ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/আগষ্ট, ২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাহ-প্ৰসাদ
অসমৰ নামঘৰ আৰু মন্দিৰত নৈবেদ্য হিচাপে ব্যৱহৃত এবিধ পৰম্পৰাগত প্ৰসাদ
মাহ-প্ৰসাদ হল অসমৰ নামঘৰ আৰু মন্দিৰত নৈবদ্য হিচাপে ব্যৱহৃত এবিধ পাৰম্পৰিক প্ৰসাদ। ফলা বা গুটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবদ্য হিচাপে উৎসৰ্গা কৰাৰ সময়ত অলপ ভিজোৱা চাউলো কাষত দিয়াৰ নিয়ম আছে যদিও নিমখ মিহলোৱা নহয়। পাচত প্ৰসাদ হিচাপে ভকতৰ মাজত বিতৰণ কৰাৰ সময়ত প্ৰয়োজনীয় নিমখ, সৰু সৰু টুকুৰা কৰা আদা আৰু নাৰিকল মিহলাই দিয়া হয়। সাধাৰণতে কলপাতত এই মাহ প্ৰসাদৰ লগত কল, কুঁহিয়াৰ, কমলা, আপেল, ৰবাব টেঙা আদি বিভিন্ন ঋতুফলো দিয়া দেখা যায়।

আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...