ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৫/বাংলা ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন অনুষ্ঠানৰ অভিজ্ঞতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৪ চনৰ ২৭ জানুৱাৰী তাৰিখে বাংলা ৱিকিপিডিয়াৰ শুভাৰম্ভ হয় আৰু ২০১৪ চনত ই দশম বছৰত ভৰি দিয়ে। এই উপলক্ষ্যে ২০১৫ চনৰ ৯ আৰু ১০ জানুৱাৰী তাৰিখে কলকাতাযাদৱপুৰ বিশ্ববিদ্যালয়ত দশম বৰ্ষপূৰ্তি উদ্‌যাপন সমাৰোহ আৰু লগতে এক আন্তৰ্জাতিক অভিৱৰ্তন আয়োজিত হয়। এই অভিৱৰ্তনত ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়ানৰ লগতে বাংলাদেশ আৰু নেপালৰপৰা অহা ৱিকিপিডিয়ানেও অংশগ্ৰহণ কৰে। অসমীয়া ৱিকিপিডিয়াৰ তৰফৰপৰা ময়ো এই অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰোঁ।

৯ জানুৱাৰী তাৰিখে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গান্ধী ভৱনত এক আড়ম্বৰপূৰ্ণ অনুস্থানেৰে এই অভিৱৰ্তনৰ আৰম্ভণি হয়। উদ্বোধনী অনুস্থানত ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ৱিকিমিডিয়া ভাৰত শাখাৰ প্ৰতিনিধিৰ লগতে যাদৱপুৰ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় আৰু Central Institute of Indian Languagesৰ উচ্চপদস্থ বিষয়ববীয়া উপস্থিত থাকে। সকলোৱে এক নিৰ্ভৰযোগ্য জ্ঞান ভাণ্ডাৰ হিচাপে ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াৰ সম্ভাৱনীয়তা আৰু প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। এনে এক আন্তৰ্জাতিক অভিৱৰ্তনৰ উদ্বোধনী সভাত সকলো আমন্ত্ৰিত অতিথিয়েই দুই-এটা ইংৰাজী বাক্য মিহলি বাংলা ভাষাত বক্তৃতা প্ৰদান কৰি বাঙালী লোকৰ ভাষাপ্ৰেমৰ উমান দিয়ে। ইয়াৰ পিছতেই সমান্তৰালকৈ তিনিটা ভিন ভিন হলত মূল কাৰ্যসূচী আৰম্ভ হয় য'ত আছিল আমন্ত্ৰিত বক্তৃতা, বাংলা ৱিকিপিডিয়া কৰ্মশালা, পত্ৰ উপস্থাপন, পেনেল আলোচনা, মুকলি আলোচনা ইত্যাদি। পত্ৰ উপস্থাপনৰ বিষয়সমূহ আছিল- Outreach, technology, Community, knowledge আৰু Bangla language।

এইসমূহ কাৰ্যসূচীৰ দুই-এটা অনুভৱ -

  • শৈক্ষিক প্ৰতিষ্ঠান আৰু ৱিকিপিডিয়াৰ মাজত সহযোগিতা - বাংলা ভাষাৰ ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বিকাশৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগিতা শীৰ্ষক এক পেনেল আলোচনা অনুস্থিত হয় য'ত অন্যান্য শিক্ষানুস্থানৰ লগতে পশ্চিমবংগৰ বহুকেইখন বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ উপস্থিত থাকে। ইয়ালৈ তিনিচুকীয়া মহাবিদ্যালয়ৰ সুশান্ত কৰ আমন্ত্ৰিত হৈছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰিলে। আমন্ত্ৰিত সকলো অংশগ্ৰহণকাৰীয়ে অনলাইন জ্ঞান ভাণ্ডাৰ হিচাপে ৱিকিপিডিয়াৰ গুৰুত্বক স্বীকাৰ কৰে আৰু নিজৰ নিজৰ শৈক্ষিক প্ৰতিস্থানৰপৰা বাংলা ৱিকিমিডিয়া প্ৰকল্পলৈ সহযোগিতাৰ আশ্বাস দিয়ে। আমাৰ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাবেও শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে এনে এক সমূহীয়া আলোচনা অনুস্থিত কৰিব পাৰিলে আমাৰ বিকাশত সুবিধা হ'ব বুলি ধাৰণা হৈছে। কৰ্মশালা অনুস্থিত কৰিবলৈ ভৱন এটা দিয়াতে ক্ষান্ত নাথাকি এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰত্যক্ষ আৰু সক্ৰিয় সহযোগ থাকিলে ছাত্ৰ-ছাত্ৰীসকল বেছি আগ্ৰহী হ'ব বুলি ধাৰণা হয়। এয়া নিশ্চয় সময়ৰ আহ্বান।
  • বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকিপিডিয়ানৰ সহযোগিতা - কিছুমান প্ৰবন্ধৰ বিকাশৰ ক্ষেত্ৰত বেলেগ বেলেগ ভাষিক ৱিকিপিডিয়ানৰ সমন্বয় এক সুব্যৱস্থা হ'ব পাৰে। ইয়াৰ জড়িয়তে বেলেগ বেলেগ ভাষাত থকা জ্ঞানৰ সমল আমাৰ ৱিকিপিডিয়ালৈ আহিব আৰু ইয়াৰ বিকাশ ঘটিব। অসমীয়া ৱিকিপিডিয়া এতিয়া অতি চালুকীয়া অৱস্থাত আছে যদিও পিছলৈ এনে জ্ঞানৰ আদান-প্ৰদানৰ গুৰুত্ব হয়তো বৃদ্ধি পাব।
  • শিক্ষণ-শিকন সঁজুলি হিচাপে ৱিকিপিডিয়া - অনানুষ্ঠানিক শিক্ষণ-শিকন সঁজুলি হিচাপে হয়তো ইংৰাজী ৱিকিপিডিয়াক বহুতেই ব্যৱহাৰ কৰে আৰু ইয়াৰ তথ্যসমূহ নিৰ্ভৰযোগ্য বুলি বিশ্বাস কৰা হয় কিয়নো ইয়াৰ সকলো তথ্যৰ উৎস লগতে দিয়া থাকে। ভিন্ন বিষয়ৰ তথ্য সন্নিবিষ্ট হৈ ভাৰতীয় ভাষাৰ আন ৱিকিপিডিয়াসমূহৰ লগতে অসমীয়া ৱিকিপিডিয়াৰো বিকাশ ঘটিলে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিশ্চয় ই এক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য আৰু সুলভ তথ্যভাণ্ডাৰ হিচাপে জনপ্ৰিয় হ'ব।
  • wiki initiative - ৱিকিপিডিয়াৰ নিয়মীয়া কামসমূহৰ উপৰিও ৱিকিপিডিয়া সংঘ গঠন কৰি সদস্যসকলে দুই-এটা সমাজহিতৈষী পদক্ষেপ ল'লে ৱিকিপিডিয়াৰ জনপ্ৰিয়তা বাঢ়িব। এই বিষয়ে চিন্তাৰ থল আছে।
  • বাংলা ৱিকি অভিধানত আদিবাসী ভাষা সংযোজন - ভৱিষ্যতলৈ অসমীয়াৰ লগতে অসমৰ সকলো জনজাতীয় ভাষা সম্বলিত এখন অভিধানৰ কথা আমিও চিন্তা কৰিব পাৰোঁ।
  • ৱিকিপিডিয়া কৰ্মশালা - ন-শিকাৰুসকলৰ বাবে হোৱা এই কৰ্মশালা সম্পূৰ্ণ দুদিনীয়া আছিল। বাংলা টাইপিং, ৱিকিপিডিয়া সম্পাদনা, নতুন প্ৰবন্ধ সৃষ্টি, উচ্চস্তৰৰ সম্পাদনা, মিডিয়া আপলোড, ৱিকিউৎস আৰু ৱিকি অভিধানলৈ বৰঙণি যোগান আদিৰ বিষয়ে প্ৰথম দিনা ধাৰণা দিয়াৰ পাছত দ্বিতীয় দিনা সমপূৰ্ণ ছয় ঘণ্টা ৱিকি editathon (সম্পাদনা মাৰাথন) চলে। দুই-তিনিঘণ্টীয়া কৰ্মশালাৰ সলনি আমিও এনে দীঘলীয়া প্ৰচেষ্টা হাতত ল'লে নতুন সদস্যসকলে অধিক শিকাৰ সুবিধা পাব বুলি ধাৰণা হয়।

ইয়াৰ উপৰিও ছফ্টৱেৰসমূহত ভাৰতীয় ভাষাৰ সংযোগ, ৱেবছাইটসমূহত স্থানীয় ভাষাৰ প্ৰয়োগ কৰি ইংৰাজী নজনা ব্যক্তিসকললৈ সুবিধা প্ৰদান, মাইক্ৰ'ছ'ফ্ট আৰু ভাৰতীয় ভাষাৰ সমন্বয় ইত্যাদি সম্পৰ্কত presentation আগবঢ়োৱা হয়। ইয়াৰ উপৰিও প'ষ্টাৰ উপস্থাপন, আলোকচিত্ৰ প্ৰতিযোগিতাৰ বঁটা প্ৰদান, উল্লেখযোগ্য ৱিকিমিডিয়ানলৈ সন্মান আছিল সমাৰোহৰ উল্লেখনীয় দিশ।

সুপৰিচালনা আৰু সময়ানুৱৰ্তিতা আছিল সমাৰোহৰ উল্লেখনীয় দিশ। এই সমাৰোহত অংশগ্ৰহণৰ সুবিধা লাভ কৰি মই অসমীয়া ৱিকিপিডিয়াৰ ওচৰত কৃতজ্ঞ। ভৱিষ্যতে অনুস্থিত হ'বলগা এনে অনুষ্ঠানত অসমীয়া ৱিকিপিডিয়াৰ অধিক সদস্যই অংশগ্ৰহণ কৰা উচিত বুলি ভাবোঁ। অনুষ্ঠানৰ মূল কাৰ্যসূচীসমূহৰ উপৰিও বিভিন্ন ঠাইৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়ানৰ লগত আলোচনা আৰু মিলা-মিছাই নিশ্চয় আমাৰ সদস্যসকলক অভিজ্ঞ আৰু উপকৃত কৰিব।

- Manjil Konwar (talk) 02:57, 3 ফেব্ৰুৱাৰী 2015 (UTC)