ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

ঈশান কাশ্যপ হাজৰিকা: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। উত্তৰ লখিমপুৰৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৩,৮৪৪টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪৫। ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও তেওঁ বৰঙণি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, “প্ৰতিভাবান ন-সম্পাদকৰ পদক”, “শততম প্ৰবন্ধ পদক”, “The Teamwork Barnstar”, “বিশেষ নক্ষত্ৰ পদক”, “ব্যৱসায় আৰু অৰ্থনীতি পদক”, “বৌদ্ধ ধৰ্ম পদক”, “অমূল্য অৱদান পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।