ৰাজেন গোহাঁই (ৰাজনীতিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেন গোহাঁই
লোকসভাৰ সাংসদ
নগাঁও (লোকসভা সমষ্টি)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৯৯
পূৰ্বসূৰী নৃপেন গোস্বামী
কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৫ জুলাই, ২০১৬
ব্যক্তিগত তথ্য
জন্ম ২৬ নৱেম্বৰ, ১৯৫০ (৭৩ বছৰ)
নগাঁও, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী ৰীতা গোহাঁই
সন্তান
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
30 August, 2012-ৰ তথ্য
উৎস: [1]

ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমনগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

আগজীৱন[সম্পাদনা কৰক]

ৰাজেন গোহাঁইয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[1] তেওঁ ১৯৮১ চনত ৰীতা গোহাঁইৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ ৫জন সন্তান আছে।[2] পেছাগতভাৱে গোহাঁই এগৰাকী চাহ বাগানৰ মালিক।[1]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ৰাজেন গোহাঁইয়ে ক্ৰমাগতভাৱে তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।[2] তেওঁ ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু সেই একে সমষ্টিৰে পৰা ২০০৪ আৰু ২০০৯ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়।[2] গোহাঁই ১৯৯১ চনৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হৈ আছে।[1] ২০১৬ চনৰ ৫ জুলাই তাৰিখে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ৰেল ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 R.C. Rajamani; Portraits of India's Parliamentarians for the New Millennium: Lok Sabha. Gyan Books. 2000. ISBN 978-8121207027. pg 110.
  2. 2.0 2.1 2.2 "Shri Rajen Gohain". Government of India. http://india.gov.in/govt/loksabhampbiodata.php?mpcode=143। আহৰণ কৰা হৈছে: 30 August 2012.