ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰকাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী

চৰকাৰী ভাষা আন্দোলন বা চমুকৈ ভাষা আন্দোলন (Official language movement) ১৯৬০-৬১ চনত সমগ্ৰ অসমত সংঘটিত হোৱা এক ভাষাকেন্দ্ৰিক আন্দোলন। স্বাধীনতাৰ পিছৰে পৰা সময়ে-সময়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৬০ চনত এই দাবীৰ সমৰ্থনত আৰু বিৰোধত সমগ্ৰ অসম অশান্ত হৈ উঠে। এই অশান্তজৰ্জৰ পৰিবেশৰ উপশম ঘটাবলৈ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বিধান সভাত অসম চৰকাৰী ভাষা বিল দাখিল কৰে আৰু ই আইনত পৰিণত হয়; যাৰ যোগেদি অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পায়। ইফালে এই আইনৰ বিৰোধিতা কৰি বৰাক উপত্যকাত বঙালীভাষীসকলে তুমুল আন্দোলন গঢ়ি তোলে। বঙালী ভাষীসকলৰ দাবী আছিল, অসমীয়াৰ সৈতে বঙালী ভাষাকো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিব লাগে। অৱশেষত ১৯৬১ চনত চৰকাৰী ভাষা আইন সংশোধন কৰি বঙালী ভাষাক অবিভক্ত কাছাৰ জিলাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ তুলসী গৌড়াৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক