হেম বুঢ়াগোহাঞি
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
হেম বুঢ়োগোহাঞি | |
---|---|
জন্ম | ১০ মাৰ্চ পুনিবিল গোহাঁই গাঁও |
পেচা | সাহিত্যিক, সংস্কৃতিবিদ, ঔপন্যাসিক, বুৰঞ্জীবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম.এ (প্ৰাইভেট), ১৯৮৫ |
ধৰণ | অসমীয়া সাহিত্য |
হেম বুঢ়াগোহাঞি (১৯৩৭-২০০৪) একাধাৰে সংস্কৃতিবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, সম্পাদক, ঔপন্যাসিক, শিশু সাহিত্যিক আৰু সাংবাদিক। তেখেতে অসমৰ বিহু সংস্কৃতি আৰু বুৰঞ্জী বিষয়ত কুৰিৰো অধিক গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ লিখিছে। তেখেত বকতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক। তেখেতে ১৯৫৫ চনৰ পৰা অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰে।
জন্ম
[সম্পাদনা কৰক]১৯৩৭ চনৰ ১০ মাৰ্চত হেম বুঢ়োগোহাঞিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপিনাথ বুঢ়াগোহাঞি আৰু মাতৃৰ নাম ফুলেশ্বৰী বুঢ়োগোহাঞি।[1]
শিক্ষা
[সম্পাদনা কৰক]মহখটি মুক্তাৰ আৰু পুনিবিল এল পি স্কুল- ১৯৪৮ নেমুগুৰি হাইস্কুল - ১৯৪৯-৫৭ শিৱসাগৰ কলেজৰ পৰা আই, এ, ১৯৫৯। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰাইভেটকৈ এম, এ, ১৯৮৫।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৭ চনত হাতীপুখুৰী এম, ই, স্কুলত সহকাৰী শিক্ষক। ১৯৫৯ চনত লংপতীয়া হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। ১৯৫৯-৬০ চনত শ’লগুৰি এম,ই, স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। ১৯৬০ চনৰ ২৩ মাৰ্চৰ পৰা ১৯৯২ ৰ ২৩ এপ্ৰিললৈকে নেমুগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক।[3] ১৯৬২ চনৰ পৰা ১৯৬৪ লৈকে জীৱন বীমা নিগমৰ ক্ষেত্ৰ কৰ্মী। ১৯৬৪ চনৰ পৰা ১৯৬৯লৈকে বহি বিভাগৰ চানবচা ডাকঘৰৰ পোষ্ট মাষ্টৰ। ১৯৯২ চনৰ ২৩ এপ্ৰিলৰ পৰা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ শাখাৰ বিষয় শিক্ষক। ১৯৮৫ চনৰ ১০ নৱেম্বৰত প্ৰতিষ্ঠাপক বিষয় শিক্ষক। ১/৯/৯৭ পৰা ৩০/১১/৯৭ লৈকে স্কুলৰ অস্থায়ী অধ্যক্ষ। ২৮/২/৯৯ ত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ।
ৰাজহুৱা সাহিত্য সংস্কৃতিৰ কৰ্ম
[সম্পাদনা কৰক]- ১৯৬১ চনত বকতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক।
- ১৯৬৭ চনতেই কেন্দ্ৰীয় তাই একাডেমীৰ পাটসাঁকোৰ পৰিচালনা সমিতিৰ সভাপতি।
- ১৯৬৭ শিৱসাগৰ জিলা প্ৰাইমেৰী শিক্ষক সন্থাৰ “সন্ধানী” আলোচনীৰ উপদেষ্টা।
- ১৯৬৮-৬৯ চনত শিৱসাগৰ জিলা হাইস্কুল শিক্ষক সন্থাৰ “শিক্ষা” আলোচনা চক্ৰৰ সম্পাদক।
- ১৯৭১ চনত অসম সাহিত্য সভাৰ আজীৱন সদস্য।
- ১৯৭৮ চনত শিৱসাগৰ জিলা সাহিত্য পৰিষদ (অবিভক্ত) ৰ প্ৰতিষ্ঠাপক উপ সভাপতি।
- ১৯৭৯ চনত জিলা সাহিত্য পৰিষদ কবি সন্মিলনৰ সভাপতি।
- ১৯৮১-৮৪ চনলৈ সাহিত্য সভাৰ সংগঠক।
- ১৯৮৮ চনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য।
- ১৯৮৮-৯০ চনত তাই সাহিত্য সভাৰ সভাপতি। ১১)।
- ১৯৯২-৯৪ চনলৈকে (দুবছৰ) আকাশবাণী কেন্দ্ৰৰ শিক্ষা পৰামৰ্শদাতা সদস্য।
- ১৯৯৫ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি।
- ১৯৯৬ চনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য।
- ১৯৯৫ চনৰ ১৫ আগষ্টত সাহিত্যিক পেন্সন।
- ১৯৯৬ চনৰ বিহুত শ’লগুৰি যুৱ সমাজে অসমৰ ৪ৰ্থ বিহু উপাধি প্ৰদান।
- শিৱসাগৰ জিলা হাইস্কুল শিক্ষক কৰ্মচাৰীৰ ৩৬ তম দ্বি-বাৰ্ষিক নেমুগুৰি অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি।
সাহিত্যৰাজি[4]
[সম্পাদনা কৰক]শিশু সাহিত্য
[সম্পাদনা কৰক]- মনৰ বাঘে খায়, ১৯৬৪
- এধানি ভুলৰ বাবে, ১৯৬৬
- উৰহী গছৰ ওৰ, ১৯৬৮
- পখীৰাজ ঘোঁৰাৰ সহাৰি, ১৯৯৯
গল্পপুথি
[সম্পাদনা কৰক]- পথে পথে ছন্দ, ১৯৬৬
উপন্যাস
[সম্পাদনা কৰক]- বেদনা উচুপি ৰয়, ১৯৮৭ (ছদ্মনামত প্ৰকাশিত)
- উকলা লগ্নৰ মায়া, ১৯৯২ (ছদ্মনামত প্ৰকাশিত)
লোকসংস্কৃতি[5]
[সম্পাদনা কৰক]- জনগীতৰ সুৰধ্বনি, ১৯৭২
- জনসংস্কৃতিৰ ৰশ্মিৰেখা, ১ম খণ্ড, ১৯৭৭
- জনসংস্কৃতিৰ ৰশ্মিৰেখা/২য় খণ্ড, ১৯৭৯
- জনসংস্কৃতিৰ ৰশ্মিৰেখা/৩য় খণ্ড, ১৯৮৩
- জনসংস্কৃতিৰ ৰশ্মিৰেখা/৪ৰ্থ খণ্ড, ১৯৮৮
- উজনিৰ লোক উছৱ, ১৯৯৩
- বিহু আকৌ আহিল, ১৯৮৪
- বিহু আকৌ গ'লগৈ
- তাই সংস্কৃতিৰ পৰশ, ১৯৯৪
- অসমীয়া লোকাচাৰ : বিশ্বাস অবিশ্বাস, ১৯৯৯
বুৰঞ্জী
[সম্পাদনা কৰক]- লেছেৰি বোটলা বুৰঞ্জী /১ম খণ্ড, ১৯৭৪
- লেছেৰি বোটলা বুৰঞ্জী /২য় খণ্ড, ১৯৯৪
- সাঁচি পাতৰ সাঁচতীয়া স্মৃতি, ১৯৮৬
- বুৰঞ্জীৰ বিনিদ্ৰ পৰশ, ২০০০
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- জয়মতী কুঁৱৰী, ১৯৮৩
- খামছেং/১ম খণ্ড
- খামছেং/২য় খণ্ড, ১৯৮৭
- চেৰাই-ডয়/১ম খণ্ড, ১৯৮৪
- চেৰাই-ডয়/২য় খণ্ড, ১৯৮৫
- পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন, ১৯৯৩
- সাহিত্য সংস্কৃতিৰ বুৰঞ্জী প্ৰজ্ঞা ড॰ লীলা গগৈ,১৯৯৩
সাহিত্য সংস্কৃতি
[সম্পাদনা কৰক]- চিন্তাৰ সঁফুৰা, ১৯৮৯
বিবিধ চিন্তাৰ গ্ৰন্থ
[সম্পাদনা কৰক]- মোৰ স্পৰ্শকাতৰ সময় চেতনা, ১৯৯৫
গীতৰ পুথি
[সম্পাদনা কৰক]- অলকানন্দা, ১৯৬৯
- সুৰ অনুভূতি, ১৯৯১
- সুৰ কল্প
আকাশবাণীৰ কৰ্ম
[সম্পাদনা কৰক]- বাৰীৰ ঢাপৰ বনৌষধি শিতানত কৰিটাতকৈ অধিক কথিকা প্ৰচাৰ।
- অনানুষ্ঠানিক শিক্ষা শিতানত কথিকা প্ৰচাৰ।
- কুৰিটাতকৈ অধিক ‘পতাইলৈ চিঠি’ প্ৰচাৰ।
- অসমৰ বিভিন্ন কাকত আলোচনীত ছকুৰিটাতকৈ অধিক বিবিধ বিষয়ৰ প্ৰৱন্ধ প্ৰকাশ।
- ১৯৭৭ চনৰ পৰা আকাশবাণীৰ স্বীকৃত গীতিকাৰ।
- বিহু আহিল কুলিৰ মাতত, ভোগৰ উছৱ ভোগালী সংগীতালেখ্য আকাশবাণীৰ যোগেদি প্ৰচাৰ।
- ‘জীৱনৰ দীঘ আৰু বাণী’ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ২০০১ বৰ্ষৰ প্ৰথম ভাগত শ্ৰীগোহাঞিদেৱৰ লগত হোৱা সাক্ষাৎকাৰৰ ভিত্তিত তেখেতৰ ছয় খণ্ডৰ জীৱনৰ দীঘ আৰু বাণী প্ৰচাৰ কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ মাটিৰ মানুহ, মনৰ মানুহ, হেম বুঢ়াগোহাঞি, সম্পা- অনিল শইকীয়া, জ্যোতিপ্ৰসাদ শইকীয়া, প্ৰকাশ-জাছিংফা প্ৰকাশন, পৃষ্ঠা-৩১৭
- ↑ মাটিৰ মানুহ, মনৰ মানুহ, হেম বুঢ়াগোহাঞি, পৃষ্ঠা-৩১৭
- ↑ মাটিৰ মানুহ, মনৰ মানুহ, হেম বুঢ়াগোহাঞি, পৃষ্ঠা-৩১৭
- ↑ হেম বুঢ়োগাহাঞি ৰচনাৱলী, দ্বিতীয় খণ্ড, পূৰ্বাঞ্চল তাই সাহিত্য সভা, ২০১৫
- ↑ বিহু আকৌ যাবগৈ, লেখক- হেম বুঢ়াগোহাঞি, প্ৰকাশ-২০০০, পৃষ্ঠা-৯৫