গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক।
পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ। গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।
পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়। তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য সম্প্ৰদায়ৰ উদ্ভৱ ঘটে।
বিতংকৈ পঢ়ক...
বিভিন্ন অনুষ্ঠানত ব্যৱহৃত পাত্ৰ, হৰপ্পা, ২৬০০–২৪৫০ খ্ৰীষ্টপূৰ্ব
সিন্ধু সভ্যতা (ইং: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা। প্ৰাচীন ইজিপ্ত আৰু মেচ’পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত। এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল। সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল। সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।