ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদকীয়

২০০৪ চনৰ ২৭ জানুৱাৰী তাৰিখে বাংলা ৱিকিপিডিয়াৰ শুভাৰম্ভ হয় আৰু ২০১৪ চনত ই দশম বছৰত ভৰি দিয়ে। এই উপলক্ষ্যে ২০১৫ চনৰ ৯ আৰু ১০ জানুৱাৰী তাৰিখে কলকাতাযাদৱপুৰ বিশ্ববিদ্যালয়ত দশম বৰ্ষপূৰ্তি উদ্‌যাপন সমাৰোহ আৰু লগতে এক আন্তৰ্জাতিক অভিৱৰ্তন আয়োজিত হয়। এই অভিৱৰ্তনত ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়ানৰ লগতে বাংলাদেশ আৰু নেপালৰপৰা অহা ৱিকিপিডিয়ানেও অংশগ্ৰহণ কৰে। অসমীয়া ৱিকিপিডিয়াৰ তৰফৰপৰা ময়ো এই অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰোঁ।

৯ জানুৱাৰী তাৰিখে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গান্ধী ভৱনত এক আড়ম্বৰপূৰ্ণ অনুস্থানেৰে এই অভিৱৰ্তনৰ আৰম্ভণি হয়। উদ্বোধনী অনুস্থানত ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ৱিকিমিডিয়া ভাৰত শাখাৰ প্ৰতিনিধিৰ লগতে যাদৱপুৰ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় আৰু Central Institute of Indian Languagesৰ উচ্চপদস্থ বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ পিছতেই সমান্তৰালকৈ তিনিটা ভিন ভিন হলত মূল কাৰ্যসূচী আৰম্ভ হয় য'ত আছিল আমন্ত্ৰিত বক্তৃতা, বাংলা ৱিকিপিডিয়া কৰ্মশালা, পত্ৰ উপস্থাপন, পেনেল আলোচনা, মুকলি আলোচনা ইত্যাদি। পত্ৰ উপস্থাপনৰ বিষয়সমূহ আছিল- Outreach, technology, Community, knowledge আৰু Bangla language।

এইসমূহ কাৰ্যসূচীত শৈক্ষিক প্ৰতিস্থান আৰু ৱিকিপিডিয়াৰ মাজত প্ৰত্যক্ষ সহযোগিতাৰ প্ৰয়োজনীয়তা বৰ্ধন, বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বৰ্ধন, শিক্ষণ-শিকন সঁজুলি হিচাপে ৱিকিপিডিয়াৰ বিকাশ, ৱিকিপিডিয়া সংঘৰ গঠনৰ জৰিয়তে (wiki initiative) ৱিকিপিডিয়াৰ বিকাশ আৰু জনপ্ৰিয়তা বৰ্ধন আদি বিষয়ে আলোচনা কৰা হয়।

বিতংকৈ পঢ়ক...

- Manjil Konwar (talk) 02:57, 3 ফেব্ৰুৱাৰী 2015 (UTC)

পদকৰ তালিকা
পদক
পাওঁতাৰ নাম
সম্পাদকৰ পদক
উদ্দীপ তালুকদাৰ

উল্লেখনীয় কাম

পৰিসংখ্যা

মিডিয়াৱিকি প্ৰকল্পৰ অন্তৰ্গত সকলো ৱেবচাইটৰ বিভিন্ন পৰিসংখ্যা "ৱিকিমিডিয়া ষ্টেটিষ্টিক্স" ৱেবচাইটত সঞ্চিত কৰি ৰখা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যাও ইয়াতে চাব পাৰি। সংশ্লিষ্ট কেইটামান লিংক তলত দিয়া হ'ল।

ভাল প্ৰবন্ধ

বেনিটো মুছ'লিনি (বাওঁফালে) আৰু এডল্‌ফ হিট্‌লাৰ (সোঁফালে)

দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। ‘হ’ল’কাষ্ট’ (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা) কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল।

যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত ১ ছেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভনি বুলি ধৰা হয়।

আৰু পঢ়ক...

জানুৱাৰী ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

সক্ৰিয় সদস্যসকল

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
বিষ্ণু শইকীয়া(প্ৰশাসক) ১৬৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৬৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ৬৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰঞ্জন ভূঞা ৬০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
অভিজিত কলিতা ৪১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা ৩৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মঞ্জিল কোঁৱৰ ৩৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Kandarpajit Ka ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙনি )
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ কিৰণ খনিকৰ ১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )