ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
TTT2020ৰ অংশগ্ৰহণকাৰীসকল

CISৰ সহযোগত Wikipediaৰ হৈ মুম্বাইত অনুষ্ঠিত Train The Trainer 2020 শীৰ্ষক উচ্চস্তৰৰ প্ৰশিক্ষণৰ অনুষ্ঠান এটিত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্চৰ হৈ আমি তিনিজন প্ৰতিনিধি নিৰ্বাচিত হৈছিলোঁ। ইয়াত এখন ক্ষুদ্ৰ ভাৰত এটা চৌহদতে সৃষ্টি হৈছিল। পাঞ্জাৱী, হিন্দী, তেলেগু, তুলু, গুজৰাটী, মাৰাঠী, ইংৰাজী, চাওঁতালি, কানাড়া, তামিল, সংস্কৃত ভাষাৰ প্ৰতিনিধি সকলৰে সেইকেইদিন মন ভৰা পৰিৱেশ এটাত জী উঠিছিলোঁ। প্ৰথম দিনা আমি নিজৰ ভাষাটোক প্ৰতিনিধিত্ব কৰাৰ বাবে ডিঙিত গামোচা লৈছিলোঁ। গামোচাখনেৰে অপৰিচিত প্ৰতিজনেই গামোচা খন কি ক'ত কিয় বিখ্যাত ইত্যাদি লৈ ইমান যে প্ৰশ্ন কৰিছিল, কৈ কৈ মন ভৰি গৈছিল! ৱিকিপিডিয়ান অজয় দাস জ্ঞানৰ ভাণ্ডাৰ এটা। অজয়ে তেওঁলোকক গামোচা খনৰ যিমানবোৰ তথ্য জনালে সেয়া যথেষ্টৰ বহু ওপৰত। মই সহযোগ কৰিলোঁ। আমি তেওঁলোকক নিজৰ নিজৰ ভাষাৰ ৱিকিপিডিয়াত গামোচা সম্পৰ্কীয় একোটাকৈ প্ৰৱন্ধ লিখিবলৈ অনুৰোধ জনালোঁ, তেওঁলোকে গামোচাৰ ফটোতুলি লৈ গ'ল। সেই সময়ৰ অনুভৱখিনি শব্দৰে প্ৰকাশ কৰিলেও যেন বিকৃত ৰূপ এটা হে পাব! আমাৰ বাবে দৈনন্দিন জীৱনত সৰু সৰু বা তেনেই সাধাৰণ যেন লগা কিছুমান কথা স্থান কাল পাত্ৰ ভেদে অসাধাৰণ হৈ পৰে।

ইয়াত বিশেষ ভাৱে এটা প্ৰশ্ন উঠিছিল লিংগ সমতাক লৈ। প্ৰতিজনেই কেৱল মহিলা পুৰুষতে সীমাবদ্ধ হৈ থকাত মই, অজয়, গুজৰাটৰ হৰ্ষিল, পাঞ্জাৱৰ চিমৰণে ট্ৰান্স আৰু কুইয়াৰ সকলৰ বিষয়েও যে নিজৰ নিজৰ ভাষাত ৱিকিপিডিয়াত তথ্য সংযোগ কৰি আছোঁ সেই কথা উল্লেখ কৰিলোঁ। তেওঁলোকে এই সম্পৰ্কত বিশেষ গুৰুত্ব দি আমাক ধন্যবাদ দিলে আৰু ভৱিষ্যতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। সাংস্কৃতিক অনুষ্ঠানত আমি বৰগীত, ঘোষা, বিয়ানাম,ৰাভা,বিষ্ণু, ভূপেন্দ্ৰ সংগীত গালে আৰু অসম সংগীত পৰিৱেশন কৰি আমাৰ সংস্কৃতিৰ চমু পৰিচয় এটি দিবলৈ চেষ্টা কৰিলোঁ।

প্ৰতিদিনে নিজৰ পৰিৱেশ এটাৰ মাজতে থাকি, নিজৰ মানুহ খিনিৰ মাজত নিজৰ ভাষাটোকে কৈ থাকোতে ভাষাটোক আন ভাষাৰে তুলনা কৰি চোৱাই নাছিলোঁ! যেতিয়া বহু ভাষাৰ মাজত মোৰ মাতৃভাষাৰ কথা আহিল সেইসময়ত মই কিমান গৌৰৱ অনুভৱ কৰিছিলোঁ বুজাব নোৱাৰোঁ। আমাৰ পৰিচয় পৰ্ব চলি থাকোতে প্ৰতি জনেই নিজ নিজ মাতৃভাষাৰ চমু আভাস দিছিল, সেই ভাষা সমূহৰে নিজৰ ভাষাটোক তুলনা কৰি চাওঁতে কিয় জানো, পুনৰ বাৰলৈ মোৰ আইৰ মুখৰ মাত কেইটাৰ প্ৰেমত পৰিছিলোঁ। অৱশ্যে তেওঁলোকৰ কথা বোৰৰ প্ৰায় অংশ বুজি নাপালেও অনুভৱ কৰিছিলোঁ, তেওঁলোকৰ মুখবোৰো গৌৰৱত তিৰবিৰাই উঠিছিল! এই মানুহ খিনিৰ মনত ভাষা প্ৰেম কিমান গভীৰলৈ শিপাই আছে সেই কথা উপলব্ধি হৈছিল। মুখৰ ভাষা বেলেগ হ'লেও আমি প্ৰতিজনেই এটা বিন্দুত নিজকে বিচাৰি পাইছিলোঁ আৰু এই বিন্দুটোৱেই আমাক মুম্বাইৰ সেই অচিনাকী ঠাইত অচিন অচিন চকু বোৰৰ মাজত নিজস্বতাৰ বোধ জন্মাইছিল। নয়ন জ্যোতি নাথ (talk) 09:23, 3 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]