ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰি থকা সময়ত পৰিৱেশ কৰ্মী তুলসী গৌড়া

তুলসী গৌড়া (Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ উপৰি অন্যান্য সংস্থাই তেখেতৰ এই কৰ্মক সন্মান জনাই বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে৷

২০২১ বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে৷ পৰিৱেশবিদসকলে তুলসী গৌড়াক "বনানিৰ বিশ্বকোষ" (encyclopedia of the forest) বুলি অভিহিত কৰিছে ৷ আনহাতে জনজাতীয় লোকৰ মাজত তুলসী "বৃক্ষ দেৱী" হিচাপে পৰিচিত ৷ বনাঞ্চল আৰু বনাঞ্চলত বিকশিত হোৱা বৃক্ষ সম্বন্ধে তুলসীৰ বিস্তৃত জ্ঞান আছে ৷ তাৰবাবেই তেখেতক এই দুয়োটা নাম দিয়া হৈছে৷ ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ মায়া সভ্যতাৰ বিষয়ে ইয়াত পঢ়ক