ৰমন গৱেষণা প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰমণ গৱেষণা প্ৰতিষ্ঠান
ৰমণ গৱেষণা প্ৰতিষ্ঠানৰ সন্মুখভাগ
স্থাপিত ১৯৪৮
ধৰণ গৱেষণা প্ৰতিষ্ঠান
সঞ্চালক ৰবি সুব্ৰমণ্য
শিক্ষাৰ্থী ৫৩
স্থান বাংগালোৰ, ভাৰত
13°0′46.51″N 77°34′51.78″E / 13.0129194°N 77.58105°E / 13.0129194; 77.58105
ৱেবছাইট www.rri.res.in
ৰমণ বৃক্ষ

১৯৪৮ চনত বাংগালোৰত ৰমণ গৱেষণা প্ৰতিষ্ঠান (ইংৰাজী: Raman Research Institute) স্থাপিত হয়। বৈজ্ঞানিক গৱেষণাৰ অৰ্থে প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটো পোন প্ৰথমে ছাৰ চি ভি ৰমণে নিজাকৈ চলাই আছিল যদিও বৰ্তমানে ই ভাৰত চৰকাৰৰ অধীস্থিত।

গৱেষণা[সম্পাদনা কৰক]

মূল গৱেষণাৰ বিষয় সমূহ:

ইতিহাস[সম্পাদনা কৰক]

ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী নামৰ এক প্ৰতিষ্ঠান খোলাৰ উদ্দেশ্যে সেইসময়ৰ মাইচ'ৰৰ মহাৰজাৰ ওচৰলৈ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়াদি নিৰ্মাণৰ বাবে সহায় বিচাৰি কাষ চাপে। মহাৰজাই তেওঁৰ অনুৰোধ মানি বাংগালোৰত এটুকুৰা মাটি আৱণ্টন দিয়ে যদিও সেই মাটিটুকুৰাত ১৯৪১ চনলৈ একো কামত লগোৱা হোৱা নাছিল। বহুত দিন একো কামত নহাৰ বাবে চৰকাৰে মাটিটুকুৰা পুনৰ ঘূৰাই লোৱাৰ কথা আহি পৰাত ১৯৪১ চনত ৰমণে ভাৰতীয় বিজ্ঞান একাডেমীৰ এখন জৰুৰী সভা পাৰে আৰু তাৰপাছত সেই মাটিটুকুৰাত আধাৰশিলা স্থাপন কৰা হয়। ছাৰ ৰমণ ভাৰতীয় বিজ্ঞান একাডেমীৰ সভাপতি আছিল। কিন্তু তাৰপাছতো ১৯৪৮ চনলৈকে মাটিটুকুৰাত একো কাম হোৱা নাছিল। তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানপদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী হৈ থকাৰ কালছোৱাতে এই কামখিনি সম্পূৰ্ণ কৰাৰ কথা চিন্তা কৰিছিল যদিও সেয়া হৈ নুঠিল। তেওঁৰ অৱসৰৰ পাছত ১৯৪৮ চনত ভাৰতীয় বিজ্ঞান একাডেমীৰ ছত্ৰছায়াতে ৰমণ গৱেষণা প্ৰতিষ্ঠানে গঢ় লৈ উঠে। দুয়োখন প্ৰতিষ্ঠানৰে মূৰব্বী হিচাপে তেওঁ কাম কৰি গৈছিল আৰু তেওঁ মৃত্যুৰ আগলৈকে ৰমণ গৱেষণা প্ৰতিষ্ঠান তেওঁ ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠানৰ দৰে আছিল। ১৯৭১ চনতহে প্ৰতিষ্ঠানখনে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা অনুদান লাভ কৰিবলৈ আৰম্ভ কৰে।

সংগ্ৰহ[সম্পাদনা কৰক]

ছাৰ চি ভি ৰমণৰ দ্বাৰা সংগ্ৰহিত যথেষ্টখিনি পদাৰ্থ, খনিজ লৱণ, শিলৰ নমুনা এই প্ৰতিষ্ঠানটোৰ সংগ্ৰহত ৰখা হৈছে। চি ভি ৰমণৰ সময়ছোৱাত বহুকেইজন নামজ্বলা বিজ্ঞানীয়ে প্ৰতিষ্ঠানটোলৈ আহিছিল, যাৰ ভিতৰত জে ডি বাৰ্ণেল, ই চি ৱালাৰ্ড, পি এম এছ ব্লেকেট, চি জি ডাৰউইন, পি এ এম ডিৰাক, জি গেমৌ অন্যতম।