ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৫/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদকীয়

২০০৪ চনৰ ২৭ জানুৱাৰী তাৰিখে বাংলা ৱিকিপিডিয়াৰ শুভাৰম্ভ হয় আৰু ২০১৪ চনত ই দশম বছৰত ভৰি দিয়ে। এই উপলক্ষ্যে ২০১৫ চনৰ ৯ আৰু ১০ জানুৱাৰী তাৰিখে কলকাতাযাদৱপুৰ বিশ্ববিদ্যালয়ত দশম বৰ্ষপূৰ্তি উদ্‌যাপন সমাৰোহ আৰু লগতে এক আন্তৰ্জাতিক অভিৱৰ্তন আয়োজিত হয়। এই অভিৱৰ্তনত ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়ানৰ লগতে বাংলাদেশ আৰু নেপালৰপৰা অহা ৱিকিপিডিয়ানেও অংশগ্ৰহণ কৰে। অসমীয়া ৱিকিপিডিয়াৰ তৰফৰপৰা ময়ো এই অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰোঁ।

৯ জানুৱাৰী তাৰিখে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গান্ধী ভৱনত এক আড়ম্বৰপূৰ্ণ অনুস্থানেৰে এই অভিৱৰ্তনৰ আৰম্ভণি হয়। উদ্বোধনী অনুস্থানত ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ৱিকিমিডিয়া ভাৰত শাখাৰ প্ৰতিনিধিৰ লগতে যাদৱপুৰ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় আৰু Central Institute of Indian Languagesৰ উচ্চপদস্থ বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ পিছতেই সমান্তৰালকৈ তিনিটা ভিন ভিন হলত মূল কাৰ্যসূচী আৰম্ভ হয় য'ত আছিল আমন্ত্ৰিত বক্তৃতা, বাংলা ৱিকিপিডিয়া কৰ্মশালা, পত্ৰ উপস্থাপন, পেনেল আলোচনা, মুকলি আলোচনা ইত্যাদি। পত্ৰ উপস্থাপনৰ বিষয়সমূহ আছিল- Outreach, technology, Community, knowledge আৰু Bangla language।

এইসমূহ কাৰ্যসূচীত শৈক্ষিক প্ৰতিস্থান আৰু ৱিকিপিডিয়াৰ মাজত প্ৰত্যক্ষ সহযোগিতাৰ প্ৰয়োজনীয়তা বৰ্ধন, বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বৰ্ধন, শিক্ষণ-শিকন সঁজুলি হিচাপে ৱিকিপিডিয়াৰ বিকাশ, ৱিকিপিডিয়া সংঘৰ গঠনৰ জৰিয়তে (wiki initiative) ৱিকিপিডিয়াৰ বিকাশ আৰু জনপ্ৰিয়তা বৰ্ধন আদি বিষয়ে আলোচনা কৰা হয়।

বিতংকৈ পঢ়ক...

- Manjil Konwar (talk) 02:57, 3 ফেব্ৰুৱাৰী 2015 (UTC)