সমললৈ যাওক

ৰিয়ানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিয়ানা
২০১২ চনৰ ১০ এপ্ৰিলত ছিডনীত বেটলশ্বিপৰ প্ৰীমিয়াৰত ৰিয়ানা
২০১২ চনৰ ১০ এপ্ৰিলত ছিডনীত বেটলশ্বিপৰ প্ৰীমিয়াৰত ৰিয়ানা
পৃষ্ঠভূমি
জন্ম নাম ৰবিন ৰিয়ানা ফেণ্টী
জন্ম ফেব্ৰুৱাৰী ২০ , ১৯৮৮ (৩৮ বছৰ)
ছেইণ্ট মাইকেল,বাৰ্বাদোচ
সংগীতৰ ধৰণ পপ, আৰ এণ্ড বি, ডেন্সহল, ৰেগেজ, হিপ হপ,ডেন্স
পেচা সংগীত শিল্পী, অভিনেত্ৰী
সক্ৰিয়তাৰ বছৰ ২০০৪–বৰ্তমানলৈ
লেবেল ডেফ জেম, এচআৰপি
ৱেবছাইট rihanna.com

ৰবিন ৰিয়ানা ফেণ্টী বা ৰিয়ানা (জন্ম: ২০ ফেব্ৰুৱাৰী, ১৯৮৮) এগৰাকী বাৰ্বাৰিয়ান বাণীবন্ধন শিল্পী আৰু অভিনেত্ৰী। ছেইণ্ট মাইকেল, বাৰ্বাদোচত জন্মগ্ৰহণ কৰা ৰিয়ানাই ২০০৩ চনত প্ৰযোজক ইভান ৰজাৰ্ছক লগ পোৱাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৬ বছৰ বয়সতে তেওঁ আমেৰিকালৈ উৰা মাৰে আৰু জেই জিৰ কাৰণে অডিশ্যন দিয়াৰ পিছত ডেফ জেম ৰেকৰ্ডিঙৰ লগত এক চুক্তিত স্বাক্ষৰ কৰে[1]

ৰিয়ানাৰ প্ৰথম এলবাম “মিউজিক অৱ দ্য চানে”(২০০৫), বিলবৰ্ড ২০০ত দশম স্থান দখল কৰে আৰু ইয়াৰ “পণ ডে ৰিলেই”য়ে বিলবৰ্ড হট ১০০ত পঞ্চম স্থান দখল কৰে। তেওঁৰ দ্বিতীয় এলবাম “এ গাৰ্ল লাইক মী(২০০৬)”য়ে আমেৰিকাত পঞ্চম স্থান দখল কৰে আৰু ইয়াৰ “এচ ও এচ” গীতটি হট ১০০ত প্ৰথম স্থান দখল কৰা তেওঁৰ প্ৰথম গীত হৈ পৰে। ৰিয়ানাৰ তৃতীয় এলবাম গুড গাৰ্ল গন বেড (২০০৭)ত তেওঁৰ বিশ্বজুৰি বিখ্যাত একক “আম্ব্ৰেলা”,”ড’ণ্ট ষ্টপ দ্য মিউজিক”,”টেক এ ব’”আৰু “ডিষ্টাৰ্বিয়া” সন্নিবিষ্ট হয়। এই এলবামটিয়ে নটা গ্ৰেমী বঁটাৰ মনোনয়ন লাভ কৰে আৰু “আম্ব্ৰেলা”ৰ বাবে “বেষ্ট ৰেপ/চাং ক’লাব’ৰেছন”বঁটা লাভ কৰে। তেওঁৰ চতুৰ্থ এলবাম ৰেটেড আৰ (২০০৯ )ত টপ টেন একক "ৰাছিয়ান ৰ’লেট”, "হাৰ্ড" আৰু “ৰুড বয়” সন্নিবিষ্ট” হয় যাৰ শেষৰটো বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰে। ৰিয়ানাৰ পঞ্চম এলবাম “লাউড” (২০১০)ত এক নম্বৰ স্থান দখল কৰা একক “ওনলী গাৰ্ল ইন দ্য ৱৰ্ল্ড”,”হোৱাট্চ মাই নেম?” আৰু “এচএণ্ডএম” সম্বলিত হয়। তেওঁৰ ষষ্ঠ এলবাম “টক ডেট টকে” গোটেই বিশ্বতে প্ৰথম স্থান দখল কৰা “ৱি ফাউণ্ড লাভ” আৰু শীৰ্ষ পাঁচটাৰ ভিতৰত থকা “হোৱেৰ হেভ য়ু বীন”ক সামৰি লয়। ৰিয়ানাৰ সপ্তম এলবাম “আনএপলজেটিক”ত বিলব’ৰ্ড হট ১০০ত ৰিয়ানাৰ দ্বাদশ প্ৰথম স্থান দখলকাৰী “ডাইমণ্ডছ” গীতটি আছে।

ৰিয়ানাৰ সংগীতে তেওঁলৈ বহুতো পুৰস্কাৰ লৈ আনে। তাৰ ভিতৰত আছে ৫টা গ্ৰেমী বঁটা, ৫টা আমেৰিকান মিউজিক এৱাৰ্ড, ১৮টা বিলব’ৰ্ড মিউজিক এৱাৰ্ড আৰু দুটা বিআৰআইটি এৱাৰ্ড। ২০১২ চনত ৰিয়ানাৰ লেবেল ডেফ জামে তেওঁক কেৰিয়াৰৰ আৰম্ভণিৰে পৰা বিশ্বজুৰি ২৫ মিলিয়ন ৰেকৰ্ড আৰু ৭৫ মিলিয়ন একক বিক্ৰীৰ বাবে পুৰষ্কৃত কৰে। আৰু এনেকৈয়ে ৰিয়ানা সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা শিল্পীৰ তালিকাৰ এজন হৈ পৰে[2]। ৰিয়ানাৰ সৰ্বমুঠ বাৰটা গীতে বিলব’ৰ্ডৰ হট ১০০ তালিকাত প্ৰথম স্থান দখল কৰে আৰু এই খিতাপ দখল কৰা সৰ্বকনিষ্ঠ একক শিল্পী হিচাপে পৰিগণিত হয়[3]বিলব'ৰ্ডে ৰিয়ানাক ২০০০দশকৰ ডিজিটেল সংগীত শিল্পী আখ্যা দিয়ে[4][5]। মে’ ২০১১ ৰ পৰা মে’ ২০১২ লৈ 53 মিলিয়ন ডলাৰ উপাৰ্জনেৰে ফোৰ্বছে ২০১২ত ৰিয়ানাক ২০১২ চনৰ চতুৰ্থ সবাতোকৈ শক্তিশালী চেলিব্ৰেটী আখ্যা দিয়ে[6]। সেই বছৰতে টাইম আলোচনীয়ে ৰিয়ানাক পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী লোক সকলৰ এজন আখ্যা দিয়ে[7]

জীৱন আৰু সংগীত

[সম্পাদনা কৰক]

১৯৮৮–২০০৪: প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
ব্ৰিজটাউন চহৰত ৰিয়ানা ডাঙৰ-দীঘল হয়[8]

ৰবিন ৰিয়ানা ফেণ্টীয়ে ফেব্ৰুৱাৰী 20, 1988 ছেইণ্ট মাইকেল,বাৰ্বাদোচত জন্মগ্ৰহণ কৰে। তেওঁৰ মাতৃ আছিল মণিকা ব্ৰেইথৱেইট আৰু পিতৃ আছিল ৰণাল্ড ফেণ্টী।[9][10] ৰিয়ানাৰ পিতৃৰ ক্ৰেক কোকেইন,মদ,মাৰিজুৱানা আদি সেৱনৰ প্ৰভাৱ ৰিয়ানাৰ শৈশৱ কালত বাৰুকৈয়ে পৰিছিল আৰু তেওঁৰ চৈধ্য বছৰ বয়সতে পিতৃ-মাতৃৰ অস্থিৰ বিবাহৰ অন্ত পৰিছিল।[8][10][11] ৰেগেজ সংগীত শুনিয়েই ৰিয়ানা ডাঙৰ-দীঘল হয় আৰু সাত বছৰ বয়সতে গান গাবলৈ আৰম্ভ কৰে।[12][13]

ৰিয়ানাই ২০০৩ চনত প্ৰযোজক ইভান ৰজাৰ্ছক লগ পোৱাৰ পিচত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে[14] ফেব্ৰুৱাৰী ২০০৫ত ৰিয়ানাই ডেফ জেম ৰেকৰ্ডিংৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া জেই জিক লগ কৰে আৰু তেওঁৰ বাবে অডিশ্যন দিয়ে[15][16]। সেই দিনাই তেওঁ ডেফ জেম ৰেকৰ্ডিংৰ লগত ছয়টা এলবামৰ এক চুক্তিত স্বাক্ষৰ কৰে আৰু ৰ’জাৰ আৰু তেওঁৰ পত্নীৰ সৈতে নিউ য়ৰ্কত থাকিবলে লয়[15][17]

২০০৫–০৬: মিউজিক অৱ দ্য চান আৰু এ গাৰ্ল লাইক মী

[সম্পাদনা কৰক]
২০০৫ চনত জিংগল বল গাই থকা সময়ত ৰিয়ানা

ৰিয়ানাৰ প্ৰথম একক "পণ ডে ৰীপ্লে", ২২ আগষ্ট,২০০৫ত মুকলি হয় আৰু ই আমেৰিকাৰ "বিলব’ৰ্ড হট ১০০" আৰু ইংলেণ্ডৰ একক তালিকাত দ্বিতীয় স্থান দখল কৰে।[18] তেওঁৰ প্ৰথম এলবাম মিউজিক অৱ দ্য চানে সেই মাহৰে শেষলৈ মুক্তি লাভ কৰে আৰু গোটই বিশ্বজুৰি ইয়াৰ প্ৰায় দুই মিলিয়ন এলবাম বিক্ৰী হয়।[19] ই মিশ্ৰিত সঁহাৰি লাভ কৰে আৰু ৰ’লিং ষ্টোন আলোচনীয়ে ইয়াক ৫ৰ ভিতৰত ২.৫টা তৰা দিয়ে।[20] আন এটা একক “ইফ ইট্ছ লাভিং ডেট য়ু ৱণ্ট” আগৰটোৰ সমান সফল নহ’ল।[21] প্ৰথম এলবামৰ মুক্তিৰ এমাহৰ পিছত তেওঁ দ্বিতীয় এলবামৰ কাম আৰম্ভ কৰে।[22] আগৰ এলবামতৰ আঠ মাহ নৌহওঁতেই দ্বিতীয় এলবাম এ গাৰ্ল লাইক মী এপ্ৰিল ২০০৬ ত মুকলি হয়।[23] ইয়াৰ "এচওএচ" গীতটি যথেষ্ট সফল হয় আৰু আমেৰিকা আৰু অষ্ট্ৰেলিয়াত প্ৰথম স্থান দখল কৰে।[24] এই এলবামটিয়ে কানাডাত প্ৰথম আৰু আমেৰিকা আৰু ইংলেণ্ডত পঞ্চম স্থান দখল কৰে আৰু তাত প্ৰথম সপ্তাহতে ১১৫,000 টি এলবাম বিক্ৰী হয়।[19][25] ইয়াৰে "আনফেইথফুল" শীৰ্ষক গীতটিয়েও যথেষ্ট সফলতা পায় আৰু পৰ্তুগাল,কানাডা,ছুইজাৰলেণ্ড আদিত প্ৰথম স্থানত অধিষ্ঠিত হয়।[26] ৮ আগষ্ট,২০০৬ত মুক্তিপ্ৰাপ্ত ছবি “ব্ৰিং ইট অন:অল অৰ নাথিঙ”ত এক সংক্ষিপ্ত চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।[27]

২০০৭–০৯: গুড গাৰ্ল গন বেড

[সম্পাদনা কৰক]
২০০৮ চনত ব্ৰীছবেন এণ্টাৰটেইনমেণ্ট চেণ্টাৰত প্ৰদৰ্শনৰত অৱস্থাত ৰিয়ানা

তেওঁৰ তৃতীয় এলবাম “গুড গাৰ্ল গন বেডে” ধনাত্মক সঁহাৰি লাভ কৰে।[28] ইয়াৰে প্ৰধান একক "আম্ব্ৰেলা" শীৰ্ষক গীতটিয়ে প্ৰায় তেৰখন দেশত শীৰ্ষস্থান দখল কৰে আৰু দহ সপ্তাহজুৰি ইংলেণ্ডত এক নম্বৰ স্থানত অধিষ্ঠিত হৈ থাকে।[29][30] ৬.৬ মিলিয়ন বিক্ৰীৰে ই ৰিয়ানাৰ প্ৰথম বিশ্বজুৰি সৰ্বাধিক বিক্ৰী হোৱা গীত আখ্যা পায়।[31][32] এই এলবামৰ "শ্বাট আপ এণ্ড ড্ৰাইভ", " হেট দেট আই লাভ য়ু","ড’ণ্ট ষ্টপ দ্য মিউজিক" আদি গীতো সফল হয়। ৫০তম গ্ৰেমী বঁটাৰ বহুতো শিতানত ৰিয়ানা মনোনীত হয় আৰু “আম্ব্ৰেলা”ৰ বাবে জেই জিৰ সৈতে বেষ্ট ৰেপ/চং ক’লাব’ৰেশ্যন বঁটা লাভ কৰে।[33]

২০০৮ চনৰ ২০ফেব্ৰুৱাৰীত বাৰবাৰিয়ান প্ৰধানমন্ত্ৰী ডেভিদ থম্পচনে “ৰিয়ানা ডে’ ” শীৰ্ষক এক অনুষ্ঠানত গায়িকা গৰাকীক বহুতো পুৰস্কাৰ প্ৰদান কৰে।[34][35] তেওঁৰ তৃতীয় এলবামৰ পুনঃসংযোজন “গুড গাৰ্ল গন বেড : ৰিলোডেড” জুন,২০০৮ত মুকলি হয় য’ত তিনিটা নতুন গান “ডিষ্টাৰ্বিয়া”,"টেক এ ব’ " আৰু মৰুণ ফাইভৰ লগত এক দ্বৈত “ইফ আই নেভাৰ ছি য়ু এগেইন” সংযোজিত কৰা হয়। এটা এটাকৈ মুক্তিপ্ৰাপ্ত এই আটাইকেইটা গীতেই বিশ্বজুৰি সমাদৰ লাভ কৰে।[36][37][38] ৰেপাৰ টি.আই.ৰ সৈতে গোৱা ২০০৮চনৰ নৱেম্বৰ মাহত মুক্তিপ্ৰাপ্ত "লিভ য়োৰ লাইফ" গীতটিয়ে অষ্ট্ৰিয়া,কানাডা,আয়াৰলেণ্ড আদিত প্ৰথম পাঁচটাৰ ভিতৰত আৰু নিউজিলেণ্ড আৰু আমেৰিকাত প্ৰথম স্থান দখল কৰে।[39] মুক্তি লভাৰে পৰা “গুড গাৰ্ল গন বেড”ৰ গোটেই বিশ্বজুৰি সাত মিলিয়নতকৈও অধিক এলবাম বিক্ৰী হয়।[40]

২০০৯–১০: ৰেটেড আৰ

[সম্পাদনা কৰক]
২০১০ চনৰ এপ্ৰিলত পেৰিছত ৰিয়ানা

৮ ফেব্ৰুৱাৰী, ২০০৯ত ৫১তম গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত ৰিয়ানাৰ সূচীকৃত প্ৰদৰ্শন বাতিল কৰা হয়।[41] পিছত গম পোৱা যায় যে সেই সময়ৰ সংগী,গায়ক ক্ৰিছ ব্ৰাউনৰ লগত তেওঁৰ এক কাজিয়া লাগে আৰু ব্ৰাউনক কৰায়ত্ত কৰা হয়।[42] কিছুমান চিত্ৰৰ পৰা যে ৰিয়ানাৰ দেহত আঘাতৰ চিন দেখিবলৈ পোৱা যায়।[43]

এই ঘটনাৰ পিছত সংগীত জগতলৈ ঘূৰি আহি ৰিয়ানাই জেই জি আৰু কান্যে ৱেষ্টৰ লগত মিলিত হৈ "ৰাণ দিছ টাউন" শীৰ্ষক গীতটিত কণ্ঠদান কৰে যিয়ে বিলব'ৰ্ড হট ১০০ ত দ্বিতীয় স্থান দখল কৰে,য়ুকেত প্ৰথম স্থান দখল কৰে আৰু আন দহখন দেশত শীৰ্ষ দহটাৰ ভিতৰত প্ৰৱেশ কৰে।[44] নৱেম্বৰ,২০০৯ ত ৰিয়ানাৰ চতুৰ্থ এলবাম ৰেটেড আৰ মুকলি হয়।[45] ই ভাল সঁহাৰি পায় আৰু ৰ'লিং ষ্টোনে কয় যে ৰিয়ানাই "কণ্ঠস্বৰৰ সুন্দৰ ৰূপান্তৰ ঘটাইছে আৰু বছৰটোৰ এটা শ্ৰেষ্ঠ পপ এলবাম নিৰ্মাণ কৰিছে"।[46] ইয়াৰে "ৰাছিয়ান ৰ'লেট" শীৰ্ষক গীতটি বাণিজ্যিকভাৱে সফল হয় আৰু নৰৱে তথা ছুইজাৰলেণ্ডত প্ৰথম স্থান দখল কৰাৰ লগতে আন ষোল্লখন দেশত শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰে।[47] ইয়াৰে পিছত "হাৰ্ড","য়ং জিজী" আৰু "ৰুড বয়" শীৰ্ষক গীত কেইটি মুকলি হয় যাৰ শেষৰ গীতটি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হয় আৰু বিলব'ৰ্ড হট ১০০ ৰ শীৰ্ষস্থানত ছয় সপ্তাহ জুৰি থকাৰ লগতে আন বিশখন দেশৰ শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰে।[48][49] ৰেটেড আৰৰ পৰা শ্লেশ্বৰ সৈতে "ৰকষ্টাৰ ১০১" আৰু "টি এমো" শীৰ্ষক একক দুটিও মুকলি কৰি দিয়া হয়।[50][51]

২০১০ –১১: লাউড

[সম্পাদনা কৰক]
২০১১ জুলাই মাহত চনৰ লাউড টুৰত প্ৰদৰ্শনৰত অৱস্থাত ৰিয়ানা

২০১০ ৰ গ্ৰীষ্মকালত ৰিয়ানাই ৰেপাৰ এমিনেমৰ লগত লগত “লাভ দ্য ৱে য়ু লাই” লাই” শীৰ্ষক গীতটিত কণ্ঠদান কৰে। ই অভাৱনীয় সফলতা লাভ কৰে আৰু বিশ্বজুৰি বিশখনতকৈও অধিক দেশত প্ৰথম স্থান দখল কৰে।[52] ই ৰিয়ানাৰ কেৰিয়াৰৰ সপ্তমটি প্ৰথম স্থান দখলকাৰী গীত হিচাপে চিহ্নিত হয়।[53] দ্বিতীয় স্থান দখল কৰিলেও য়ুকেত ই ২০১০ৰ আটাইতকৈ বেছি বিক্ৰী হোৱা একক হিচাপে তথা সেই দেশত এক মিলিয়ন সংখ্যক বিক্ৰী হোৱা প্ৰথম একক হিচাপে পৰিগণিত হয়।[54][55] ন মিলিয়নতকৈও অধিক বিক্ৰীৰে ই পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা একক সমূহৰ অন্যতম আৰু ৰিয়ানাৰ আটাইতকৈ বেছি বিক্ৰী হোৱা একক। .[56] অক্টোবৰ ২০১০ত ৰিয়ানাই ৰিয়ানা নামৰ এখন কিতাপ প্ৰকাশ কৰে আৰু ঘোষনা কৰে যে ইয়াৰ পিছত তেওঁৰ ব্যৱস্থাপনা জেই জিৰ লেবেল ৰক নেশ্যনে কৰিব।[57][58]

ইয়াৰ পিছৰ মাহত ৰিয়ানাৰ পঞ্চম এলবাম ‘’লাউডে’’ মুক্তি লাভ কৰে।[59] ইয়াৰে প্ৰধান একক “ওনলী গাৰ্ল ইন দ্য ৱৰ্ল্ড” অষ্ট্ৰেলিয়া,কানাডা,আমেৰিকা আদিকে ধৰি পোন্ধৰখন দেশত প্ৰথম স্থান দখল কৰে।[60][61][62] ড্ৰেকৰ লগত একলগ হৈ গোৱা ইয়াৰে আন এটা একক “হোৱাটছ মাই নেমে?”ও আমেৰিকা আৰু য়ুকেত প্ৰথম স্থান দখল কৰে আৰু ইয়াৰ দ্বাৰা ৰিয়ানাই ক্ৰমাগতভাৱে পাঁচবছৰত য়ুনাইটেড কিংডমত প্ৰথম স্থান দখলকাৰী পাঁচটা এককত কণ্ঠদান কৰি এনে সাফল্য লাভ কৰা প্ৰথম মহিলা শিল্পীহোৱাৰ অভিলেখ সৃষ্টি কৰে। .[63] ইও বিলব’ৰ্ডৰ হট ১০০ তালিকাত প্ৰথম স্থান দখল কৰে।[64] ইয়াৰে “এছএণ্ডএম” শীৰ্ষক এককটোৱে ব্ৰিটনী স্পিয়েৰ্ছৰে সৈতে ইয়াৰ আনুষ্ঠানিক ৰিমিক্স মুকলি হোৱাৰ পিছত আমেৰিকাত প্ৰথম স্থান দখল কৰে। ই আমেৰিকাত ৰিয়ানাৰ দশম প্ৰথনস্থান দখলকাৰী গীত হিচাপে পৰিগণিত হয়। ইয়াৰে প্ৰথম আৰু দশম গীতটিৰ মাজত মাত্ৰ চাৰি বছৰ,এঘাৰ মাহ আৰু দুসপ্তাহ ব্যৱধানেৰে ৰিয়ানাই আটাইতকৈ কম সময়ত এনে সাফল্য লাভ কৰা প্ৰথম শিল্পীহোৱাৰ অভিলেখ ৰচে।[65] ২০১১ চনৰ মে’ মাহত মুক্তিপ্ৰাপ্ত "মেন ডাউন” আৰু "কেলিফৰ্ণিয়া কিং বেড" শীৰ্ষক একক দুটাই মধ্যমীয়া সফলতা লাভ কৰে।[66][67] "চিয়েৰ্ছ (ড্ৰিংকটু ডেট)" শীৰ্ষক ইয়াৰে শেষ গীতটিয়ে য়ুকেত প্ৰথম বিশটা আৰু আমেৰিকাত প্ৰথম দহটাৰ ভিতৰত স্থান লাভকৰে।[68] ইয়াৰ পিছৰ মাহত “ওনলী গাৰ্ল ইন দ্য ৱৰ্ল্ডে” ৫৩তম গ্ৰেমী বঁটা প্ৰদানত “বেষ্ট ডেন্স ৰেকৰ্ডিং” বঁটা পায়।[69] ২০১১ চনৰ অক্টোবৰত নিকি মিনাজে ৰিয়ানাৰ লগ হৈ গোৱা মিনাজৰ ‘’পিংক ফ্ৰাইডে’’ এলবামৰ “ফ্লাই” শীৰ্ষক গীতটিয়ে আমেৰিকা আৰু য়ুকেত শীৰ্ষ বিশটাৰ ভিতৰত প্ৰৱেশ কৰে।[70][71]

২০১১–১২: টক ডেট টক আৰু চলচ্চিত্ৰাভিনয়

[সম্পাদনা কৰক]
২০১১ চনৰ আগষ্ট মাহত "ভি ফেষ্টিভেল"ত ৰিয়ানা

নৱেম্বৰ ২০১১ত ৰিয়ানাৰ ষষ্ঠ এলবাম “টক ডেট টক” মুকলি হয়।[72] ইয়াৰে “ৱি ফাউণ্ড লাভ” গীতটিয়ে পঁচিশখন দেশত শীৰ্ষস্থান আৰু ত্ৰিশখন দেশত শীৰ্ষ দহটাৰ ভিতৰত স্থান লাভ কৰি এক অভিলেখ গঢ়ে।[73] ই বিলব’ৰ্ড হট ১০০ ৰ প্ৰথম স্থানত দহ সপ্তাহ কটায় আৰু ৰিয়ানাৰ আটাইতকৈ বেছি সময়ৰ বাবে শীৰ্ষস্থানত থকা আৰু ২০১১ৰ আটাইতকৈ বেছি সময়ৰ বাবে শীৰ্ষস্থানত থকা গীত হিচাপে পৰিগণিত হয়।[74][75] “ৱি ফাউণ্ড লাভ”ৰ ভিডিঅ’ই ২০১২ চনৰ এম টি ভি ভিডিঅ’ মিউজিক এৱাৰ্ডছত “ভিডিঅ’ অৱ দ্য ইয়েৰ” বঁটা লাভ কৰে আৰু ইয়াৰ দ্বাৰা ৰিয়ানা একাধিক বাৰ এই বঁটা লাভ কৰা প্ৰথম মহিলা হৈ পৰে।[76] এই এলবামৰ “য়ু দ্য ৱান" শীৰ্ষক গীতটিয়েও কিছু সফলতা পায়।[77][78] ইয়াৰে “হোৱেৰ হেভ য়ু বীন" শীৰ্ষক গীতটিয়েও বিশ্বজোৰা সাফল্য লাভ কৰে আৰু আমেৰিকাত পঞ্চম আৰু ইংলেণ্ডত ষষ্ঠ স্থান লাভ কৰে।[79][80]

২০১১ চনৰ মাৰ্চ মাহত লাষ্ট গাৰ্ল অন আৰ্থ টুৰত ৰিয়ানাৰ প্ৰদৰ্শন

ফেব্ৰুৱাৰী ২০১২ ত ৰিয়ানাই তেওঁৰ তৃতীয়টো গ্ৰেমী বঁটা লাভ কৰে আৰু ২০১২ব্ৰিট এৱাৰ্ডছত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে “বেষ্ট ইণ্টাৰনেশ্যনেল ফিমেল চ’ল’ আৰ্টিষ্ট” হিচাপে নিৰ্বাচিত হয়।[81][82] ১৮ মে', ২০১২ত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ “বেটলশ্বিপ”ত ৰিয়ানাই প্ৰেটী অফিচাৰ্(জিএম2)ক’ৰা ৰাইকছৰ চৰিত্ৰত অভিনয় কৰে।[83] ইয়াৰ বাবে তেওঁ মিশ্ৰিত সঁহাৰি লাভ কৰে আৰু তেওঁ ইয়াৰ বাবে এটা “টীন চইছ এৱাৰ্ড” লাভ কৰে।[84][85] গায়িকা কেটী পেৰীৰ ওপৰত আধাৰিত “কেটী পেৰী : পাৰ্ট অৱ মী” নামৰ এক তথ্যচিত্ৰতো তেওঁক দেখা যায়।

আগষ্ট ১৯, ২০১২ত ৰিয়ানাই অপ্ৰা উইনফ্ৰেইৰ “অপ্ৰ্ৰাছ নেক্সট চেপ্টাৰ”ৰ দ্বিতীয় সংস্কৰণৰ প্ৰথম খণ্ডত ভূমুকি মাৰে।[86] অক্টোবৰ 2012, বিলব'ৰ্ড আলোচনীয়ে ৰিয়ানাক তেওঁলোকৰ ১৯৯২–২০১২ৰ শীৰ্ষ পপ সংগীত শিল্পীৰ তালিকাত শীৰ্ষ স্থান দিয়ে।[87] এই মাহৰে শেষৰ ফালে ১১.৪ মিলিয়ন একক বিক্ৰীৰে তেওঁ য়ুকেৰ দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা মহিলা শিল্পী হিচাপে পৰিগণিত হয়।[88] নৱেম্বৰ ২০১২ ত অফিছিয়েল চাৰ্টছ কোম্পানীয়ে ঘোষণা কৰে যে ৰিয়ানাৰ সেই বছৰতে সেই দেশত ৩ মিলিয়নতকৈও অধিক একক বিক্ৰী হৈছে।[89]

২০১২–বৰ্তমানলৈ: আনএপ’ল’জেটিক

[সম্পাদনা কৰক]

নৱেম্বৰ ১৯ , ২০১২ ত ৰিয়ানাৰ সপ্তম এলবাম “আনএপ’ল’জেটিক” মুকলি হয়।[90] ২৩৮,০০০ বিক্ৰীৰে ই আমেৰিকা যুক্তৰাষ্ট্ৰত বিলব’ৰ্ড ২০০ ৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰে।[91] এই এলবামটি ৰিয়ানাৰ ইংলেণ্ড আৰু ছুইজাৰলেণ্ডত ক্ৰমাগতভাৱে তৃতীয় আৰু পঞ্চম এক নম্বৰ এলবাম হিচাপে চিহ্নিত হয়।[89][92] ছেপ্টেম্বৰ ২০১২ ত মুক্তিপ্ৰাপ্ত ইয়াৰে “ডাইমণ্ডছ” শীৰ্ষক গীতটিয়ে বিলব’ৰ্ড হট ১০০ত প্ৰথম স্থান দখল কৰে আৰু ইয়াৰদ্বাৰা ৰিয়ানাৰ সৰ্বমুঠ বাৰটা গীতে এই স্থান দখলৰ গৌৰৱ অৰ্জন কৰে।[3]

জানুৱাৰী ২০১৩ চনত ৰ’লিং ষ্ট’ন আলোচনীৰে হোৱা এক সাক্ষ্যাত্কাৰত ৰিয়ানাই ক্ৰিছ ব্ৰাউনৰে সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰা বুলি নিশ্চিত কৰে।[93] এই পুনৰ্মিলনক লৈ গোটেই বছৰটোৱেই সংবাদ মাধ্যমত গুনা–গঁথা চলে।[94][95]

জনমানসত ভাৱমূৰ্তি

[সম্পাদনা কৰক]

“নিউ য়ৰ্ক” আলোচনীয়ে ৰিয়ানাক এগৰাকী নকল যুৱ ৰাণী বুলি কোৱাৰ লগতে এই বুলিও কয় যে তেওঁ খুব নাটকীয়ভাৱে আৰু সহজভাৱে নিজৰ দৃশ্যাবয়ব সলনি কৰিব পাৰে। .[96] দ্বিতীয় এলবাম “এ গাৰ্ল লাইক মী”ৰ মুক্তিৰ সময়ত কিছুমান সমালোচকে অনুভৱ কৰে যে ৰিয়ানাৰ শৈলী,সংগীত আৰু সংগীতৰ সামগ্ৰী সমূহ “বিয়ন্সে”ৰ সৈতে কিছু একে।[97] ৰিয়ানাৰ সংগীত,[98] মিউজিক ভিডিঅ’,প্ৰদৰ্শন,[99] আৰু তেওঁৰ ভাৱমূৰ্তিক সকলোৱে বিয়ন্সেৰ লগত কল্পনা কৰিবলৈ লয়[100] আৰু ৰিয়ানা যথেষ্ট সমালোচনাৰ সন্মুখীন হয়।[101] কিছুমানে আকৌ কয় যে “জেই জি”য়ে ৰিয়ানাক বিয়ন্সেৰ এক প্ৰতিফলন হিচাপে বনাইছে।[102] ৰিয়ানাই “লুক” নামৰ এক আলোচনীৰে হোৱা সাক্ষাত্কাৰত কয় যে "বিয়ন্সে এক মহান শিল্পী আৰু তেওঁৰ সৈতে একেটা বাক্যতে নিজকে দেখা পায় ময় গৌৰৱান্বিত, কিন্তু আমি বেলেগ বেলেগ শৈলীৰে দুগৰাকী বেলেগ বেলেগ শিল্পী”।[103]

২০০৯ চনৰ আমেৰিকান মিউজিক এৱাৰ্ডছৰ ৰ ডলিছাত ৰিয়ানা

প্ৰতিটো এলবামৰ সৈতে নিজৰ শৈলী আৰু প্ৰতিচ্ছবি সলনি কৰাৰ বাবে ৰিয়ানা জনাজাত,তেওঁ বাৰেপতি বেলেগ বেলেগ কেশসজ্জাৰে নিজকে সলনি কৰি পেলাই.[104][105] তেওঁ কয় যে সাঁজ-কাপোৰ নিৰ্বাচন কৰোঁতে তেওঁ কিছু বিপদৰ সম্ভাৱনা মূৰ পাতি লয় আৰু “যাৰ দ্বাৰা অৱয়বটো আটাইতকৈ আকৰ্ষণীয় হ’ব বা যাক সকলোৱে পছন্দ নকৰে” তেনেকুৱা কাপোৰ হে বাছি লয়।[106] তেওঁ “মেক্সিম” আলোচনীৰ হট 100 লিষ্টত ষষ্ঠ আৰু “এফএইচএম” ৰ যোৱা ছয় বছৰৰ “এশগৰাকী আৱেদনময়ী মহিলা”ৰ তালিকাত তৃতীয় স্থান লাভ কৰে।[107][108] পিপল পত্ৰিকাই তেওঁক ২০০৮ চনৰ দহ গৰাকী শ্ৰেষ্ঠ বেশ-ভূষাধাৰী তাৰকাৰ তালিকাত স্থান দিয়ে আৰু গ্লেমাৰ’' আলোচনীয়ে তেওঁক ২০০৯ চনৰ সবাতোকৈ বেছি গ্লেমাৰ সম্পন্না ৫0 গৰাকী মহিলাৰ তালিকাত সপ্তদশ স্থান দিয়ে।[109][110] অক্টোবৰ,২০১১ত এচ্কুয়াৰ আলোচনীয়ে জীয়াই থকা ব্যক্তিসমূহৰ ভিতৰত সকলোতকৈ আৱেদনময়ী আখ্যা দিয়ে।[111]

বাৰ্লিন[112] হলীউদ(আমেৰিকা),[113] লাছ ভেগাছ (আমেৰিকা),[113] লণ্ডন (য়ুকে),[113][114] ছিডনী (অষ্ট্ৰেলিয়া),[113] ভিয়েনা (অষ্ট্ৰিয়া) আৰু ৱাছিংটন ডি.ছি. (আমেৰিকা)ৰ[113] মেডাম টুছোৰ মমৰ মূৰ্তিৰ সংগ্ৰহালয়ত ৰিয়ানাৰ সাতটা মমৰ মূৰ্তি আছে।[115] তেওঁৰ গোটেই গা টোত এক বৃহত্‍ সংখ্যক নক্সা বা টাটু অংকিত আছে : ভৰিৰ গাঁঠিত এটি সংগীতৰ চিহ্ন; সোঁ কাণৰ পিছফালে মীন ৰাশিৰ চিহ্ন; নিতম্বত সংস্কৃত প্ৰাৰ্থনা; বাওঁ কানত এটা তৰা; বাঁও-মধ্যমা আঙুলিত “লাভ” শব্দটি; বুকুত এক আৰবী বাক্যাংশ; ডিঙিৰ পৰা তললৈ নামি যোৱা তৰাৰ লানি;ভৰিৰ তলফালে গোলাপী চুলি থকা এটা লাওখোলা; সোঁ তৰ্জনী আঙুলিত “Shhh..." বাক্যাংশ; বাওঁ কান্ধত ৰোমান লিপিত 4.11.1986 তাৰিখটো;হাতত ড্ৰেগনৰ এক হাঁতোৰা; বুকুত এক বন্দুক; সোঁ বাহুত "নেভাৰ এ ফেইলাৰ, অলৱেইজ এ লেছন" বাক্যাংশ; আঙুলিৰ পাবত "থাগ লাইফ" বাক্যাংশ;ডিঙিৰ কাষত এটা সৰু ক্ৰছ চিহ্ন; সোঁ ভৰিত বন্দুকৰ আকৃতিৰ এক ইজিপছীয়ান শেন চৰাই; আৰু পেটত দেৱী আইছিচৰ এক নক্সা।[116] ২০১১ৰ শেষৰফালে ৰিয়ানা আৰু ৰিতা ওৰাৰ সংগীত তথা শৈলীত যথেষ্ট মিল আছে বুলি কোৱা-মেলা হয়।[117][118]

এপ্ৰিল ,২০১২ত ৰিয়ানাই ‘’টাইম’’ পত্ৰিকাৰ ‘পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী এশ গৰাকী ব্যক্তি’ৰ তালিকাত বিংশতিতম স্থান লাভ কৰে। .[119] ইয়াৰ পিছৰ মাহত মে’ ২০১১ ৰ পৰা মে’২০১২ লৈ 53 মিলিয়ন ডলাৰ উপাৰ্জনেৰে ফোৰ্বছে ৰিয়ানাক এশগৰাকী সবাতোকৈ শক্তিশালী চেলিব্ৰেটীৰ এজন আখ্যা দিয়ে।[6] ৰিয়ানা ফে’ছবুকৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি,[120] টুইটাৰতো তেওঁৰ চতুৰ্থ সৰ্বাধিক “ফ’ল’ৱাৰ্ছ” আছে আৰু ইউটিউবত তেওঁ সৰ্বাধিক দৰ্শিত মহিলা শিল্পী,[121] যাৰ দ্বাৰা তেওঁ ‘’ফোৰ্বছ’’ৰ “ছ’ছিয়েল নেটৱৰ্কিং চুপাৰষ্টাৰ”ৰ তালিকাত শীৰ্ষ স্থান দখল কৰে।[122] পাঁচবছৰত পাঁচটা প্ৰথম স্থান দখলকাৰী এলবাম নিৰ্মাণ কৰা,এবছৰত সৰ্বাধিক প্ৰথম স্থান দখলকাৰী এককত কণ্ঠদান কৰা আৰু আমেৰিকাত সৰ্বাধিক সংখ্যক প্ৰথম স্থান দখলকাৰী ডিজিটেল গীতত কণ্ঠদান কৰা আমেৰিকাৰ প্ৰথম মহিলা হিচাপে ৰিয়ানাই ভালেমান গীণিজ বিশ্ব অভিলেখ ভংগ কৰে।[123][124] 58 মিলিয়ন একক বিক্ৰীৰে ৰিয়ানা আমেৰিকাৰ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ডিজিটেল শিল্পী হিচাপে পৰিগণিত হৈছে।[125]

ডিস্ক'গ্ৰাফী

[সম্পাদনা কৰক]
  • মিউজিক অৱ দ্য চান (২০০৫)
  • এ গাৰ্ল লাইক মী (২০০৬)
  • গুড গাৰ্ল গন বেড (২০০৭)
  • ৰেটেড আৰ (২০০৯)
  • লাউড (২০১০)
  • টক ডেট টক (২০১১)
  • আনএপ’ল’জেটিক (২০১২)

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
  • ব্ৰিং ইট অন: অল অৰ নাথিং (২০০৬)
  • বেটলশ্বিপ (চলচ্চিত্ৰ) (২০১২)
  • দিছ ইজ দ্য এণ্ড (২০১৩)
  • হেপ্পী স্মেকডে (২০১৪)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Reid, Shaheem; Paco, Matt. "Jay-Z's Picks: Teairra Mari, Rihanna and Ne-Yo". MTV News. Archived from the original on October 5, 2013. https://web.archive.org/web/20131005081430/http://www.mtv.com/news/yhif/jayz_picks/ আহৰণ কৰা হৈছে: June 6, 2009.
  2. "Rihanna Awarded for 100 Million Record Sales". BET. 2012-09-11. http://www.bet.com/news/music/2012/11/09/rihanna-awarded-for-100-million-record-sales.html আহৰণ কৰা হৈছে: 2012-12-28.
  3. 1 2 Trust, Gary (2012-11-21). "Rihanna's 'Diamonds' Shines Atop Hot 100". Billboard (Nielsen Business Media, Inc). http://www.billboard.com/news#/news/rihanna-s-diamonds-shines-atop-hot-100-1008025052.story আহৰণ কৰা হৈছে: 2012-11-21.
  4. "Digital Songs Artist of the Decade". Billboard. Archived from the original on July 28, 2012. http://www.billboard.com/charts-decade-end#/charts-decade-end/digital-songs-artists?year=2009 আহৰণ কৰা হৈছে: July 29, 2010.
  5. "Artists Of The Decade Music Chart". Billboard. Prometheus Global Media. http://www.billboard.com/#/charts-decade-end/artists-of-the-decade?year=2009&begin=11&order=position আহৰণ কৰা হৈছে: July 11, 2011.
  6. 1 2 Dorothy Pomerantz (May 16, 2012). "The World's Most Powerful Celebrities". Forbes. http://www.forbes.com/celebrities/#p_1_s_a0_All%20categories_ আহৰণ কৰা হৈছে: October 18, 2012.
  7. McCartney, Stella (April 18, 2012). "Rihanna - 2012 Time 100: The Most Influential People in the World". Time (Time Inc. (Time Warner)). Archived from the original on May 1, 2013. https://web.archive.org/web/20130501183410/http://www.time.com/time/specials/packages/article/0,28804,2111975_2111976_2111948,00.html আহৰণ কৰা হৈছে: April 18, 2012.
  8. 1 2 Samson, Pete (January 21, 2011). "Rihanna's father reveals the singer's early life in Barbados". The Sun. News International. http://www.thesun.co.uk/sol/homepage/features/3363542/Rihannas-father-reveals-the-singers-early-life-in-Barbados.html আহৰণ কৰা হৈছে: July 13, 2011.
  9. Spivey, Lisa (Jan 2007). Rihanna, The New Cover Girl. 72. p. B.5. ISSN 08904340.
  10. 1 2 "Rihanna: Biography — Part 1 & 2". People (Time Inc). http://www.people.com/people/rihanna/biography আহৰণ কৰা হৈছে: December 16, 2008.
  11. "Rihanna 1988-". Biography Today (Omnigraphics) খণ্ড 17 (2): 90. 2008. ISSN 1058-2347.
  12. Watson, Margeaux (June 22, 2007). "Caribbean Queen: Rihanna". Entertainment Weekly. Time Inc. Archived from the original on October 21, 2014. https://web.archive.org/web/20141021171420/http://www.ew.com/ew/article/0,,20043393,00.html আহৰণ কৰা হৈছে: November 27, 2008.
  13. Vena, Jocelyn (November 16, 2010). "Rihanna Says Loud's 'Man Down' Is 'Gangsta'". MTV News. Viacom. Archived from the original on August 6, 2011. https://web.archive.org/web/20110806073208/http://www.mtv.com/news/articles/1652415/rihanna-louds-man-down-gangsta.jhtml আহৰণ কৰা হৈছে: July 27, 2011.
  14. Paton, Maureen (November 21, 2007). "The dark secret in raunchy pop sensation Rihanna's past". Daily Mail (Associated Newspapers Ltd). http://www.dailymail.co.uk/home/you/article-492706/The-dark-secret-raunchy-pop-sensation-Rihannas-past.html আহৰণ কৰা হৈছে: January 29, 2012.
  15. 1 2 Patterson, Sylvia (August 27, 2007). "Singing in the rain". The Guardian (Guardian News and Media). http://www.guardian.co.uk/music/2007/aug/26/popandrock আহৰণ কৰা হৈছে: January 29, 2012.
  16. Jones, Steve (August 1, 2008). "Rihanna has her day in the sun". USA Today (Gannett Company). http://www.usatoday.com/life/music/news/2005-08-01-otv-rihanna_x.htm আহৰণ কৰা হৈছে: January 29, 2012.
  17. Eells, Josh (June 1, 2011). "Rihanna, Queen of Pain: Rolling Stone's 2011 Cover Story". Rolling Stone (Wenner Media). Archived from the original on October 14, 2011. https://web.archive.org/web/20111014184549/http://www.rollingstone.com/music/news/rihanna-queen-of-pain-rolling-stones-2011-cover-story-20110606?page=5 আহৰণ কৰা হৈছে: January 29, 2012.
  18. "Artist Chart History — Rihanna". Billboard. Archived from the original on July 28, 2008. http://www.billboard.com/bbcom/retrieve_chart_history.do?model.vnuArtistId=658897&model.vnuAlbumId=933955 আহৰণ কৰা হৈছে: February 6, 2009.
  19. 1 2 "RIAA — Gold & Platinum". Recording Industry Association of America. http://riaa.com/goldandplatinumdata.php?resultpage=1&table=SEARCH_RESULTS&artist=Rihanna&format=ALBUM&perPage=25 আহৰণ কৰা হৈছে: November 28, 2010.
  20. Barry, Walters (September 8, 2005). "Rihanna: Music of the Sun". Rolling Stone. Archived from the original on November 4, 2007. https://web.archive.org/web/20071104110900/http://www.rollingstone.com/artists/rihanna/albums/album/7579447/review/7583534/music_of_the_sun আহৰণ কৰা হৈছে: August 18, 2007.
  21. Tecson, Brandee (August 19, 2005). "Rihanna Insists She's Got What You Need In 'Pon De Replay' Follow-Up". MTV News. Archived from the original on March 6, 2009. https://web.archive.org/web/20090306212203/http://www.mtv.com/news/articles/1508016/20050819/rihanna.jhtml আহৰণ কৰা হৈছে: June 2, 2009.
  22. Tecson, Brandee J. (February 22, 2006). "Rihanna Getting In Touch With Her Rock Side For Next LP". MTV News. Archived from the original on December 26, 2008. https://web.archive.org/web/20081226231134/http://www.mtv.com/news/articles/1524534/20060217/rihanna.jhtml আহৰণ কৰা হৈছে: June 2, 2009.
  23. "Billboard.com — Discography — Rihanna — A Girl Like Me". Billboard. Archived from the original on August 4, 2008. http://www.billboard.com/bbcom/discography/index.jsp?pid=658897&aid=768615 আহৰণ কৰা হৈছে: May 27, 2009.
  24. "Rihanna – SOS – Music Charts". Music Charts. http://acharts.us/song/7805 আহৰণ কৰা হৈছে: 2009-08-24.
  25. "Rihanna – A Girl like Me – Music Charts". αCharts.us. http://acharts.us/album/14395 আহৰণ কৰা হৈছে: 2009-08-21.
  26. "Rihanna – Unfaithful – Music Charts". Music Charts. http://acharts.us/song/8433 আহৰণ কৰা হৈছে: 2009-08-24.
  27. Tecson, Brandee J. (November). "Rihanna Brings On Acting Career With New 'Bring It On' Flick". Archived from the original on 2009-01-04. https://web.archive.org/web/20090104093324/http://www.mtv.com/movies/news/articles/1512953/20051103/story.jhtml.
  28. "Rihanna:Good Girl Gone Bad (2007): Reviews". Metacritic. CNET Networks, Inc. Archived from the original on 2009-02-26. https://web.archive.org/web/20090226235849/http://www.metacritic.com/music/artists/rihanna/goodgirlgonebad আহৰণ কৰা হৈছে: 2009-03-24.
  29. "Rihanna and Jay-Z – Umbrella – Music Charts". Music Charts. http://acharts.us/song/16150 আহৰণ কৰা হৈছে: 2009-08-24.
  30. Sexton, Paul (July 23, 2007). "Rihanna Makes It 10 Weeks Atop UK Singles Chart". Billboard. Archived from the original on June 29, 2012. http://www.billboard.com/bbcom/search/google/article_display.jsp?vnu_content_id=1003615333 আহৰণ কৰা হৈছে: February 8, 2009.
  31. "Top 10 Global Digital Singles 2007". International Federation of the Phonographic Industry. পৃষ্ঠা: 6. Archived from the original on 2008-03-06. https://web.archive.org/web/20080306023416/http://www.ifpi.org/content/library/DMR2008.pdf আহৰণ কৰা হৈছে: 2010-11-13.
  32. "Top 10 Digital Songs 2009". IFPI. February 15, 2012. Archived from the original on March 6, 2008. https://web.archive.org/web/20080306023416/http://www.ifpi.org/content/library/DMR2008.pdf.
  33. "The 2008 Grammy Winners Are...". EW. February 8, 2008. Archived from the original on February 12, 2008. https://web.archive.org/web/20080212091054/http://www.ew.com/ew/article/0,,1567466_20010832_20177185,00.html আহৰণ কৰা হৈছে: April 23, 2009.
  34. "Celebrate 'Rihanna Day' in Barbados". Stuff.Co.NZ. Fairfax New Zealand Limited. February 21, 2008. http://www.stuff.co.nz/entertainment/280129 আহৰণ কৰা হৈছে: February 24, 2011.
  35. "Barbados has Rihanna day". Monsters and Critics. February 20, 2008. Archived from the original on June 4, 2012. https://archive.ph/20120604104154/http://www.monstersandcritics.com/people/news/article_1392105.php/Barbados_has_Rihanna_day আহৰণ কৰা হৈছে: May 23, 2009.
  36. "Rihanna – Take A Bow – Music Charts". Acharts.us. http://acharts.us/song/34994 আহৰণ কৰা হৈছে: 2008-10-23.
  37. "Maroon 5 and Rihanna – If I Never See Your Face Again – Music Charts". Acharts.us. http://acharts.us/song/35570 আহৰণ কৰা হৈছে: 2008-10-23.
  38. "Rihanna – Disturbia – Music Charts". Acharts.us. http://acharts.us/song/36121 আহৰণ কৰা হৈছে: 2008-10-23.
  39. "T.I. and Rihanna – Live Your Life – Music Charts". Acharts.us. http://acharts.us/song/38021 আহৰণ কৰা হৈছে: 2008-10-23.
  40. "Beyoncé, Lady Gaga, Rihanna albums to hit shelves November 23". November 17, 2009. http://www.independent.co.uk/arts-entertainment/music/news/beyonc-lady-gaga-rihanna-albums-to-hit-shelves-november-23-1821889.html.
  41. Swash, Rosie (February 9, 2009). "Grammys 2009: Rihanna cancels appearance after boyfriend Chris Brown arrested". The Guardian (UK). http://www.guardian.co.uk/music/2009/feb/09/grammy-awards-rihanna-chris-brown আহৰণ কৰা হৈছে: May 27, 2009.
  42. Friedman, Roger (February 10, 2009). "Chaos in Chris Brown-Rihanna Mess". Fox News. http://www.foxnews.com/entertainment/2009/02/10/chaos-chris-brown-rihanna-mess/ আহৰণ কৰা হৈছে: May 13, 2009.
  43. Kaufman, Gil (February 23, 2009). Gossip Site Defends Posting Of Rihanna Photo. MTV News. Archived from the original on March 19, 2009. https://web.archive.org/web/20090319121911/http://www.mtv.com/news/articles/1605588/20090223/rihanna.jhtml আহৰণ কৰা হৈছে: May 14, 2009.
  44. "Jay-Z featuring Rihanna and Kanye West — Run This Town". Music Charts. http://acharts.us/song/48646 আহৰণ কৰা হৈছে: 2009-08-24.
  45. Lynch, Joseph Brannigan (October 14, 2009). "Rihanna's new album: What can we expect?". Entertainment Weekly. Archived from the original on February 12, 2010. https://web.archive.org/web/20100212025452/http://music-mix.ew.com/category/rihanna/ আহৰণ কৰা হৈছে: October 15, 2009.
  46. Rosen, Jody (November 23, 2009). "Rated R: Rihanna: Review". Rolling Stone. Archived from the original on December 1, 2009. https://web.archive.org/web/20091201014642/http://www.rollingstone.com/artists/rihanna/albums/album/30956463/review/31053793/rated_r আহৰণ কৰা হৈছে: November 23, 2009.
  47. "Rihanna – Russian Roulette – Music Charts". Music Charts. http://acharts.us/song/51421 আহৰণ কৰা হৈছে: 2012-06-08.
  48. "Rihanna and Young Jeezy – Hard – Music Charts". Music Charts. http://acharts.us/song/51902 আহৰণ কৰা হৈছে: 2012-06-08.
  49. "Rihanna – Rude Boy – Music Charts". Music Charts. http://acharts.us/song/53027 আহৰণ কৰা হৈছে: 2012-06-08.
  50. "Rihanna and Slash – Rockstar 101 – Music Charts". Music Charts. http://acharts.us/song/56497 আহৰণ কৰা হৈছে: 2012-06-08.
  51. "Rihanna – Te Amo – Music Charts". Music Charts. http://acharts.us/song/52301 আহৰণ কৰা হৈছে: 2012-06-08.
  52. "Eminem and Rihanna — Love The Way You Lie – Music Charts". Music Charts. http://acharts.us/song/55808 আহৰণ কৰা হৈছে: 2012-06-08.
  53. Pietroluongo, Silvio (July 21, 2010). "Eminem and Rihanna Replace Katy Perry Atop Hot 100". Billboard. http://www.billboard.com/#/news/eminem-and-rihanna-replace-katy-perry-atop-1004105330.story?tag=hpfeed আহৰণ কৰা হৈছে: July 22, 2010.
  54. "Eminem/Rihanna & Take That scoop 2010 crowns". The Official Charts Company. 2011-01-02. Archived from the original on 2011-02-08. https://web.archive.org/web/20110208190925/http://www.theofficialcharts.com/chart-news/cardle-at-no-1-again-eminemrihanna-take-that-scoop-2010-crowns/ আহৰণ কৰা হৈছে: 2011-01-29.
  55. Jones, Alan (2012-02-13). "Official Chart Analysis: Lana Del Rey scores biggest-selling album of 2012, Gotye shifts another 83k". Music Week. Intent Media. http://www.musicweek.com/story.asp?sectioncode=1&storycode=1048481&c=1 আহৰণ কৰা হৈছে: 2012-02-13.
  56. "IFPI publishes Digital Music Report 2011". International Federation of the Phonographic Industry. 2011-01-20. Archived from the original on 2011-07-13. https://web.archive.org/web/20110713004120/http://www.ifpi.com/content/section_resources/dmr2011.html আহৰণ কৰা হৈছে: 2011-02-15.
  57. "Rihanna (trade paperback)". Rizzoli USA. Rizzoli New York. http://www.rizzoliusa.com/book.php?isbn=9780847835102 আহৰণ কৰা হৈছে: September 6, 2010.
  58. FEKADU, MESFIN (October 20, 2010). "Rihanna leaves manager, now under Jay-Z's umbrella". Billboard. http://www.billboard.com/news/rihanna-leaves-manager-now-under-jay-z-s-1004123321.story#/news/rihanna-leaves-manager-now-under-jay-z-s-1004123321.story আহৰণ কৰা হৈছে: February 23, 2011.
  59. Kaufman, Gil (September 7, 2010). "Rihanna Reveals Title of New Album: Loud". MTV. Archived from the original on September 6, 2012. https://archive.today/20120906230959/http://www.mtv.com/news/articles/1647244/rihanna-reveals-title-new-album-loud.jhtml আহৰণ কৰা হৈছে: September 7, 2010.
  60. "Canadian Hot 100: Week of September 25, 2010". Billboard. http://www.billboard.com/charts/canadian-hot-100#/charts/canadian-hot-100?chartDate=2010-09-25 আহৰণ কৰা হৈছে: September 25, 2010.
  61. "Rihanna — Only Girl (In The World)". australian-charts.com. Hung Medien. http://australian-charts.com/showitem.asp?interpret=Rihanna&titel=Only+Girl+%28In+The+World%29&cat=s আহৰণ কৰা হৈছে: November 27, 2010.
  62. "Archive Chart". theofficialcharts.com. The Official UK Charts Company. http://www.theofficialcharts.com/archive-chart/_/1/2010-11-13/ আহৰণ কৰা হৈছে: November 27, 2010.
  63. Wete, Brad. "Rihanna's 'What's My Name?' jumps to No. 1 on Billboard Hot 100 chart". Entertainment Weekly. Archived from the original on November 12, 2010. https://web.archive.org/web/20101112233814/http://music-mix.ew.com/2010/11/11/rihanna-whats-my-name-no-1-billboard-hot-100/ আহৰণ কৰা হৈছে: November 11, 2010.
  64. "Rihanna's 'Only Girl' Rebounds to No.1 on Hot 100". Billboard. http://www.billboard.com/news/rihanna-s-only-girl-rebounds-to-no-1-on-1004130511.story আহৰণ কৰা হৈছে: November 24, 2010.
  65. Trust, Gary (April 20, 2011). "Rihanna's 'S&M' Reigns on Hot 100, Lady Gaga's 'Judas' Debuts". Billboard. Prometheus Global Media. http://www.billboard.com/#/news/rihanna-s-s-m-reigns-on-hot-100-lady-gaga-1005144922.story আহৰণ কৰা হৈছে: January 29, 2012.
  66. "Rihanna, 'Man Down' – New Song". AOL Music. 2011-04-25. Archived from the original on 2011-04-29. https://web.archive.org/web/20110429054219/http://www.aolradioblog.com/new-song/rihanna-man-down আহৰণ কৰা হৈছে: 2011-04-26.
  67. Copsey, Robert (2011-03-12). "Rihanna announces next single". Digital Spy. Hachette Filipacchi (UK) Ltd. http://www.digitalspy.co.uk/music/news/a308595/rihanna-announces-next-single.html আহৰণ কৰা হৈছে: 2011-04-02.
  68. "Cheers (Drink to That) - Rihanna". Billboard. Prometheus Global Media. http://www.billboard.com/#/song/rihanna/cheers-drink-to-that/23241716 আহৰণ কৰা হৈছে: September 23, 2011.
  69. "53rd Annual Grammy Awards nominees list". Los Angeles Times (Tribune Company). http://theenvelope.latimes.com/news/breaking/newsletter/la-et-env-grammys-nominees-2010-list,0,4822287.htmlstory আহৰণ কৰা হৈছে: December 2, 2010.
  70. "Nicki Minaj Billboard Chart History". Billboard. February 15, 2012. http://www.billboard.com/artist/nicki-minaj/chart-history/998160#/artist/nicki-minaj/chart-history/998160.
  71. "UK Singles Chart 2011-10-15". The Official Charts Company. February 15, 2012. http://www.theofficialcharts.com/archive-chart/_/1/2011-10-15.
  72. Fowler, Tara (October 11, 2011). "Rihanna unveils new album 'Talk That Talk' cover". Digital Spy. http://www.digitalspy.co.uk/music/news/a345070/rihanna-unveils-new-album-talk-that-talk-cover.html আহৰণ কৰা হৈছে: October 25, 2011.
  73. "Rihanna Calvin Harris — We Found Love". Music Charts. http://acharts.us/song/65699 আহৰণ কৰা হৈছে: 2012-06-08.
  74. Trust, Gary (2011-11-02). "Rihanna's 'Found' Her Way Back to Hot 100 Summit". Billboard (Prometheus Global Media). http://www.billboard.com/news/rihanna-s-found-her-way-back-to-hot-100-1005464372.story#/news/rihanna-s-found-her-way-back-to-hot-100-1005464372.story আহৰণ কৰা হৈছে: 2012-09-07.
  75. Trust, Gary (2011-12-21). "Rihanna's 'Love' Her Longest-Leading Hot 100 No. 1". Billboard (Prometheus Global Media). http://www.billboard.com/#/news/rihanna-s-love-her-longest-leading-hot-100-1005716152.story আহৰণ কৰা হৈছে: 2012-09-07.
  76. "Rihanna, One Direction Top VMAs". Yahoo. 2012-09-06. http://music.yahoo.com/blogs/awards/rihanna-one-direction-top-vmas-022745243.html আহৰণ কৰা হৈছে: 2012-09-07.
  77. "2012 Top 40 Official UK Singles Archive 7th January 2012". The Official Charts Company. 2012-02-16. http://www.theofficialcharts.com/archive-chart/_/1/2012-01-07 আহৰণ কৰা হৈছে: 2012-01-07.
  78. "Rihanna's 'Love' Still Leads Hot 100, Katy Perry Back in Top 10". The Billboard. 2012-02-16. http://www.billboard.com/#/news/rihanna-s-love-still-leads-hot-100-katy-1005560752.story আহৰণ কৰা হৈছে: 2011-11-23.
  79. "Hot 100 - Week of July 7, 2012". Billboard. Prometheus Global Media. July 7, 2012. http://www.billboard.com/charts/hot-100#/charts/hot-100?chartDate=2012-07-07 আহৰণ কৰা হৈছে: August 10, 2012.
  80. "Archive Chart". The Official Charts Company. July 7, 2012. http://www.theofficialcharts.com/archive-chart/_/1/2012-05-26/ আহৰণ কৰা হৈছে: May 26, 2012.
  81. "Kanye West And Rihanna Win Best Rap Song And Collaboration At Grammy Awards 2012". Capital FM. 2012-02-12. http://www.capitalfm.com/artists/kanye-west/news/rihanna-best-rap-song-grammy-awards-2012/ আহৰণ কৰা হৈছে: 2012-09-01.
  82. "Rihanna wins BRITs 2012 International Female Artist". 2012-02-21. Archived from the original on 2013-10-04. https://web.archive.org/web/20131004221224/http://www.brits.co.uk/news/2012/rihanna-wins-brits-2012-international-female-artist আহৰণ কৰা হৈছে: 2012-09-01.
  83. Dinh, James (September 2, 2010). "Rihanna Begins Filming 'Battleship' In Hawaii". MTV. Archived from the original on September 4, 2010. https://web.archive.org/web/20100904235102/http://www.mtv.com/news/articles/1647050/20100902/rihanna.jhtml আহৰণ কৰা হৈছে: September 6, 2010.
  84. Genzlinger, Neil (May 17, 2012). "Aliens, Your Weapons Are Utterly Useless Against Our Rogues". The New York Times (NYTimes). http://www.nytimes.com/2012/05/18/movies/aliens-fight-heroic-earthlings-in-battleship.html আহৰণ কৰা হৈছে: September 11, 2012.
  85. "Teen Choice Awards 2012: List of winners". CBS News. July 22, 2012. http://www.cbsnews.com/8301-31749_162-57477518-10391698/teen-choice-awards-2012-list-of-winners/ আহৰণ কৰা হৈছে: January 3, 2013.
  86. "Rihanna Says She's Forgiven Chris Brown And Still Loves Him On 'Oprah's Next Chapter' (VIDEO)". Huffington Post. 2012-08-20. http://www.huffingtonpost.com/2012/08/20/rihanna-forgives-still-loves-chris-brown-oprah-video_n_1809431.html আহৰণ কৰা হৈছে: 2012-09-01.
  87. Trust, Gary (October 4, 2012). "The Top 40 Pop Songs Artists 1992-2012, From No. 40 To No. 1". Billboard (Nielsen Business Media, Inc). http://www.billboard.com/#/column/chartbeat/the-top-100-pop-songs-artists-1992-2012-1007972182.story?page=3 আহৰণ কৰা হৈছে: October 18, 2012.
  88. Lane, Dan (October 27, 2012). "The Official Top 10 biggest selling female singles artists of all time revealed!". The Official UK Charts Company. http://www.officialcharts.com/chart-news/the-official-top-10-biggest-selling-female-singles-artists-of-all-time-revealed-1670/ আহৰণ কৰা হৈছে: October 27, 2012.
  89. 1 2 "Rihanna equals Madonna’s chart record with Unapologetic". Official Charts Company. Brand Barstein, Lauren Kreisler, Dan Lane. November 25, 2012. http://www.officialcharts.com/chart-news/rihanna-equals-madonnas-chart-record-with-unapologetic-1729/ আহৰণ কৰা হৈছে: November 25, 2012.
  90. "Rihanna clearly Unapologetic about 777 Tour stop in Toronto". Vancouver Sun. Archived from the original on September 15, 2018. https://web.archive.org/web/20180915210816/http://www.vancouversun.com/entertainment/celebrity/Rihanna+clearly+Unapologetic+about+Tour+stop/7560994/story.html আহৰণ কৰা হৈছে: November 16, 2012.
  91. Caulfield, Keith (November 27, 2012). "Rihanna Earns First No. 1 Album on Billboard 200 Chart". Billboard. Prometheus Global Media. http://www.billboard.com/news#/news/rihanna-earns-first-no-1-album-on-billboard-1008028992.story আহৰণ কৰা হৈছে: November 27, 2012.
  92. "Rihanna - Unapologetic". hitparade.ch. December 2, 2012. http://hitparade.ch/showitem.asp?interpret=Rihanna&titel=Unapologetic&cat=a আহৰণ কৰা হৈছে: November 28, 2012.
  93. "Rihanna breaks silence over Chris Brown: 'if it's a mistake, it's my mistake'". The Telegraph. 30 January, 2013. http://www.telegraph.co.uk/news/celebritynews/9837484/Rihanna-breaks-silence-over-Chris-Brown-if-its-a-mistake-its-my-mistake.html.
  94. "Rihanna And Chris Brown's Road To Friendship". MTV. October 5, 2012. Archived from the original on October 7, 2012. https://web.archive.org/web/20121007081402/http://rapfix.mtv.com/2012/10/05/rihanna-chris-brown-road-to-friendship/ আহৰণ কৰা হৈছে: October 6, 2012.
  95. "Chris Brown Loves Both Rihanna And Karreuche Tran". MTV. October 5, 2012. Archived from the original on October 7, 2012. https://web.archive.org/web/20121007081529/http://rapfix.mtv.com/2012/10/05/chris-brown-loves-rihanna-karreuche-tran/ আহৰণ কৰা হৈছে: October 6, 2012.
  96. Mangum, Aja (June 3, 2009). "Rihanna: Beauty Chameleon". New York (magazine). http://nymag.com/daily/fashion/2009/06/rihannas_beauty_evolution.html আহৰণ কৰা হৈছে: June 5, 2009.
  97. Charnas, Dan (April 26, 2006). "Quick Spin". The Washington Post. http://www.washingtonpost.com/wp-dyn/content/article/2006/04/25/AR2006042501896.html আহৰণ কৰা হৈছে: May 23, 2009.
  98. Diaz, Amy (September 15, 2005). "CD Reviews". HippoPress.com. Archived from the original on October 20, 2009. https://web.archive.org/web/20091020111145/http://www.hippopress.com/music/rihanna05915.html আহৰণ কৰা হৈছে: May 24, 2009.
  99. Richard, Yasmine (May 8, 2006). "Daddy Yankee, Kanye, Mary J. Keep Hits Coming At Wango Tango". MTV News. Archived from the original on August 18, 2007. https://web.archive.org/web/20070818050321/http://www.mtv.com/news/articles/1530426/20060508/yankee_daddy.jhtml?headlines=true আহৰণ কৰা হৈছে: May 24, 2009.
  100. Taylor, Amina (November 25, 2005). "Move over, Beyoncé". The Guardian (UK). http://www.guardian.co.uk/music/2005/nov/25/popandrock2 আহৰণ কৰা হৈছে: June 1, 2009.
  101. "Rihanna — SOS review". Virgin Media. http://www.virginmedia.com/music/reviews/singlereviews/rihanna_sos.php আহৰণ কৰা হৈছে: May 24, 2009.
  102. Johnson, Kevin C. (May 9, 2006). "Same old song, same old singer". St. Louis Post-Dispatch. Archived from the original on September 19, 2011. https://web.archive.org/web/20110919035438/http://moreresults.factiva.com/results/index/index.aspx?ref=SLMO000020060509e2590005n আহৰণ কৰা হৈছে: May 24, 2009.
  103. "Rihanna: "There's nobody really in my league"". Digital Spy. January 9, 2012. http://www.digitalspy.com/music/news/a359052/rihanna-theres-nobody-really-in-my-league.html আহৰণ কৰা হৈছে: June 17, 2012.
  104. Hebert, Emily (June 3, 2010). "Rihanna’s Hairstyles Gallery". Elle. http://www.elle.com/beauty/hair/rihannas-hairstyles-385221 আহৰণ কৰা হৈছে: October 19, 2012.
  105. "Rihanna's hairstyles in pictures". The Daily Telegraph (Telegraph.co.uk). September 7, 2012. Archived from the original on April 30, 2023. https://web.archive.org/web/20230430092950/http://fashion.telegraph.co.uk/galleries/TMG8426687/Rihannas-hairstyles-in-pictures.html আহৰণ কৰা হৈছে: October 19, 2012.
  106. Harp, Justin (March 17, 2011). "Rihanna: 'I take risks with fashion'". Digital Spy. http://www.digitalspy.com/celebrity/news/a309551/rihanna-i-take-risks-with-fashion.html আহৰণ কৰা হৈছে: October 18, 2012.
  107. "2010 Hot 100". Maxim. http://www.maxim.com/girls/2010-hot-100 আহৰণ কৰা হৈছে: October 18, 2012.
  108. Adam Gold (May 2, 2012). "FHM Sexiest Women Alive — Rihanna O3". FHM. http://www.fhm.com/girls/news/rihanna-80941 আহৰণ কৰা হৈছে: October 19, 2012.
  109. Liebling-Goldberg, Melissa (September 17, 2008). "PEOPLE'S 10 Best Dressed Stars of 2008". People. Archived from the original on April 22, 2012. https://web.archive.org/web/20120422213814/http://www.peoplestylewatch.com/people/stylewatch/gallery/0,,20226392_2,00.html আহৰণ কৰা হৈছে: May 26, 2009.
  110. "The 50 Most Glamorous Women of 2009". Glamour. http://www.glamour.com/fashion/2009/05/the-50-most-glamorous-women-of-2009#slide=34 আহৰণ কৰা হৈছে: March 28, 2010.
  111. "Rihanna Is the Sexiest Woman Alive". Esquire. October 11, 2011. http://www.esquire.com/women/the-sexiest-woman-alive/rihanna-naked-1111 আহৰণ কৰা হৈছে: October 15, 2011.
  112. "Rihanna's Racy Wax Figure: Yea Or Nay?". Huffington Post. August 29, 2011. http://www.huffingtonpost.com/2011/08/29/rihannas-racy-wax-figure-_n_940344.html আহৰণ কৰা হৈছে: November 24, 2012.
  113. 1 2 3 4 5 "Rihanna Gets Two New Wax Figures At Madame Tussauds". The International Business Times Inc.. November 14, 2012. http://www.ibtimes.com/rihanna-gets-two-new-wax-figures-madame-tussauds-878898 আহৰণ কৰা হৈছে: November 24, 2012.
  114. "Rihanna: Wax Figure Unveiled in London; Album Title Announced". eurweb.com. October 4, 2011. Archived from the original on December 2, 2012. https://web.archive.org/web/20121202120806/http://www.eurweb.com/2011/10/rihanna-wax-figure-unveiled-in-london-album-title-announced/ আহৰণ কৰা হৈছে: November 24, 2012.
  115. Herrera, Monica; Lipshutz, Jason (August 31, 2010). "Billboard Bits: Rihanna's Wax Figure, Green Day's Live Album". Billboard. http://www.billboard.com/news/billboard-bits-rihanna-s-wax-figure-green-1004112174.story#/news/billboard-bits-rihanna-s-wax-figure-green-1004112174.story আহৰণ কৰা হৈছে: November 24, 2012.
  116. "How many tattoos does Rihanna have? — Nineteen!". fashionista101. June 21, 2008. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304060604/http://fashionista101.com/home/2008/06/21/how-many-tattoos-does-rihanna-have-nineteen/ আহৰণ কৰা হৈছে: October 18, 2012.
  117. Fitzmaurice, Sarah (October 9, 2012). "Rih-visiting all her looks! Rita Ora stalks Rihanna in the style stakes with her copycat fashion". Daily Mail. http://www.dailymail.co.uk/tvshowbiz/article-2214998/Rita-Ora-stalks-Rihanna-style-stakes-copycat-fashion.html আহৰণ কৰা হৈছে: October 18, 2012.
  118. Jonze, Tim (April 12, 2012). "Rita Ora: 'Jay-Z thinks I could be as big as Rihanna'". The Guardian. http://www.guardian.co.uk/music/2012/apr/12/rita-ora-jay-z?newsfeed=true আহৰণ কৰা হৈছে: October 18, 2012.
  119. Time. "The 2011 TIME 100 Poll". Time. Archived from the original on 2012-10-28. https://web.archive.org/web/20121028100708/http://www.time.com/time/specials/packages/article/0,28804,2058044_2061021_2061023,00.html আহৰণ কৰা হৈছে: 2012-09-10.
  120. Robert Copsey. "Rihanna overtakes Eminem as most liked person on Facebook". Digital Spy. http://www.digitalspy.co.uk/music/news/a426518/rihanna-overtakes-eminem-as-most-liked-person-on-facebook.html আহৰণ কৰা হৈছে: 2012-10-09.
  121. Greenwald, David (February 16, 2012). "Rihanna Bests Lady Gaga For Female YouTube Crown". Billboard. http://www.billboard.com/news/rihanna-bests-lady-gaga-for-female-youtube-1005962752.story#/news/rihanna-bests-lady-gaga-for-female-youtube-1005962752.story আহৰণ কৰা হৈছে: October 18, 2012.
  122. Dorothy Pomerantz (August 9, 2012). "Rihanna Tops Our List Of Social Networking Superstars". Forbes. http://www.forbes.com/sites/dorothypomerantz/2012/08/09/rihanna-tops-our-list-of-social-networking-superstars/ আহৰণ কৰা হৈছে: October 18, 2012.
  123. "Most digital n1 singles in the us". http://www.guinnessworldrecords.com/records-9000/most-digital-no1-singles-in-the-us/ আহৰণ কৰা হৈছে: 2012-09-10.
  124. "First female artist to have uk no1 singles in five consecutive years". http://www.guinnessworldrecords.com/records-10000/first-female-artist-to-have-uk-no1-singles-in-five-consecutive-years/ আহৰণ কৰা হৈছে: 2012-09-10.
  125. Hampp, Andrew (November 20, 2012). "Rihanna's 'Unapologetic': The Billboard Cover Story". Billboard. Nielsen Business Media, Inc. http://www.billboard.com/features/rihanna-s-unapologetic-the-billboard-cover-1008019752.story?page=2#/features/rihanna-s-unapologetic-the-billboard-cover-1008019752.story?page=2 আহৰণ কৰা হৈছে: November 20, 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]