সৰু ক'লা শংখচূড় সাপ
সৰু ক'লা শংখচূড় সাপ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
সাম্ৰাজ্য: | Eukaryota |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Elapidae |
গণ: | Bungarus |
প্ৰজাতি: | B. lividus |
বৈজ্ঞানিক নাম | |
Bungarus lividus কেণ্টৰ, ১৮৩৯ | |
সৰু ক'লা শংখচূড় সাপৰ বিতৰণ |
সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি।[2][3][4] এই সাপবিধৰ বৈজ্ঞানিক নামৰ নিৰ্দিষ্ট উপাংশটো লেটিন “লিভিডাছ” (lividus) শব্দৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নীলা ধাতৱ ৰং” বা “সীহৰ ৰং”, সাপবিধৰ দেহৰ বৰণটোক বুজায়।
বিৱৰণ
[সম্পাদনা কৰক]সৰু ক'লা শংখচূড় সাপ এবিধ যথেষ্ট সৰু আকাৰৰ সাপ। শৰীৰ মসৃণ আৰু ক’লাৰ পৰা নীলা-ক’লা ৰঙৰ। ওপৰৰ ওঁঠটো বগা বৰণৰ। পেটৰ বাকলিবোৰ বগা আৰু ধূসৰ। চকু দুটা সৰু, ক’লা আৰু চকুৰ মণি ঘূৰণীয়া। চকু দুটা থুঁতৰিৰ বেছি ওচৰত থাকে। পিঠিৰ বাকলিবোৰ মিহি আৰু আকাৰত সৰু।[5]
বিতৰণ
[সম্পাদনা কৰক]সৰু ক'লা শংখচূড় সাপ ভাৰত (উত্তৰ বংগ, উত্তৰ-পূব ভাৰত), বাংলাদেশ আৰু নেপালত পোৱা যায়।[6] ই অসমৰ এবিধ স্থানীয় সাপ।
খাদ্য
[সম্পাদনা কৰক]সৰু ক'লা শংখচূড় সাপ মূলতঃ এবিধ সৰ্পভক্ষী (ophiophagous), অৰ্থাৎ ই অন্য সাপ চিকাৰ কৰে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Limbu, K.P.; Ghosh, A.; Das, A.; Giri, V. (2022). Bungarus lividus. 2022. p. e.T127914543A219117279. doi:10.2305/IUCN.UK.2022-2.RLTS.T127914543A219117279.en.
- ↑ Bungarus lividus-ৰ বিষয়ে তথ্য Reptarium.cz সৰীসৃপ ডাটাবেছত, আহৰণ কৰা হৈছে 14 July 2020।
- ↑ Harding, K.A.; Welch, K.R.G. (1980). Venomous Snakes of the World: A Checklist. Toxicon: Supplement. Pergamon Press. পৃষ্ঠা. 8. ISBN 978-0-08-025495-1. https://books.google.com/books?id=1mAMAQAAIAAJ। আহৰণ কৰা হৈছে: 9 June 2019.
- ↑ "Lesser Black Krait ( Bungarus lividus Cantor, 1839 )". indiansnakes.org. http://indiansnakes.org/content/lesser-black-krait। আহৰণ কৰা হৈছে: 8 May 2019.
- ↑ Das, Abhijit 2018. Notes on Snakes of the Genus Bungarus (Serpentes: Elapidae) from Northeast India. in: C. Sivaperuman, K. Venkataraman (eds.), Indian Hotspots, Springer
- ↑ "Small, secretive & highly venomous snake seen for first time in Nepal’s hills". Mongabay. 1 February 2024. https://news.mongabay.com/2024/02/small-secretive-highly-venomous-snake-seen-for-first-time-in-nepals-hills/.
লগতে পঢ়ক
[সম্পাদনা কৰক]- Boulenger, G.A. 1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis. London. xviii, 541 pp.
- Cantor, T.E. 1839. Spicilegium serpentium indicorum [parts 1 and 2]. Proc. Zool. Soc. London 7: 31–34, 49–55.
- Slowinski, J. B. 1994. A phylogenetic analysis of Bungarus (Elapidae) based on morphological characters. Journal of Herpetology 28(4):440-446.