হিউৱেন-চাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হিউৱেন-চাঙৰ পৰা পুনঃনিৰ্দেশিত)
হিউৱেন-চাং
Xuanzang

হিউৱেন-চাঙৰ এখন প'ৰ্ট্ৰেইট
জন্ম c. ৬০২
চীন
মৃত্যু ৬৬৪
পেচা পণ্ডিত, পৰিব্ৰাজক, অনুবাদক
ধৰ্ম বৌদ্ধ ধৰ্ম
হিউৱেন-চাং
Chinese name
চীনা 玄奘
Chen Hui[1]
Traditional Chinese 陳褘
Simplified Chinese 陈袆
Chen Yi
Traditional Chinese 陳禕
Simplified Chinese 陈祎
Sanskrit name
Sanskrit ह्वेनसांग

হিউৱেন-চাং (ইংৰাজী: Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভীক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু তেৰ বছৰ বয়সতে বৌদ্ধ ধৰ্মৰ শৰণাপন্ন হয়। তেখেতৰ জন্ম শিক্ষিত পৰিয়ালত। ৬১৮ খ্ৰীষ্টাব্দত হেনান প্ৰদেশৰ ঘৰুৱা যুদ্ধত তেখেত আৰু তেখেতৰ ককায়েক চিচুৱান পৰ্বতত শৰণাৰ্থী হৈ পৰে। সেই সময়ছোৱাতে তেখেতে বৌদ্ধ ধৰ্মৰ গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰে। তেনে গ্ৰন্থবোৰত কিছু অসংযত কথাৰ বিমোৰত পৰি তাৰে স্থানীয় পণ্ডিতৰ পৰা কোনো মনে মিলা সমাধান নোপোৱাত ভাৰতবৰ্ষ ভ্ৰমণৰ মন মেলে, কিজানিবা সমাধান বিচাৰি পায়েই। তেনেকৈয়ে পণ্ডিত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ষোল্ল বছৰীয়া তীৰ্থযাত্ৰা আৰম্ভণি হয়।

হিউৱেন-চাঙৰ লিখনিত অসম[সম্পাদনা কৰক]

পুষ্য বৰ্মাই (ৰাজত্বকাল ৩৫০-৩৭৪ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠা কৰা বৰ্মা বংশৰ ত্ৰয়োদশ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ (ৰাজত্বকাল ৬০০-৬৫০ খ্ৰীষ্টাব্দ) ৰাজত্বকালত হিউৱেন-চাঙ কামৰূপলৈ (পুৰণি অসম) আহিছিল। পুষ্য বৰ্মা শ্ৰীকৃষ্ণ যুগৰ ভগদত্তৰ বংশধৰ বুলি কোৱা হয়। কাৰণ তেখেতৰ বংশৰ তথ্যসমূহৰ নৰক বংশনৰকাসুৰ, ভগদত্ত আৰু ব্ৰজদত্তৰ লগত সাদৃশ্য থকা দেখা যায়। ভাস্কৰ বৰ্মা, বৰ্মা বংশৰ এজন সুপ্ৰসিদ্ধ ৰজা নামে জনাজাত। তেখেত চিৰকুমাৰ আছিল বাবে উত্তৰাধিকাৰী কোনো নথকাত মৃত্যুৰ পিছত শালস্তম্ভশালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিস্থা কৰে। উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল।

চীনা পৰিব্ৰাজক হিউৱেন চাঙ নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ চৰ্চাৰ বাবে ভাৰত ভ্ৰমণলৈ আহোতে ৬৪২-৪৩ খ্ৰীষ্টাব্দত ৰজা ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণত অসমক এবাৰ দেখা কৰি যায়। তেতিয়া ৰজা ভাস্কৰ বৰ্মাৰ কনৌজৰ ৰজাৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠাৰ হেতুকে তেখেতৰ ৰাজসভাৰপৰা হিউৱেন-চাঙক আমন্ত্ৰণত কোনো আঁচোৰ পৰা নাছিল। চীনা পৰিব্ৰাজকজনে অসমত ৰজাৰ সমতুল্য সেৱাত অতিথিৰূপত এমাহ কাল কটাইছিল। তেখেত ৰজাৰ অতিথি সেৱাত সন্তষ্ট হৈছিল। সেই এমাহ কালতে দেখি পোৱা অসম(কামৰূপ)ৰ ভৌগোলিক আৰু জীৱন-যাত্ৰাৰ বিষয়ে কিছু কথা লিখি থৈ যায়।

তেখেতৰ লিখনিৰপৰা জানিব পাৰি যে তেখেতে পূবে ৫৮০কি:মি: অৰ্থাৎ পুন্দ্ৰবৰ্দ্ধনাৰ পৰা ডাঙৰ এখন নদী কৰতোয়া পাৰ হৈ কামৰূপত প্ৰৱেশ কৰিছিল। নদীখনক তেখেতে ক’-ল’-তু’ বুলি ‘চাঙ-ছু’ খনত উল্লেখ কৰিছে। কামৰূপখন প্ৰায় ১৭০০মাইল বিস্তৃত আছিল। ইয়াৰে পূৰ্বভাগ পাহাৰেৰে আবৃত আৰু পশ্চিমে চীনৰ লগত লগ হৈ আছিল। ইয়াৰেপৰা অনুমান কৰিব পাৰি যে ভাস্কৰ বৰ্মাৰ ৰাজ্যখন চীনৰপৰা বাৰ্মালৈকে বিস্তীৰ্ণ আছিল। তেখেতৰ বৰ্ণনামতে কামৰূপ ৰাজ্যৰ ভিতৰত বৰ্তমানৰ অসমৰ প্ৰায় সকলো অংশ আৰু বিহাৰ, উত্তৰ আৰু পূব বংগও সংযুক্ত হৈ আছিল। ৰাজ্যখনৰ পূবৰ পাহাৰীয়া জনজাতি এলেকাবোৰ তেতিয়া সভ্যতাৰ ৰূপ পোৱা নাছিল বুলি কৈছে। তেখেতে উল্লেখ কৰিছে যে কামৰূপৰ দক্ষিণ-পূব অংশত জাক জাক বনৰীয়া হাতীয়ে মুক্তভাবে ঘূৰি ফুৰিছিল। হয়তো ঠাইখন ধনশিৰি আৰু কপিলি উপত্যকাৰে অংশ আছিল।

তেতিয়া কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল। যি অংশত বৰ্তমান গুৱাহাটী অৱস্থিত। ৰাজধানীখন প্ৰায় ৫ মাইল বিস্তৃত আছিল। কিন্তু চহৰখন কিহৰ ভিত্তিত গঢ়ি উঠিছিল, উন্নত গাঁও হিচাপে নে আন কিবা ৰূপে ইত্যাদি কথা বৰ্ণনা কৰা হোৱা নাই। জনসাধাৰণৰ জীৱিকা ঘৰুৱা খেতিৰ ওপৰতে নিৰ্ভৰ আছিল। খেতিবোৰ নিয়মিতভাৱে কৰা হৈছিল। সেইবোৰৰ ভিতৰত কঁঠাল আৰু নাৰিকল অধিকৰূপত উৎপাদন হোৱা বুলি উল্লেখ কৰিছে। যদিও ঠাইখন পাহাৰেৰে আবৃত আছিল তথাপি ই নামনিত অৱস্থিত আছিল আৰু ইয়াৰ জলবায়ু সেমেকা আছিল। ঠাইখনৰ খেতিপথাৰবোৰ সাৰুৱা আছিল আৰু জলসিঞ্চনৰ ব্যৱস্থাও উন্নত আছিল। ৰজা ভাস্কৰ বৰ্মাই চীনলৈ উভতা সময়ত তীৰ্থযাত্ৰীসকলক ৰ’দ-বৰষুণৰপৰা ৰেহাই পাবপৰাকৈ জীৱ-জন্তুৰ ছাল দি পঠাইছিল।

পৰিব্ৰাজক পণ্ডিত হিউৱেন চাঙে কামৰূপৰ জনসাধৰণৰ বিষয়ে এইদৰে উল্লেখ কৰিছে যে ঠাইখনৰ জনসাধৰণৰ আচৰণবোৰ সহজ আৰু সৰল। মানুহবোৰ চাপৰ আৰু ছালৰ বৰণ কৃষ্ণ-পীত বৰণীয়া। মানুহবোৰত কিছু উগ্ৰ আৰু কিছু বৰ্বৰতাৰ চাপ আছিল। সিহঁতে কিছুমান কাম ততালিকে নভবাকৈ কৰিছিল। সিহঁতৰ স্মৰণ শক্তি সক্ৰিয় আছিল। সিহঁত অধ্যয়নৰ প্ৰতি বৰ আগ্ৰহী আছিল। বামুণ সকলৰ বসবাসে আৰু আৰ্য সকলৰ সাহায্যতে কামৰূপত শৈক্ষিক পৰিৱেশৰ পাহি মেলিছিল। আৰু ইয়াৰে ছাত্ৰবোৰ নালন্দা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ গৈছিল। তেতিয়া গৱেষণা, তৰ্ক আদিয়ে ছাত্ৰবোৰৰ মাজত প্ৰাধান্য পাইছিল। কিছুমান তথ্য যুক্তি-তৰ্কৰ মাজেদি সত্য-অসত্য নিৰূপণৰে উপস্হাপন কৰা হৈছিল।

কামৰূপৰ মানুহে দেৱ-দেৱীক পূজা-অৰ্চনা কৰিছিল। পূজাস্হলৰূপে এশটাতকৈ অধিক দেৱ-দেৱীৰ মঠ-মন্দিৰ আছিল। বামুণৰ পূজা-অৰ্চনাৰ পদ্ধতি বৌদ্ধ ধৰ্মৰ লগত কিছু সাদৃশ্য আছিল। হয়তো হিন্দু হৈও আন ধৰ্মৰ মিশ্ৰিত ৰূপৰ প্ৰৱাহ ধাৱমান আছিল। [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. There is some dispute over the Chinese character for Xuanzang's given name at birth. Historical records provide two different Chinese characters, 褘 and 禕, both are similar in writing except that the former has one more stroke than the latter. Their pronunciations in pinyin are also different: the former is pronounced as Huī while the latter is pronounced as . See here and here. (Both sources are in Chinese)
  2. ৰাজেশ্বৰ ৰাভা,হিউৱেন চাঙৰ অসম ভ্ৰমণ, বৰ্হমথুৰি (এন আই টি শিলচৰৰ বসন্ত আলোচনী)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]