ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬/ৱিকিপিডিয়া চন্দ্ৰলৈ-- অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাব!/ভাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া চন্দ্ৰলৈ-- অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাব!

ঈশান কাশ্যপ হাজৰিকা


প্ৰশ্নটো হ'ল, আমি ৩ কোটি ২০ লাখ অসমীয়াই ৮টাহে প্ৰবন্ধ প্ৰেৰণ কৰিম নে?.......এতিয়াতো মানুহক ক'বলৈ এটি আমোদজনক কাৰণো ওলাইছে-- অসমীয়া ৱিকিপিডিয়াত লিখক! ভালকৈ লিখিলে আপোনাৰ প্ৰবন্ধ ৰ'ভাৰত উঠাই চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব!.......আহক, সকলোৱে কাম আৰম্ভ কৰো, .......


অসমীয়া ভাষা জগৎ সভালৈ যাব

উজ্জ্বল সুউজ্জ্ব কহিনুৰ পিন্ধি

হাঁহি জ্যোতি ৰূপা হ'ব

-- জ্যোতি প্ৰসাদ আগৰৱালা

জ্যোতি প্ৰসাদ আগৰৱালাই কিমান আগ্ৰেহেৰে এই কথা লিখিছিল, নহয় নে? আজিৰ যুগেই বিশ্বায়নৰ যুগ। আজি কোনো বিষয়েই কোনো এক বিশেষ স্থানত সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ এমূৰৰ সমস্যাই সমস্যাত পেলাইছে বিশ্বৰ আনটো মূৰৰ লোকক। ঠিক তেনেদৰে বিশ্বৰ কোনো ঠাইৰ ভাল খবৰে পুলকিত কৰিছে ভাল ভাল পোৱা বিশ্বৰ সকলো মানুহকে। সংস্কৃতি আজি কোনো ঠাইৰ নিজা সম্পদ নহয়, বিশ্ব সংস্কৃতিৰ এক অংগ। ভাষা--? ভাষাৰ কথাও একেই ক'ব পাৰি। বিশ্ব ভাষা হিচাপে ইংৰাজীৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে, ভিন ভিন ভাষাই বিশ্বব্যাপী কথনকাৰী সন্ধানিছে। নিজৰ বৈশিষ্ট্য, নিজৰ চিন বিশ্বত অংকিত কৰিবলৈ যত্নপৰ হৈছে।

অসমীয়া ভাষায়ো তেনে প্ৰচেষ্টা হাতত নোলোৱা নহয়। কিন্তু কিমান দূৰ সফল হৈছে, সেয়া চিন্তাৰ বিষয়।

আজিৰ যুগত বিশ্বত প্ৰভাৱ বিস্তাৰৰ সহজ মাধ্যম হৈ পৰিছে আন্তৰ্জাল। যোগ্যই নিজক বিশ্বত জিলিকোৱাটো জিলিকাইছেই, আনকি সন্ত্ৰাসবাদৰ দৰে কাৰ্য-কালাপো আন্তৰ্জালৰ মাধ্যমেৰে সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে! এনে ক্ষেত্ৰত অসমীয়া ভাষা-সংস্কৃতিক যে বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আন্তৰ্জাল এক উৎকৃষ্ট মাধ্যম, তাত কোনো দ্বিমত থাকিব নালাগে। এই কথা অসমীয়াই উপলব্ধিও কৰিছে, আৰু তাৰ পৰিণতিৰ অংশ স্বৰূপেই মই আজি এই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ এখন মঞ্চ পাইছো। আন আন ৱেবছাইটো আছে, কিছুমান ব্যৱসায়িক, কিছুমান অ-ব্যৱসায়ীক। অসমীয়া ভাষাৰ অস্তিত্ব আন্তৰ্জালত বৃদ্ধি পাইছে। কিন্তু কিমান?

সেই কথা পাছত পাতিম। অসমীয়া ভাষা জগত সভাত কিমান দূৰ স্থাপিত হৈছে, সেয়া এক চৰ্চাৰ বিষয়, কিন্তু সেই চৰ্চাৰ পূৰ্বেই 'জগত'ৰ সীমা চেৰাই গৈ, পৃথিৱীৰ বাহিৰলৈ, অৰ্থাৎ সৌৰ-জগত সভালৈ অসমীয়া ভাষাক প্ৰেৰণ কৰাৰ সুযোগ আহি পৰিছে!! আৰু সেয়াও আন কোনো মাধ্যমৰ জড়িয়তে নহয়, স্বয়ং এই অসমীয়া ৱিকিপিডিয়াৰ জৰিয়তেই!

প্ৰকল্পটোৰ নাম 'ৱিকিপিডিয়া টু দ্য মুন', অসমীয়াত ক'বলৈ গ'লে 'ৱিকিপিডিয়া চন্দ্ৰলৈ'। কি নো, এই ৱিকিপিডিয়া চন্দ্ৰলৈ??

সম্পূৰ্ণ প্ৰবন্ধ পঢ়িবলৈ ইয়াত ক্লিক কৰক