ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাক্সা)
| ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাক্সা Rupahi Higher Secondary School, Baksa | |
| অৱস্থান | |
|---|---|
| ৰূপহী,জালাহ,বাক্সা, অসম | |
| প্ৰাথমিক তথ্যসমূহ | |
| স্কু্লৰ প্ৰকাৰ | ৰাজহুৱা |
| নীতি | বিদ্যাং দেহি সৰস্বতী |
| প্ৰতিষ্ঠাকাল | ১৯৭৩ চন |
| Classes offered | ১মৰ পৰা ১২শ শ্ৰেণীলৈ |
| মাধ্যম | অসমীয়া আৰু বড়ো |
| ভাষা | অসমীয়া আৰু বড়ো |
| কেম্পাছ | গাওঁলীয়া অঞ্চল |
| অন্তৰ্ভূক্তিসমূহ | SEBA আৰু AHSEC |
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Rupahi Higher Secondary School) অসমৰ বাক্সা জিলাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়।[1] এই বিদ্যালয়খন ১৯৭৩ চনত স্থাপিত হৈছিল। বিদ্যালয়খন ৰূপহী বজাৰৰ পূৱ দিশত থকা শিলবাৰীলৈ যোৱা পথত অৱস্থিত। এই বিদ্যালয়খনত বৰ্তমান প্ৰায় ৪০ জনৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ৮০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। প্ৰথম অৱস্থাত এই বিদ্যালয়খন কেৱল মাধ্যমিক পৰ্যায়ত আছিল বাবে " ৰূপহী হাইস্কুল" বুলিলে ইয়াকে কোৱা হৈছিল। বিদ্যালয়খনৰ শিক্ষাৰ মাধ্যম হৈছে অসমীয়া আৰু বড়ো। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।[2][3]
ইতিহাস
[সম্পাদনা কৰক]১৯৭৩ চনত বাক্সা জিলাৰ উত্তৰ বিজনীৰ বৃহত্তৰ ৰূপহী অঞ্চল শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ দেখি কেইজনমান সমাজসেৱক আৰু শিক্ষিত ব্যক্তিৰ উদ্যোগত এই শিক্ষানুষ্ঠানখন গঢ়লৈ উঠে।
ৰূপহী হাইস্কুল
[সম্পাদনা কৰক]প্ৰথম অৱস্থাত ১৯৭৩ চনত মাধ্যমিক তথা হাইস্কুলীয়া শিক্ষা প্ৰদানৰ অৰ্থে বিদ্যাল়য়খন স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত নিচেই কাষত থকা ৰূপহী এম.ভি.স্কুল আৰু ৰূপহী এম.ই.স্কুল এই দুয়োখনক বিদ্যালয় একত্ৰীকৰণ কৰি একেলগে ৰূপহী হাইস্কুল হিচাপে নামকৰণ হৈছিল আৰু ১ম শ্ৰেণীৰ পৰা ১০শম শ্ৰেণীলৈ পাঠদান দিবলৈ আৰম্ভ কৰে।
উচ্চতৰ মাধ্যমিক শ্ৰেণীযোগ
[সম্পাদনা কৰক]অসম চৰকাৰৰ মাধ্যমিক বিদ্যাল়য়সমূহক উচ্চতৰ মাধ্যমিক লৈ উন্নীত কৰাৰ এক বিশেষ আঁচনিৰ জৰিয়তে অসমৰ আন আন বিদ্যাল়য়ৰ লগতে ৰূপহী হাইস্কুল খনকো উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।
বৰ্তমান
[সম্পাদনা কৰক]ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক ভাগটোত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু মাধ্যমিক ভাগটোত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গঠিত। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগ কলা শাখাৰে গঠিত। ৰূপহীৰ ব্যস্ত পথত অৱস্থিত বিদ্যালয়খনৰ দক্ষিণ দিশে পি.ডব্লিও.ডি. পথ, পূবে বিদ্যালয় খেলপথাৰ আৰু পশ্চিম ৰূপহী বজাৰ আৰু উত্তৰে আৱাসিক অঞ্চল আছে। চৌহদৰ ভিতৰত ভালেমান গছ-গছনিৰ উপৰিও এখনি ফুলনি আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 2 "Rupahi High school". Stack schools. https://stackschools.com/schools/18240412204/rupahi-high-school 2। আহৰণ কৰা হৈছে: 2 September 2024.{{}}
- ↑ "Rupahi high school". schools.org.in. https://schools.org.in/baksa/18240412204/rupahi-high-school.html। আহৰণ কৰা হৈছে: 7 September 2024.
- ↑ "Rupahi high school". schooldetails.org. Archived from the original on 9 September 2024. https://web.archive.org/web/20240909074523/https://www.schooldetails.org/assam/baksa/jalah/rupahi/rupahi-high-school-18240412204। আহৰণ কৰা হৈছে: 9 September 2024.