ৱিকিচ'ৰা:ভাৰত/নিৰ্বাচিত প্ৰবন্ধ/7

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) (এই শব্দটোৰ বিষয়ে pronunciation (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট্য ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।

মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিস্থাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ১৯১৪ৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়। বিতংকৈ পঢ়ক...