ৰজা শগুণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজা শগুণ (Red-headed Vulture)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Accipitriformes
পৰিয়াল: Accipitridae
গণ: Sarcogyps
Lesson, 1842
প্ৰজাতি: S. calvus
বৈজ্ঞানিক নাম
Sarcogyps calvus
(Scopoli, 1786)
Current distribution range of red headed vulture
সমাৰ্থক
  • Aegypius calvus
  • Torgos calvus

ৰজা শগুণ (ইংৰাজী: Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নাম: Sarcogyps calvus) শগুণৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে।[2] ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়।

বিৱৰণ[সম্পাদনা কৰক]

ৰজা শগুণ এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি। ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৬-৮৬ ছে: মি: আৰু ওজন প্ৰাব ৩.৫-৬.৩ কি: গ্ৰা:।[3][4] পূৰ্ণবয়স্ক শগুণৰ ডিঙি ডাঠ ৰঙা বা কমলা বৰণৰ হয়। পোৱালি চৰাইৰ দেহৰ ৰং শেঁতা। দেহৰ বাকী অংশ ক'লা আৰু ডেউকাৰ গুৰিত পাতল মুগা বৰণৰ আঁচ থাকে। মতা আৰু মাইকী ৰজা শগুণৰ চকুৰ মণিৰ ৰং বেলেগ বেলেগ হয়। মতা চৰাইৰ মণি বগা আৰু মাইকীৰ ডাঠ মটীয়া হয়।[5]

ৰান্থামব'ৰ ৰাষ্ট্ৰীয় উদ্যানত এজনী মাইকী ৰজা শগুণ

বিতৰণ আৰু বাসস্থান[সম্পাদনা কৰক]

ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও পৰৱৰ্ত্তী কালত ইয়াৰ জনসংখ্যা কমি আহি বৰ্তমান কেৱল উত্তৰ ভাৰততহে সীমিত হৈ পৰিল। ইয়াক প্ৰধানকৈ মুকলি অঞ্চল আৰু প্ৰয় শুকান ঠাইত দেখিবলৈ পোৱা যায়। তদুপৰি ইয়াক পৰ্ণপাতী বনাঞ্চল, নদী উপত্যকা আদিতো পোৱা যায়। ৰজা শগুণ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে।[6]

বাৰ্লিনৰ চিৰিয়াখানাত এটা ৰজা শগুণ

সংৰক্ষণ[সম্পাদনা কৰক]

ৰজা শগুণৰ ক্ৰমান্বয়ে হাৰাস পাই অহা জনসংখ্যাক লক্ষ্য কৰি ১৯৯৪ চনত ইয়াক আই. ইউ. চি. এনে প্ৰায় সংকটাপন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰে। ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ (veterinary medicine) বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়। ১৯৯০ চনৰ পিছৰ পৰা ৰজা শগুণৰ জনসংখ্যা বিপদজনকভাৱে প্ৰতি বছৰে আধালৈ কমি অহা দেখা গৈছে। ফলস্বৰূপে দুটা দশকৰ ভিতৰতে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত। ২০০৭ চনত আই ইউ. চি . এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে।[1][7][8]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 BirdLife International (2012). "Sarcogyps calvus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003383। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  3. WWF- Red-headed Vulture (2011).
  4. Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  5. Naoroji, Rishad (2006). Birds of Prey of the indian subcontinent. পৃষ্ঠা. 282–287. 
  6. Ferguson-Lees, James; David A. Christie (2001-09-17). Raptors of the world. Houghton Mifflin Harcourt. পৃষ্ঠা. 443–444. ISBN 978-0-618-12762-7. 
  7. Cuthbert et al., Richard. "NSAIDs and scavenging birds: potential impacts beyond Asia's critically endangered vultures". The Royal Society. http://rsbl.royalsocietypublishing.org/content/3/1/91। আহৰণ কৰা হৈছে: 11 May 2011. 
  8. Milius, Susan (4). [tp://www.sciencenews.org/view/generic/id/7025/title/Bird-Safe_Rx_Alternative_drug_wont_kill_Indias_vultures "Bird-Safe Rx: Alternative drug won't kill India's vultures"]. ScienceNews খণ্ড 169 (#5): 70. tp://www.sciencenews.org/view/generic/id/7025/title/Bird-Safe_Rx_Alternative_drug_wont_kill_Indias_vultures। আহৰণ কৰা হৈছে: 11 May 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]