ৰাহী স্বৰন’বত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাহী স্বৰন’বত

২০২১ ত ৰাহী
ব্যক্তিগত তথ্যাৱলী
জন্ম ৩০ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ)
কোলহাপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
উচ্চতা 5.1 ফুট (1.6 মিটাৰ) (২০১৪)[1]
ওজন ৭৫ কেজি (১৭০ পাউণ্ড) (২০১৪)[1]
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ২৫ মিটাৰ পষ্টল
ক্লাব ছত্ৰপতি শিৱাজী স্প’ৰ্টচ কমপ্লেক্স, পুনে
দল ভাৰত
প্ৰশিক্ষক Munkhbayar Dorjsuren
বৰ্তমান প্ৰশিক্ষক বালেৱাৰী শ্বুটিং ৰেঞ্জ, পুনে

ৰাহী স্বৰন’বত (ইংৰাজী: Rahi Sarnobat) এগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈগৰাকীৰ প্ৰকৃত নাম ৰাহী জীৱন স্বৰন’বত। ২০০৮ চনত ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা কমনৱেলথ যুৱ গেমছত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰে।[2] ভাৰতৰ বাবে এছিয়ান গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা – ২০১৮ চনৰ জাকাৰ্টা পেলেমবাং এছিয়ান গেমছত মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।[3] ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত দুটা সোণৰ পদক লাভ কৰা ছানীয়ে অনিচা ছায়েদৰ সৈতে ২৫ মিটাৰ পিষ্টল পেয়াৰ ইভেণ্টত অহা দুটা স্বৰ্ণ পদকৰ ভিতৰত প্ৰথমটো। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ চনত ভাৰতত অনুষ্ঠিত হোৱা যুৱ কমনৱেলথ গেমছত ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল।[4]

আদি জীৱন[সম্পাদনা কৰক]

স্বৰন’বতৰ ঘৰ মহাৰাষ্ট্ৰৰ কোলহাপুৰত। স্কুলীয়া দিনত এনচিচি প্ৰশিক্ষণৰ অংশ হিচাপে তেওঁ আগ্নেয়াস্ত্ৰৰ সৈতে পৰিচয় লাভ কৰিছিল। সৰুৰে পৰাই তেওঁ আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ স্বাভাৱিক দক্ষতা প্ৰদৰ্শন কৰিছিল। এই ক্ৰীড়াৰ প্ৰথম দিনবোৰত স্বৰন’বতে নিজৰ গৃহ চহৰ কোলহাপুৰত থকা খেল সম্পৰ্কীয় অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু সা-সুবিধাসমূহৰ মাজেৰে দি অতিবাহিত কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁ মুম্বাইত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়, য'ত খেলৰ উন্নত সুবিধা আছিল।.[5] তেওঁৰ প্ৰেৰণা হ’ল মহাৰাষ্ট্ৰৰ খেলুৱৈ তেজস্বিনী সাৱন্ত, যি তেওঁৰ সহযোগী আৰু এগৰাকী ৫০ মিটাৰ ৰাইফল প্ৰ' বিশ্ব চেম্পিয়ন।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্বৰন’বতে চাংৱনত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপত ২৫ মিটাৰ পিষ্টল ইভেণ্টত জয়লাভ কৰি বিশ্বকাপত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়।[6][7] ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত তেওঁ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰে।[8] একে বছৰতে তেওঁ ২০১৪ চনৰ ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টল দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে, য'ত তেওঁ অনিছা ছায়েদ আৰু হিনা সিদ্ধুৰ সৈতে একেলগে খেলত অংশগ্ৰহণ কৰিছিল।[9] ২০১৫ চনত দুৰ্ঘটনাৰ ফলত হোৱা আঘাত ৰাহীৰ বাবে এক বিপৰ্যয়ৰ ৰূপত আহিছিল; এই আঘাতে তেওঁ কঁকালত প্ৰভাৱ পেলাইছিল, যিটো সম্পূৰ্ণৰূপে ভাল হ’বলৈ প্ৰায় দুবছৰ সময় লাগিছিল।[10] আঘাত নিৰাময়ৰ পিছত তেওঁ পুনৰ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰে আৰু জাৰ্মান প্ৰশিক্ষক মুংখবায়াৰ ডৰ্জছুৰেনৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, যিয়ে স্বৰন’বতক শাৰীৰিক ফিটনেছ আৰু মানসিক শক্তি লাভ কৰাত সহায় কৰে।[11] সকলোতকৈ আচৰিত কথাটো আছিল, ২০১২ চনৰ অলিম্পিকত ডৰ্জছুৰেন আছিল ৰাহী স্বৰন’বতৰ অন্যতম প্ৰতিদ্বন্দ্বী।[12] ২০১১ চনত ফৰ্ট বেনিং ত অনুষ্ঠিত বিশ্বকাপ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ ফলত ২০১২ চনত লণ্ডন অলিম্পিকৰ বাবে নিৰ্বাচিত হয়, যাৰ ফলত তেওঁ অলিম্পিকত ২৫ মিটাৰ স্প’ৰ্টছ পিষ্টল ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয়।[3] ২০১৫ চনৰ মে’ মাহত স্বৰন’বতক ভাৰতীয় ৰাষ্ট্ৰীয় ৰাইফল সংস্থা অৰ্থাৎ এন আৰ এ আইৰ দ্বাৰা দেশৰ সন্মানীয় অৰ্জুন বঁটাৰ বাবে ৰাহীৰ নাম প্ৰস্তাৱ কৰা হৈছিল।[13] ২০১৮ চনৰ ২২ আগষ্টত গেমছৰ অভিলেখ ৩৪ৰে ২৫ মিটাৰ পিষ্টল ইভেণ্টত শ্বুটিঙত ব্যক্তিগত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়৷ থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে শ্বুট অফত জয়লাভ কৰি সোণৰ পদক লাভ কৰে।[14] অচিজেকত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত ৰাহীয়ে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।[15] ৩০ বছৰীয়া খেলুৱৈ গৰাকীয়ে মুঠ ৫৯১ স্ক’ৰ সংগ্ৰহ কৰি দ্বিতীয় স্থানত যোগ্যতা অৰ্জন কৰাৰ পিছত চূড়ান্ত স্ক’ৰ ৩৯ ৰান কৰে। ফাইনেলত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে তেওঁক টকিঅ’ৰ টিকট প্ৰদান কৰে।[15] ২০১৯ চনত মিউনিখ বিশ্বকাপ ইভেণ্টত ৰাহীয়ে সোণৰ পদক লাভ কৰে[16] আৰু ২০২০ চনৰ টকিঅ' অলিম্পিকৰ বাবে নিৰ্বাচিত হয়।[17] ​ ​

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Rahi Sarnobat". Commonwealth Games Federation (CGF]. Archived from the original on 22 August 2018. https://archive.today/20180822211420/http://g2014results.thecgf.com/athlete/shooting/1017613/r_sarnobat.html। আহৰণ কৰা হৈছে: 22 August 2018. 
  2. "Golden Girl - Rahi Sarnobat". TheSportsCampus.com. 26 October 2008. http://www.thesportscampus.com/20081026179/2008-pune-youth-games/golden-girl-rahi-sarnobat. 
  3. 3.0 3.1 3.2 "Rahi Sarnobat becomes first Indian female shooter to win Asian Games gold". ESPN. 22 August 2018. http://www.espn.in/shooting/story/_/id/24442212/rahi-sarnobat-becomes-first-indian-female-shooter-win-asian-games-gold। আহৰণ কৰা হৈছে: 22 August 2018. 
  4. "Spotlights on Youth: Sarnobat's challenge is to make shooting more popular than cricket in India" (en ভাষাত). ISSF. https://www.issf-sports.org/news.ashx?newsid=1817। আহৰণ কৰা হৈছে: 2020-05-30. 
  5. "राही सरनोबत: रिटायरमेंट के कगार से लौटकर ओलंपिक पदक की दावेदार बनने तक" (hi ভাষাত). BBC News हिंदी. https://www.bbc.com/hindi/sport-55796467. 
  6. "Women shooters break into the male bastion". India Today. 7 October 2010. http://indiatoday.intoday.in/site/Story/115404/Sports/women-shooters-break-into-the-male-bastion.html। আহৰণ কৰা হৈছে: 8 October 2010. 
  7. "Sarnobat wins gold in shooting WC". The Hindu. 5 April 2013. https://www.thehindu.com/sport/other-sports/sarnobat-wins-gold-in-shooting-wc/article4585521.ece। আহৰণ কৰা হৈছে: 8 October 2018. 
  8. "Pistol shooter Rahi Sarnobat wins gold, Anisa Sayyed silver". IANS. news.biharprabha.com. 26 July 2014. http://news.biharprabha.com/2014/07/pistol-shooter-rahi-sarnobat-wins-gold-anisa-sayyed-silver/। আহৰণ কৰা হৈছে: 26 July 2014. 
  9. Mishra, Rashmi (22 September 2014). "Shooters Heena Sidhu, Rahi Sarnobat and Anisa Sayyed win 4th bronze for India in Asian Games 2014". http://www.india.com/asian-games-2014/shooters-heena-sidhu-rahi-sarnobat-and-anisa-sayyed-win-4th-bronze-for-india-in-asian-games-2014-154631/। আহৰণ কৰা হৈছে: 25 September 2014. 
  10. "Rahi Sarnobat". Olympic Channel. https://www.olympicchannel.com/en/athletes/detail/rahi-sarnobat/। আহৰণ কৰা হৈছে: 2021-02-17. 
  11. "Rahi Sarnobat". Olympic Channel. https://www.olympicchannel.com/en/athletes/detail/rahi-sarnobat/। আহৰণ কৰা হৈছে: 2021-02-17. 
  12. "This shooting star Rahi Sarnobat has an Olympic dream" (en ভাষাত). DNA India. 2019-09-21. https://www.dnaindia.com/sports/interview-this-shooting-star-rahi-sarnobat-has-an-olympic-dream-2791291। আহৰণ কৰা হৈছে: 2021-02-17. 
  13. "Jitu Rai, Rahi recommended for Arjuna Awards by NRAI". http://timesofindia.indiatimes.com/sports/more-sports/shooting/Jitu-Rai-recommended-for-Arjuna-Awards-by-NRAI/articleshow/47200850.cms. 
  14. Mishra, Rashmi (22 August 2018). "Rahi Sarnobat Wins Gold in 25 m Pistol Event, Manu Bows Out". The Quint. https://www.thequint.com/sports/asian-games/asian-games-2018-day-4-rahi-sarnobat-wins-25-m-pistol। আহৰণ কৰা হৈছে: 22 August 2018. 
  15. 15.0 15.1 "ISSF Shooting World Cup: Rahi Sarnobat wins gold medal in women's 25m pistol event" (en ভাষাত). India Today. June 28, 2021. https://www.indiatoday.in/sports/other-sports/story/issf-shooting-world-cup-rahi-sarnobat-wins-gold-medal-in-women-s-25m-pistol-event-1820338-2021-06-28। আহৰণ কৰা হৈছে: 2021-07-26. 
  16. "ISSF - International Shooting Sport Federation - issf-sports.org". www.issf-sports.org. https://www.issf-sports.org/athletes/athlete.ashx?personissfid=SHINDW3010199001। আহৰণ কৰা হৈছে: 2020-05-30. 
  17. "Shooter Rahi Sarnobat has set her target on more Olympics after Tokyo 2021" (en ভাষাত). Hindustan Times. 2020-04-24. https://www.hindustantimes.com/cities/sarnobat-has-set-her-target-on-more-olympics-after-tokyo-2021/story-ewH775uEk2XpFP9repMQPM.html। আহৰণ কৰা হৈছে: 2020-05-30.