ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/অক্টোবৰ-২০১৫/নিৰ্বাচিত প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্বাচিত প্ৰবন্ধ

ক্ৰিষ্টোফাৰ কলম্বাছৰ এখন প্ৰতিচ্ছবি
ক্ৰিষ্টোফাৰ কলম্বাছৰ এখন প্ৰতিচ্ছবি

ক্ৰিষ্টোফাৰ কলম্বাছ (ইংৰাজী: Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী৷ তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়৷ যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল) তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল৷

ইউৰোপীয়সকলে বহুবছৰ ধৰি ঐতিহাসিক ছিল্কৰোডৰ সহায়ত ভাৰতীয় উপমহাদেশ আৰু চীন দেশৰ লগত বেপাৰ বাণিজ্য চলাই আহিছিল৷ কিন্ত ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোড বহুত কঠিন আৰু ভয়াবহ হৈ পৰে৷ ফলত ইউৰোপীয়সকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হয়৷ কেইবাজনো পতুৰ্গীজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে৷ ১৪৮৮ চনত বাৰ্টল’মিউ ডায়াছ নামৰ অনুসন্ধানকাৰীজনে দক্ষিণ আফ্ৰিকাত পদাৰ্পণৰ যোগেদি এই ক্ষেত্ৰত সাফল্য লাভ কৰে৷ সেই সময়তে কলম্বাছেও ১৪৮০ চনৰ পৰাই ভায়েকৰ সৈতে মিলি ভাৰতীয় উপমহাদেশত যোৱাৰ বিকল্প পথৰ সন্ধানত আছিল৷ তেখেতে পশ্চিম দিশেৰে গৈ আটলাণ্টিক মহাসাগৰ অতিক্ৰমি ভাৰতত উপস্থিত হোৱাৰ কথা চিন্তা কৰিছিল।

কলম্বাছে আৰবীয় জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যৰ পৰা শিকিছিল যে অক্ষৰেখা বা দ্ৰাঘিমাৰেখাই এক ডিগ্ৰী ব্যৱধানত ৫৬.৬৭ মাইল অতিক্ৰম কৰে৷ কিন্তু কিল’মিটাৰলৈ পৰিৱৰ্তন কৰোতে তেওঁ ভুল কৰি পেলাইছিল৷ কাৰণ জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যত আৰবীয় পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ হিচাপ দেখুওৱা হৈছিল৷ কিন্তু কলম্বাছে ৰোমান পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ পৰা কিল’মিটাৰলৈ পৰিৱৰ্তন কৰিছিল৷ ৰোমান পদ্ধতিত মাইলৰ হিচাপ আৰবীয় পদ্ধতিতকৈ সৰু৷ এইদৰে কলম্বাছৰ হিচাপত পৃথিৱীৰ পৰিধি ৩০,২০০ কিল’মিটাৰ ওলাইছিল যিটো আছিল প্ৰকৃততে ৪০০০০ কিল’মিটাৰ৷

তদুপৰি কলম্বাছে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত সেইসময়ত প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে কেনাৰী দ্বীপৰ পৰা জাপানৰ দূৰত্ব ৩৭০০ কিল’মিটাৰ বুলি ভাবিছিল৷ কিন্তু আধুনিক বিশেষজ্ঞৰ মতে প্ৰকৃত দূৰত্ব ১২,৫০০ কিল’মিটাৰ।

বিতংকৈ পঢ়ক...