সমললৈ যাওক

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়
স্থাপিত ৪ ফেব্ৰুৱাৰী ১৯৮৪
উপাচাৰ্য প্ৰ্ফেচৰ. টাম’ মিবাং
শৈক্ষিক কৰ্মচাৰী ৯০
শিক্ষাৰ্থী ৯৯৪
স্থান ৰ’ন’-পাহাৰ, দ’ইমুখ, অৰুণাচল প্ৰদেশ, ভাৰত
27°08′50″N 93°46′01″E / 27.14722°N 93.76694°E / 27.14722; 93.76694স্থানাংক: 27°08′50″N 93°46′01″E / 27.14722°N 93.76694°E / 27.14722; 93.76694
চৌহদ গ্ৰাম্য
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.rgu.ac.in

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (ইংৰাজী: Rajiv Gandhi University) ১৯৮৪ চনত স্থাপিত ভাৰতৰ, অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল।[1] এইখনেই হৈছে অৰুণাচল প্ৰদেশত প্ৰতিষ্ঠিত প্ৰথমখন বিশ্ববিদ্যালয় আৰু পূৰ্বতে ইয়াক অৰুণাচল বিশ্ববিদ্যালয় বুলি জনা গৈছিল।

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় হিচাপে নামাকৰণ হোৱাৰ আগেয়ে বিশ্ববিদ্যালয়খন শ্বিলঙৰ উত্তৰ পূৰ্বীয় পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু)ৰ অধীনত আছিল। বৰ্তমান ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধীনত অৰুণাচল প্ৰদেশৰ পোন্ধৰখন মহাবিদ্যালয় আছে।[1] তাৰে কেইখনমান মহাবিদ্যালয়ৰ নাম হৈছে, অৰুণাচল ল' একাডেমী (নাহৰলগুন)[2], জৱাহৰলাল নেহৰু মহাবিদ্যালয় (পাচিঘাট), ড'নবস্ক' কলেজ (ইটানগৰ), ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয় (ইটানগৰ), ইন্দিৰা গান্ধী চৰকাৰী মহাবিদ্যালয় (তেজু), গৱাৰ্মেন্ট মহাবিদ্যালয় (ব’মডিলা), দ’ঞি প’ল’ চৰকাৰী মহাবিদ্যালয় (কামকি), ৰাংফ্ৰাহ চৰকাৰী মহাবিদ্যালয় (চাংলাং জিলা) ইত্যাদি।[3] বিশ্ববিদ্যালয়খনত অৰুণাচল প্ৰদেশৰ উপৰিও কাষৰীয়া ৰাজ্য অসমৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

স্বীকৃতি

[সম্পাদনা কৰক]

৯ এপ্ৰিল ২০০৭ তাৰিখৰ পৰা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পায়, তথা ২০০৫ চনত বিশ্ববিদ্যালয় খনক পূৰ্বৰ অৰুণাচল বিশ্ববিদ্যালয় নামৰ পৰা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় বুলি নকৈ নামাকৰণ কৰা হৈছিল।

বিদ্যাপীঠসমূহ

[সম্পাদনা কৰক]
শিক্ষা বিদ্যাপীঠ
  • শিক্ষা বিভাগ
ভাষাবিজ্ঞান বিদ্যাপীঠ
  • ইংৰাজী বিভাগ
  • হিন্দী বিভাগ
সমাজ বিজ্ঞান বিদ্যাপীঠ
  • নৃতত্ব বিভাগ
  • অৰ্থনীতি বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • সমাজশাস্ত্ৰ বিভাগ
মোলিক বিজ্ঞান বিদ্যাপীঠ
  • গণিত বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • ৰসায়ণ বিজ্ঞান বিভাগ
পৰিবেশ বিজ্ঞান বিদ্যাপীঠ
  • ভূগোল বিভাগ
জীৱবিজ্ঞান বিদ্যাপীঠ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
ব্যৱস্থাপনা বিদ্যাপীঠ
  • বাণিজ্য বিভাগ
  • ব্যৱস্থাপনা বিভাগ
অভিযান্ত্ৰীকি আৰু প্ৰযুক্তিবিদ্যা বিদ্যাপীঠ
  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰীকি বিভাগ

প্ৰতিষ্ঠান আৰু কেন্দ্ৰসমূহ

[সম্পাদনা কৰক]
  • অৰুণাচল জনজাতীয় শিক্ষা প্ৰ্তিষ্ঠান
  • দূৰ শিক্ষা প্ৰতিষ্ঠান
  • জৈৱ বেচিত্ৰ উৎকৰ্ষ সাধন কেন্দ্ৰ
  • কম্পিউটাৰ আৰু তথ্য কেন্দ্ৰ
  • নাৰী শিক্ষা কেন্দ্ৰ

আন্তঃৰাষ্ট্ৰীয় জলপানি

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয় খনৰ পৰা শিক্ষাৰ ক্ষেত্ৰত ইউৰোপলৈ যাবলৈ জলপানিৰ ব্যৱস্থা আছে।

ছাত্ৰাৱাস

[সম্পাদনা কৰক]

ছা্ত্ৰীনিৱাস

  • পাৰে হল ছাত্ৰীনিৱাস
  • কামেং হল ছাত্ৰীনিৱাস


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Rajiv Gandhi University At a Glance". Rajiv Gandhi University. Rajiv Gandhi University. 2007. Archived from the original on 2013-08-09. https://web.archive.org/web/20130809040808/http://www.rgu.ac.in/aboutrgu/rguhistory.html আহৰণ কৰা হৈছে: 27 জুলাই 2013.
  2. "Affiliated Colleges - Rajiv Gandhi University". Rajiv Gandhi University. Rajiv Gandhi University. 2007. Archived from the original on 2013-08-06. https://web.archive.org/web/20130806180503/http://www.rgu.ac.in/affiliates.html আহৰণ কৰা হৈছে: 27 জুলাই 2013.
  3. "Higher educational institutes in Arunachal Pradesh". Directorate of Higher and Technnical Education, Arunachal Pradesh. http://www.apdhte.nic.in/Academic/Basic_information_on_higher_edn_institution_09-10.pdf আহৰণ কৰা হৈছে: December 12, 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]