সমললৈ যাওক

ভাৰতৰ পূবলৈ চোৱা নীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানচিত্ৰত ভাৰত, চীন আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহ

ভাৰতপূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী (ইংৰাজী: Look East policy) হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। ১৯৯১ চনত হাতত লোৱা পূবলৈ চোৱা নীতিক চীনা গণৰাজ্যৰ কূটনীতিগত প্ৰভাৱৰ এক বিপৰীতকামী পদক্ষেপ বুলি গণ্য কৰা হয়।[1] প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ সময়ত এই নীতি হাতত লোৱা হয় আৰু পৰৱৰ্ত্তী কালত পিছৰ প্ৰধানমন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী আৰু ড॰ মনমোহন সিঙে ইয়াক বাহাল ৰাখে।[2][3][4][5][6]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পিছৰে পৰা দুয়োখন দেশে দক্ষিণ আৰু পূব এচিয়াত কৌশলগত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।[4][7] ভাৰতৰ সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে চীনে বাণিজ্যিক আৰু সামৰিক সম্পৰ্ক বঢ়াই তোলে আৰু চুবুৰীয়া নেপাল আৰু বাংলাদেশত প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতাত লাগে।[5][7][8] ১৯৭৯ চনত ডেং জিয়াওপিং ক্ষমতালৈ অহাৰ পিছত চীনে প্ৰসাৰণৰ নীতি এৰি এচিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক আৰু অৰ্থনৈতিক সদ্ভাৱ বঢ়াই তোলাত লাগে আৰু বাৰ্মাৰ ষ্টেট পীচ এণ্ড ডেভেলপমেণ্ট কাউঞ্চিলৰ নিকটতম সহযোগী আৰু সমৰ্থক হৈ উঠে।[9][10] ইয়াৰ বিপৰীতে দুয়োখন দেশৰ মাজৰ শীতল যুদ্ধৰ সেই সময়ছোৱাত দক্ষিণ-পূব এচিয়াৰ দেশসমূহৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ওপৰত ভাৰতে বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল।[11]

পি ভি নৰসিংহ ৰাও (১৯৯১-১৯৯৬) আৰু অটল বিহাৰী বাজপেয়ী (১৯৯৮-২০০৪) ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা কালছোৱাতে পূবলৈ চোৱা নীতি গঠন কৰি ইয়াক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা হয়।[3] ভাৰতে অৰ্থনৈতিক উদাৰীকৰণৰ লগতে শীতল-যুদ্ধৰ সময়ৰ নীতি আৰু কাৰ্যকলাপৰ পৰা আঁতৰি আহি বাণিজ্যিক আৰু অৰ্থনৈতিক সদ্ভাৱৰ যোগেদি কৌশলগত আৰু সুৰক্ষা ক্ষেত্ৰখনত সহযোগিতা বঢ়োৱাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে দেশসমূহৰ মাজত থকা ঐতিহাসিক সংস্কৃতি আৰু মতবাদভিত্তিক সংযোগসমূহকো প্ৰাধান্য দিয়া হয়।[3][4] বাণিজ্য, বিনিয়োগ আৰু উদ্যোগিক বিকাশ দেশৰ অন্যতম প্ৰধান লক্ষ্য হৈ পৰে।[4] সমসাময়িকভাৱে ভাৰতে অন্যান্য দেশসমূহৰ সৈতে কৌশলগত আৰু সামৰিক সহযোগিতা আৰম্ভ কৰে।[2]

পূব এচিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

ভাৰতে বহু বছৰ ধৰি বাৰ্মাৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীক সমৰ্থন দি আহিছিল যদিও ১৯৯৩ চনত এই নীতি সলনি কৰে আৰু মিলিটেৰী জানতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে।[2] ভাৰত চৰকাৰে বাৰ্মাৰ সৈতে বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে আৰু তাত বিনিয়োগৰ পৰিমাণ বঢ়াই তোলে। দেশৰ ব্যক্তিগত খণ্ডই এই ক্ষেত্ৰত অধিক পৰিমাণে ভাগ লোৱা নাছিল যদিও ৰাজহুৱা খণ্ডই বাৰ্মাত ৰাস্তা-পদূলি, হাইৱে আৰু পাইপলাইন নিৰ্মাণ তথা বন্দৰসমূহৰ উন্নতকৰণৰ কামসমূহ হাতত লয়।[12] ইয়াৰ লগে লগে বাৰ্মাৰ সম্পদৰ ওপৰত চীনৰ একচেটীয়া কব্জা কমোৱাৰ লগতে নিজ দেশত শক্তিৰ বৰ্দ্ধিত চাহিদা পূৰাবলৈ বাবে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীলতা গুচাবৰ বাবে বাৰ্মাৰ ভূগৰ্ভৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰাতো ভাৰত চীনৰ সৈতে প্ৰতিযোগিতাত নামে। চীন বাৰ্মাৰ সৰ্ববৃহৎ সামৰিক যোগানকাৰী[2] হোৱাৰ পিছতো ভাৰতে বাৰ্মাৰ সামৰিক বাহিনীক প্ৰশিক্ষণৰ প্ৰস্তাৱ দিয়ে আৰু মাদকদ্ৰৱ্য বহনকাৰী উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী গোটসমূহক দমন কৰাত বাৰ্মাৰ সহযোগিতা বিচাৰে।[13] ৰাখাইন ৰাজ্যত ২.৮৮-৩.৫৬ ট্ৰিলিয়ন কিউবিত প্ৰাকৃতিক গেছ আহৰণ আৰু বাৰ্মাৰ বন্দৰ আৰু ক’ক’ দ্বীপপুঞ্জত নৌকা ব্যৱস্থাৰ উন্নয়ন আৰু নিৰীক্ষণ চকী স্থাপন কৰিবলৈ চীনে অনুমোদন পোৱা কথাই সেই সময়ত ভাৰতত উত্তেজনাৰ সৃষ্টি কৰিছিল।[9][14]

ফিলিপাইনচ, ছিংগাপুৰ, ভিয়েটনাম আৰু কম্বোডিয়াৰ সৈতেও ভাৰতে বাণিজ্যিক, সাংস্কৃতিক আৰু সামৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে[3] শ্ৰীলংকা আৰু থাইলেণ্ডৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। দেশখন ছিংগাপুৰৰ সৈতে বিস্তৃত অৰ্তনৈতিক সহযোগিতা চুক্তি আৰু থাইলেণ্ডৰ সৈতে আৰ্লি হাৰ্ভেষ্ট স্কীমকে ধৰি পূব-এচিয়াৰ দেশবোৰৰ সৈতে বিভিন্ন মুক্ত বাণিজ্য চুক্তিত আৱদ্ধ হয়। ইয়াৰ লগতে ভাৰত জাপান, দক্ষিণ কোৰিয়া আৰু আছিয়ান (ASEAN) দেশসমূহৰ সৈতে বুজাপৰা চুক্তিলৈ আহে। টাইৱান, জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতো গণতন্ত্ৰ আৰু মানৱ অধিকাৰ আদি সৰ্বজনীন বিষয়ত পাৰস্পৰিক সম্পৰ্ক মজবুত কৰি তোলা হয়। দেশখনৰ মুখ্য বিদেশী বিনিয়োগকাৰীৰ ভিতৰত দক্ষিণ কোৰিয়া আৰু জাপান অন্যতম হৈ ৰয়।[4][15] দেশখনে এফালে চীনৰ ঐক্যৱদ্ধ নীতিক সমৰ্থন জনালে আৰু আনফালে টাইৱানৰ সৈতেও সম্পৰ্ক বঢ়াই তুলিলে। সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বৈদেশিক সাহায্য, জালিয়াতি ৰোধকৰণ, সামুদ্ৰিক তথা শক্তিক্ষেত্ৰৰ নিৰাপত্তা আৰু চীনকে আদি কৰি আন আন শক্তিসমূহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰা আদি বিষয়ত পূব-এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতে নিজকে ক্ৰমাগতভাৱে জড়িত কৰি আনে। দেশৰ আমদানি তথা ৰপ্তানিকৃত সামগ্ৰীৰ ৫০ শতাংশতকৈয়ো অধিক অংশ মালাক্কা প্ৰণালীয়েদি পৰিৱহণ কৰাৰ পৰিপ্ৰেক্ষিতত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জপোৰ্ট ব্লেয়াৰত ফাৰ ইষ্টাৰ্ণ নেভ্যাল কমাণ্ডৰ প্ৰতিষ্ঠা কৰা হয়। ভাৰতে ১৯৯৩ চনৰ পৰা ছিংগাপুৰৰ লগত আৰু ২০০০ চনৰ পৰা ভিয়েটনামৰ লগত যুটীয়াভাৱে সামুদ্ৰিক কুচকাৱাজ চলাই অহাৰ লগতে ২০০২ চনৰ পৰা আন্দামান সাগৰত ইণ্ডোনেচিয়াৰ লগত যুটীয়াভাৱে খাৰুৱা তেলৰ অন্বেষণ চলাই আহিছে। অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰত আৰু জাপান ২০০৪ চনৰ ছুনামি-পীড়িত অঞ্চলৰ সাহায্যকাৰী দলৰ সদস্য আছিল।[5]

চীনৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

চীন আৰু ভাৰতে প্ৰতিদ্বন্দ্ব্বীৰূপত থিয় দিছিল যদিও পূবলৈ চোৱা নীতিয়ে দুয়োখন দেশৰ মাজত সম্পৰ্ক স্থাপনৰ কিছুমান পদক্ষেপো অন্তৰ্ভুক্ত কৰে।[15] ১৯৯৩ চনৰ পৰা ভাৰতে চীনৰ নেতৃবৰ্গৰ সৈতে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি আহিছে। ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰৰ উদ্দেশ্যেৰে চুবুৰীয়া দেশ দুখনে ১৯৬২ চনৰ যুদ্ধৰ পিছত প্ৰথমবাৰৰ কাৰণে নাথু-লা গিৰিপথ মুকলি কৰে।[16] ২০০৬ চনৰ ২১ নৱেম্বৰত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু চীনৰ ৰাষ্ট্ৰপতি হু জিণ্টাওৱে দেশ দুখনৰ মাজৰ সম্পৰ্ক মজবুত কৰি দীৰ্ঘদিনীয়া বিবাদ আঁতৰাবলৈ এক ঘোষণাপত্ৰ জাৰী কৰে।[17] চীন আৰু ভাৰতৰ বাণিজ্যিক লেনদেন বছৰি ৫০%-কৈ বৃদ্ধি পায় আৰু দুয়োখন দেশৰ চৰকাৰে ২০১০ চনলৈ ইয়াক ৬০ মিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰিবৰ বাবে লক্ষ্য বান্ধি লয়।[18] সেয়ে হ’লেও পাকিস্তানৰ সৈতে চীনৰ ঘনিষ্ঠ সম্পৰ্ক, ভাৰতত ছিকিমৰ অন্তৰ্ভুক্তিক লৈ অনিশ্চয়তা, অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ দাবী আদি বিষয়সমূহৰ বাবে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতিত জটিলতা আহি পৰে।[19] ভাৰতে ৰাজনৈতিক তথা ধৰ্মীয় নেতা চতুৰ্দশ দালাই লামালৈ আশ্ৰয় আগবঢ়োৱা কথাইও জটিলতা বঢ়াই তোলে।[20]

ভাৰতৰ পূবলৈ চোৱা নীতিৰ বিষয়ে চীনত বিশদ সমালোচনা হয়। পীপলছ ডেইলী কাকতৰ এক সম্পাদকীয়ত কোৱা হয় যে দেশখনৰ পূবলৈ চোৱা নীতি শীতল যুদ্ধৰ সময়ছোৱাত নিজা লাভালাভৰ বাবে চোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিবাদৰ সৃষ্টি কৰিবলৈ কৰা বিফল চেষ্টাৰ ফল। লগতে ইয়াকো কোৱা হয় যে জাপানৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ চলেৰে ভাৰতে চীন আৰু জাপানৰ মাজতো বিবাদৰ সৃষ্টি কৰিব খুজিছে যদিও ই পুনৰবাৰ বিফল হ’ব।[21] চীনা ইণ্টাৰনেট তথ্য কেন্দ্ৰৰ এগৰাকী স্তম্ভ লেখকে মন্তব্য কৰে যে ভাৰতৰ পূবলৈ চোৱা নীতি চীনৰ প্ৰতি থকা অমূলক ভয়ৰ ফলত উদ্ভৱ হৈছে আৰু ই চীনৰ পীপলছ লিবাৰেচন আৰ্মিৰ উচ্চাকাংক্ষাৰ প্ৰতি থকা ভাৰতৰ ভুল ধাৰণাকে প্ৰতিফলিত কৰিছে।[22]

বিভিন্ন সংগঠনৰে সৈতে কাৰ্যকলাপ

[সম্পাদনা কৰক]

চীন আৰু পাকিস্তানে ছাৰ্ক দেশসমূহত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বিপৰীতে ভাৰতে মেকং-গংগা কোঅপাৰেচনকে আদি কৰি কিছুমান বহুপাক্ষিক সংগঠনৰ জন্ম দিয়ে আৰু পাৰিপাৰ্শ্বিক তথা অৰ্থনৈতিক উন্নয়ন, সুৰক্ষা আদি বিষয়ত দক্ষিণ-পূব এচিয়াক প্ৰভাৱিত কৰিব পৰাকৈ প্ৰসাৰ পোৱাৰ ব্যৱস্থা কৰে।[3][5][3] ১৯৯৬ চনত ভাৰত আছিয়ানৰ আঞ্চলিক ফ’ৰামৰ সদস্যৰ মৰ্যাদা লাভ কৰে।[5] ২০০২ চনত নতুন দিল্লীত প্ৰথমখন ভাৰত-আছিয়ান বাণিজ্য ছামিট অনুষ্ঠিত হয় আৰু ২০০৩ চনত ভাৰত আছিয়ানৰ দক্ষিণ-পূব এচিয় মিত্ৰতা চুক্তিত সন্মত হয়।[5] বহুক্ষেত্ৰত এনে ফ’ৰামসমূহত ভাৰতৰ সদস্যপদ আছিল উক্ত অঞ্চলত চীনৰ আগ্ৰাসী প্ৰভাৱ ৰোধ কৰাৰ একো একোটা পদক্ষেপ। চীনে একচেটীয়া প্ৰভুত্ব বিস্তাৰ কৰি থকা ASEAN+3 চমনখনৰ প্ৰভাৱ কমাবলৈ জাপানে ভাৰতক ASEAN+6 –ৰ মজিয়ালৈ আনে। চিংগাপুৰ আৰু ইণ্ডোনেচিয়াই পূব এচিয়া ছামিটত ভাৰতক অন্তৰ্ভুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এচিয়া-পেচিফিক ইক’নমিক কোঅপাৰেচনত ভাৰতৰ সদস্যপদৰ বাবে আমেৰিকা আৰু জাপানে যুটীয়া প্ৰচেষ্টা চলায়। ভাৰতে এচিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক গোট আৰু এচিয়ান হাইৱে নেটৱৰ্ক তথা ট্ৰাঞ্চ-এচিয়া ৰেলৱে প্ৰকল্পতো অংশগ্ৰহণ কৰিছে। ম্যানমাৰেদি অসম আৰু চীনৰ য়ুনান প্ৰদেশ সংযোগী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ষ্টিলৱেল পথ পুনৰ মুকলি কৰাৰ সন্দৰ্ভতো আলোচনা চলি আছে।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Thongkholal Haokip, “India’s Look East Policy: Its Evolution and Approach,” South Asian Survey, Vol. 18, No. 2 (September 2011), pp. 239-257.
  2. 2.0 2.1 2.2 2.3 "Myanmar shows India the road to Southeast Asia". Archived from the original on 2001-05-22. https://web.archive.org/web/20010522142628/http://atimes.com/reports/CB21Ai01.html#top5। আহৰণ কৰা হৈছে: 2015-01-11. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 India's "Look East" Policy Pays Off
  4. 4.0 4.1 4.2 4.3 4.4 "India's Look East Policy". Archived from the original on 2008-05-17. https://web.archive.org/web/20080517035426/http://www.atimes.com/atimes/South_Asia/IJ31Df01.html। আহৰণ কৰা হৈছে: 2015-01-11. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 "India's Look East Policy (2)". Archived from the original on 2008-07-08. https://web.archive.org/web/20080708233222/http://www.atimes.com/atimes/South_Asia/IJ31Df02.html। আহৰণ কৰা হৈছে: 2015-01-11. 
  6. "India's Look East Policy (3)". Archived from the original on 2008-09-05. https://web.archive.org/web/20080905130712/http://www.atimes.com/atimes/South_Asia/IJ31Df03.html। আহৰণ কৰা হৈছে: 2015-01-11. 
  7. 7.0 7.1 Sino-Indian relations
  8. India-Nepal Treaty
  9. 9.0 9.1 Sino-Myanmar Relations: Analysis and Prospects by Lixin Geng, The Culture Mandala, Vol. 7, no. 2, December 2006
  10. Shambaugh, David (2006). Power Shift: China and Asia's New Dynamics. University of California Press. পৃষ্ঠা. 218. ISBN 978-0-520-24570-9. 
  11. David Brewster. "India as an Asia Pacific Power. Retrieved 19 August 2014". https://www.academia.edu/8012918/India_as_an_Asia_Pacific_Power_Indias_strategic_relationships_with_Singapore_Malaysia_and_Indonesia. 
  12. "Explaining India's silence over Burma". BBC News. 26 September 2007. http://news.bbc.co.uk/2/hi/south_asia/7013975.stm। আহৰণ কৰা হৈছে: 11 May 2010. 
  13. "Explaining India's silence over Burma". BBC News. 26 September 2007. http://news.bbc.co.uk/2/hi/south_asia/7013975.stm। আহৰণ কৰা হৈছে: 11 May 2010. 
  14. "India and China compete for Burma's resources". Archived from the original on 2020-06-01. https://web.archive.org/web/20200601000136/https://www.worldpoliticsreview.com/articles/129/india-and-china-compete-for-burmas-resources। আহৰণ কৰা হৈছে: 2015-01-11. 
  15. 15.0 15.1 Walter C. Ladwig III, “Delhi’s Pacific Ambition: Naval Power, ‘Look East,’ and India’s Emerging Role in the Asia-Pacific,” Asian Security, Vol. 5, No. 2 (June 2009), pp. 98–101.
  16. "India-China trade link to reopen", BBC News, 19 June 2006. Retrieved 31 January 2007.
  17. India-China relations: Ten-pronged strategy
  18. India, China to meet trade target by 2010
  19. India and China row over border
  20. "In China, Pranab to take up the stress in ties". Archived from the original on 2008-09-29. https://web.archive.org/web/20080929041627/http://www.hindustantimes.com/storypage/storypage.aspx?id=51fad3e0-f239-4ac6-a5f5-5ab608e6a30d&&Headline=Pranab+to+take+up+stress+in+ties+in+China। আহৰণ কৰা হৈছে: 2015-01-14. 
  21. Hongmei, Li (27 October 2010). "India's "Look East Policy" means "Look to encircle China?"". People's Daily. http://english.peopledaily.com.cn/90002/96417/7179404.html। আহৰণ কৰা হৈছে: 1 November 2010. 
  22. Bing, Dai (22 October 2010). "India and China's great game in full swing". China Internet Information Center. http://www.china.org.cn/opinion/2010-10/22/content_21181802.htm। আহৰণ কৰা হৈছে: 1 November 2010.