সমললৈ যাওক

শালস্তম্ভ ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ম্লেচ্ছৰাজ বংশৰ পৰা পুনঃনিৰ্দেশিত)
কামৰূপ ৰাজ্য
শালস্তম্ভ বংশ

৬৫০ খ্ৰীষ্টাব্দ–৯৯০ খ্ৰীষ্টাব্দ
ৰাজধানী হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত)
ধৰ্ম
হিন্দু ধৰ্ম
Government Monarchy

মহাৰাজধিৰাজ  
 ৬৫০ – ৬৭৫ খ্ৰীষ্টাব্দ
শালস্তম্ভ
 ৮১৫ – ৮৩৫ খ্ৰীষ্টাব্দ
হজ্জৰবৰ্মা
 ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ
ত্যাগসিংহ

ইতিহাস  
 Established
৬৫০ খ্ৰীষ্টাব্দ
 Disestablished
৯৯০ খ্ৰীষ্টাব্দ

শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[1] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[1] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[1][2] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।

কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াচুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰকছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[3]

ক্ৰমৰজাকাৰ্য্যকাল
শালস্তম্ভ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ
বিজয় বা বিগ্ৰহ স্তম্ভ
হৰ্ষদেৱ বা হৰ্ষবৰ্মন৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ
বলবৰ্মন
প্ৰালম্ভ বা শালম্ভ
হৰ্জৰবৰ্মন৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ
বনমাল বৰ্মাদেৱ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ
জয়মালা বা বীৰ বাহু৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ
বলবৰ্মন (তৃতীয়)৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ
১০ত্যাগসিংহ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ

শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৯.
  2. ম্লেছ শব্দটো অপমানসূচক হ'লেও এই বংশৰ ৰজা হৰ্জৰবৰ্মনে হয়ুন্থল তামৰ ফলিত ইয়াৰ অৰ্থ বুজাইছে।(Sharma 1978:91)
  3. (Bhattacharjee 1992, পৃষ্ঠা 393)
  4. ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১.

গ্ৰন্থ সংযোগ

[সম্পাদনা কৰক]
  • Bhattacharjee, J. B. (1992), "The Kachari (Dimasa) state formation", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 391–397 
  • Sharma, M M (1978), Inscriptions of Ancient Assam, প্ৰকাশক Guwahati: Gauhati University 
  • Sircar, D. C. (1990), "The Mlechchha Dynasty of Salasthambha", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board