সমললৈ যাওক

ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা “নাৰী শক্তি” পুৰস্কাৰ গ্ৰহণ কৰা সময়ত ড০ পূৰ্ণিমা দেৱী বৰ্মন

পূৰ্ণিমা দেৱী বৰ্মন (ইংৰাজী: Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ হাড়গিলা বাইদেউ হিচাপে পৰিচিত৷ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি “হাড়গিলা আৰ্মী” নামৰ এটি দল গঠন কৰিছে৷ হাড়গিলা আৰ্মী হৈছে কেৱল মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা সংগঠিত এক বাহিনী৷ হাড়গিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ “গ্ৰীণ অস্কাৰ” বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৭ চনৰ “নাৰী শক্তি পুৰস্কাৰ” প্ৰদান কৰে৷ ২০২৪ চনত তেওঁ “হুইটলী ফাণ্ড ফৰ নেচাৰ” (WFN)ৰ পৰা ১,০০,০০০ পাউণ্ডৰ হুইটলী গোল্ড বঁটা লাভ কৰে৷ ড॰ বৰ্মন বন্যপ্ৰাণী সম্পৰ্কীয় বেচৰকাৰী প্ৰতিষ্ঠান, অৰণ্যকৰ লগত জড়িত৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা উপনিৱেশত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে, যাৰ ফলত হাড়গিলাৰ এই কলনীটোক বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ বুলি স্বীকৃতি দিয়া হৈছে। ইয়াত বিতংকৈ পঢ়ক...