সমললৈ যাওক

হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
স্থাপিত ১৯৪৬[1]
ধৰণ চৰকাৰী
ধৰ্মীয় ভুক্তি অসম মাধ্যমিক শিক্ষা পৰিষদ,
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
স্থান ধুবুৰী, অসম,, ভাৰত
চৌহদ গাওঁ অঞ্চল

হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Halakura H. S. School) হৈছে অসমৰ ধুবুৰী জিলাৰ আগমনি অঞ্চলৰ এক উচ্চ শিক্ষা প্ৰতিষ্ঠান। ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। বৰ্তমান বিদ্যালয়খনত ৬ষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অসম মাধমিক শিক্ষা পৰিষদ (SEBA) ৰ অধিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ অধীনত পৰীক্ষাত অৱতীৰ্ণ হয়। অসমীয়া ভাষা হৈছে এই বিদ্যালয়খনৰ নিৰ্দেশনাৰ মাধ্যম। এই বিদ্যালয়ত শৈক্ষিক অধিৱেশন এপ্ৰিল মাহৰপৰা আৰম্ভ হয়। [2][1]

বিদ্যালয়খন ভাৰত স্বাধীনতাৰ সময়ছোৱাত অৰ্থাৎ ১৯৪৬ চনত স্থাপিত হয় যদিও উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ ১৯৭৭ চনত কৰা হয়। [2]

[1]

সুবিধাসমূহ

[সম্পাদনা কৰক]
  • বিদ্যালয়খনত চৰকাৰী ভৱন আছে। ইয়াত নিৰ্দেশনামূলক উদ্দেশ্যে ১৪টা শ্ৰেণীকোঠা আছে। ইয়াত শিক্ষণৰ বাহিৰা কাৰ্য্যকলাপৰ বাবে আন ২টা কোঠা আছে। বিদ্যালয়ত প্ৰধান শিক্ষক/অধ্যক্ষৰ বাবে সুকীয়া কোঠা আছে।
  • বিদ্যালয়খনৰ Partial boundary wall আছে।
  • বিদ্যালয়খনত বিদ্যুৎ সংযোগ আছে।
  • বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে যাৰ উৎস হ’ল হেণ্ড পাম্প।
  • বিদ্যালয়খনত ১টা ল'ৰাৰ শৌচাগাৰ আৰু ১টা ছোৱালীৰ শৌচাগাৰ আছে। [3]
  • বিদ্যালয়খনত খেলপথাৰ আছে।
  • বিদ্যালয়খনৰ এটা পুথিভঁৰাল আছে আৰু ইয়াৰ পুথিভঁৰালত ২৬৫খন কিতাপ আছে।
  • বিদ্যালয়খনত বিশেষভাৱে সক্ষম শিশুসকলে শ্ৰেণীকোঠাত প্ৰৱেশৰ বাবে ৰেম্পৰ প্ৰয়োজন নাই।
  • বিদ্যালয়খনত পাঠদান-শিক্ষণৰ উদ্দেশ্যে ১৪টা কম্পিউটাৰ আছে। বিদ্যালয়খনত আছে কম্পিউটাৰ সহায়ক শিক্ষণ লেব।
  • বিদ্যালয়খন বিদ্যালয় চৌহদত প্ৰদান আৰু প্ৰস্তুত কৰি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। [2][3]

পাঠদান দিয়া বিষয়সমূহ

[সম্পাদনা কৰক]

উচ্চ মাধ্যমিক

[সম্পাদনা কৰক]

ইংৰাজী, অসমীয়া, হিন্দী, আৰবী, গণিত, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান, উচ্চ গণিত, ভূগোল, কাঠমিস্ত্ৰী-শিল্প পৰিচয় ইত্যাদি।

উচ্চতৰ মাধ্যমিক

[সম্পাদনা কৰক]

বিদ্যালয়খনত কেৱল কলাশাখাৰ বিষয়সমূহ পঢ়ুৱা হয়। বৰ্তমান বিজ্ঞান শাখাৰ কোনো পাঠ্য পঢ়ুৱা হৈ থকা নাই।

অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, শিক্ষা, দৰ্শন আৰু তৰ্কবিজ্ঞান, স্বদেশ অধ্যয়ন, IT/ITeS, Private Security

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "HALAKURA H.S. SCHOOL". halakurahsschoolblog. halakurahsschoolblog. https://halakurahsschoolblog.wordpress.com/about/ আহৰণ কৰা হৈছে: 19 June 2023.
  2. 1 2 3 "About HALAKURA H. S. SCHOOL". https://schools.org.in/. https://schools.org.in/. 2019. https://schools.org.in/dhubri/18020201202/halakura-h-s-school.html আহৰণ কৰা হৈছে: 19 June 2023.
  3. 1 2 "About HALAKURA H. S. SCHOOL". icbse. icbse. https://www.icbse.com/schools/halakura-h-s-school-z51ezd আহৰণ কৰা হৈছে: 19 June 2023.