হৰচিমৰত কৌৰ বাদল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰচিমৰত কৌৰ বাদল
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী
কাৰ্যকাল
২৬ মে' ২০১৪ – ১৭ ছেপ্টেম্বৰ ২০২০
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০৯
পূৰ্বসূৰী পৰমজিত গুলছন
সমষ্টি ভাটিন্দা লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ২৫ জুলাই, ১৯৬৬ (৫৭ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল শিৰোমণি অকালি দল
দাম্পত্যসঙ্গী সুখবীৰ সিং বাদল
সন্তান
বাসস্থান চণ্ডীগড়
জীৱিকা ৰাজনীতিবিদ

হৰচিমৰত কৌৰ বাদল (জন্ম: ২৫ জুলাই ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী।[1] ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য।[2] তেওঁৰ স্বামী সুখবীৰ সিং বাদল শিৰোমণি অকালি দলৰ অধ্যক্ষ আৰু পঞ্জাব ৰাজ্যৰ উপমুখ্যমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁৰ শহুৰ প্ৰকাশ সিং বাদল পঞ্জাবৰ মুখ্যমন্ত্ৰী আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৬৬ চনৰ ২৫ জুলাই তাৰিখে নতুন দিল্লীত হৰচিমৰত কৌৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্যজিৎ আৰু মাতৃ সুখমনজুছ মাজিঠিয়া। তেওঁ মহাৰাজ ৰঞ্জিত সিঙৰ সৈন্যবলত সেনাপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা অট্টৰ সিং মাজিঠিয়াৰ বংশত জন্মগ্ৰহণ কৰিছিল। তেওঁ লৰেণ্ট' কনভেণ্ট স্কুল, দিল্লীত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ টেক্সটাইল ডিজাইনিঙৰ ক্ষেত্ৰখনলৈ যায় আৰু টেক্সটাইল ডিজাইনৰ তিনিবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰে।[3] ১৯৯১ চনৰ ২১ নৱেম্বৰ তাৰিখে তেওঁ সুখবীৰ সিং বাদলৰ লগত বিবাহপাশত আবদ্ধ হয়।[4] তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। তেওঁৰ ভাতৃ বিক্ৰম সিং মাজিঠিয়া শিৰোমণি অকালি দলৰ সদস্য আৰু মাজিঠা বিধানসভা সমষ্টিৰ বিধায়ক।[4] তেওঁৰ শহুৰেক প্ৰকাশ সিং বাদলৰ কেবিনেটত তেওঁৰ ভাতৃ পঞ্জাব চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

হৰচিমৰত কৌৰ বাদল শিৰোমণি অকালি দলৰ সদস্য। তেওঁ ২০০৯ চনৰ লোকসভা নিৰ্বাচনত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। তেওঁ পঞ্চদশ লোকসভা নিৰ্বাচনত ভাটিন্দা লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। এই নিৰ্বাচনত তেওঁ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী আছিল তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰানীন্দৰ সিঙক ১,২০,৯৬০ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।[2]২০০৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে তেওঁৰ প্ৰথম বক্তৃতাত তেওঁ ১৯৮৪ শিখ বিৰোধী সংঘৰ্ষত জৰ্জড়িত আৰু ভুক্তভোগী ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কন্যা শিশু আৰু গছক বচাবলৈ "নহ্নি চান" নামৰ এক প্ৰকল্পৰ লগত জড়িত আছিল।[5] ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ আকৌ এবাৰ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে। এইবাৰ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু পিপলছ পাৰ্টি অফ পঞ্জাব সমৰ্থিত প্ৰাৰ্থী মনপ্ৰীত সিং বাদলক পৰাস্ত কৰে। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত খাদ্য সংসাধন মন্ত্ৰীৰ পদবী লাভ কৰে। তেওঁৰ কাৰ্যকালত ভাৰতত কেইবাটাও বৃহৎ খাদ্য সংসাধন উদ্যোগ গঢ় লৈ উঠে। ৰাজনৈতিক ভাবে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী পঞ্জাবৰ আঞ্চলিক দল শিৰোমণি অকালি দলৰ নেত্ৰী। শিৰোমণি অকালি দল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সহযোগী।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]