricinfo. http://www.espncricinfo.com/ci/content/story/1105809.html. 
  36. Live commentary: Final, ICC Women's World Cup at London, 23 Jul, ESPNcricinfo, 23 July 2017.
  37. World Cup Final, BBC Sport, 23 July 2017.
  38. England v India: Women's World Cup final – live!, The Guardian, 23 July 2017.
  39. "Mooney, bowlers power Australia to six-wicket win". ESPNcricinfo. http://www.espncricinfo.com/series/18536/report/1131235/india-women-vs-australia-women-1st-match-tri-nation-womens-t20। আহৰণ কৰা হৈছে: 22 March 2018. 
  40. "Career highs for Smriti Mandhana, Deepti Sharma". International Cricket Council. https://www.icc-cricket.com/news/662446। আহৰণ কৰা হৈছে: 13 April 2018. 
  41. "Mandhana Hit His First T20 Century In England". Naya India. Archived from the original on 4 August 2018. https://web.archive.org/web/20180804141127/https://www.nayaindia.com/cricket-special/mandhana-hit-his-first-t20-century-in-england.html। আহৰণ কৰা হৈছে: 4 August 2018. 
  42. "Smriti Mandhana lights up Manchester with maiden T20 ton". International Cricket Council. https://www.icc-cricket.com/news/794639। আহৰণ কৰা হৈছে: 4 August 2018. 
  43. "Indian Women's Team for ICC Women's World Twenty20 announced". Board of Control for Cricket in India. http://www.bcci.tv/news/2018/press-releases/17669/indian-womens-team-for-icc-womens-world-twenty20-announced। আহৰণ কৰা হৈছে: 28 September 2018. 
  44. "India Women bank on youth for WT20 campaign". International Cricket Council. https://www.icc-cricket.com/news/863769। আহৰণ কৰা হৈছে: 28 September 2018. 
  45. "Key Players: India". International Cricket Council. https://www.icc-cricket.com/news/887529। আহৰণ কৰা হৈছে: 7 November 2018. 
  46. "IND W vs AUS W, Women's World T20: Smriti Mandhana becomes third Indian batter to reach 1000 T20I runs". Times Now News. https://www.timesnownews.com/sports/cricket/article/ind-w-vs-aus-w-womens-world-t20-smriti-mandhana-becomes-third-indian-batswoman-to-reach-1000-t20i-runs-mithali-raj-harmanpreet-kaur/315925। আহৰণ কৰা হৈছে: 17 November 2018. 
  47. "Smriti Mandhana, Alyssa Healy named ICC ODI, T20I Players of 2018" (en ভাষাত). ESPNcricinfo. 31 December 2018. http://www.espncricinfo.com/story/_/id/25652333. 
  48. "Smriti Mandhana, Youngest captain of T20I". indiatoday.in. https://www.indiatoday.in/sports/cricket/story/india-women-vs-england-1st-t20i-smriti-mandhana-youngest-captain-cricket-1469805-2019-03-04. 
  49. Desk, Sports Flashes (14 May 2019). "Kohli and Mandhana win International Cricketer of the Year award" (en-IN ভাষাত). Sports Flashes. Archived from the original on 14 May 2019. https://web.archive.org/web/20190514094158/https://sportsflashes.com/en/news/kohli-and-mandhana-win-international-cricketer-of-the-year-award/260393.html। আহৰণ কৰা হৈছে: 14 May 2019. 
  50. "Rodrigues-Mandhana partnership guides India to series win over West Indies". International Cricket Council. https://www.icc-cricket.com/news/1486417। আহৰণ কৰা হৈছে: 6 November 2019. 
  51. "Kaur, Mandhana, Verma part of full strength India squad for T20 World Cup". ESPNcricinfo. https://www.espncricinfo.com/story/_/id/28468147/kaur-mandhana-verma-part-full-strength-india-squad-t20-world-cup। আহৰণ কৰা হৈছে: 12 January 2020. 
  52. "India's Senior Women squad for the only Test match, ODI & T20I series against England announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2021/news/154389/india-s-senior-women-squad-for-the-only-test-match-odi-t20i-series-against-england-announced। আহৰণ কৰা হৈছে: 14 May 2021. 
  53. "India Women's squad for one-off Test, ODI and T20I series against Australia announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2021/news/154934/india-women-s-squad-for-one-off-test-odi-and-t20i-series-against-australia-announced। আহৰণ কৰা হৈছে: 24 August 2021. 
  54. "Smriti Mandhana scores maiden Test hundred in pink ball Test against Australia". SportStar. October 2021. https://sportstar.thehindu.com/cricket/smriti-mandhana-first-test-century-hundred-india-australia-pink-ball-test-gold-coast-carrara/article36769774.ece। আহৰণ কৰা হৈছে: 1 October 2021. 
  55. MyDigitalNEWS.in (2 October 2021). "Five Shocking Facts About Smriti Mandhana Becomes The First Indian Woman To Score A Test Century In Australia" (en ভাষাত). My Digital NEWS.in. https://mydigitalnews.in/five-shocking-facts-about-smriti-mandhana-becomes-the-first-indian-woman-to-score-a-test-century-in-australia। আহৰণ কৰা হৈছে: 2 October 2021. 
  56. Mohanarangan, Vinayakk. "Data check: Breaking a record that stood since 1949 and other numbers from Smriti Mandhana's century" (en-US ভাষাত). Scroll.in. https://scroll.in/field/1006751/data-check-breaking-a-record-that-stood-since-1949-and-other-numbers-from-smriti-mandhanas-century। আহৰণ কৰা হৈছে: 2 October 2021. 
  57. "Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad". ESPNcricinfo. https://www.espncricinfo.com/story/womens-odi-world-cup-2022-renuka-singh-meghna-singh-yastika-bhatia-break-into-indias-world-cup-squad-1295643। আহৰণ কৰা হৈছে: 6 January 2022. 
  58. "Team India (Senior Women) squad for Birmingham 2022 Commonwealth Games announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2022/news/55555899/team-india-senior-women-squad-for-birmingham-2022-commonwealth-games-announced?type=Latest। আহৰণ কৰা হৈছে: 11 July 2022. 
  59. "Asian Games Results". 2022 Asian Games, Hangzhou. https://info.hangzhou2022.cn/en/results/cricket/result-women-s-team-fnl-000100-.htm। আহৰণ কৰা হৈছে: 6 October 2023. [সংযোগবিহীন উৎস]
  60. "Shri Kiren Rijiju gave Arjuna Awards to Smriti Mandhana" (en ভাষাত). Press Information Bureau. https://pib.gov.in/Pressreleaseshare.aspx?PRID=1578963। আহৰণ কৰা হৈছে: 16 July 2019.