ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জুলাই-২০১৫/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদকীয়

“স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা”

এটা জাতিৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আদিৰ প্ৰতিফলন ঘটে মাতৃভাষাৰ মাধ্যমত। এখন দেশ তথা এটা জাতিৰ উত্তৰণ তথা সমৃদ্ধি বহু পৰিমানে নিৰ্ভৰ কৰে মাতৃভাষাৰ ওপৰত। মাতৃভাষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। মাতৃভাষাই জাতিটোক একতাৰ ডোলেৰে বান্ধি, সমন্বয়ৰ সাঁকো গঠন কৰে। ভৌগোলিক ভাৱে ভাৰতৰ উত্তৰ পূৱত অৱস্থিত অসমৰ মাতৃভাষা হৈছে অসমীয়া। বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ ভাষা আৰু ইয়াৰ থলুৱা লোকৰ ভাযাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা ভাষা। অতিকৈ চেনেহৰ, অতিকৈ মৰমৰ, অতিকৈ আপোন ভাষা। আমাৰ অসমীয়া ভাষা। যাৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ আঁৰত আছে এক দীঘলীয়া ইতিহাস। নানান ঘাত-প্ৰতিঘাত, উত্থান-পতন, সংগ্ৰাম-আন্দোলনৰ কণ্টকময় পথ অতিক্ৰমি অসমীয়া আজি এটা সুপ্ৰতিস্থিত ভাষা। আজি অসমীয়া ভাষা ভাৰতৰ এটা অন্যতম ৰাজ্যিক ভাষা। আজিৰ ইণ্টাৰনেট জগততো ই এটা বহু প্ৰচলিত ভাষা।

বৰ্তমান ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰা অন্য এক নীৰৱ আন্দোলনৰ নাম হৈছে অসমীয়া ৱিকিপিডিয়াইউনিক’ডৰ বিকাশৰ পাছৰে পৰা ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত আজি অসমীয়া ভাষাৰ প্ৰচুৰ প্ৰচলন পৰিলক্ষিত হৈছে। ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ এনে এক বিশাল মঞ্চ হৈছে অসমীয়া ৱিকিপিডিয়া। প্ৰায় ১১,৫৭৯ সংখ্যক সদস্যৰ স্বেচ্ছামূলক বৰঙণিৰ দ্বাৰা লিখিত প্ৰায় ৩,৪৪৪ টা অসমীয়া প্ৰৱন্ধেৰে ই এখন মধ্যমীয়া মুক্ত বিশ্বকোষ। ইণ্টাৰনেট জগতত অসমীয়া ভাষাক সমৃদ্ধিশালী কৰাত ইয়াৰ অৱদান বিশেষ ভাৱে উল্লেখনীয়। কেৱল অসমৰে নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ কিছু অনা-অসমীয়া ৱিকিপিডিয়ানেও অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়ায়। ৱিকিপিডিয়াৰ লগতে খোজত খোজ মিলাই অসমীয়া ভাষা প্ৰচাৰৰ অন্য এক সহযাত্ৰী হৈছে ৱিকিউৎস। অসমীয়া ৱিকিপিডিয়াৰেই ভগ্নী প্ৰকল্প ৱিকিউৎসৰ প্ৰৱন্ধৰ সংখ্যা হৈছে প্ৰায় ১,২১০ টা

কিন্তু এয়া যথেষ্ট নহয়। অমানিশাৰ ঘোৰ এন্ধাৰে যেন ক্ৰমশঃ গ্ৰাস কৰিছে অসমীয়া ভাষাক। বিতৰ্কৰ শীৰ্ষত আজি অসমীয়া ভাষা। সৰলীকৰণ, মাধ্যমৰ সমস্যা, ভাষাৰ সংকট আদি বিষয় আহিছে। কিছুলোক শংকিত হৈ পৰিছ ভাষাটোৰ স্থায়িত্বক লৈ। সন্তানক ভাষাটো শিকোৱাৰ ক্ষেত্ৰত অভিভাৱকসকল যেন আগ্ৰহী নহয়। নতুন প্ৰজন্মও যেন আগ্ৰহী নহয় ভাষাটোৰ বিশুদ্ধতাৰ প্ৰতি। তেন্তে উপায় কি?

উপায় নিশ্চয় আছে। আমাৰ ভাষাটোক এই সংকটৰ পৰা আমিয়েই উদ্ধাৰ কৰিব লাগিব। আমি ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কেৱল চৰকাৰৰ কাম, সাহিত্যিক, বুদ্ধিজীৱীৰ কাম বুলি হাত সাবতি বহি থাকিলে নহ’ব। আমি আমাৰ ভাষাটোক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকিব লাগিব।

আহক আমি অসমীয়া ৱিকিপিডিয়াৰ পৰাই এই নতুন যাত্ৰা আৰম্ভ কৰোঁ। সকলোৱে সগৌৰৱেৰে সমস্বৰে কওঁ,

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
- দিব্য দত্ত, ডিব্ৰুগড়