হিমলা বৰুৱানী
অৱয়ব
হিমলা বৰুৱানী | |
---|---|
জন্ম | ১৮৭৭ যোৰহাট, অসম |
মৃত্যু | ১৯৪৮ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
হিমলা বৰুৱানী (ইংৰাজী: Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা।
জন্ম আৰু বংশ-পৰিচয়
[সম্পাদনা কৰক]জন্মস্থান যোৰহাটৰ পকামুৱা। পিতৃ যোৰহাটৰ চাহ খেতিয়ক তহচিলদাৰ বিষ্ণুৰাম বৰুৱা আৰু মাতৃৰ নাম চন্দ্ৰাৱতী বৰুৱা। প্ৰখ্যাত ভগবতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱা ক্ৰমে তেওঁৰ বৰপুত্ৰ আৰু মাজু পুত্ৰ॥[1][2]
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]'বিননি' তেখেতৰ কবিতাপুথি। এই পুথিখনত বৰপুত্ৰৰ পৰিয়ালটিৰ সলিল সমাধিত মাতৃ হৃদয়ত বাজি উঠা শোকৰ বিননি শুনিবলৈ পোৱা যায়। 'ঘৰ-জেউতী' আলোচনীৰ প্ৰকাশৰ সৈতে বিশেষভাৱে জড়িত আছিল।[1]